কংস বধ
কংস বধ।
⸻⸻
শ্ৰীশঙ্কৰদেৱ
ৰচিত।
⸻:০:⸻
শ্ৰীৰামেশ্বৰ শৰ্মা বেজবৰুৱা
প্ৰকাশিত।
⸻
যোৰহাট
শঁক ১৮৩১।
⸻
কংস বধ।
শ্ৰীশঙ্কৰদেৱ ৰচিত।
শ্ৰীৰামেশ্বৰ শৰ্মা বেজবৰুৱা দ্বাৰা
প্ৰকাশিত।
জোৰহাট ৰজাহাউলি।
আসাম।
⸺⸺
বেচ চাৰি অনা মাথোন।
⸻⸻⸻⸻
ASSAM-BENGAL STORES.
2 Lall Bazar Street,
Calcutta.
⸻
PRINTED BY
SURENDRA NATH BHATTACHARJYA
AT THE
BRITISH INDIA PRINTING WORKS
HOWRAH.
⸻⸻⸻⸻
শ্ৰীকৃষ্ণায় নমঃ
কংস বধ।
−−−−
শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায়চ,
নন্দগোপ কুমাৰায় গোবিন্দায় নমো নমঃ॥
নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে
নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰায়ে॥
বসুদেব সুতং কৃষ্ণং কংস চানুৰ মৰ্দ্দনং,
দৈবকী পৰমানন্দং কৃষ্ণং বন্দে জগদ্গুৰু॥
হৰি ৰাম ৰাম!
ঘোষা। হৰিসে আতমা হৰিসে বন্ধু।
তৰি হৰি নামে সংসাৰ সিন্ধু॥
পদ। কেশীক বধিয়া আছন্ত হৰি।
বৰিষে পুষ্প দেৱে স্তুতি কৰি॥
সেহি বেলা আসি নাৰদ ঋিষি।
কৃষ্ণক বুলিলা স্তুতি হৰিষি॥
হে কৃষ্ণ কৃষ্ণ প্ৰণমো আমি।
সমস্ত ভূতৰ আতমা স্বামী।
পুৰাণ পুৰুষ ঈশ্বৰ সাক্ষী।
সমস্ত সৃষ্টিক আছাহা ৰাখি।
ভকত জনৰ ৰক্ষাৰ হেতু।
দুষ্টক নাশিলা গৰুড় কেতু।
কেশী বধ শুনি মিলিল ৰঙ্গ।
হ্ৰেষণি শুনি দেৱে দেয় ভঙ্গ।
স্বৰ্গত থাকিবে নোৱাৰে কেও।
কেশীক বধিয়া তাৰিলা দেৱ॥
প্ৰভাতে কালি মথুৰাক যাইবা।
ধোবাক মাৰিয়া ধনু ভাঙ্গিবা॥
চানুৰ মুষ্টিক প্ৰমুখ্যে মাল।
কুবলয় পীড় হস্তী বিশাল॥
কংসক বধিবা জগত স্ব্যমী।
পৰশুই দিন দেখিবোঁ আমি॥
কালযৱনক নৰকাসুৰ।
মাৰিবাহা পাঞ্চজন্য অসুৰ॥
কৰিবা বিহা কন্যা ভগৱন্ত।
নৃগৰ শাপক কৰিবা অন্ত॥
সত্যভামা সমে স্যমন্ত মণি।
পাইবাহা প্ৰভু জাম্বৱন্ত জিনি॥
মৃতক পুত্ৰক দিয়া বিপ্ৰক।
লীলায়ে বধিবা নৃপ পৌণ্ড্ৰক॥
কেশীক দহি কৰি বুন্দামাৰ।
মাৰিবা দন্তবক্ৰ শিশুপাল॥
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইবা অষ্টাদশ অক্ষৌহিণী॥
কৰিবা কৰ্ম্ম যত দ্বাৰকাত।
দেখিবোঁ আনন্দে থাকি তথাত॥
কেৱল জ্ঞান মূৰ্ত্তি তুমি স্বামী।
তোমাত শৰণ পশিলো আমি॥
পৰম পুৰুষ সন্তৰ গতি।
যদুশ্ৰেষ্ঠ হেৰা কৰোঁ প্ৰণতি॥
আনন্দে নাৰদে এতেক কই।
গৈলন্ত কৃষ্ণত মেলানি লই॥
গোবিন্দে কেশী অসুৰক মাৰি।
ব্ৰজৰ আনন্দ বঢ়ায় হৰি॥
থাকিলা কৃষ্ণ নানা লীলা কৰি।
সমস্ত সমাজে বুলিয়ো হৰি॥
ঘোষা ৰাম বনমালী। গোপাল বনমালী।
গৈলন্ত নাৰদ ঋষি কংসৰ সমাজ।
নিচিন্তি আছস কেনে এভু ভোজৰাজ॥
তোক মাৰিবাক লাগি দেৱৰ যতন।
দৈৱকীৰ গৰ্ভে উপজিলা নাৰায়ণ॥
বসুদেৱে গোকুলত থৈলা চুৰি কৰি।
নন্দ ঘৰে বাঢ়ন্ত তোহোৰ প্ৰাণ বৈৰী॥
ছল কৰি আনি দিল নন্দৰ কন্যাক।
কহিলোঁ সম্ভেদ কথা দঢ়াও অপোনাক॥
শুনি কংসে খাণ্ডা তুলি উঠি গৈল ৰাগি।
বসুদেৱ মহন্তক কাটিবাক লাগি॥
উঠি দেৱঋষি তাঙ্ক আনিলা নিবাৰি।
আঙ্ক নাকাটিবি তই কৃষ্ণক নামাৰি॥
পিতৃ হত শুনি লগ নিদিব তোমাক।
উলটি বসিল কংস নাৰদৰ হাক॥
বসুদেৱ দৈৱকীক বান্ধিলা নিহলে।
কৰিলেক বন্দী উগ্ৰসেনক নিষখলে।
পাছে দেৱঋষি গোকুলক গৈল বহি।
বুলিলা কৃষ্ণক স্তুতি আকাশত ৰহি॥
ভাৰ সংহৰন্তা আউৰ নহি তুমি বিনা।
কৎসক বধিবা প্ৰভু পৰশুই দিনা॥
দিবা উগ্ৰসেনক কংসৰ ৰাজ্যভাৰ।
বসুদেৱ দৈৱকীৰ খণ্ডিবা নিকাৰ।
তোমাৰ মনুষ্য লীলা দেখিবোঁ হৰিষি।
এহি বুলি স্বৰ্গক গৈলেক দেৱঋষি॥
অক্ৰুৰক পাঞ্চিলা ভোজৰ নিজ নাহা।
কৃষ্ণক আনিবে তুমি গোকুলক যাহা॥
শিশু ধৰি তোমাৰে আমাৰে মিত্ৰৱতি।
ইটো কাৰ্য্য সাধি মোক দিয়ো দানপতি
শুনি দানপতিৰ আনন্দ ভৈল আতি।
প্ৰভাতে লৰিল মথুৰাত বঞ্চি ৰাতি।
কৃষ্ণক দেখিবোঁ আজি কিনো সুপ্ৰভাত
জানিলোঁ প্ৰসন্ন ভৈল বিধাতা আমাত।
নয়নে দেখিবোঁ মই চৰণ কমল।
আজিসে জন্মৰ মোৰ হৈবেক সফল॥
দণ্ডৱতে পৰিবোঁহোঁ কৃষ্ণৰ চৰণে।
কৃষ্ণে মোক আশ্বাসিব মধুৰ বচনে॥
খুৰা বুলি কৃষ্ণে মোক কৰিব আহ্লাদ।
ব্ৰহ্মাৰ দুৰ্ল্লভ তেবে লভিবোঁ প্ৰসাদ॥
হেন মনে গুণি ৰথে লৰিল অক্ৰুৰ।
গোধূলিকা বেলাত পশিলা গোপপুৰ॥
