পৃষ্ঠা:কংস বধ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোজ নৃপতিৰ,   অতি প্ৰীতিকৰ
মোহোৰ চন্দন মাত্ৰ।
তোৰা দুই বিনে,   ইটো চন্দনৰ,
আছে আন কোন পাত্ৰ॥
সুকুমাৰ ৰূপ,   দেখি মোহ গৈল,
কৃষ্ণৰ সুৰস মাতে।
দুভাইৰো শৰীৰ,   চন্দনে ৰঞ্জিল,
যুবতী আপোন হাতে॥
এতেকে প্ৰসন্ন,   ভৈল ভগৱন্ত,
যিটো ভকতৰ গতি।
কৰিলন্ত মতি,   ঋজু কৰিবাক,
সিটো কুবুজীৰ প্ৰতি॥
তাইৰ দুই ভৰি,   দুপাৱে জাণ্টিয়া,
চিবুকত ধৰি হাতে।
উপৰক তুলি,   চমু কৰিলন্ত,
তিনিয়ো লোকৰ নাথে॥
কৃষ্ণ পৰশনে,   তেতিক্ষণে তাই,
ভৈগৈল দিব্য সুন্দৰী।