পৃষ্ঠা:কংস বধ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামাতুৰ হুয়া,   হাসিয়া মাতয়,
কৃষ্ণৰ বস্ত্ৰত ধৰি॥
তুমি চিত্ত মোৰ,   মথিলা মাধৱ,
কিমতে এৰিবোঁ আমি।
আসা গৃহে যাওঁ,   হুয়োক প্ৰসন্ন,
তিনিয়ো লোকৰ স্বামী॥
ৰামৰ আগত,   কৃষ্ণৰ বস্ত্ৰত,
ধৰিয়া প্ৰাৰ্থন্তে আছে।
সমস্তে গোপৰ,   মুখ চায়া হাসি,
হৰি মাতিলন্ত পাছে॥
আমি পথিকৰ,   তুমিসে আশ্ৰয়,
যায়োক আজি গৃহক।
তোমাৰ থানক,   অৱশ্যে আসিবোঁ,
বধিয়া দুষ্ট কংসক॥
এহি বুলি তাইক,   মধুৰ বচনে,
আশ্বাসি পঠাইলা হৰি।
বাণিজাৰগণে,   দুভাইক পূজিল,
অনেক দ্ৰব্যে সাদৰি॥