মাধৱৰ খোজচয় দেখিল ভূমিত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশোভিত॥
ৰথৰ নামিয়া বেগে কৃষ্ণ কৃষ্ণ বুলি।
শিৰে আনি ঘসিল খোজৰ যত ধূলি॥
পাছে গৈয়া কৃষ্ণক দেখিল আনন্দতে।
কৃষ্ণ কৃষ্ণ বুলিয়া পৰিল দণ্ডৱতে॥
কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালি তুলি।
সতকাৰ কৰিল অক্ৰুৰ খুৰা বুলি॥
অক্ৰুৰে ভকতি পথে যতেক বাঞ্ছিল।
কৃষ্ণে তান সব মনোৰথক পূৰিল॥
কহিলন্ত অক্ৰুৰে কংশৰ বিচেষ্টাক।
মথুৰাক যাইবাক সাজিলা গোপজাক॥
শকটে উঠিয়া লৰি নন্দ গোপৰাজ।
ৰজনী প্ৰভাতে ৰাম কৃষ্ণ ভৈল বাজ॥
কৃষ্ণৰ যাইবাৰ শুনি গোপী নিৰন্তৰ।
মিলিল বিষাদ সবে বজাইল গৃহৰ॥
সলোতক নয়ন মনত মহা দুখে।
জুমা জুমি কৃষ্ণক চাহয় ঊৰ্দ্ধমুখে॥
কৃষ্ণৰ বিজয় কথা শুনা সাৱধানে।
বোলা হৰি হৰি যাৱে প্ৰাণ থাকে মানে॥
⸺⸺
ঘোষা ৪ জয় হৰি জয় ৰাম॥ ৮৮॥
গোপৰূপে নন্দৰ তনয়।
শুভক্ষণে কৰিলা বিজয়॥
বাজে শিঙ্গা শঙ্খৰ নিস্বান।
কংস বধিতে কৰিলা প্ৰয়াণ॥
ৰথে চৰি লৰিলা মুৰাৰি।
পৰি পৰি কান্দে গোপনাৰী॥
হৰিৰ বিৰহে দেহা তাৱে।
যেন ভৈল বাতুল স্বভাৱে॥
কৃষ্ণ কৃষ্ণ বুলি গেৰি দেয়।
আমাৰ প্ৰাণক কোনে নেয়॥
ক্ৰুৰ অক্ৰুৰ ভৈল বৈৰী।
জীৱ কাঢ়ি নেয় কেন কৰি॥
কিনো হৰি নিদাৰুণ ভৈল।
গোকুল অনাথ কৰি গৈল॥
কৃষ্ণ বিনে কি কৰে জীৱনে।
আউৰ কোনে যাইবে বৃন্দাবনে॥
প্ৰভাতে ৰাখিবে কোনে ধেনু।
কোনে বাইবে সুললিত বেণু॥
কোনে চাইবে কটাক্ষে নিৰক্ষি॥
জুৰাইব হৃদয় কাক দেখি॥
কোনে দিবে বংশীৰ নিস্বান॥
কি দেখি ৰাখিবোঁ আবে প্ৰাণ॥
আমাৰ জীবনে নাই সুখ।
আউৰ নেদেখিবোঁ কৃষ্ণমুখ॥
নীল আকুঞ্চিত যাৰ কেশ॥
শিৰে ৰত্ন কিৰীটি সুবেশ॥
ভ্ৰূৰ যুগ মদনৰ চাপ॥
দৰশনে হৰে হৃদি তাপ॥
ৰুচিকৰ কমল লোচন॥
সুধা সম মধুৰ বচন॥
সুষম ললাট গণ্ডস্থল।
চাৰু কৰ্ণে মকৰ কুণ্ডল॥
নাসা তিল কুসুম সুন্দৰ।।
শোভে আতি অৰুণ অধৰ।
দশন দাড়িম্ব বীজ পান্তি।
হাস্যে জিনে চন্দ্ৰমাৰ কান্তি॥
কম্বু কণ্ঠে কৌস্তুভ প্ৰকাশে।
সূৰ্য্য যেন উদিত আকাশে।
সিংহবন্ধ স্কন্ধ সুপ্ৰমাণ।
ভুজ যুগ ৰত্নৰ মোলান।
কেয়ুৰ কঙ্কণ তাতে জ্বলে।
ৰত্নৰ গুলিয়া শোভে গলে।
হিয়াত শ্ৰীবৎস কৰে কান্তি।
যেন মেঘে বলাকাৰ পান্তি।
পীত বস্ত্ৰে শোভে তনু কালা।
আপাদ লম্বিত বনমালা।
তাতে পৰি অনেক ভ্ৰমৰে।
মধুলোভে পৰিয়া গুঞ্জৰে।
বক্ষস্থলে মুকুতাৰ হাৰ।
আকাশী গঙ্গাৰ যেন ধাৰ।
ৰত্নৰ মেখলা কটি মাজে।
সোণৰ কিঙ্কিণী তাতে বাজে।
কৰি-কৰ উৰু নিৰুপম।
চৰণ পঙ্কজ মনোৰম।
ধ্বজ বজ্ৰ অঙ্কুশে অঙ্কিত।
ৰত্নময় নূপুৰে ৰঞ্জিত।
ভকতৰ হৃদয় ৰঞ্জন।
নেদেখিবোঁ সি হেন চৰণ।
কন্দৰ্প কোটিক ৰূপে জিনি।
গোকুল প্ৰকাশে যদু-মণি॥
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
নাহি গতি কীৰ্ত্তনত পৰে।
জানিয়া কৰিয়ো একচিত্ত।
হৰি হৰি ঘোষা প্ৰতি নিত॥
⸻⸻
ঘোষা॥ প্ৰাণ হৰি গৈল এৰি॥ ৮৯॥
হেন হেৰি ভৈলোঁহো বঞ্চিত।
কিমতে ধৰিবোঁ আবে চিত্ত॥
সুপ্ৰভাতে মথুৰা পুৰীৰ।
মুখপদ্ম দেখিবে স্বামীৰ॥
জীৱৰ জীৱন প্ৰাণপতি।
আজি পাইবে কোন ভাগ্যৱতী
কিনো সুপ্ৰসন্ন ভৈল বিধি॥
হাতে পাইলে গোকুলৰ নিধি॥
মুখ পদ্ম চন্দ্ৰ নোহে সৰি॥
আনন্দে দেখিবে নেত্ৰ ভৰি॥
পাইব গৈয়া নাগৰী সুন্দৰী॥
আউৰ দুনাই নাসিবন্ত হৰি॥
সৌহৃদ্য ভাঙ্গিল ক্ষণেকেতে॥
উপাসন্ত লক্ষ্মী কেন মতে॥
কিনো নিদাৰুণ নাৰায়ণ॥
নুবুলিলা প্ৰবোধ বচন॥
পতি পুত্ৰ এড়ি ভৈলোঁ চেড়ী॥
কোন সত প্ৰভূ গৈল এৰি॥
কিনো বন্ধে বান্ধিলেক হিয়া।
ভকতক গৈলা দুখ দিয়া॥
আমি মৰোঁ তোমাৰ বিৰহে।
জানো কোন সতে হৃদি সহে॥
এহি বুলি কান্দে গোপনাৰী।
ৰাম কৃষ্ণ বুলি গেৰি পাৰি॥
নেত্ৰৰ লোকত পৰে ধাৰে।
ঘনে ঘনে নিশ্বাস ফোকাৰে॥
হৰি বিনা নভাষে বচনে।
নপাসৰে সচেতে সোপনে॥
ৰাত্ৰি দিন গাৱে হৰি গীত।
কৃষ্ণতে অৰ্পিল প্ৰাণ চিত্ত॥
কায়স্থ শঙ্কৰে এহু ভণে।
হৰি কথা শুনা সৰ্ব্ব জনে॥
হৰিৰ কীৰ্ত্তন মুখে কৰা।
মাধৱৰ ৰূপ হিয়ে ধৰা॥
অল্প পুণ্যে নপাই আক জানি॥
সদা নছাৰিবা ৰাম বাণী॥
পাপী জনে হৰি নুসুমৰে।
পাতকে মুখত ছাপি ধৰে॥
আনে সুমৰন্তে শুনি মৰে।
পাপে চিত্ত উচপিচ কৰে॥
হৰি ধ্বনি শুনি কাণ ফাটে।
নিন্দা কৰি ফুৰে হাটে বাটে॥
