সমললৈ যাওক

পৃষ্ঠা:কংস বধ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণ দৰশনে,   কামে বিমোহিত,
  সমস্ত পুৰ যুবতী।
বসন বলয়,   সুলকিল খোপা,
  তাতো নাহি কাৰো মতি॥
চিত্ৰৰ পুত্তলী,   আছে যেন ৰহি,
  কৃষ্ণতে অৰ্পিয়া মন।
আন কাম এৰি,  বোলা হৰি হৰি,
  সমজ্যাৰ যত জন

⸻⸻


ঘোষা॥ জগন্নাথ! অনাথক থাপিয়ো চৰণে।
তোমাক বান্ধৱ মানি পশিলোঁ শৰণে॥
এহিমতে ৰাম কৃষ্ণ ভ্ৰমন্তে পথত।
ধনুৰ্যাগ শালা পাইলা পুছিয়া লোকত॥
দেখিল কংসৰ দিব্য ধনু কৃষ্ণ পাছে।
যেন ইন্দ্ৰধনুখণ্ড প্ৰকাশন্তে আছে॥
আনন্দে গোবিন্দে ধৰিবাক যান্ত তাক।
দেখিয়া ৰখিয়া সেনাগণে দেয় হাক॥