হেন জানি পাপক সংহৰি।
সদায় ঘুষিও হৰি হৰি॥
⸻
ঘোষা॥ হৰি বোল হৰি বোল মাধৱ ৰাম॥ ৯০॥
ৰথে তুলি ৰাম কৃষ্ণ দুভাই।
অক্ৰৰে লৈ যান্ত ঘোৰা ডকাই॥
বায়ুৰ বেগে নোহে তাক তুল।
পাইল গৈয়া পাছে যমুনা কুল॥
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি।
ৰাখিল ৰথ পাছে দানপতি॥
দুভাইক ৰথে থৈয়া তৰু-তলে।
নামিল গৈয়া যমুনাৰ জলে॥
বুৰ দিয়া মন্ত্ৰ জপিলা পাছে।
দেখন্ত ৰাম কৃষ্ণ তৈত আছে॥
ৰথত নাহিক বুলি উঠিলা।
দুভাইক ৰথতে দুনাই দেখিলা॥
পূৰ্ব্বৱতে বসি আছন্ত দুই।
দুনাই বুৰ দিলা বিস্ময় হুই॥
জলৰ মাজত দেখিলা পাছে।
সহস্ৰেক ফণে অনন্ত আছে॥
মৃণাল ধৱল যেন শৰীৰ।
নীল বস্ত্ৰে দেখি অতি ৰুচিৰ॥
ফণাৰ মণি কৰে তিৰিমিৰি।
শৃঙ্গ সমে যেন কৈলাস গিৰি॥
চৌপাশে সৰ্পগণে বেঢ়ি আছে।
তাহান কোলাত দেখন্ত পাছে॥
পৰম পুৰুষ আছন্ত বসি।
প্ৰকাশে মুখ যেন পূৰ্ণশশী॥
মেঘ সম শ্যাম বসন পীত।
ৰত্নৰ কিৰীটি শিৰে শোভিত॥
কৰ্ণত মকৰ দোলে কুণ্ডল।
ধনু সম শোভে ভ্ৰূব যুগল॥
অৰুণ নেত্ৰ কমলৰ পাসি।
নুগুচে মুখে সদা অল্পহাসি॥
নাসা তিল-ফুল সম সুন্দৰ।
বৰ্ত্তুল ৰাতুল চাৰু অধৰ॥
প্ৰবাল ৰত্নে যেন আছে গঢ়ি।
প্ৰকাশে দন্ত যেন কুন্দকলি॥
কুম্বু কণ্ঠে শোভে কৌস্তুভমণি।
প্ৰকাশে প্ৰভাতৰ সূৰ্য্য জিনি॥
আজনুলম্বী স্থুল ভুজ চাৰি।
শঙ্খ চক্ৰ গদা পঙ্কজধাৰী॥
কৰয় কেয়ুৰ কঙ্কণে কান্তি।
বক্ষস্থলে শোভে শ্ৰীবৎস পান্তি॥
আপাদলম্বী বনমালা গলে।
মুকুতাৰ হাৰ হিয়াত জ্বলে॥
ৰত্নৰ মেখলা কটিৰ মাজে।
তাতে সুবৰ্ণৰ কিঙ্কিণী বাজে॥
চাৰু উৰু জানু জঙ্ঘা যুগল।
দুখানি চৰণ যেন কমল॥
আঙ্গুলি পান্তি তাৰ ভৈল পাসি।
আৰকত নখে আছে প্ৰকাশি॥
ৰত্নৰ নূপুৰে অতি ৰঞ্জিত।
যাত ভকতৰ সদায় চিত্ত॥
সুনন্দ নন্দ আদি কৰি পাছে।
চৌপাশে পাৰিষদে সেবি আছে॥
শঙ্কৰ ব্ৰহ্মা যত প্ৰজাপতি।
কৰযোৰে সবে কৰন্ত স্তুতি॥
আপুনি লক্ষ্মী আৰাধন্ত পাৱ।
অক্ৰুৰে দেখি শিহৰাইল গাৱ॥
আনন্দতে পৰে নেত্ৰৰ পানী।
কণ্ঠৰো নোলায় গ্দগ্দ বাণী॥
পৰম ভক্তি কৰি মহাভাগে।
কৃতাঞ্জলি কৰি পৰিল আগে॥
⸻⸻
ঘো॥ মধৱ ৰাম মুকুন্দ মূৰাৰি॥৯১॥
শিৰে প্ৰণামি পাছে দানপতি।
কৰিবে লাগিল অনেক স্তুতি॥
নমো নাৰায়ণ কৰোঁহো সেৱ।
স্ৰষ্টাৰ স্ৰষ্টা তুমি আদি দেৱ॥
তোমাৰ নাভিত ভৈলন্ত বিধি।
যাত হন্তে ভৈল সৃষ্টিৰ সিদ্ধি॥
যত পঞ্চভূত ইন্দ্ৰিয় দেৱ।
তোমাৰ ৰূপক নাজানে কেৱ॥
নাজানি লোকে আন দেৱ পূজে। ' .
সিয়ো বিধিহীনে তোমাকে যজে॥
যেহেন নদ নদী সমুদায়।
অনেক পথে সাগৰক যায়।
মায়ায়ে মোহিত সবাৰো মন।
তোমাৰ নিচিন্তে কেহো চৰণ॥
যাৰ নষ্ট হইবে সংসাৰ বন্ধ।
তোমাৰ ভক্তিক তাৰ প্ৰবন্ধ॥
ৰূপ দেখাই মোক কৰিলা দয়া।
জানিলো এৰাইলোঁ সংসাৰ মায়া॥
নমো হৃষীকেশ জগতপতি।
তুমি বিনা নাই আমাৰ গতি॥
কৰিলা অনেক স্তুতি বিনয়ে।
নকৈলোঁ পদ বিস্তৰক ভয়ে॥
জলত পাছে দেখা দিয়া হৰি।
ভৈল অন্তৰ্দ্ধান ৰূপ সংহৰি॥
বিষ্ণুক নেদেখি পাছে অক্ৰুৰে।
জলৰ উঠিল অতি সত্বৰে।
মধ্যাহ্ন সন্ধ্যা কৰি মহাশয়।
গৈলন্ত ৰথক হুয়া বিস্ময়॥
অক্ৰুৰত হৰি শোধন্ত হাসি।
বিস্ময় ভৈলা কেনে তুমি আসি।
দেখিলা কিবা কৈত অদভুত।
সত্বৰে কহিয়ো গান্দিনী সুত॥
অক্ৰুৰে কৃষ্ণক মাতিলা পাছে।
সকল অদ্ভুত তোমাতে আছে॥
যিজনে নজানে তত্ত্ব তোমাৰ।
সমস্ত জগতে অদ্ভুত তাৰ॥
এহি বুলি ধীৰে ৰথ ডকাইল।
দিনান্তে গৈয়া মথুৰাক পাইল॥
পথত যাহন্তে পথিকে দেখি।
আনন্দে কৃষ্ণক চাৱে নিৰক্ষি॥
পাছে মথুৰাৰ সমীপ পাই।
নামিল ৰাম কৃষ্ণ দুয়ো ভাই॥
অক্ৰুৰৰ হাতে ধৰিয়া হৰি।
বুলিলা হেন বাণী হাস্য কৰি॥
ৰথ লৈয়া আগে চলিয়ো ঘৰ।
পাছেসে পশিবোঁ আমি নগৰ॥
ইঠাইতে আমি জিৰাওঁ গোপজাক।
শুনিয়া অক্ৰুৰে বুলিলা বাক॥
তোমৰা দুভাইক এৰিয়া স্বামী।
নযাইবোঁ নযাইবোঁ গৃহক আমি॥
নকৰা নাথ ভকতক ত্যাগ।
কোটি পুৰুষৰ মিলোক ভাগ॥
গৃহক মোৰ চলা দুয়োভাই।
পবিত্ৰ কৰিয়ো পদধূলায়॥
শিৰত ধৰি তবু পাদোদক।
লভিলা বলি মহা ঐশ্বৰ্য্যক।
পাইলেক পৰম জ্ঞানীৰ গতি।
ভকতক দয়া কৰা সম্প্ৰতি॥
আমাক বিমুখ নকৰা স্বামী।
তোমাক এৰিবে নোৱাৰোঁ আমি।।
মাধৱে বোলন্ত শুনা অক্ৰুৰ।
তুমি আগে যায়ো মথুৰাপুৰ।।
জগতৰ বৈৰী মাৰি কংসক।
অৱশ্যে তোমাৰ যাইবোঁ গৃহক।।
হেন শুনি পাছে অক্ৰুৰ বীৰে।
বিতুষ্ট মনে গৈল ধীৰে ধীৰে।।
কৃষ্ণ আসিবাৰ কংসত কৈলা।
মেলানি মাগিয়া গৃহক গৈলা।।
এক মনে শুনা কৃষ্ণৰ কথা।
মনুষ্য জন্মক নকৰা বৃথা।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে।।
⸻⸻
ঘোষা। গোবিন্দ যদুদেৱ দীন দয়াশীল
তুমিসে বান্ধৱ কৃষ্ণ আবেসে জানিল।।
অক্ৰুৰক পাঠায়া গৃহক আগ কৰি।
লৈয়া গোপগণ সঙ্গে ৰঙ্গে ৰাম হৰি॥
পৰম আনন্দে প্ৰবেশিল মথুৰাত।
সিটো বিতোপন পুৰী দেখিল সাক্ষাত॥
স্ফটিকে গঠিত পুৰদ্বাৰ নুহি খাট।
লগায়াছে সুবৰ্ণৰ বৃহত কপাট॥
হেমময় তোৰণ চিড়নে অলঙ্কৃত।
চতুৰ্ভিতি গড়খাই দেখি ভয় ভীত॥
বহুবিধ উদ্যানে শোভিত কাছে কাছে।
শাৰী শাৰী গৃহসব প্ৰকাশন্ত আছে॥
হীৰা মৰকত ৰত্নে ৰঞ্জে ঠাৱে ঠাৱে।
শোভা কৰে পাৰাৱত ময়ুৰৰ ৰাৱে॥
ৰাজপন্থ চৌপন্থাক সাঞ্জি মাঞ্জি আতি।
পদূলি পদূলি দীপ ঘট আছে পাতি॥
হেন নগৰত পশি গোপগণ সঙ্গে।
ৰাজপথে চলি যান্ত ৰামকৃষ্ণ ৰঙ্গে॥
মিলিল উৎসৱ শুনি নাৰীগণ যত।
চাহিবাক লাগি সবে চৰিলা গৃহত।
কৃষ্ণক দেখিবে কাৰো উত্ৰাৱল চিত্ত।
পিন্ধে বস্ত্ৰ অলঙ্কাৰ কৰি বিপৰীত॥
এক কৰ্ণে কুণ্ডল কঙ্কণ এক কৰে।
বিমোহিত হুয়া আসে বস্ত্ৰো নসম্বৰে॥
অঞ্জনে ৰঞ্জিলমাত্ৰ এগোটা লোচন।
কতো কতো নাৰীগণে এৰিলে ভোজন।
পিয়ান্তে আছিল স্তন শিশুক এৰিল।
কৃষ্ণক দেখিব মনে গৃহত চৰিল॥
ৰাজপথে চলি যান্ত লীলায়ে মাধৱ।
তাসম্বাৰ নয়নৰ বঢ়ায়া উৎসৱ॥
কমললোচন হাসি কটাক্ষে চাহন্তে।
সমস্তে নাৰীৰ মন হৰিল একান্তে॥
যাৰ গুণ কথাক শ্ৰবণে আছোঁ শুনি।
নেত্ৰ ভৰি দেখোঁ হেন কৃষ্ণক আপুনি॥
কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষে অমৃত।
পুৰি মনোৰথ সবে ভৈল কৃতকৃত্য॥
নয়নৰ পথে নিয়া অভ্যন্তৰ।
আনন্দ মুৰ্ত্তিত আলিঙ্গয় নিৰন্তৰ॥
মনৰ এৰাইল পীড়া আনন্দে ভৰিল।
তনু লোমাঞ্চিত নেত্ৰে লোতক ঝৰিল॥
প্ৰীতি প্ৰফুল্লিত মুখপদ্ম যত নাৰী।
গৃহৰ উপৰে চৰি হুয়া দুই শাৰী॥
ৰাম মাধৱৰ শিৰে পুষ্প বৰিষন্ত।
মুখ কমলক যেন নয়নে পিয়ন্ত॥
দধি দুৰ্ব্বাক্ষত উপায়ন পুষ্প গন্ধে।
পধূলি পধূলি দ্বিজে পূজিল প্ৰবন্ধে॥
অন্য অন্যে নাৰীগণে সম্বোধি কহয়।
কিনো তপ কৰিলে ব্ৰজৰ নাৰীচয়॥
দেখিয়ো আনন্দে যেন আছে মূৰ্ত্তি ধৰি।
হেন ৰাম মাধৱক দেখে নেত্ৰ ভৰি॥
গোপী সম ভাগ্যৱতী আউৰ কেৱ নাই।
কহে অন্য অন্যে সবে নাৰীগণে চাই॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন।
বোলা হৰি হৰি আছে যাৱত চেতন॥
⸻⸻
ঘোষা॥ প্ৰাণ বান্ধৱ মাধৱ ৰাম।
দেহু দেখা হৰি কৰোঁ প্ৰণাম॥
পথত ৰাম কৃষ্ণ মহাভাগ।
যাহান্তে ধোবাক পাইলন্ত লাগ॥
খুজিলন্ত বস্ত্ৰ মাতি ধোবাক।
দিয়ো ভাল বাছি বস্ত্ৰ আমাক॥
আজি যেবে বস্ত্ৰ কৰস দান।
হৈবেক পৰম তোৰ কল্যাণ॥
এহি বুলি বস্ত্ৰ খোজন্ত হৰি।
দুৰ্ম্মুখ ধোবা মাতে ক্ৰোধ কৰি॥
কিনো মহামূঢ় তোৰা গোৱাল।
পৰ্ব্বত বনত খপস কাল॥
মৰিবাক লাগি নাহিকে ত্ৰাস।
ৰাজাৰ বস্ত্ৰক পিন্ধিবে চাস॥
প্ৰাণ লৈয়া পলা ঐৰ অন্তৰি।
ৰাজদুতে পাইলে দণ্ডিবে ধৰি॥
দৈৱকী সুতে শুনি হেন বাণী।
মাৰিলা ধোবাক চৱৰ টানি॥
ছিণ্ডিল মুণ্ড চৱৰতে তাৰ।
যতেক ধোবা লগৰীয়া আৰ॥
বস্ত্ৰ পেলাই সবে দিলে লৱৰ।
দেখিয়া কৃষ্ণে ৰঙ্গ ভৈল বৰ॥
ভাল বাছি বস্ত্ৰ লৈল দোভাই।
গোৱাল সবক দিলে বিলাই॥
বেশকাৰে আসি পিন্ধাই বস্ত্ৰক।
কছাইল ৰঙ্গে ৰাম মাধৱক॥
তাত তুষ্ট কৃষ্ণ ভৈল অধিক।
দিলন্ত পৰম ঐশ্বৰ্য্য শ্ৰীক॥
সাৰূপ্য মূকুতিকো দিল তাক।
বুলিলা অনেক আশ্বাস বাক॥
সুদাম নামে মালাকাৰ আছে।
তাহাৰ বাটীত পশিল পাছে॥
দূৰতে দেখে আসে কৃষ্ণ ৰাম।
কৰিলা সুদামা পৰি প্ৰণাম॥
আসন আনি দিল আথেবেথে।
বসিল তাত ৰঙ্গে জগন্নাথে॥
পাদ্য অৰ্ঘ্য গন্ধ ধূপ লগাই।
কৰিল পূজা লৈল দুয়ো ভাই॥
ভূমিত পৰি বোলে মালাকাৰ।
পিতৃ দেৱ ঋষি তুষ্ট আমাৰ॥
আজিসে জন্ম সাম্ফলিলোঁ আমি।
কুলকো পবিত্ৰ কৰিলা স্বামী॥
জগতৰে মুখ্য কাৰণ হুই।
ভৈলা অৱতাৰ তোমৰা দুই॥
ভকত জনৰ ৰক্ষাৰ হেতু।
দুষ্টক নাশাহা গৰুড়কেতু॥
জগতৰে আত্মা ঈশ্বৰ দেৱ।
তোমাৰ শত্ৰু মিত্ৰ নাহি কেৱ॥
সমস্ত ভুততে আছা বিয়াপি।
ভজন্তাক প্ৰভু ভজা তথাপি॥
কৰিয়ো আজ্ঞা আমি তযু ভৃত্য।
তোমৰা দুইৰো কৰোঁ কিবা কৃত্য॥
যাক পাঞ্ছা তুমি কাৰ্যক লাগি।
প্ৰসাদ পাইবে সেহি মহাভাগী॥
এহি বুলি বুজি কৃষ্ণ ইঙ্গিত।
আনিয়া সৌৰভি পুষ্পে ৰচিত॥
পিন্ধাইলা দুইকো অঙ্গে মুণ্ডমালা।
পুষ্পে ভূষিলেক যত গোৱালা॥
ভকতি ভাৱ দেখি কৃষ্ণ ৰাম।
বোলন্ত লৈয়োক বৰ সুদাম॥
শুনিয়া মালী বোলে যুৰি হাত।
থাকোক অচলা ভক্তি তোমাত॥
বিষ্ণুভকতেসে হৈব বান্ধৱ।
ভূত দয়া যোনো ছাড় মাধৱ॥
এহি বুলি মৌন ভৈল সুদাম।
দিলন্ত সবে বৰ কৃষ্ণ ৰাম॥
বুলিলা আৰো ভক্তি তাৰ দেখি।
নেৰোক তোমাক অচলা লক্ষ্মী॥
বল আয়ু যশ দিলোঁ সমৃদ্ধি।
সৰ্ব্বকালে হোক বংশৰবৃদ্ধি॥
সুদামক দিয়া এতেক বৰ।
বজাইল তৈৰ ৰাম দামোদৰ॥
আনন্দে বেঢ়ি যায় গোপগণে।
হৰি হৰি বোলা সমস্ত জনে॥
⸻
ঘোষা॥ সেৱক বুলিয়া পালিয়ো ৰাম, চৰণে শৰণ লৈলোঁ।
তোমাত ভকতি নকৰি কৃপাল জনম বিফল কৈলোঁ॥
সুদামক বৰ, দিয়া দামোদৰ,
ৰাজপথে চলি যান্ত।
চন্দনৰ পাত্ৰ, সহিতে যুবতী,
কুবুজাক দেখিলন্ত॥
ওচৰ চাপিয়া, পুছন্ত হাসিয়া,
সৰ্ব্বসুখ দাতা হৰি।
কোন তুমি কাৰ, চন্দন লৈ যাহা,
কৈয়ো কথা শীঘ্ৰ কৰি॥
দুভাইক চন্দন, দিয়ো আজি তোৰ
হৈবেক কল্যাণ আসি।
সৈৰিন্ধ্ৰী বোলয়, শুনিয়ো সুন্দৰ,
মই কংস ৰায়ৰ দাসী॥
ভোজ নৃপতিৰ, অতি প্ৰীতিকৰ
মোহোৰ চন্দন মাত্ৰ।
তোৰা দুই বিনে, ইটো চন্দনৰ,
আছে আন কোন পাত্ৰ॥
সুকুমাৰ ৰূপ, দেখি মোহ গৈল,
কৃষ্ণৰ সুৰস মাতে।
দুভাইৰো শৰীৰ, চন্দনে ৰঞ্জিল,
যুবতী আপোন হাতে॥
এতেকে প্ৰসন্ন, ভৈল ভগৱন্ত,
যিটো ভকতৰ গতি।
কৰিলন্ত মতি, ঋজু কৰিবাক,
সিটো কুবুজীৰ প্ৰতি॥
তাইৰ দুই ভৰি, দুপাৱে জাণ্টিয়া,
চিবুকত ধৰি হাতে।
উপৰক তুলি, চমু কৰিলন্ত,
তিনিয়ো লোকৰ নাথে॥
কৃষ্ণ পৰশনে, তেতিক্ষণে তাই,
ভৈগৈল দিব্য সুন্দৰী।
কামাতুৰ হুয়া, হাসিয়া মাতয়,
কৃষ্ণৰ বস্ত্ৰত ধৰি॥
তুমি চিত্ত মোৰ, মথিলা মাধৱ,
কিমতে এৰিবোঁ আমি।
আসা গৃহে যাওঁ, হুয়োক প্ৰসন্ন,
তিনিয়ো লোকৰ স্বামী॥
ৰামৰ আগত, কৃষ্ণৰ বস্ত্ৰত,
ধৰিয়া প্ৰাৰ্থন্তে আছে।
সমস্তে গোপৰ, মুখ চায়া হাসি,
হৰি মাতিলন্ত পাছে॥
আমি পথিকৰ, তুমিসে আশ্ৰয়,
যায়োক আজি গৃহক।
তোমাৰ থানক, অৱশ্যে আসিবোঁ,
বধিয়া দুষ্ট কংসক॥
এহি বুলি তাইক, মধুৰ বচনে,
আশ্বাসি পঠাইলা হৰি।
বাণিজাৰগণে, দুভাইক পূজিল,
অনেক দ্ৰব্যে সাদৰি॥
কৃষ্ণ দৰশনে, কামে বিমোহিত,
সমস্ত পুৰ যুবতী।
বসন বলয়, সুলকিল খোপা,
তাতো নাহি কাৰো মতি॥
চিত্ৰৰ পুত্তলী, আছে যেন ৰহি,
কৃষ্ণতে অৰ্পিয়া মন।
আন কাম এৰি, বোলা হৰি হৰি,
সমজ্যাৰ যত জন
⸻⸻
ঘোষা॥ জগন্নাথ! অনাথক থাপিয়ো চৰণে।
তোমাক বান্ধৱ মানি পশিলোঁ শৰণে॥
এহিমতে ৰাম কৃষ্ণ ভ্ৰমন্তে পথত।
ধনুৰ্যাগ শালা পাইলা পুছিয়া লোকত॥
দেখিল কংসৰ দিব্য ধনু কৃষ্ণ পাছে।
যেন ইন্দ্ৰধনুখণ্ড প্ৰকাশন্তে আছে॥
আনন্দে গোবিন্দে ধৰিবাক যান্ত তাক।
দেখিয়া ৰখিয়া সেনাগণে দেয় হাক॥
তথাপি লীলায়ে বাম হাতে তুলি ধৰি।
নিমিষতে ধনুত লগাইল গুণ হৰি॥
অপ্ৰয়াসে টানিয়া ভাঙ্গিলে ধনুখণ্ড।
যেন মত্ত মাতঙ্গে ভাঙ্গিলে ইক্ষু দণ্ড॥
তাৰ ৰোল শবদে পূৰিল দিশ পাশ।
শুনি কংস ৰায়য় অদ্ভুত ভৈল ত্ৰাস॥
দেখিয়া ৰখীয়া সিটো কটক কিটাইল।
অস্ত্ৰশস্ত্ৰ ধৰি ক্ৰোধে মাধৱক ধাইল॥
বেঢ়িলেক চতুৰ্ভিতি ধৰ মাৰ বুলি।
খঙ্গে ভগা ধনু ৰাম কৃষ্ণে লৈলা তুলি॥
সমস্তে সেনাক মানে বধিল দুভাই।
কংসে পঠাইলেক যিবা মাৰিল কোবাই॥
ধনুৰ শালৰ হন্তে বাজ হুয়া দুই।
নগৰ চাহিয়া ফুৰে মহা হৃষ্ট হুই॥
প্ৰভাব প্ৰগল্ভ ৰূপ দেখি নিৰুপম।
সবে বোলে ইটো দুই দেৱতো উত্তম॥
অনন্তৰে সূৰ্য্যে পাইল অস্তগিৰি গৈ।
নিবৰ্ত্তিল ৰাম কৃষ্ণ গোপগণ লৈই॥
নগৰৰ বাজত বহিল বাস কৰি।
ৰঙ্গে ৰাম কৃষ্ণ দুই পখালিল ভৰি॥
গোপগণ সঙ্গে লৈয়া ভুঞ্জি দধিভাত।
বঞ্চিল ৰজনী সুখে শুতিয়া শয্যাত॥
ধনুভঙ্গ ৰখীয়া সেনাৰ শুনি বধ।
নাসে নিদ্ৰা কংস ভৈল ভয়তে স্তবধ॥
দেখে নানা বিমঙ্গল চিত্ত নোহে স্থিৰ।
ছায়াত নেদেখে সিটো আপোনাৰ শিৰ॥
ধূলি কৰ্দ্দমত নিজ খোজক নাকলে।
আকাশত দেখে কতো দুই চন্দ্ৰ জ্বলে॥
স্বপ্নত মৃতকে ধৰি কৰে আলিঙ্গন।
গৰ্দ্দভত চৰি কৰে বিষক ভোজন॥
ওৰ ফুল মালা পিন্ধি হুয়া দিগম্বৰ।
তৈল ঘসি দক্ষিণক যায় একেশ্বৰ॥
আনো নানা বিমঙ্গল দেখে সিটো আতি।
ভয়তে নপাইলে নিদ্ৰা কংসে সিটো ৰাতি॥
অনন্তৰে কংসৰায় উঠি প্ৰভাতত।
কৰাইলেক মল্ল মহোৎসৱ ক্ৰীড়া যত॥
সজাইলেক উচ্চ মঞ্চ ৰঙ্গশালা বেঢ়ি।
বাৱে ঢাক ঢোল ভেৰী কৰে নানা খেড়ি॥
মঞ্চে চৰি বসিল যতেক পুৰবাসী।
থান লৈয়া বসিল নৃপতিগণো আসি॥
মন্ত্ৰীগণ সমে কংস চৰিল মঞ্চত।
নুগুচয় ভয় তাৰ ক্ষণেকো মনত॥
মল্ল বাদ্য শুনি কাছিপাৰি যত মাল।
মাল গুৰু সমে প্ৰবেশিল ৰঙ্গশাল॥
চানুৰ মুষ্টিক কূট তোষল অপৰ।
শল্ল নামে আইলা আৰো মল্ল ভয়ঙ্কৰ॥
কৰ দিয়া নন্দো গোপগণ সমন্বিতি।
মঞ্চে চৰি বসিলন্ত হুয়া এক ভিতি॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।
বোলা হৰি হৰি সবে হোক সদগতি॥
⸻
ঘোষা॥ গোপাল কৃপাল কৰুণাময়।
হৰিও হৰি ভকতৰ ভয়॥
কহন্ত নৃপতিত শুক মুনি।
ৰাম কৃষ্ণে মল্ল দুন্দুভি শুনি॥
কৰিয়া শৌচ ভৈল কাছপাৰ।
শুনিয়ো আবে কোন অৰ্থ তাৰ॥
ধনু ভাঙ্গি সেনা মাৰিলোঁ তাৰ।
দেখাইলোঁ নিজ বীৰ্য্য আপোনাৰ॥
তথাপি পিতৃৰ নোছোৰে বন্ধ।
আমাকো মাৰিবে কৰে প্ৰবন্ধ॥
মামাৰ বধে আউৰ দোষ নাই।
এহি বুলি লৰি গৈল দোভাই॥
ৰঙ্গৰ দ্বাৰ পাইল গৈয়া পাছে।
কুবলয় পীড় বাটতে আছে॥
অম্বষ্ঠ হাতীয়াৰে আছে খুম্পি।
ৰহিয়াছে সিটো কৃষ্ণক চুম্পি॥
দেখি কৃষ্ণে তাৰ বুজি ইঙ্গিত।
মেৰাইলন্ত পীত বস্ত্ৰ কটিত॥
কুটিল অলকা বান্ধিল তুলি।
মাতিল শুনৰে অম্বষ্ঠ বুলি॥
যাইবোঁ ৰঙ্গশাল সত্বৰ কৰি।
পথ ছাৰি দেহ ঐৰ অন্তৰি॥
বাট নেদ যদি শুন দ্বন্দুৰ।
কুঞ্জৰ সমে নিবোঁ যমপুৰ॥
হেন শুনি পাছে অম্বষ্ঠ ৰাগি।
খুম্পিল হস্তীক কৃষ্ণক লাগি॥
ধায় গৈল হস্তী কালান্ত প্ৰায়।
ধৰিতে কৃষ্ণক শুণ্ডে মেৰাই॥
এৰাইল আছোট কৰিয়া উঠি।
মাতঙ্গক কৃষ্ণে মাৰিয়া মুঠি॥
ভৰিৰ মাজত লুকাইল তাৰ।
ক্ৰোধিল কুঞ্জৰে পায়া প্ৰহাৰ॥
নেদেখি সিটো ফোপায় যেন নাগ।
শুঙ্গি শুঙ্গি পাইলে কৃষ্ণক লাগ॥
ধৰিলে কৃষ্ণক শুণ্ডে মেৰাই।
বাজ ভৈল কৃষ্ণে বলে এৰাই॥
লাঞ্জত তাৰ ধৰি চক্ৰপাণি।
এক শত হাত নিলন্ত টানি॥
সৰ্পক আজোৰে যেন গৰুড়ে।
কৃষ্ণক ধৰিবে চাহয় শুঁড়ে॥
ইকাতি সিকাতি কৰন্তে যাই।
টানি নেন্ত কৃষ্ণে শ্ৰমে এৰাই॥
নাপাৰে ধৰিতে সিটো কৃষ্ণক।
যেন দামুৰিক টানে বালক॥ .
অনন্তৰে তাৰ লাঞ্জক এৰি।
ভৈলন্ত সম্মুখ হস্তীক হৰি॥
চাপৰ মাৰিয়া যান্ত লৱৰে।
খেদি নেয় হস্তী গোৰত গোৰে॥
লীলায় পৰিয়া উঠিল হৰি।
পৰিল বুলি হস্তী ক্ৰোধ কৰি॥
পৃথিবীতে সিটো ভিৰিল দান্তে।
গাৱৰ বল দিয়া সিটো ঝাণ্টে॥
নাহিকা কৃষ্ণ দেখি হস্তী কোপে।
ধাইলেক কৃষ্ণক দুনাই আটোপে।
উপৰে হাতীয়াৰে খুম্পি যাই।
ধৰিলে শুণ্ডত মাধৱে পাই॥
প্ৰমত্ত সিংহে যেন লীলা কৰি।
পাৰিল হস্তীক ভূমিত হৰি॥
পাৱে ভিৰি তাক কৰি আক্ৰান্ত।
লৈলন্ত উপাৰি হস্তীৰ দন্ত॥
হস্তী হস্তীয়াৰ দুইকো জপাই।
মাৰিলন্ত গজদন্তে কোবাই॥
মৰা কুবলয় পীড়ক এৰি।
পশিল ৰঙ্গশাল দেৱ হৰি॥
চৌপাশে গোপগণে বেঢ়ি যান্ত।
দুভাইৰ কান্ধত হস্তীৰ দন্ত॥
প্ৰকাশে কৃষ্ণৰ মুখ কমল।
দেখিয় তাতে ঘৰ্ম্মবিন্দু জল॥
ৰুধিৰ ছিটা তাৰ মাজে মাজে।
পদপঙ্কজত নূপুৰ বাজে॥
শ্যামল তনু তাতে পীত বাস।
কমল লোচন নুগুচে হাস॥
ভুলিল সমাজে কৃষ্ণক চাই।
বোলা হৰি হৰি হৰি সদাই॥
⸻
ঘোষা ॥ হে কৃষ্ণ কৰা কৃপা পৰমানন্দ।
নাজানো ভকতি মই মলমতি মন্দ॥
কৰিলা প্ৰকাশ ৰামে সমে সমাজত।
দেখে দশ প্ৰকাৰে কৃষ্ণক সিবেলাত॥
মালে বোলে কিনো বজ্ৰ সম কলেবৰ।
অন্য জনে বোলে এহেন্তেসে নৰবৰ॥
নাৰীগণে বোলে মূৰ্ত্তি ধৰিলা মদনে।
আমাৰেসে বন্ধু বুলি মানে গোপগণে॥
আমাৰেসে শাস্তা বলে দুষ্ট ৰাজাচয়।
বসুদেৱ দৈৱকীয়ো বোলয় তনয়॥
কংসে বোলে এহি কৃষ্ণ অন্তক আমাৰ।
অজ্ঞানী সকলে বোলে নন্দৰ কুমাৰ॥
যোগীগণে বোলে এহেন্তেসে ব্ৰহ্মতত্ত্ব।
বৃষ্ণিবংশে বোলে এন্তে কুলৰ দৈবত॥
ধৰি মল্ল বেশ পিন্ধি ৰত্ন আভৰণ।
ৰঙ্গ মধ্যে প্ৰকাশন্ত ৰাম নাৰায়ণ॥
কাছিয়া আছয় যেন নট দুই প্ৰায়।
নভৈল তৃপিত লোক দুইৰো ৰূপ চাই॥
চক্ষুৱে পিৱয় যেন চেলেকে জিহ্বায়।
বাহুৱে আলিঙ্গি নাসিকায় শুঙ্গে প্ৰায়॥
অন্যো অন্যে বোলে যেন কথা আছোঁ শুনি
সেহিতো কৃষ্ণক দেখোঁ নয়নে আপুনি॥
নাৰায়ণ অংশ দুয়ো জানিবা সাক্ষাত।
বসুদেৱ গৃহে দৈবকীত ভৈল জাত॥
গোকুলত থৈলন্ত বাঢ়িল নন্দঘৰে।
পূতনাক বধিলে এহেন্তে দামোদৰে॥
চক্ৰবাত দৈত্যক মাৰিল ছেপি গল।
ভাঙ্গিলে অৰ্জ্জুন মাজে টানি উডুখল॥
অঘ বক ধেনুক কেশীৰ লৈল প্ৰাণ।
গোপ গৰু বনাগ্নিত কৰিলাহা ত্ৰাণ॥
কালিক দমিলা গৰ্ব্ব গুচাইলা ইন্দ্ৰৰ।
সাত দিন একে হাতে তুলিয়া মন্দৰ॥
ৰাখিল গোকুল মহা বাত বৃষ্টি হন্তে।
বঢ়াইবে যাদৱ বংশ এন্তে ভগৱন্তে॥
এহিতো হৰ্ষিত মুখ দেখি অনুক্ষণে।
এৰাইলা বিৰহ তাপ সুখে গোপীগণে॥
আনে শ্ৰেষ্ঠ এন্তে ৰাম কমল লোচন।
প্ৰলম্ব প্ৰমুখ্যে মাৰিলন্ত দৈত্যগণ॥
এহি মতে লোকে যেবে কৰে গলাৰাৱ।
বাৱন্তে আছন্ত বাদ্য বঢ়ায়া উৎসৱ॥
শুনি নসহিল তাক চানূৰ বিবুদ্ধি।
বুলিবে লাগিল ৰাম কৃষ্ণক সম্বোধি॥
শুনি বাহু যুদ্ধত কুশল দুই ভাই।
দেখিবাক লাগি ৰাজা আনিলে মতাই॥
সদা হৰষিত মনে সবে গোপগণে।
মল্লযুদ্ধ কৰি গৰু চাৰি ফুৰা বনে॥
হেন জানি তুমি আমি আসা বন্ধ ধৰোঁ।
নৃপতিৰ প্ৰীতি সাধি মল্লযুদ্ধ কৰো॥
সৰ্ব্ব ভূতময় ৰাজা শাস্ত্ৰত কহয়।
ৰাজা তুষ্ট ভৈলে সৰ্ব্বজন তুষ্ট হয়॥
শুনি কৃষ্ণে দিলা তাক উচিত উত্তৰ।
ভোজ নৃপতিৰ আমি প্ৰজা বনচৰ॥
তুল্যবল সহিতে ক্ৰীড়িবোঁ যথোচিত।
সাধিবোঁ ৰাজাৰ যেন প্ৰীতি মনোনীত॥
কৰিবোঁহো বাহু যুদ্ধ সমুচিত কৰ্ম্মে।
তেবেসে নপাইবে সভাসদক অধৰ্ম্মে॥
কৃষ্ণৰ কিঙ্কৰে কহে ছাৰা আন কাম।
পলাওক পাতক ডাকি বোলা ৰাম ৰাম॥
⸻⸻
ঘোষা ॥ ৰাম পাৱে কৰা ৰতি।
ভাই! ৰামৰ নামেসে গতি॥
শুনিয়া চানূৰে বোলে কৃষ্ণক।
নুহিকা গোপাল তুমি বালক॥
গজ সহস্ৰৰ বলে অধিক।
মাৰিলা লীলায়ে হেন হস্তীক॥
এহেন্তে ৰাম মহা বলীয়াৰ।
মই সমে তুমি কৰা প্ৰহাৰ॥
মুষ্টিক সহিতে যুজোক বল।
অন্যায় নুহি দুয়ো মহামল॥
শুনি কৃষ্ণে কৰি নিশ্চিন্ত মতি।
সমুখ ভৈল চানুৰক প্ৰতি॥
মুষ্টিকো ধাইল ৰোহিণী সুত।
মিলল মল্ল যুদ্ধ অদভুত॥
হাতক হাতে মাল বন্ধে বান্ধি।
দুই পাৱে দুই পাৱক ছান্দি॥
আজোৰে অন্য অন্যে বলে ধৰি।
মুষ্টিক মুষ্টি মাৰে দৃঢ় কৰি॥
শ্ৰমে দুয়ো দুই জানুত হানে।
মুণ্ডত মুণ্ড ঠেকা মাৰে টানে॥
হিয়াত হিয়ে মাৰে চাট কৰি।
আজুৰি নেয় কতে হাতো ধৰি॥
মাৰে গলডঙ্গা হুিঁহহ বুলি।
বাহুৱে আঁটিয়া আছাৰে তুলি॥
ছান্দিয়া হাতে পাৱে পৰি দুই।
ৰাগৰ পাৰে এক পিণ্ড হুই॥
বান্ধৱ চোটে ভাগে কলেবৰ।
এৰায়া কতোহো হোৱে অন্তৰ॥
ক্ৰোধে চক্ষু পকাই সঘনে চান্ত।
তৰ্জ্জন্ত গৰ্জ্জন্ত কামুৰি দন্ত॥
বলী নিৰ্ব্বলীৰ যুদ্ধ দেখিয়া।
পুৰবাসী স্ত্ৰীৰ নসহে হিয়া॥
অন্যো অন্যে বোলে ইটো অকৰ্ম্মে।
ৰাজ সমাজক পাৱে অধৰ্ম্মে॥
ৰাজা যে কৰায় অন্যায় যুদ্ধ।
তাকো চাই আছে সবে অবোধ॥
ইটো দুই মাল বজ্ৰৰ সাৰ।
মাধৱ ৰাম অতি সুকুমাৰ॥
নতু প্ৰবেশয় যৌবন কালে।
তাসম্বাক যুজে দুৰ্জ্জয় মালে॥
সভাৰো ধিক্কাৰ থাকোক আতি।
কহয় কথা অন্যো অন্যে মাতি॥
দেখিয়ো কৃষ্ণৰ বদন ইন্দু।
ব্যাপিয়া আছে ঘৰ্ম্ম জল বিন্দু॥
জ্বলে সমে যেন পঙ্কজ কোষ।
যুজন্ত শত্ৰুক কৰি আক্ৰোশ॥
কোনো জনী বোলে কিনো অসুখ।
কিয়নো নোচোৱা ৰামৰ মুখ॥
অৰুণ নেত্ৰ পঙ্কজৰ জ্যোতি।
কৰিছা ক্ৰোধ মুষ্টিকৰ প্ৰতি॥
কেহো বোলে সখি দেখিয়ো তুমি।
ধন্য ধন্য সিটো ব্ৰজৰ ভূমি॥
পুৰাণ পুৰুষ এহেন্তে হৰি।
ফুৰন্ত যাত নানা ক্ৰীড়া কৰি॥
অৱতৰি বিষ্ণু আছা মহীত।
ইহাঙ্কো মৰাৱে মালে সহিত॥
ইটো সমাজক আছে ধিক্কাৰ।
বোলা হৰি হৰি তৰা সংসাৰ॥
⸻⸻
ঘোষা।। ৰামেসে গতি ভজ মোৰ মতি ৰামেসে গতি॥
অভাগী কিনো আমি সবে সখী।
যুদ্ধ সময়ত কৃষ্ণক দেখি॥
কি পুণ্য কৰিলে ব্ৰজৰ নাৰী।
অনুক্ষণে দেখে হেন মুৰাৰি॥
যাহাৰ ৰূপৰ নাহি সমান।
অনুদিনে কৰে নয়নে পান॥
মথন্তে দধিক দুহন্তে গাই।
কৰন্তে গৃহৰ কৃত্য সদাই॥
কৃষ্ণৰ গাৱে গুণ নাম গীত।
সতত কৃষ্ণত অৰ্পিয়া চিত্ত॥
পৰে প্ৰেম ভাৱে লোতক ঝৰি।
ধন্য ধন্য কিনো ব্ৰজ সুন্দৰী॥
প্ৰভাতে যাহান্তে ব্ৰজৰ হন্তে।
গৰু সমে সন্ধ্যাবেলা আসন্তে॥
কষ্ণৰ বংশীৰ শুনিয়া ৰাৱ।
বজায় গোপী সব আকুল ভাৱ॥
কৃষ্ণক দেখি মিলে মহা সুখ।
চাহয় ঈষত হসিত মুখ॥
সদয় দৃষ্টি চান্ত বনমালী।
কতনো কৰিলে পূণ্য গোৱালী॥
শুনিয়া সবে পুৰ স্ত্ৰীৰ বাণী।
দৈৱকী বসুদেৱ দুয়ো প্ৰাণী॥
নাজানি দুয়ো তনয়ৰ বল।
ভৈল দুয়ো পুত্ৰ শোকে বিকল॥
ঝৰিয়া পৰে নয়নৰ নীৰ।
ঝমক দেখি চিত্ত নোহে স্থিৰ॥
পুত্ৰক চাই কৰে হাহাকাৰ।
দেখে দুয়ো দশ দিশ আন্ধাৰ॥
দেখিয়া ভকতৰ ভয়হাৰি।
শত্ৰু বধিবাক মনে মুৰাৰি॥
কৰিল নিষ্ঠুৰ প্ৰহাৰ ধাই।
মুৰ্চ্ছিত চানুৰ চেতন নাই॥
সন্ধুকি যেন শেন গোটে উঠি।
মাৰিলে কৃষ্ণক যাওঁলে মুঠি॥
নটলিলা হৰি পায়া প্ৰহাৰ।
ধৰিলন্ত দুয়ো বাহুক তাৰ॥
তুলি ওপৰতে ফুৰাইল পাক।
আস্ফালিল বলে মাটিত তাক॥
মুকুত কৈশ হাড় বিহৰিল।
ইন্দ্ৰধ্বজ যেন চানুৰ পৰিল॥
মুষ্টিককো ৰামে দিলা চাপৰ।
ৰুধিৰ ছাড়ি পীড়া পাইল বৰ॥
ভূমিত পৰিল প্ৰাণক ছাড়ি।
পাৰে বৃক্ষ যেন বায়ু উভাৰি॥
আসিল দেখি আউৰ কূট নামে।
বাম মুঠি হানি মাৰিল ৰামে॥
তোসল্ল সল্ল ধাইল ক্ৰোধ কৰি।
লাথি হানি দুইকো বধিলে হৰি॥
চানুৰ মুষ্টিক কূট তোসল্ল।
মাৰিলে সল্লকো দেখি বিহ্বল॥
আৱৰ মল্ল ভয় হুয়া বৰ।
প্ৰাণ ৰাখি সবে দিলে লৱৰ॥
দেখিয়া পাছে ৰাম কৃষ্ণ ৰঙ্গে।
আনিয়া গোপগণ লইয়া সঙ্গে॥
দেখায়া মল্ল যুদ্ধ বিপৰীত।
নাচন্ত লোকৰ ৰঞ্জিয়া চিত্ত॥
ৰুণ ঝুণ কৰে নূপুৰ বাজে।
উৎসৱ কৰি মল্ল বাদ্য বাজে॥
অঙ্গ ভঙ্গী কৰি তাহাৰ চেৱে।
কৰন্ত নৃত্য অতি আদি দেৱে॥
দেখিয়া সমাজে তুলিল হাসি।
কৰে সাধুবাদ দন্ত প্ৰকাশি॥
সবে ৰঙ্গ ভৈল কংসত বাজে।
হৰি চৰিত্ৰক শুনা সমাজে॥
কেতিক্ষণ পৰা ধৰিলে কালে।
মনুষ্য জন্ম নেনা আলেজালে॥
শঙ্কৰে কহে এৰা আন কাম।
ঘুষিয়ো ঘনে ঘনে ৰাম ৰাম॥
⸻⸺
ঘোষা॥ এ হৰি ৰাম নিৰঞ্জন যদুপতি।
তুমিসে মাধৱ মোৰ অগতিৰ গতি
মাৰিলন্ত কৃষ্ণে যেবে বৰ বৰ মাল।
মল্ল-বাদ্য বাইবে নিষেধিলে কংস কাল॥
বল্কিবে লাগিল মহা ক্ৰোধে অন্ধ হুই।
কিনো অসজ্জন বসুদেৱ সুত দুই॥
নগৰৰ বাজ কৰি খেদায়ো আমাৰ।
দুষ্ট বসুদেৱক সত্বৰ কৰি মাৰ॥
গোৱালৰ ধনক আগ্ৰহি সবে লৈও।
দুৰ্ম্মতি নন্দক লোহা লগাই বান্ধি থৈও॥
পিতৃ উগ্ৰসেনক সত্বৰে মাৰ নিয়া।
নৰাখিবি যত আৰ আছে লগৰীয়া॥
শুনি কদৰ্থনা বাণী কৃষ্ণ কৃপাময়।
জ্বলি গৈল ক্ৰোধে অতি নসহে হৃদয়॥
লঘিমা গুণক আশ্ৰয়িয়া কৃষ্ণ দেৱে।
কংসৰ উচ্চ্ৰিত মঞ্চে উঠিলন্ত ডেৱে॥
দেখি কংস আসনৰ উঠি তাৱক্ষণে।
ধৰিলেক খাণ্ডা বাৰু যুজিবাক মনে॥
বাৰুক জঙ্কাৰে লম্ফি ফুৰাৱে খাণ্ডাক।
যেন শেন গোটে আকাশতে ফুৰে পাক॥
অচিন্ত্য মহিমা হৰি লীলায়ে হাসিৰা।
আলগতে কংসক ধৰিলে চাম্প দিয়া॥
গুচিল প্ৰভাৱ তাৰ হত ভৈল দৰ্প।
গৰুড়ৰ হাতে যেন বন্দী ভৈল সৰ্প॥
কিৰীটি সহিতে তাৰ ধৰিয়া চুলত।
ভূমিত পাৰিয়া পৰিলাহা ওপৰত॥
জগতৰ ভৰত মৰিল কংস ৰায়।
চুলে ধৰি সমাজত ফুইল ঘষাই॥
হস্তীক আজোৰে যেন মত্ত সিংহৰাজে।
দেখি হাহাকাৰ কৰে সকল সমাজে॥
পিয়ন্তে বোলন্তে সিটো পথত ভ্ৰমন্তে।
নিশ্বাস কাঢ়ন্তে নিশা শয়ন কৰন্তে॥
ভয়তে আগতে দেখে কৃষ্ণক সদায়।
সিহেতু কৃষ্ণৰ ৰূপ পাইলে কংস ৰায়॥
কংস আদি কৰিয়া কংসৰ আঠ ভাই।
ভাইৰ মান সাৰোঁ বুলি ক্ৰোধে গৈল ধাই॥
সবাকো মাৰিলা কোবাই ৰঙ্গে হলধৰে।
পুৰ্ব্বত পশুক যেন মাৰিলা শঙ্কৰে॥
আকাশক ছানি বাৱে দেৱৰ দুন্দুভি।
ব্ৰহ্মা আদি দেৱে পুষ্প সিঞ্চিলা সুৰভি॥
বুলিলে প্ৰশংসা বাণী আকাশৰ পৰা।
উৎসৱে নাচিবে লৈল যতেক অপ্সৰা॥
ৰাজনাৰী নিৰন্তৰে বজাইলা কান্দন্তে।
হা স্বামী! বুলি আতি হিয়া ধাকুৰন্তে॥
স্বকি স্বকি স্বামীক আলিঙ্গি কান্দে ধৰি।
নয়নৰ লোতক ধাৰায় পৰে ঝৰি॥
তাসম্বাক কৃষ্ণে আশ্বাসিয়া পঠাই ঘৰ।
কৰাইলা কংসৰ প্ৰেতকাৰ্য্য নিৰন্তৰ॥
অনন্তৰে ভগৱন্ত ভকতৰ গতি।
পাতিলন্ত নিয়া উগ্ৰসেনক নৃপতি॥
ছাৰিলা বন্ধন হৰি পিতৃৰ মাতৃৰ।
কৰিলা বন্দন দুইকো পাৱে চুয়া শিৰ॥
ভকত বৎসল হেন লোকক দেখাই।
বোলা হৰি হৰি তৰা পাতক খেদাই॥
ইতি কংস বধ সমাপ্ত।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )