সমললৈ যাওক

অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

ৱিকিউৎসৰ পৰা
[ I ]
 

অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

 
ওপৰ দেৱালয়, বিষ্ণুমন্দিৰ
 
নাম দেৱালয়, কুৰ্মজনাৰ্দন
 

‘অশ্বক্ৰান্তসমং তীৰ্থং নাস্তি ব্ৰহ্মাণ্ডগোচৰে’

 

[ II ]
 

অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

 

লেখক
শ্ৰীহেমচন্দ্ৰ শৰ্মা
অধ্যাপক, বজালী মহাবিদ্যালয়, পাঠশালা
আৰু
শ্ৰীশশীমোহন ভট্টাচাৰ্য্য
দলৈ, অশ্বক্ৰান্ত দেৱালয়, উত্তৰ গুৱাহাটী

 

দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে

 

[ III ]
 

 Aswakranta Dewalayar Itibritta :-A brief account of Aswakranta Dewalay (temple) written by Prof. Hem Chandra Sarma and Sri Shashi Mohan Bhattacharyya and published by Sri Sashi Mohan Bhattacharyya, North Gauhati, Gauhati-30.

Price : Rs. Three Only


 

প্ৰকাশক
শ্ৰীশশীমোহন ভট্টাচাৰ্য, দলৈ,

 

[ লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ]

 

প্ৰথম প্ৰকাশ : ১৯৮২

 

মুল্য—তিনি টকা

 

মুদ্ৰক:
শ্ৰী প্ৰশান্তকুমাৰ শৰ্মা, বি. এচ-চি
পূৰ্বদেশ মুদ্ৰণ
ৰিহাবাৰী
গুৱাহাটী-৭৮১০০৮

 

[ IV ]
 
 

উৎসৰ্গ

 

 যি গৰাকী সুসাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী, সংগঠক আৰু ধৰ্মপ্ৰাণ মহান ব্যক্তিৰ দিহা পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰ ফলত অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্তই পোহৰৰ মুখ দেখা পালে, সেইজনা শ্ৰদ্ধাভাজন, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাদেৱৰ পৱিত্ৰ স্মৃতিত এই ক্ষুদ্ৰ পুথিখনি উৎসৰ্গ কৰা হ'ল।

 

[ V ]
 

॥ আগকথা ॥

  অসমীয়া সংস্কৃতিৰ ঘাই সুঁতিৰ লগত উত্তৰ গুৱাহাটীৰ সম্পৰ্ক অতি প্ৰাচীন আৰু নিবিড়। প্ৰাচীন কালত কিৰাত, অসুৰ আৰু দানৱ ৰজাসকলে এই ঠাইত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসন কৰিছিল। পালবংশী ৰজাসকলৰ দিনত ঠাইখন ‘দুৰ্জয় নগৰ’ নামেৰে জনাজাত হৈছিল। জনশ্ৰুতি আৰু বুৰঞ্জীৰ মতে ইয়াত ধৰ্মপাল আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ্যৰ ৰাজধানী আছিল। কোচৰজা পৰীক্ষিত নাৰায়ণ উত্তৰ গুৱাহাটীত ভালেমান দিন থাকি পৰীক্ষিত পুখুৰী আৰু গড় নিৰ্মাণ কৰিছিল। ইবোৰৰ ভগ্নাৱশেষ এতিয়াও দেখা যায়। আহোম শাসনৰ কালত উত্তৰ গুৱাহাটীত পানী ফুকনৰ বাহৰ আৰু দোপদৰ আছিল। মোমাই কটা গড় আজিও এই নগৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত বৰনদীৰ মুখত হোৱা নৌ যুদ্ধত মোগলসকলে পৰাজয় বৰণ কৰিছিল। ৰংমহলৰ ৰণত মোগল সেনাপতি চৈয়দ চানা আৰু চৈয়দ ফিৰোজক অসমীয়া সৈন্যই বন্দী কৰিছিল। বংগদেশ জয় কৰাৰ কাৰণে মহাৰাজ ৰুদ্ৰসিংহই ষোড়শ শতিকাত উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত বাহৰ কৰিছিল। কানাই বৰশী বোৱা শিলালিপিয়ে বক্তিয়াৰ খিলিজিক বন্দী কৰা কথাৰ উপৰিও আন বহুতো ঐতিহাসিক তথ্যৰ সাক্ষ্য বহন কৰিছে।

  পুৰাণত এই স্থানক ‘পূব কাশী ক্ষেত্ৰ’ বোলা, হৈছে। সীতা পৰ্বত নাইবা দীৰ্ঘেশ্বৰী পাহাৰৰ দাঁতিত মাৰ্কণ্ডেয় মুনিৰ আশ্ৰম আছিল। আশ্ৰমৰ কাষেৰে পুষ্পভদ্ৰা নৈ বৈ গৈ বৰলুইতৰ বুকুত আশ্ৰয় লৈছে। উত্তৰ গুৱাহাটীৰ উত্তৰ দিশত অৱস্থিত নটুৱা নচা পৰ্বতত নৃত্য গীতেৰে দেৱতাসকলক সন্তুষ্ট কৰি বেউলাই মৃত স্বামীৰ জীৱন পুনৰ ফিৰাই পাইছিল বুলি জন প্ৰবাদ আছে। মণিকৰ্ণেশ্বৰত এতিয়াও বেউলাৰ শিলৰ ভুৰ আছে। বুৰঞ্জীবিদ কনকলাল বৰুৱা আৰু গেইটৰ মতে নটুৱা নচা পৰ্বত উত্তৰ-পূব ভাৰতৰ নৃত্য-গীতৰ প্ৰধান ক্ষেত্ৰ আছিল। ভাগৱত পুৰাণ আৰু বৈষ্ণৱ গ্ৰন্থৰ মতে ৰুক্মিণী দেৱীক হৰণ কৰি আনি ভগৱান শ্ৰীকৃষ্ণই অশ্বক্ৰান্তত জিৰণি লৈছিল।
[ VI ]   অশ্বক্ৰান্তত দুটি মন্দিৰ আছে। এটি কূৰ্মৰূপী ভগৱান জনাৰ্দন বিষ্ণুৰ আৰু আনটি অনন্তশায়ী বিষ্ণুৰ মন্দিৰ। মন্দিৰৰ পূব অংশত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত ভগৱান বিষ্ণুৰ পাদপদ্মৰ চিহ্ন আছে।

  স্বৰ্গদেউ শিৱসিংহৰ দিনত ১৭২০ খৃষ্টাব্দত অনন্তশায়ী বিষ্ণুৰ মন্দিৰটি নিৰ্মিত হৈছিল। জনাৰ্দন বিষ্ণুৰ মন্দিৰ দৰঙী ৰজাই সজায় বুলি জনা যায়। যোগিনীতন্ত্ৰত অশ্বক্ৰান্তৰ উল্লেখ আছে আৰু কামৰূপৰ বুৰঞ্জীৰ মতে এই তীৰ্থৰ উত্তৰে দ্বাদশ তীৰ্থ, গয়া তীৰ্থ আৰু বিষ্ণুপদ আছে। বিষ্ণুপদত পিণ্ডদান পিতৃপুৰুষৰ আত্মাৰ সদ্‌গতিৰ কাৰণে এক পবিত্ৰ কাৰ্য।

  গেজেটিয়াৰৰ মতে ১৭৫১ খৃষ্টাব্দত ৰাজেশ্বৰ সিংহৰ দিনত দীৰ্ঘেশ্বৰী বা সীতা পৰ্বতৰ ওপৰত য'ত সতীৰ কেশ পৰিছিল তাতে এটি মন্দিৰ নিৰ্মিত হৈছিল। কামৰূপৰ বুৰঞ্জীৰ মতে অশ্বক্ৰান্ত আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ মাজৰ অংশতে বৃন্দাবন ক্ষেত্ৰ অবস্থিত। জনশ্ৰুতি মতে এসময়ত দুয়োটি তীৰ্থ ক্ষেত্ৰৰ মাজৰ স্থানক বৃন্দাবন ক্ষেত্ৰ নাইবা কাশী ক্ষেত্ৰ বোলা হৈছিল।

  ১৬৩৬ শকত মহাৰাজ ৰুদ্ৰসিংহই বংগদেশ জয় কৰাৰ আশাৰে ৰজাদুৱাৰত উপস্থিত হয়। কিন্তু তেওঁৰ বৰ্তমান ৰুদ্ৰেশ্বৰৰ দৌল থকা ঠাইত বসন্ত ৰোগত পৰলোক প্ৰাপ্তি হৈছিল। পিছত তেওঁৰ পুত্ৰ প্ৰমত্ত সিংহই ৰাজপাটত উঠি ১৬৭১ শকত সেই স্থানত এটি মন্দিৰ নিৰ্মাণ কৰি ৰুদ্ৰেশ্বৰ শিৱৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল।

  ইয়াৰ উপৰিও মণি শৈল পৰ্বতত মণিকৰ্ণেশ্বৰ শিৱৰ মন্দিৰ আছে। এই মন্দিৰ ৰাজেশ্বৰ সিংহৰ দিনত ১৬৭৭ শকত নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ বৰঞ্জীত মণিকৰ্ণেশ্বৰ পৰ্বতক চাহবুৰুজ বোলা হৈছে। যোগিনীতন্ত্ৰ আৰু কামৰূপৰ বুৰঞ্জীৰ মতে কাষেৰে মংগলা বা বৰনদী বৈ গৈছে।

  নগৰৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ বুকুত কলি পৰ্বতত কলিৰ মূৰ্তি আছে। সেই ফালে চালে সকলো পুণ্য নষ্ট হয় বুলি মানুহৰ বিশ্বাস। কামৰূপৰ বুৰঞ্জীয়ে স্থানখনিক কৰ্মনাশা বুলিছে।

  লুইতৰ বুকুত এটি দ্বীপত উমানন্দ মন্দিৰ আছে। কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰৰ মতে এই দ্বীপক ভস্মাচল বা ভস্মশৈল বোলে। ইয়াতে মহাদেৱে কামদেৱক ভস্ম কৰিছিল বুলি প্ৰসিদ্ধি আছে। উমাক আনন্দ দিবৰ কাৰণে মহাদেৱ হেনো এই স্থানত চিৰ জাগ্ৰত আৰু বিদ্যমান। উমানন্দ মন্দিৰ গদাধৰ সিংহৰ পৃষ্ঠপোষকতাত গড়গঞা সন্দিকৈ ফুকনে ১৬১৬ শকত নিৰ্মাণ কৰাইছিল।
[ VII ]   উমানন্দৰ দক্ষিণে এটি শিলাময় দ্বীপত উবশী কুণ্ড অৱস্থিত। কামৰূপৰ বুৰঞ্জীয়ে তাত জল্পেশ্বৰ শিৱ, বিষ্ণুপদ আৰু গয়া তীৰ্থ আছে বুলি কৈছে। কনকলাল বৰুৱাৰ মতে তাত এটি বৌদ্ধ মূৰ্তি আছে। ইয়াত থকা ব্ৰাহ্মী লিপিত খোদিত শিলালিপি ইতিহাসৰ অমূল্য সম্পদ। ইয়াৰ বাহিৰেও ৰজাদুৱাৰৰ প্ৰসিদ্ধ দৌল গোবিন্দ মন্দিৰৰ উপৰিও নগৰৰ ঠায়ে ঠায়ে অৱস্থিত মন্দিৰ, দৌলদেৱালয়, থান আৰু পবিত্ৰ পীঠে নগৰখনিত এটি ধৰ্মীয় আৰু পৌৰাণিক বাতাবৰণ অব্যাহত ৰাখিছে।

 মধ্যযুগীয় বৈষ্ণৱ আন্দোলনৰ লগতো এইখন ঠাইৰ বিশেষ সম্পৰ্ক আছিল। দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাতা বনমালীদেৱে অশ্বক্ৰান্তৰ অনন্তশায়ী বিষ্ণুৰ মন্দিৰত ভালেমান দিন ধৰি ভাগৱত পাঠ আৰু চৰ্চা কৰিছিল। বৰ্তমান সময়তো এই নগৰত আউনীআটী, গড়মূৰ আৰু দিহিং সত্ৰৰ শাখা সত্ৰ আছে।

  অসমীয়া ভাষা সাহিত্যৰ বেদীলৈ উত্তৰ গুৱাহাটীৰ লেখত ল'বলগীয়া বৰঙণি আছে। ষোড়শ শতিকাৰ কবি অনন্ত কন্দলিয়ে মণিকৰ্ণেশ্বৰৰ ওপৰত থকা তেওঁৰ মণ্ডপত বহি কুমাৰহৰণ কাব্য ৰচনা কৰিছিল। সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী অসমীয়া বুৰঞ্জী সাহিত্যৰ এটি অমুল্য বস্তু। বিশ্ববিশ্ৰুত পণ্ডিত আনন্দৰাম বৰুৱাই ইংৰাজী আৰু সংস্কৃত মাধ্যমত পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ ৰচনা কৰি বিশ্বৰ দৰবাৰত অসম তথা ভাৰতবৰ্ষৰ মৰ্যাদা আৰু গৌৰৱ বৃদ্ধি কৰিছিল। আনহাতে হৰকান্ত সদৰামিনৰ আত্মজীৱনীখনিক উল্লেখযোগ্য তথ্য সম্বলিত জাতীয় দলিল ৰূপে চিহ্নিত কৰিব পাৰি। প্ৰত্নতাত্বিক সোণাৰাম চৌধুৰীৰ বাক্যৰণ আৰু পুৰাবৃত্ত সম্পৰ্কীয় আলোচনা আৰু শিক্ষাবিদ উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ গবেষণামূলক প্ৰবন্ধ অসমীয়া সাহিত্য ভঁৰালৰ বহুমূলীয়া সম্পদ।

  সংগীত জগতৰ প্ৰতিও উত্তৰ গুৱাহাটীৰ বৰঙণিৰ অভিলেখ আছে। মণিকৰ্ণেশ্বৰ, দিহিংসত্ৰ আৰু মাজগাঁৱৰ অংকীয়া ভাওনাই এসময়ত অসমৰ কলা-কৃষ্টিপ্ৰেমীসকলৰ মাজত আলোড়ন সৃষ্টি কৰিছিল। মধ্যমখণ্ডৰ বোকা ভাওনা, ভাওনাৰ ইতিহাসত এটি নতুন সম্পদ। সংগীতজ্ঞ লক্ষ্মীৰাম বৰুৱাই শাস্ত্ৰীয় আৰু আধুনিক গীতেৰে অসমবাসীক উদ্বুদ্ধ কৰিছিল। কুৰি শতিকাৰ আৰম্ভণিতে ৰংমহলে অসমীয়া চখীন যাত্ৰাৰ আদৰ্শ অসমবাসীৰ আগত দাঙি ধৰিছিল। ৰুদ্ৰেশ্বৰ-বিহলঙণিৰ নাম প্ৰসংগ আজিও গৌৰৱৰ উচ্চ শিখৰত অধ্যুষিত।
[ VIII ]  ভাস্কৰ্য আৰু স্থাপত্য শিল্পৰো এসময়ত এই ঠাইত বিপুলভাৱে চৰ্চা হৈছিল। পালবংশীয় ৰজা, কোচ ৰজা আৰু আহোম ৰজাসকলৰ দিনত শিলালিপি লিখা, শিলত মূৰ্ত্তি অঁকা, শিলৰ খুটা তৈয়াৰ কৰা, শিলৰ তোৰণ সজা, শিল আৰু ইটাৰ মন্দিৰ আৰু গৃহ নিৰ্মাণ কৰা সুদক্ষ ভাস্কৰ আৰু স্থাপত্য শিল্পীৰ উত্তৰ গুৱাহাটীত অভাৱ নাছিল। উত্তৰ গুৱাহাটী অঞ্চলত এতিয়াও দুয়োবিধ শিল্পৰ ভগ্নাৱশেষ পোৱা যায়।

  ৰত্নকান্ত তহচিলদাৰে চিত্ৰশিল্পৰ সাৰ্থক চৰ্চা কৰাৰ উপৰিও চিৰিয়াখানা প্ৰতিষ্ঠাপনৰ আদৰ্শ অসমবাসীৰ আগত দাঙি ধৰিছিল। প্ৰকৃত অৰ্থত তেওঁ অসমৰ প্ৰথম চিৰিয়াখানা প্ৰতিষ্ঠাপক। তেওঁ নিজৰ হাউলিতে এটি ক্ষুদ্ৰ যাদুঘৰো নিৰ্মাণ কৰিছিল। দুৰ্গেশ্বৰ গোস্বামীয়ে হিন্দু সংস্কৃতি আৰু জন কল্যাণৰ বাবে বেপ্তিষ্ট মিচনৰ অনুকৰণত ‘হিন্দু মিচন’ পোন প্ৰথমে সংগঠন কৰিছিল। এই শতিকাৰ প্ৰথম ভাগত এই মিচন বৰ জনপ্ৰিয় অনুষ্ঠান আ ছল আৰু চিলঙত তাৰ ঘাই কাৰ্যালয় প্ৰতিষ্ঠিত হৈছিল। বাঁহ, বেত আৰু কাঠৰ শিল্পৰ নিৰ্মাণ কাৰ্যত এইখন নগৰে মধ্যধুগৰেপৰাই প্ৰসিদ্ধি লাভ কৰিছিল। এই কাৰ্যত মণিকৰ্ণেশ্বৰৰ বৰঙণি অসম বিখ্যাত। মণিকৰ্ণেশ্বৰৰ কাঠ শিল্পীয়ে কোচবিহাৰ আৰু ৰংপুৰত গৃহ নিৰ্মাণ কৰি সুখ্যাতি অৰ্জন কৰিছিল।

  ভাৰতৰ স্বাধীনতা সংগ্ৰামতো সমগ্ৰ অসমবাসীৰ লগতে উত্তৰ গুৱাহাটীৰ ৰাইজেও অংশ গ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ আগৰণুৱা অসমৰ মুকুটবিহীন সমাট কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ উত্তৰ গুৱাহাটীৰ লোক আছিল। বিয়াল্লিছৰ গণবিপ্লৱত অংশগ্ৰহণ কৰাৰ কাৰণে উত্তৰ গুৱাহাটীৰ কেইবাজনো ছাত্ৰ আৰু যুৱকে কাৰাবৰণ কৰিব লগাত পৰিছিল।

  শিক্ষা-দীক্ষাতো উত্তৰ গুৱাহাটী যথেষ্ট আগবঢ়া। কেইবাখনিও উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপৰিও উত্তৰ গুৱাহাটী কলেজ আৰু হিন্দী শিক্ষক প্ৰশিক্ষণ কলেজ নামেৰে দুখন কলেজ ইয়াত প্ৰতিষ্ঠিত হৈছে। আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ্থে কেইবা লাখো টকাৰ এটি আনন্দৰাম বৰুৱা ভৱন নিৰ্মাণৰ কাম চলি আছে আৰু এই ভৱনৰ যোগেদি বিবিধ সাংস্কৃতিমুলক আৰু সমাজ কল্যাণমূলক কাৰ্য্যসূচীৰ ৰূপায়ণৰ ব্যৱস্থা কৰা হ'ব। নিঃসহায় আৰু দৰিদ্ৰ শিশুৰ আশ্ৰয় আৰু প্ৰতিপালনৰ অৰ্থে অভয়পুৰৰ ইন্দ্ৰাচল পাহাৰত শিশুগ্ৰাম প্ৰতিষ্ঠা হৈছে। এই শিশুগ্ৰাম বিশ্বৰ অষ্টম শিশুগ্ৰাম। উত্তৰ গুৱাহাটী সাহিত্য সভাৰ উপৰিও [ IX ] আন কেইবাটিও কলা-কৃষ্টিৰ অনুষ্ঠানে নগৰখনিত সাংস্কৃতিক পৰিৱেশ অব্যাহত ৰাখিছে। নগৰৰ জনসংখ্যা প্ৰায় বাৰ হেজাৰ আৰু ইয়াৰে শতকৰা আশী জনেই শিক্ষিত।

  উত্তৰ গুৱাহাটী অঞ্চলত অৱস্থিত কেউটি পৌৰাণিক, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ ইতিবৃত্ত ৰচনা কৰিব পাৰিলে ইবোৰ অসমৰ পূৰ্ণাংগ জাতীয় ইতিহাস ৰচনাত সহায় হ'ব বুলি বিন্দুমাত্ৰ সন্দেহ আৰু শংকা নকৰাকৈ বিশ্বাস কৰিব পাৰি। অশ্বক্ৰান্ত মন্দিৰৰ ইতিবৃত্ত সম্পাদনা কৰি উদ্যোক্তাসকলে বিশেষকৈ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মা আৰু শ্ৰীশশীমোহন ভট্টাচাৰ্য্যদেৱে এটি মহৎ কামৰ আদৰ্শ দাঙি ধৰিছে। এই কাৰ্যৰ দ্বাৰা ধৰ্মপ্ৰাণ ব্যক্তিসকল অনুপ্ৰাণিত হোৱাৰ উপৰিও গৱেষক আৰু বুৰঞ্জীবিদসকলে নিশ্চয় উপকৃত হব। উদ্যোক্তাসকল এনে কঠিন-কঠোৰ শ্ৰমৰ কাৰ্যটি কৰাৰ বাবে সদৌটি অসমীয়ালোকৰ ধন্যবাদৰ পাত্ৰ।

 সৰ্বে ভদ্ৰানি পশ্যন্তু। ইতি—

অসম সাহিত্য সভা
ভাগৱতী প্ৰসাদ বৰুৱা ভৱন,
গুৱাহাটী-১
১০ নৱেম্বৰ ১৯৮১ চন।

দুৰ্গেশ্বৰ শৰ্মা
প্ৰধান সম্পাদক,
অসম সাহিত্য সভা

 

[ X ]
 
অভিমত
॥ ১॥

  অশ্বক্ৰান্ত এখন পুৰণি তীৰ্থস্থান, কিন্তু কিমান পুৰণি তাক নিশ্চয়কৈ কোৱা টান। ইয়াৰ মন্দিৰ যে প্ৰাক্-আহোম যুগৰ আছিল এই কথা সহজেই অনুমান কৰিব পাৰি যদিও প্ৰাচীন মন্দিৰটো আজি নাই। তথাপি ভিত্তি স্থানটো আগৰ মন্দিৰৰে আৰু তাৰ কাৰুকাৰ্য প্ৰাচীন অসমীয়া। ঐতিহাসিক ফালটো এৰিও হিন্দু ধৰ্মত যাৰ নিষ্ঠা আছে, সেই সকলো মানুহৰ পক্ষেই ই এক আদৰণীয় বিষ্ণুস্থান।

 ইয়াৰ মূৰ্তিখনিও অতি শুৱনি। প্ৰাচীন ভাস্কৰ্যৰ চানেকি আছে। অনন্তশায়ী-ভগৱান বিষ্ণু মন্দিৰ সমগ্ৰ ভাৰততেই বৰ বেছি নাই। কিন্তু যিকেইখন আছে সেই কেইখনৰ মাহাত্ম্যও সমধিক; ত্ৰিবেন্দ্ৰমৰ পদ্মনাভ, তিৰুপতিৰ গোবিন্দ ৰাজলুস্বামী আৰু অসমৰ অশ্বক্ৰান্ত ‘অনন্তশায়ী নাৰায়ণ’ এই কেইখন আমি নিজে দেখা পাইছোঁ। কিন্তু তাৰ ভিতৰত ভাস্কৰৰ কলা-কৌশল আৰু কল্পনাৰ ফালেদি চালে অশ্বক্ৰান্ত অনন্তশায়ী-মূৰ্তিখন ধুনীয়া আৰু ভাবোদ্ৰেককাৰী।

  এনেহেন এখন তীৰ্থস্থান অৱহেলিত হৈ থকা নাই যদিও ইয়াৰ মন্দিৰ আৰু চাৰিও কাষৰ স্থান অধিককৈ সুবিধাজনক আৰু মনোমোহা কৰাৰ যথেষ্ট স্থল আছে। জানিবলৈ পাই সুখী হৈছোঁ, বৰ্তমান কমিটিয়ে এই বিষয়ে কাম কৰিবলৈ হাতত লৈছে। ৰাইজৰ সহায় আৰু সহানুভূতি কমিটিয়ে পাব বুলি আশা কৰিছোঁ।

  ‘অশ্বক্ৰান্ত মাহাত্ম্য’ আগতে পণ্ডিত প্ৰৱৰ ৺থানেশ্বৰ শৰ্মা কবিৰাজ আৰু বৰদেউৰী ৺হলধৰ শৰ্মাই যুটীয়াভাৱে সম্পাদন কৰি প্ৰকাশ কৰিছিল। সিও প্ৰায় পঞ্চাশ বছৰ আগৰ। বৰ্তমান সেইখন পুথি পাবলৈ নোহোৱা হৈছে, আৰু নতুন কথাও বৰ্তমান সন্নিবিষ্ট কৰাৰ আৱশ্যক হৈছে। তাকে ভাবি বজালী কলেজৰ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মা আৰু দেৱালয়ৰ বৰদেউৰী শ্ৰীশশীমোহন [ XI ] ভট্টাচাৰ্য্যই ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ নাম দি এখন বিস্তৃত ইতিহাস ৰচনা কৰি ৰাইজৰ শলাগৰ ভাজন হৈছে। অনন্তনাৰায়ণ এই সকলৰ প্ৰতি সুপ্ৰসন্ন হওক। ইতি—

গুৱাহাটী,
ভৰলুমুখ

গোবিন্দচৰণাশ্ৰিত
শ্ৰীতীৰ্থনাথ শৰ্মা
২১। ১। ৮১

 


॥ ২॥

  কামৰূপৰ প্ৰাক্‌জ্যোতিষপুৰ, বৰ্তমান গুৱাহাটী পঞ্চতীৰ্থৰ ঠাই বুলি প্ৰাচীন লোকৰ মাজত জনাজাত। ইয়াৰ ভিতৰত উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত দেৱালয় পশ্চিম ভাৰতৰ গয়া তীৰ্থৰ সমপৰ্যায়ৰ বুলি কোৱা শুনা যায়। অনন্তশায়ী বিষ্ণু; কূৰ্ম অৱতাৰ আৰু বিষ্ণুপদ শিলৰ অৱস্থানে এই তীৰ্থৰ স্থানিক মাহাত্ম্য বহুগুণে বৃদ্ধি কৰিছে। দুখৰ বিষয় আমি আমাৰ জাতিয় অক্ষমতাৰ দোষত এই তীৰ্থক ভাৰতৰ উত্তৰাঞ্চল আৰু দক্ষিণাত্যৰ আন আন তীৰ্থসমূহৰ দৰে লোকাকৰ্ষক আৰু বিখ্যাত কৰি তুলিব পৰা নাই। বহুদিন আগতে থানেশ্বৰ শৰ্মা ভিযগ্‌ ৰত্নই এই পবিত্ৰ তীৰ্থ সম্পৰ্কে ‘অশ্বক্ৰান্ত মাহাত্ম্য’ নামৰ পুথি এখন ছপায়। সেইখন পুথি এতিয়া দুষ্পাপ্য।

  এতিয়া সেই দেৱালয়ৰ এগৰাকী বৰদেউৰী শ্ৰীশশীমোহন ভট্টাচাৰ্য্য আৰু বজালী মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মাৰ যুটীয়া চেষ্টাত যুগুতোৱা ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ নামৰ পুথিখনে তীৰ্থখনৰ পৰিবেশৰ বুৰঞ্জী আৰু ইয়াৰ মাহাত্ম্য সম্পৰ্কে তথ্যপাতি ৰাইজক অৱগত কৰোৱাত সহায় কৰিব বুলি মই আশা কৰিলোঁ। ইতি—

গুৱাহাটী
২২
শুচিব্ৰতা ৰায়চৌধুৰী

[ XII ]
 
আমাৰ একাষাৰ

  ‘অশ্বক্ৰান্তসমং তীৰ্থং নাস্তি ব্ৰহ্মাণ্ডগোচৰে’— অথচ এই তীৰ্থখনৰ বিষয়ে ধৰ্মপ্ৰাণ ৰাইজৰ জ্ঞান সীমিত। অশ্বক্ৰান্ত দেৱালয়ৰ সম্পূৰ্ণ ইতিহাস এখনি ৰচনা কৰি উলিওৱাটো বৰ্তমান বৰ টান হৈ পৰিছে। কাৰণ ইয়াৰ অনেক ইতিহাস বিস্মৃতিৰ অতল গৰ্ভত জাহ গৈছে। বাকী থকাখিনিও হেৰুৱাবৰ উপক্ৰম হৈছে। অকল যে অশ্বক্ৰান্ত দেৱালয়ৰহে এনে অৱস্থা এইটো নহয়, অসমৰ প্ৰায়বোৰ দৌল-দেৱালয়, সত্ৰ আদিৰ অৱস্থা একেই। এইবোৰৰ উপযুক্ত সত্ৰক্ষণৰ ব্যৱস্থা কৰি একোখন বিজ্ঞান সন্মত ইতিহাস প্ৰণয়ন কৰি উলিওৱা অতীব প্ৰয়োজন।

  এনে এটি উদ্দেশ্যত প্ৰণোদিত হৈয়ে আমি ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ এখনি প্ৰণয়নত প্ৰবৃত্ত হওঁ। কিংবদন্তি, জনশ্ৰুতি, প্ৰাচীন ধ্বংসাৱশেষ, আৰু সংশ্লিষ্ট মহলৰ দুই-চাৰি গৰাকী সহৃদয় ব্যক্তিৰপৰা পোৱা সাহায্যকে লৈ এই ইতিবৃত্ত ৰচনাৰ কামত আগবঢ়া হৈছে। তদুপৰি কেবাখনো মূল্যবান গ্ৰন্থ, বিভিন্ন সময়ত লিখা বিভিন্ন আলোচনা, সাময়িক পত্ৰিকা আদিত সন্নিবিষ্ট কলা- সংস্কৃতিমুলক প্ৰবন্ধ-পাতিয়েও আমাক সহায় কৰিছে।

  এই কিতাপখন যুগুত কৰোঁতে যিসকল ব্যক্তিয়ে নানা ধৰণে দিহা পৰামৰ্শ দি সহায় কৰিলে সেইসকল হৈছে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ শ্ৰীহেমৰথ বৰ্মণ, উত্তৰ গুৱাহাটী হিন্দী মহাবিদ্যালয়ৰ অধ্যক্ষ পৰেশচন্দ্ৰ দেৱশৰ্মা, বি. বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক কিৰণ শৰ্মা, পাঠশালা ছোৱালী মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীৰমেশচন্দ্ৰ শৰ্মা, গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক উত্তম শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি আৰু গৱেষণা বিভাগৰ শ্ৰী প্ৰবীণ চন্দ্ৰ দাস, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীখৰ্গধৰ শৰ্মা আৰু আন বহুতো। তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ।
[ XIII ]   অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক অধ্যাপক দুৰ্গেশ্বৰ শৰ্মাদেৱে কিতাপখন চাই-চিতি নানা দিহা পৰামৰ্শ আগবঢ়োৱাৰ উপৰিও ‘আগকথা’খিনি লিখি দিছে। আমি তেখেতৰ ওচৰতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

  অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পণ্ডিত প্ৰবৰ শ্ৰীতীৰ্থনাথ শৰ্মাদেৱ আৰু সুসাহিত্যিকা শ্ৰীশুচিব্ৰতা ৰায়চৌধুৰী মহোদয়াই ইয়াক চাই-চিতি একোটিকৈ অতি মূল্যবান অভিমত লিখি দি কিতাপখন গধুৰ কৰি তুলিছে। তেখেতসকলৰ ওচৰত আমি চিৰ কৃতজ্ঞ।

  শেষত পূৰ্বদেশ মুদ্ৰণৰ স্বত্বাধিকাৰী আৰু কৰ্মীবৃন্দই অতি কম সময়তে কিতাপখন ছপা কৰি দিয়াৰ বাবে, আৰু গুৱাহাটী উজানবজাৰৰ শ্ৰীহৰিনাথ শৰ্মাদেৱে ভুল-ক্ৰুটি শুধৰাই আৰ্হি কাকত চাই দিয়া বাবে তেখেতসকললৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ।

  পৰিশেষত, পুথিখন যুগুত কৰোঁতে অনেক ক্ৰুটি-বিচ্যুতি ৰৈ যোৱাটো তেনেই স্বাভাৱিক। বিজ্ঞজনে ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দি সহায় কৰিলে পৰম উপকৃত হ’ম। ইতি—

উত্তৰ গুৱাহাটী
১১/১১/৮২

শ্ৰীহেমচন্দ্ৰ শৰ্মা
শ্ৰীশশীমোহন ভট্টাচাৰ্য্য

[ সূচী ]
 

॥ সূচী ॥

 
পৃষ্ঠা
অশ্বক্ৰান্ত অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে
অশ্বক্ৰান্তৰ কথা : ঐতিহাসিক দৃষ্টিৰে
অশ্বক্ৰান্ত নামৰ তাৎপৰ্য : জনশ্ৰুতিৰ পম খেদি
বিগ্ৰহৰ অৱস্থিতি : অশ্বক্ৰান্ত পাহাৰ আৰু তাৰ সতীৰ্থ
বিগ্ৰহৰ মন্দিৰ : আন আন মন্দিৰ আদি
বিগ্ৰহৰ পূজা : বিষ্ণু পূজা ১১
আন আন পৰ্ব : উৎসৱ আদি ১৪
অশ্বক্ৰান্ত মাহাত্ম্য : এটি জনবিশ্বাস ১৫
ৰজাঘৰৰ পৃষ্ঠপোষকতা : স্বৰ্গদেউসকল ২৬
দেৱালয়ৰ পৰিচালনা : বিষয় বাব সমূহ ২৭
বৰ্তমানৰ দেৱালয় : চৰকাৰৰ নতুন পদ্ধতি ৩০
স্বাধীনতাৰ পিছত : ভূমি-নীতিৰ সংস্কাৰ ৩১
দেৱলায়ৰ বৰ্তমান পৰিচালনা ৩২
 

[  ]
 

অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

 

অশ্বক্ৰান্ত অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে

 

 অশ্বক্ৰান্ত দেৱালয়খন কামৰূপ জিলাৰ শিলাসিন্দুৰীঘোপা মৌজাৰ উত্তৰ গুৱাহাটীত মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰতে থকা অশ্বক্ৰান্ত পাহাৰত (অশ্বকূট) অৱস্থিত। ইয়াৰ উত্তৰে আউনীআটি সত্ৰ, পূবে আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদ আৰু পশ্চিমে উত্তৰ গুৱাহাটীৰ মাজগাঁও, দিহিংসত্ৰ আদি ঠাইবোৰ।

 অশ্বক্ৰান্ত পাহাৰৰ মাটি ৰঙচুৱা, শিলাময় আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিলো ঠায়ে ঠায়ে আছে। পাহাৰৰ ওপৰত বিভিন্ন ধৰণৰ গছ-গছনিও আছে। তাৰ ভিতৰত বেলগছ আৰু কঁঠালগছ বেছি। অশ্বক্ৰান্ত দেৱালয়ত সোমালেই বাটতে বৰ ডাঙৰ প্ৰাচীন গছ-গছনি কিছুমান দেখিবলৈ পোৱা যায়।

 অশ্বক্ৰান্ত পাহাৰৰ উত্তৰে গাতে লাগি থকা চন্দ্ৰকূট পাহাৰৰ ওপৰত বৰ্তমান উত্তৰ গুৱাহাটী নগৰত পানী যোগান ধৰাৰ কাৰখানা পতা হৈছে। এই চন্দ্ৰকূট পাহাৰত থকা কাৰখানালৈ অহা আলিবাটেৰেও অশ্বক্ৰান্ত দেৱালয়লৈ আহিব পাৰি। পূব আৰু দক্ষিণ ফালেৰে ব্ৰহ্মপুত্ৰৰ বুকুলৈ নামি যাব পৰা বাট আছে। দেৱালয়ৰ প্ৰৱেশদ্বাৰত থকা বাটচ'ৰাটো পশ্চিমফালে। পশ্চিমে আমিনগাঁও আৰু আন হাতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চল, আৰু মালাকাটা, তেজপুৰ, বৰপেটা, ধুবুৰী আদিলৈও যাব পৰা ৰাস্তাৰ সুবিধা আছে। উত্তৰ গুৱাহাটী— গুৱাহাটীলৈ অহা-যোৱা ফেৰীঘাট দেৱালয়ৰ পশ্চিমে। বৰ্তমান অশ্বক্ৰান্তলৈ ফেৰীৰেই অহা-যোৱা বিশেষ সুবিধাজনক।

 ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। অশ্বক্ৰান্ত পাহাৰৰ পূব ফালৰপৰা মণিকৰ্ণেশ্বৰ, উমানন্দ, উৰ্বশী, কৰ্মনাশা আৰু শুক্ৰেশ্বৰ— এই পাঁচখন পাহাৰৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰেদি নাচি নাচি উঠি অহা সূৰ্যোদয়ৰ দৃশ্য দেখিলে মন-প্ৰাণ হৰে। পশ্চিম ফালৰপৰা আবেলি কামাখ্যা আৰু চিলাপাহাৰৰ মাজেৰে [  ] ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত বেলি পৰা দৃশ্য দেখি মানব মন বিশ্বস্ৰষ্টাৰ অসীম কৰুণাত নত হ'য়! দক্ষিণ ফালে কামাখ্যা ভূৱনেশ্বীৰ মন্দিৰৰ আৰু গুৱাহাটী চহৰৰ দৃশ্য বিশেষকৈ সন্ধিয়া অতি মনোৰম আৰু মনোমোহা। অশ্বক্ৰান্তৰ ওপৰ দেৱালয়লৈ যোৱা খট্‌খ‌টিৰপৰা তলফালে ব্ৰহ্মপুত্ৰৰ বুকুলৈ চালে বিশেষকৈ জোনাক নিশা— এটি মনোমোহা চিত্ৰপটে চকুৰ পতা মেল খুৱাই দিয়ে।

 অশ্বক্ৰান্ত এখন স্বাস্থ্যকৰ ঠাই। বৰ্তমান অসমৰ ভিতৰতে ইয়াক প্ৰধান স্বাস্থ্যকৰ ঠাই বুলি ক'ব পৰা যায়। ইয়াৰ ভৌগোলিক পৰিৱেশে, স্বাস্থ্যনিবাসৰ উপযুক্ত ঠাই হিচাপে প্ৰতিপন্ন কৰিছে। বহুত মেলেৰিয়া আৰু কলাজ্বৰৰ ৰোগী ইয়াত থাকি আৰোগ্য হোৱা বুলি জনা যায়।

 অশ্বক্ৰান্ত দেৱালয়ৰ উত্তৰে থকা আউনীআটি সত্ৰখনো অতি সুন্দৰ। ইয়াৰ পূবমুৰে মাজতে মণিকূটটো। তাৰ গাতে লগা কীৰ্তনঘৰটো চালে চকু ৰোৱা ধৰণৰ। কীৰ্তনঘৰৰ পশ্চিমে এটি বাটচ'ৰা। বাটচ'ৰাৰ ওপৰখন এটি জাপিৰ নিচিনাকৈ সজা। দেখিবলৈ বৰ ধুনীয়া। কীৰ্তনঘৰৰ উত্তৰফালে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গোসাঁই প্ৰভুৰ বাসগৃহ আৰু দক্ষিণে ভকতসকলৰ বাসগৃহ। সত্ৰৰ পশ্চিমে প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰত এখন ময়ূৰ অংকিত তোৰণ দিয়া আছে। তোৰণখনো চাবলগীয়া। প্ৰৱেশদ্বাৰৰ সন্মুখত (পশ্চিম ফালে) দুজোপা দেৱদাৰু গছ আছে। এই গছদুজোপায়ো সত্ৰৰ সৌন্দৰ্য বহুখিনি বৃদ্ধি কৰিছে। সত্ৰৰ সন্মুখফালে (পশ্চিম আৰু উত্তৰফালে) পকী বেৰ দিয়া আছে। বেৰৰ প্ৰতিফলিতে একোশাৰী সজ উপদেশমূলক নীতিবচন লিখি থোৱা হৈছে। সত্ৰৰ সজ কামৰ নিদৰ্শনে সঁচাকৈয়ে নিৰ্মাণপটু সত্ৰাধিকাৰলৈ ভক্তি আৰু শ্ৰদ্ধা যাচে। কাতি মাহত ইয়াত বাৰ্ষিক পাল-নাম মহা পয়োভৰেৰে পতা হয়।

 সত্ৰৰ ‘আউনী আটী লীলকান্ত’ নামৰ এখন নিজা সংস্কৃত টোল আছে। ইয়াত সংস্কৃত ভাষা-সাহিত্য আদিৰ শিক্ষা হয়। এই টোলখন চৰকাৰৰ দ্বাৰা পাৰিচালিত হয়।

 অশ্বক্ৰান্ত দেৱালয় অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বসতি। দেৱালয়ৰ ভিতৰ অঞ্চলত অকল বৰদেউৰী, পূজাৰী ব্ৰাহ্মণসকলৰহে বসতি। দেৱালয়ৰ ভিতৰত প্ৰচলিত নিয়ম অনুসাৰে বংশৰ অনিষ্ট সাধনৰ ভয়ত কোনেও গাৰ্হস্থ্য জীৱন যাপন নকৰে। মাজগাঁও, দিহিংসত্ৰ আদিত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বসতি।

 এই অঞ্চলৰ পিৰবোৰ লোকৰে জীৱিকা বেহা-বেপাৰ। কিছুমানে চাকৰিও [  ] কৰে। কুৰি বছৰমান আগেয়ে অশ্বক্ৰান্ত অঞ্চলটো ব্যৱসায়ৰ এটি আৱশ্যকীয় ঘাটি আছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ আগতে অসমৰ উত্তৰপৰীয়া মানুহ, মাল-বস্তু, যান-বাহন আদি সকলো এই অশ্বক্ৰান্তৰ বাটত লগা ফেৰীৰে দক্ষিণ পাৰলৈ যাব লগা হৈছিল। ইয়াত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিভিন্ন ঠাইলৈ— উত্তৰ লক্ষীমপুৰ, তেজপুৰ, মঙ্গলদৈ, বৰপেটা, বঙ্গাইগাওঁ, ধুবুৰী আৰু অসমৰ বাহিৰলৈও মটৰেৰে যাবলৈ মটৰঘাটি আছিল। ইয়াত নিতৌ অসংখ্য লোকৰ সমাবেশ হৈছিল। পিছত ১৯৬০ চনত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ পিছৰেপৰা এই অঞ্চলৰ গুৰুত্ব বহুপৰিমাণে হ্ৰাস পাইছে।

 সাংস্কৃতিক দিশত অশ্বক্ৰান্ত দেৱালয়ত এটি পুথিভঁড়াল স্থাপিত হৈছে। ইয়াত বহুতো প্ৰাচীন গ্ৰন্থ আছে। দিহিং সত্ৰত থকা সত্ৰখনো বেচ্‌ ডাঙৰ। ইয়াত মহাপুৰুষীয়া গুৰুসকলৰ কীৰ্তন আদি উদ্‌যাপন কৰা হয়।

 
অশ্বক্ৰান্তৰ কথাঃ ঐতিহাসিক দৃষ্টিৰে

 অশ্বক্ৰান্ত অসম তথা ভাৰতৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান আৰু ঐতিহ্যপূৰ্ণ ঠাই। কিমান দিনৰ যে ইতিহাস ইয়াৰ গৰ্ভত লুকাই আছে, তাক উদ্ধাৰ কৰা টান হ’ব যেন লাগে; কেতিয়াবাকৈ উদ্ধাৰ হ'লে ভালেমান নতুন কথাৰ সম্ভেদ ওলাব, ই ধুৰুপ।

 আহোম যুগতে এই দেৱালয়ৰ বিস্তৰ উন্নতি সাধন হয়। উপৰ দেৱালয়ৰ অনন্তশয্যা আৰু নাৰায়ণ মূৰ্তিটো কোনো এক মহাপুৰুষে নেপালৰপৰা আনি উজনিৰ কোনো ঠাইত হেনো প্ৰতিষ্ঠা কৰিব খুজিছিল। কিন্তু অশ্বক্ৰান্তৰ ওচৰত জিৰণি লোৱাত ৰাতি স্বপ্নাদেশত সেই মহাপুৰুষ জনাই, কূৰ্ম জনাৰ্দনৰ ওচৰতে উপৰ দেৱালয়ত সেই মূৰ্তিটো স্থাপন কৰে বুলি জনবিশ্বাস আছে। পিছে এই মহাপুৰুষজন কোন, সেইটো জনা নাযায়। অৱশ্যে মূৰ্তিটোৰ কাৰুকাৰ্য আৰু স্থাপত্য কলালৈ চাই, সপ্তম-অষ্টম শতিকামানৰ বুলি অনুমান কৰিব পৰা যায়। দ্বাদশ শতিকাৰপৰা যদিও অসমৰ লিখিত বুৰঞ্জীৰ সমল পোৱা যায়, তাত অশ্বক্ৰান্তৰ মূৰ্তিস্থাপনৰ কোনো উল্লেখ নথকাত, এই দেৱালয় অতি পুৰণি বুলিয়ে কব পাৰি। অৱশ্যে মন্দিৰৰ নিম্নভাগ শিল আৰু ওপৰভাগ ইটা কাৰণে, মন্দিৰ যে পুনৰ্নিৰ্মাণ হৈছিল, সন্দেহ নাই।

 ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহ স্বৰ্গদেৱে অশ্বক্ৰান্ত দেৱালয়ৰ বহুল উন্নতি সাধন কৰে। তেওঁৰ ৰাজত্ব কালতে অশ্বক্ৰান্তৰ উপৰ দেৱালয়ৰ মন্দিৰটো সজা হয়। [  ] ১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা বৰ ভূঁইকপৰ সময়ত ইয়াৰ কিছু ক্ষতি হয়। পিছত লৰ্ড কাৰ্জনৰ দিনত মেৰামতি কৰি, বৰ্তমানৰ মণিকূটৰ ৰূপত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়।

 আনহাতে অশ্বক্ৰান্তৰ পাদপৰ্বতত ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত জনাৰ্দন মন্দিৰৰ ইতিহাস আৰু অধিক পুৰণি বুলি অনুমান হয়। এই মন্দিৰৰ বিগ্ৰহৰ পূজা- পাতল আহোম ৰাজত্বৰ বহু আগৰেপৰা চলি থকা বুলি জনা যায়। কিন্তু ইয়াৰ ওপৰত সেই সময়ত কিবা মন্দিৰ আছিল নে নাই থিৰাংকৈ কোৱা টান। বৰ্তমানৰ মন্দিৰটো দৰঙী ৰজাই (ৰঘুনন্দন?) সজাই দিয়ে। তেতিয়াৰপৰা আজিলৈ এই মন্দিৰটো তেনেভাৱেই আছে।

 

অশ্বক্ৰান্ত নামৰ তাৎপৰ্যঃ জনশ্ৰুতিৰ পমখেদি

 অশ্বক্ৰান্ত নামটো সম্বন্ধে তিনিটি কাহিনী জনা যায় আৰু শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা জিৰোৱা ঠাই বুলিয়ে তিনিওটা কাহিনীৰে মূল কথা একে হোৱালৈ চাই ঠাইখিনি পুৰাণপ্ৰসিদ্ধ বুলি কব পাৰি।

  নৰকাসুৰৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হোৱা সময়ত শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা (অশ্ব) ক্লান্ত হৈ পৰাত এই ঠাইত জিৰণি লৈছিল। ফলস্বৰূপে অশ্বক্ৰান্ত পাহাৰৰ পূবৰ নামনিত থকা শিলৰ ওপৰত শ্ৰীকৃষ্ণৰ (বিষ্ণুৰ) সোঁপদচিহ্ন আৰু ঘোঁৰাৰ খোজৰ চিন দেখিবলৈ পোৱা যায়। ঘোঁৰা ক্লান্ত হৈ এই ঠাইত জিৰোৱাৰ কাৰণে ইয়াক অশ্বক্লান্ত বা অশ্বক্ৰান্ত বোলে।

 শ্ৰীকৃষ্ণই ৰুক্মিণীক শদিয়াৰ কুণ্ডিল নগৰৰ পৰা (কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰাজধানী) হৰণ কৰি দ্বাৰকালৈ উভত্তি যোৱাৰ পথত, তেওঁৰ ৰথৰ ঘোঁৰা ভাগৰি পৰাত অশ্বক্ৰান্ততে জিৰাইছিল হেনো; আৰু তেতিয়াৰেপৰা এই ঠাইৰ নাম অশ্বক্ৰান্ত হয়।

 কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যু বধৰ সময়ত, পাণ্ডৱ সখা শ্ৰীকৃষ্ণই অৰ্জুনক পুৰণি কামৰূপ ৰাজ্যৰ সপ্তদললৈ লৈ আহিছিল। এটি জনশ্ৰুতি মতে হাজাৰ উত্তৰ পশ্চিমে থকা সাতদলা নামৰ পথাৰখনেই এই সপ্তদল। ভূঁইকপত সি বিলত পৰিণত হৈছে। বহুদূৰ বাট অহাৰ ফলত তেওঁলোকৰ ৰথৰ ঘোঁৰা ক্লান্ত হৈ এই ঠাইতে ব্ৰহ্মপুত্ৰৰ পাৰত জিৰণি লৈছিল। তেতিয়াৰেপৰা শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা জিৰোৱা এই ঠাইৰ নাম অশ্বক্ৰান্ত বা অশ্বক্লান্ত হয়।

 

বিগ্ৰহৰ অৱস্থিতিঃ অশ্বক্ৰান্ত পাহাৰ আৰু তাৰ সতীৰ্থ

  অশ্বক্ৰান্ত দেৱালয়ৰ মূল বিগ্ৰহ কূৰ্ম জনাৰ্দনপীঠ আৰু নাৰায়ণ। এই বিগ্ৰহ [  ] দুটা পাহাৰখনৰ দুই ঠাইত অৱস্থিত— জনাৰ্দন পীঠটো পাহাৰখনৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰতে দক্ষিণ-পশ্চিম ফালে আৰু নাৰায়ণৰ অনন্ত শয্যা পাহাৰৰ টিঙৰ সোঁমাজতে অৱস্থিত।

  জনাৰ্দন পীঠটো এটি গহ্ব‌ৰত অৱস্থিত। গহ্বৰটো চাৰিচুকীয়া আৰু প্ৰায় ৪' x ২' বৰ্গফুট কালিৰ। ইয়াৰ গভীৰতাও প্ৰায় ২১/২' ফুট। তাত কূৰ্মৰূপী জনাৰ্দন ভগৱানৰ দ্বিতীয় অৱতাৰ দৃশ্য হৈ আছে।

 এইখিনিতে এটা বিষয় মন কৰিবলগীয়া এই যে— জনাৰ্দন পীঠৰ দৰে অসমৰ আন আন বহুতো প্ৰাচীন মন্দিৰৰ বিগ্ৰহৰ অৱস্থিতি একোটা গহ্বৰৰ ভিতৰত থকা পৰিলক্ষিত হৈছে। গহ্বৰৰ ভিতৰত বিগ্ৰহৰ অৱস্থানৰ কিবা আধ্যাত্মিক কাৰণ আছেনে নাই, সেইটো জনা নাযায়। হয়তো উপযুক্ত পৰিবেশ আৰু উপাসনাৰ গভীৰতা সৃষ্টি কৰাৰ বাবেই বাহিৰৰ জন-কোলাহল, আৰু ৰ’দ, বতাহ, বৰষুণ 'আদিয়ে ঢুকি নোপোৱাকৈ গহ্বৰৰ ভিতৰত বিগ্ৰহ নিৰ্মিত হৈছিল, যাতে উপাসক জনে একাগ্ৰচিত্তে উপাসনা কৰিবলৈ সমৰ্থ হয়।

  এই প্ৰসংগতে বুৰঞ্জীবিদ শ্ৰীপ্ৰেমধৰ চৌধুৰীদেৱে “অসমৰ অতীত ঐশ্বৰ্য”ত কোৱা কথাখিনি উল্লেখ কৰিব পাৰি—

 “অতীজতে প্ৰকৃতি দেৱীৰ বিভিন্ন ৰৌদ্ৰ, সাম্য ইত্যাদি ভাব-ভংগিমাই আছিল উপাসনাৰ হেতু। লাহে লাহে পূজাৰ পদ বা পাত্ৰ কেৱল কল্পনাৰে বিষয়- বস্তু নহৈ বাস্তৱ মূৰ্তিৰ আকাৰ লবলৈ আৰম্ভ কৰে। খৃষ্ট্ৰীয় শতাব্দীবোৰৰ আৰম্ভৰ লগে লগে বাস্তুৰ মূৰ্তিৰ বাসস্থানৰো লগতে আৱশ্যক হৈ পৰিল। প্ৰথমতে গছ-পাতৰ মণ্ডপ বা লতা-কুঞ্জ, তাৰ পিছত নল-খাগৰিৰ পঁজা, লাহে লাহে হ’ল কাঠ-ইটাৰ কুটিৰ— এইদৰে গৈ গৈ গুপ্ত ৰজাসকলৰ দিনত পূজাৰ বিষয়বস্তু মূৰ্তি-বিগ্ৰহ স্থাপনৰ অৰ্থে তৈয়াৰ হৈ উঠিল শিলৰ আবাস। ইয়াৰ নাম হ’ল গৰ্ভগৃহ; সি আকাৰত চাৰিচুকীয়া; এখন মাথোন দুৱাৰমুখ; তাত পোহৰৰ জিলিঙনি সোমাব নোৱাৰে; গতিকে সি ঘনীভূত অন্ধকাৰৰ দ্বাৰা সমাচ্ছন্ন আৰু এই ধৰ্মভাবাপন্ন স্থানতেই উদ্ভৱ হ’ল সাধু-সন্ন্যাসীৰ ধ্যানমগ্ন হোৱাৰ উত্তম পৰিবেশ। ”

 অশ্বক্ৰান্তৰ জনাৰ্দনপীঠৰ গহ্বৰত অৱস্থিতি বা স্থাপনো একে সূত্ৰৰে বিচাৰ্য বিষয় বুলিব পাৰি।

  নাৰায়ণ মূৰ্তিটো তিনি ফুটমান ওখ শিলৰ। বেদীত ই মূল বিগ্ৰহ ভগৱান নাৰায়ণৰ পূৰ্ণ ৰূপ প্ৰকাশ কৰিছে। অতি ধুনীয়াকৈ শিলচটাত খোদিত [  ] কৰিছে প্ৰথমে পানী, ওপৰত পুনী, ভেকুলী, কাছক ধৰিত্ৰী হিচাপে, অনন্তনাগৰ সহস্ৰফণা, ওচৰত পঞ্চ নাগকন্যাদি। অনন্তশয্যাত বিষ্ণুৰ নাৰায়ণ ৰূপ আৰু নাভিকমলত ব্ৰহ্মা, পদসেৱাত লক্ষ্মী আৰু উৰ্দ্ধত মহামায়া দুৰ্গা। ওচৰত মধূকৈতভ বিৰাজমান॥

অনন্তশায়ী নাৰায়ণ

 মূল বিগ্ৰহ কূৰ্ম জনাৰ্দন আৰু অনন্তশয্যাত নাৰায়ণৰ উপৰিও নামৰ দেৱালয়ত [  ] (তল দেৱালয়ত) চতুৰ্ভূজ বাসুদেৱ, চক্ৰধাৰী শিৱ, আৰু উপৰ দেৱালয়ৰ চলন্তাত বংশীধাৰী কৃষ্ণমূৰ্তি আছে।

 অশ্বক্ৰান্ত পাহাৰৰ পূবফালে নদীৰ দাঁতিত বাৰখন তীৰ্থৰ নাম পোৱা যায়। এই তীৰ্থকেইখন উত্তৰৰপৰা ক্ৰমে— (১) সীতাতীৰ্থ, (২) বিজয়তীৰ্থ, (৩) মুক্তি তীৰ্থ, (৪) বৃত্ততীৰ্থ, (৫) গয়াকুণ্ড, (৬) অমৃত সৰবৰ, (৭) অশ্বক্ৰান্ত, (৮) ঋণ মোচন তীৰ্থ, (৯) ক্ষেত্ৰ ত্ৰিপঞ্চক, (১০) সিদ্ধ কুণ্ড, (১১) ব্ৰহ্ম সৰোবৰ, আৰু বিজয়তীৰ্থ, মুক্তিতীৰ্থ আৰু বৃত্ততীৰ্থ জুৰি ব্ৰহ্মপুত্ৰৰ মাজত (১২) ব্ৰহ্মযোনি নামেও তীৰ্থ আছে (যো.ত.)। অশ্বক্ৰান্তলৈ গলে এই তীৰ্থকেইখনৰ কথাই বিশেষকৈ জনা যায়, আৰু স্নান, দান, তৰ্পণ, পিণ্ডদান, অস্থি ক্ষেপণাদি ক্ৰিয়াও এই তীৰ্থ কেইখনতেই কৰা হয়। ইয়াত ব্ৰাহ্মণসকলক ভোজনাদি কৰাই দান কৰিলে আত্মাৰ মুক্তি লাভ হয় বুলি জনবিশ্বাস আছে।

 গয়াকুণ্ডৰ পূবে ব্ৰহ্মপুত্ৰৰ মাজত ইন্দ্ৰাচল বা আঁৰ পৰ্বত। অশ্বক্ৰান্তৰ পূবে কৰ্মনাশাক আঁৰ কৰি থকা আঁৰ পৰ্বতেই ইন্দ্ৰশৈল (যো. ত. ২. ৩. ১০.)। “দেৱতাৰ কোপত সেই ইন্দ্ৰাচলৰ দক্ষিণফালে আদখিনি ব্ৰহ্মপুত্ৰে পূৰ্বেই খহাই নিছে। এতেকে অশ্বক্ৰান্ত তীৰ্থত স্নান কৰিলে কৰ্মনাশা পৰ্বত দেখা পায়। বৰলোকসকলে ক্ষেত্ৰ আৰু তীৰ্থৰ পূবফালে আৰণ দি কৰ্ম কৰে। ” (কা.বু, ১২০)।

  আঁৰ পৰ্বতৰ পশ্চিম ভাগত উত্তৰফালৰপৰা ক্ৰমে চন্দ্ৰসৰোবৰ, মানসতীৰ্থ, সূৰ্যতীৰ্থ আৰু নাগতীৰ্থ নামেৰে আন চাৰিখন তীৰ্থ আছে।

  আকৌ উত্তৰ গুৱাহাটীৰ পশ্চিমে এখন সৰু পাহাৰ আছে। ইয়াৰ নাম বায়ুকূট। বায়ুকূটক বৰ্তমান ৰাঙলীপাহাৰ বোলে। বায়ুকূটত বাস কৰিলে ধন বৃদ্ধি হয়, আৰু সেই ঠাইত বায়ুৰ অৰ্চ্চনা কৰিলে বায়ুলোক প্ৰাপ্ত হয় বুলি শাস্ত্ৰত উল্লেখ আছে (যো. ত.)।

 বায়ুকূট পাহাৰৰ পূবে চন্দ্ৰকূট পাহাৰ। (উত্তৰ গুৱাহাটী চহৰৰ পানী যোগান ধৰা কাৰখানা পতা পাহাৰখন চন্দ্ৰকূট )। চন্দ্ৰকূটত মাধৱেশ্বৰ গোসাঁই থকা বুলি জনা যায়। অৱশ্যে আগৰ কোনো মন্দিৰাদিৰ চিন পোৱা নাযায়। যোগিনীতন্ত্ৰত চন্দ্ৰকুটৰ মাধৱৰ উল্লেখ আছে (২. ৩. ৫. ২. ৪. ৬.)। “উমানন্দৰ উত্তৰে শিলাসিন্দুৰীঘোপা মৌজাৰ ভিতৰত চন্দ্ৰশৈল আছে, চন্দ্ৰ মাধৱৰ স্থান। এতিয়া তেওঁ অদৃশ্য হৈ আছে, কাল পালে ওলাব। মণিকূটতকৈ এগুণ বেছি [  ] মহিমা” (কা. বু. ১২০)। এই পাহাৰত বাস কৰিলে ক্ষয়ৰোগ হয় বুলি শাস্ত্ৰত নিৰ্দেশ আছে (যো. ত.)।

 বায়ুকূট আৰু চন্দ্ৰকূটৰ মাজত গোদন্ত পৰ্বত, অৰ্থাৎ অশ্বক্ৰান্তৰ উত্তৰে সৰু সৰু চাৰিটি পৰ্বতৰে এটি গোদন্ত। “তাৰ তিনিখনি পৰ্বত এৰি সীতাকুণ্ডৰ ওচৰত যি পৰ্বতখনি আছে তাতে জটাধৰ গোসাঁই আছে। অশ্বক্ৰান্ত আৰু সীতাকুণ্ড দুইৰ মধ্যত এক নিজৰা আছে। তাৰ নাম সন্তানন্ধৰা। তাত স্নান কৰিলে নিঃসন্তানৰ সন্তান হয়” (কা. বু. ১২৯ ), (যো. ত. ২. ৩. ৫. ২. ৪. ১২)। গোদন্ত পৰ্বতত বাস কৰিলে মানুহ পাপী হয় বুলি শাস্ত্ৰত কোৱা আছে।

 ‘অশ্বক্ৰান্তত জনাৰ্দন অৱস্থিত’— এই প্ৰসংগত অসমৰ খ্যাতনামা অন্যতম পণ্ডিত ড॰ বাণীকান্ত কাকতিদেৱে তেখেতৰ ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ত লিখা ‘সৰ্বতীৰ্থ সমন্বয়ঃ’ কথাখিনিৰ কিয়দাংশ উল্লেখ কৰা হ'ল—

 ‘যোগিনী তন্ত্ৰ’ত যিমানবোৰ তীৰ্থৰ নাম আছে, সৰহ ভাগৰেই নাম ভাৰতৰ আন আন ঠাইৰ তীৰ্থৰ নামৰ লগত মিলে কাৰণে বহুত সময়ত সন্দেহ হ’ব খোজে গ্ৰন্থকাৰে অসমৰ তীৰ্থৰ কথা কৈছে নে ভাৰতত আন আন ঠাইৰ তীৰ্থৰ কথা কৈছে। কিন্তু পৰিপাৰ্শ্বিকতাক লক্ষ্য কৰিলে বুজা যায় সেইবোৰ অসমৰেই তীৰ্থ। নাম সৰ্বভাৰতীয়। যেনে— গঙ্গা, নৰ্মদা চন্দ্ৰভাগা আদি অসমৰ নৈ। কামাখ্যাৰপৰা যি ধাৰা ওলাইছে, তাৰ নাম গঙ্গা।

পাণ্ডুনাথৰপৰা ওলোৱা ধাৰা নৰ্মদা।
ব্যাসকুণ্ডৰপৰা ওলোৱা ধাৰ চন্দ্ৰভাগা॥ ইত্যাদি।

(২। ৫। ৫৮—৬৭)

 কামৰূপৰ প্ৰধান প্ৰধান পুৰুষ দেৱতাৰ ক্ষেত্ৰ মাত্ৰেই শিৱৰ ক্ষেত্ৰ। শিৱ বা বিষ্ণু বুলি ভেদভাৱ নাই। যেনে নীলাচলত কামেশ, ভষ্মাচলত ভয়ানন্দ, চন্দ্ৰকূটত মাধৱ, মঙ্গলাত ত্ৰ্যম্বক, অশ্বক্ৰান্তত জনাৰ্দন, গোদান্তত জটাধৰ, ধবলাত পিনাকী, উৰ্বশীত মধুসূদন।

 ‘যোগিনী তন্ত্ৰ’ত বিষ্ণুক জনাৰ্দন বুলি নিৰ্দেশ কৰা হৈছে। জনাদন ক্ষেত্ৰ মাথোন তিনিটা বুলি উল্লেখ আছে (১) অশ্বক্ৰান্তত কল্কিৰূপী জনাৰ্দন (২। ৩। ৩০); (২) নন্দন পৰ্বতৰ পশ্চিমে বৌদ্ধ জনাৰ্দন (২। ৫। ২২১); হাজোত (অপুনৰ্ভব

ক্ষেত্ৰত) হয়গ্ৰীৱ জনাৰ্দন (২। ৯। ৩২)...। ” [  ]

বিগ্ৰহৰ মন্দিৰ : আন আন মন্দিৰ আদি

 অশ্বক্ৰান্ত পাহাৰত দেৱালয় দুখন। নামনিত কূৰ্ম জনাৰ্দন পীঠ আৰু ওপৰত অনন্ত শয্যাত নাৰায়ণ। সেই হিচাপে ইয়াৰ ঘাই মন্দিৰো দুটা।

 এই মন্দিৰ দুটা পোনতে কেনে ধৰণৰ আছিল তাক জনা নাযায়। জনাৰ্দন পীঠৰ ওপৰত দৰঙী ৰজাই সজাই দিয়া বৰ্তমানৰ মণিকূটটো বেছ ডাঙৰ আৰু আহল-বহল। ভিতৰখন দিনতে আন্ধাৰ। ইয়াৰ বেৰত অ'ত ত'ত কিছুমান মূৰ্তি খোদিত কৰা আছে। বাহিৰ ফালটো খাজটা আৰু প্ৰায় ১৫' ফুটমান ওপৰৰপৰা ক্ৰমে জোঙা। ইয়াৰ চাৰিওফালে ওপৰত বাৰটা অংগমঠ আছে। মন্দিৰটোৰ ব্যাস প্ৰায় ১২' ফুট আৰু ওখ প্ৰায় ৩০' ফুট হ’ব। মণিকূটটোৰ উত্তৰে পূজাঘৰ বা নামঘৰ এটা আছে। ইয়াৰ প্ৰৱেশদ্বাৰ উত্তৰফালে।

  কূৰ্মৰূপী জনাৰ্দন মন্দিৰ সম্বন্ধে লিখা আছে— “জনাৰ্দনগিৰৌ ৱিষ্ণুঃ স্বয়ং কূৰ্মস্বৰূপধৃক্‌। শিলং ভিত্ত্বা স্থিতস্তত্ৰ দেৱ-গন্ধৰ্ব- সেৱিতঃ। ”

  উপৰ দেৱালয়ত থকা অসমৰ একমাত্ৰ অনন্তশায়ী বিষ্ণু মূৰ্তিটোৰ ওপৰত স্বৰ্গদেউ শিৱসিংহই সজাই দিয়া (পিছত মেৰামতি কৰি পুনৰ নিৰ্মাণ কৰা) মঠটোও বেছ ডাঙৰ আৰু আহল=বহল। মন্দিৰৰ গাত এইজনা স্বৰ্গদেউৰ এখনি শিলালিপিও আছিল।

অশ্বক্ৰান্ত দেৱালয়ৰ শিলৰ ফলি

অদ্ৰেৰস্য জনাৰ্দ্দনস্য নিকটে সিদ্ধোহভিষেকোৎসৱঃ।
শ্ৰীবিষ্ণোঃ কৃপয়া তদীয়-শিখৰে তৎসম-সম্পাদনে।
সানন্দো নৃপ-বৃন্দ-ৱন্দিত-পদাৰবিন্দ-সুধীৰ্দ্দেৱ।
শ্ৰীশিৱসিংহ উৰ্জ্জিতৰাদিত্য-প্ৰতাপো নৃপঃ॥
ভূভৃন্নীতি-লতাতিনৃত্য-ঘন-কোদণ্ড-বিদ্যাৰ্জ্জুনো।
ৱন্দাৰুৰ্ন্নিজ-দেৱ-পাদ-কমলং ভূ-লোক-কল্পদ্ৰুমঃ॥
পাৰাৱাৰ-গভীৰ উজ্জল-যশশ্চন্দ্ৰো মহেন্দ্ৰাশয়ো।
জাতো ভীম-পৰাক্ৰমো ৱিজয়তে ধন্যঃ শৰণ্যো নৃণাম্‌॥
তস্যাজ্ঞামভিধাৰ্য্য মুদ্ধি, ৱিজিয়ো নামোৰ্থতঃ (?) সাদৰম্।
শ্ৰীমান্ কেশৱ-পাৰ-পদ্ম-মধুপঃ স্বৰ্গাৱতাৰাৱধি॥
শ্ৰীমৎস্বৰ্গ-নৰেন্দ্ৰ-সেৱি-দুৱৰা [ৱংশী] বৃহৎসৈন্যপো।
ৱেশ্মৈতদয়নাব্ধি-তৰ্ক্ক-শশভৃৎ-শাকেহকৰোৎ শ্ৰীপতেঃ॥ ১৬৪২


[ ১০ ]  মন্দিৰৰ গাত বিষ্ণুৰ দশৱতাৰৰ মূৰ্তি খোদিত কৰা আছে। বাহিৰফালে খাজকটা আৰু ১৫' ফুটমান ওপৰৰপৰা ক্ৰমে জোঙা। ভিতৰখন মিহি আৰু দিনতে আন্ধাৰ হৈ থাকে। বৰ্তমানে অৱশ্যে ইয়াত বিজুলী বাতিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ চাৰিওফালে ওপৰত বাৰটা অংগমঠ আছে। মন্দিৰটোৰ ব্যাস

১২' ফুটমান আৰু ওখ ৩০' ফুটমান হ’ব।

নাম দেৱালয় অশ্বক্ৰান্ত।

  উত্তৰফালে ঘাই মন্দিৰৰ গাতে লাগি আছে ভোগধনী ঘৰ। ইয়াতে গোসাঁইৰ কাৰণে ভোগ বন্ধ ভোগধনী ঘৰৰ লগতে বিলনী ঘৰ। ভোগধনী ঘৰৰ এটি বিশেষত্ব এই যে, ইয়াত স্ত্ৰীসকলৰ প্ৰৱেশ নিষেধ। তিৰোতাসকলক আন এটি কেঠালিতহে ভোগ খাবলৈ দিয়া হয়। মন্দিৰৰ প্ৰৱেশদ্বাৰ দক্ষিণফালে এটি বাটচ'ৰাৰ মাজেৰে। মন্দিৰৰ চাৰিওফালে কিছু আঁতৰেৰে প্ৰাচীন ইটাৰ এখন ডাঠ প্ৰায় ১ ১/২ মিটাৰ ওখ বেৰ আছে। কিন্তু বৰ্তমানে এই বেৰখন মাজে মাজে ভাঙি ছিঙি গৈছে। বেৰখনৰ দক্ষিণফালে মন্দিৰৰ চৌহদৰ বাহিৰলৈ অহা-যোৱা কৰিবলৈ এখন খট্‌খটি আছে। এই খট্‌খটিৰ ২৮ টা খোপ আছে। ওপৰ দেৱালয়ৰ পাহাৰখনৰপৰা নামনিলৈ উঠা-নমা কৰিবলৈও এখন খট্‌খটি আছে। এই খট্‌খটিখনৰ ৯৮ টা খোপ আছে। এই খট্‌খটিখন পিছত বন্ধা। আগতে হেনো এটি শিলাময় বাটহে আছিল। এই খট্‌খটিৰ তলমূৰত দুইকাষে দুটা অংগমঠ আছে। অংগমঠ দুটাৰ গাত গণেশৰ মূৰ্তি খোদিত কৰা আছে। খট্‌খটিখনৰ ওপৰত এটি শিৱলিংগও আছিল। স্বৰ্গদেউ শিৱসিংহই প্ৰথমে এই দুজনা গোসাঁইক প্ৰণাম জনাইহে, বিষ্ণুক সেৱা জনাইছিল।
[ ১১ ]   এই দুই মন্দিৰৰ উপৰিও অশ্বক্ৰান্ত দেৱালয়ত আৰু এটি মন্দিৰ আছে। সেইটো ‘কূৰ্ম জনাৰ্দনৰ ফল্গুৎসৱৰ মন্দিৰ’। এই মন্দিৰটো উপৰ দেৱালয়ৰ ঘাই মন্দিৰৰ অলপ আঁতৰত দক্ষিণ-পূব কোণত অৱস্থিত। মন্দিৰটো আন দুটা ঘাই মন্দিৰতকৈ কিছু সৰু আৰু চাপৰ। কিছু বছৰ আগতে এই মন্দিৰটো ভাঙি- ছিঙি গৈছিল যদিও, বৰ্তমানে মেৰামতি কৰি লোৱা হৈছে। এই মন্দিৰৰ গাতো এখন শিলালিপি আছিল। ফলিখনৰ কথাবোৰ এনে ধৰণৰ—

অশ্বক্ৰান্ত কূৰ্ম-জনাৰ্দনৰ ফল্গুৎসৱৰ মন্দিৰৰ শিলৰ ফলি

  “৺৭ স্বস্তি শ্ৰীশ্ৰীসুৰ গন্ধৰ্ব-বৃন্দ-ৱন্দিত-গীত-নৃত্য-বাদ্য-মঙ্গল-প্ৰীত্যুৎসুক-মায়া- মৰ্দ্দন-জনাৰ্দ্দন-দেৱ-দোলান্দোলন-ৱিনোদ-ৱিলসায় মহাৰাজাধিৰাজ শ্ৰীশ্ৰীশিৱ- সিংহ নৃপাজ্ঞয়া জনাৰ্দ্দন-পদ-পঙ্কজ-পৰায়ণ-শ্ৰীমদনুজ-দুৱৰা-বৃহৎফুক্কনেন জনাৰ্দ্দন গিৰৌ ফল্গুৎসৱ-দৌলোহয়মকাৰি ত্ৰিনয়ন-নয়নব্ধি-তৰ্ক্ক-শশভৃচ্ছাকে। ১৬৪৩। ”

  অশ্বক্ৰান্ত দেৱালয়ত যাত্ৰীৰ উপৰিও সাধু-সন্ন্যাসী আদি থাকিবলৈ ‘ধৰ্মশালাৰো’ ব্যৱস্থা আছে। এই ধৰ্মশালাত যাত্ৰী, সাধু-সন্ন্যাসী, পণ্ডিত লোক বহুতো থাকি গৈছে। সীমিত থকা-মেলাৰ সুবিধাৰ কাৰণে ভালেমান দূৰণিবটীয়া যাত্ৰীয়ে সময়ে সময়ে থাকিব নোৱাৰি অসুবিধাৰ সন্মুখীন হয়। তদুপৰি ওচৰতে থকা কেবাটিও গুহা বিশেষকৈ নামদেৱালয়ৰ ওচৰত থকা গুহা দুটা সজাই দিব পাৰিলে তপ-জপধাৰীৰ আকৰ্ষণ বাঢ়িব।

বিগ্ৰহৰ পূজাঃ বিষ্ণু পূজা

  ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ত ড॰ বাণীকান্ত কাকতিদেৱে বিষ্ণু-পূজা সম্পৰ্কে লিখিছে—“কালিকা পুৰাণ’ৰ বৰ্ণনাবোৰত বিষ্ণু-পূজাৰ কোনো প্ৰাধান্য দেখা নাযায়। বাসুদেৱ বিষ্ণুৰ বাহিৰে পীঠবোৰৰ নামমাত্ৰ উল্লেখ ব্যতিৰেকে আন কথা প্ৰায় একোৱেই নাই। যি যি ঠাইত সেইসকলৰ পূজা চলিছিল, সেই সেই ঠাইৰ নামে সৈতে মাত্ৰ পাঁচোটা আবিৰ্ভাৱৰ কথাহে বৰ্ণিত হৈছে—

  (ক) বিষ্ণুয়ে হয়গ্ৰীৱ ৰূপে জৰাসুৰক মণিকূট নামে ঠাইত বধ কৰিছিল। (কালিকা পুৰাণ, ৮১/৭৫)।

  (খ) মণিকূটৰ পূবে মৎস্যধ্বজ পৰ্বতত বিষ্ণু মৎস্য অৱতাৰৰূপে পূজিত হৈছিল। (কালিকা পুৰাণ, ৮২/৫০)।
[ ১২ ]   (গ) পাণ্ডুনাথ নামে ভৈৰৱ এজনৰ আকৃতিত ৰক্ষকূটত মাধৱৰ পূজা কৰা হৈছিল। (কালিকা পুৰাণ, ৮২/৬৫)।

  (ঘ) পাণ্ডুৰ পূবে চিত্ৰবহ পৰ্বতত বৰাহৰূপী বিষ্ণুৰ পূজা হৈছিল। (কালিকা পুৰাণ, ৮২/৭৪)।

  (ঙ) দিক্কৰবাসিনী অঞ্চলত বাসুদেৱ বিষ্ণুৰ পূজা চলিছিল।

  এইবোৰৰ ভিতৰত হয়গ্ৰীৱ আৰু বাসুদেৱৰ পীঠেই প্ৰধান। হয়গ্ৰীৱৰ মন্দিৰ আজিও সজীৱ—শ শই যাত্ৰী এতিয়াও ইয়ালৈ আহে। কিন্তু ‘কালিকা পুৰাণ’ত ইয়াৰ সামান্য উল্লেখহে আছে। বাসুদেৱৰ পূজা-পদ্ধতিৰ বিশদ্‌ বৰ্ণনা আছে যদিও, ইয়াৰ পূৰ্বপ্ৰাধান্য খৰ্ব হৈছে। ••••••

  বাসুদেৱ পীঠ আন এটা ভিত্তিত প্ৰতিষ্ঠিত। ইয়াত কেৱল নিৰামিষ দ্ৰব্যেৰেহে পূজা কৰা হয়, আৰু ই মধ্যযুগৰ নৱ-বিষ্ণুবাদতকৈ পুৰণি বিষ্ণুবাদৰ সাক্ষ্য দিয়ে। এইদৰে ই ‘পঞ্চৰাত্ৰ সংহিতা’ৰ সময়লৈ যায়। আখ্যানত প্ৰমাণ স্বৰূপে ‘নাৰদ পঞ্চৰাত্ৰ’ৰপৰা বচন উদ্ধৃত কৰা হৈছে (কালিকা পুৰাণ, ৮৩/১৪১)।

  সংহিতাই আদি বৈষ্ণৱমতৰ যি ৰূপ দিছে, সেই বিষয়ে কিছু আলোচনাৰ দৰকাৰ।

  “সংহিতাবোৰ বুৰঞ্জীৰ ফালৰপৰা কাৰণে লক্ষ্য কৰিবলগীয়া। বৈষ্ণৱ সম্প্ৰদায়ৰ ভিতৰত শাক্তনীতিৰ বিকাশৰ সূচনা ইয়াত পোৱা যায়। কিন্তু বৈষ্ণৱসকলৰ বিশ্বাস আৰু কাৰ্য্যাৱলী প্ৰকাশ কৰিবলৈ ৰচনা কৰা প্ৰথম গ্ৰন্থাৱলী হিচাপেও এই সংহিতাবোৰ প্ৰসিদ্ধ। বাস্তৱ কাৰ্য্যাৱলীৰ বিষয়ত, কবলৈ গলে, এইবোৰ বৈষ্ণৱসকলৰ কল্পসূত্ৰ। ••••• মূল সংহিতাবোৰৰ ধৰ্মমত প্ৰধানতঃ মহাকাব্যৰ নাৰায়ণী কাহিনীৰপৰা পোৱা শিক্ষাৰে বিকাশ; তাতে কিছুপৰিমাণে শক্তিভাৱ যোগ দিয়া হৈছে। •••••• সংহিতাৰ মন্ত্ৰ আৰু যন্ত্ৰৰ ধৰ্ম- নীতিবোৰ শাক্ত নীতিৰপৰা পৃথককৈ চিনিব নোৱাৰি। সকলো প্ৰকাৰৰ ইন্দ্ৰজাল বিদ্যা, আৰু তাৰ লগত অসংখ্য মোহিনী, ক্ৰিয়া আৰু কবচ সযত্নে বৰ্ণিত আৰু আগ্ৰহেৰে প্ৰশংসিত হৈছে। ‘ওঁ নমো ভগৱতে বাসুদেৱায়’, আৰু ‘ওঁ নমো নাৰায়ণায়’— এই প্ৰসিদ্ধ মন্ত্ৰদুটা ব্যাখ্যা কৰি তাৰ তত্ত্ব লবলৈ যত্ন কৰা হৈছে”। (J. N. Farquhar: Outlines of the Religious Literature of India: 1920, PP. 183–186). তাৰ উপৰি “যিবোৰ মত পুৰণি পঞ্চৰাত্ৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত, গোপাল-কৃষ্ণ ৰূপটো তাৰ অঙ্গীভূত নহয়। যি ধৰ্মক ভগৱদ্‌গীতাই ব্যাখ্যা কৰিছে, সেয়ে ঐকান্তিক ধৰ্ম [ ১৩ ] বা একেশ্বৰবাদ; কিন্তু পঞ্চৰাত্ৰ পদ্ধতিত যদিও বাসুদেৱৰ পূজা বিহিত আছে, আৰু যদিওবা ভক্তি উভয়তে বৰ্তমান, তথাপি পঞ্চৰাত্ৰ পদ্ধতি আৰু ভগৱদ্‌গীতাৰ মাজত কোনো মৌলিক সম্বন্ধ দেখা নাযায়”। (R. G. Bhandarkar: Vaisnavism, Saivism, and Minor Religious Systems: 1913, P 39).

  ‘কালিকা পুৰাণ’ত ব্যাখ্যা কৰা বিষ্ণুপূজাৰ পদ্ধতি ওপৰৰ বিশ্লেষণটোৰ লগত মিলে।’ ‘ওঁ নমো ভগৱতে বাসুদেৱায়— বাসুদেৱৰ এই মন্ত্ৰটো দ্বাদশাক্ষৰী। তেওঁৰ লগত আৰু পাঁচজন সম্পূৰক দেৱতা পূজা কৰিব লাগে— ৰাম, কৃষ্ণ, ব্ৰহ্মা, সম্ভু আৰু গৌৰী। পূজাত শেষৰ দুজনক কেতিয়াও পৃথক কৰিব নালাগে। বাসুদেৱৰ আঠজন সহচৰ (যোগী) আছে— বলভদ্ৰ, কাম, অনিৰুদ্ধ, নাৰায়ণ, ব্ৰহ্মা, বিষ্ণু, নৰসিংহ আৰু বৰাহ। নায়ক বাসুদেৱ আৰু নায়িকা বিমলা। বলভদ্ৰ প্ৰভৃতিৰ সচৰী (যোগিনী) সকলঃ উৎকৰ্ষিণী, জ্ঞেয়া, জ্ঞানা, ক্ৰিয়া, যোগা, প্ৰহ্বী, ঐশানী আৰু অনুগ্ৰাহী। ফুল আৰু নিৰামিষ নৈবেদ্যৰদ্বাৰা পূজা কৰিব লাগে। দণ্ড, পদ্ম আদি অস্ত্ৰ আৰু অলংকাৰবোৰৰ পূজাৰ বাবেও বিভিন্ন অক্ষৰী মন্ত্ৰ আছে (কালিকা পুৰাণ, ৮৩। ৯০ )। ............”।

  অশ্বক্ৰান্ত দেৱলয়ৰ বিষ্ণুবিগ্ৰহৰ (কূৰ্ম-জনাৰ্দন আৰু অনন্তশায়ী নাৰায়ণ) পূজাও উক্ত পদ্ধতিৰে কৰা হয়। দুপৰীয়া নিতৌ তলৰ দেৱালয়ৰ কূৰ্ম জনাৰ্দন আৰু আৰু উপৰ দেৱালৰ নাৰায়ণ আৰু তাত থকা আন আন গোসাঁই- বোৰো ধুৱাই পূজা-পাতল কৰা হয়। পূজাত উপৰ দেৱালয়ত ঘিউৰে ৰন্ধা পকা ভোগ দিয়াৰ নিয়ম। এই দেৱালয়ত বিষ্ণু আৰু শিৱ উভয়কে পূজা কৰা হয়। ইয়াত শক্তি পূজা নহয়। ওপৰত উল্লেখ কৰা ‘পূজাত শেষৰ দুজনক কেতিয়াও পৃথক কৰিব নালাগে।’ এই নিয়মৰ এই দেৱালয়ত প্ৰচলিত পূজাত বিশেষত্ব থকা যেন লাগে। ৰজাৰ আমোলত উপৰ দেৱালয়ত দিয়া ভোগৰ পৰিমাণ নিৰ্দিষ্ট আছিল— এঘাৰ সেৰকৈ নিতৌ ভোগ দিব লাগিছিল। এই নিৰ্দিষ্ট পৰিমাণৰ ভোগৰ লগতে যাত্ৰীসকলেও ভোগ দিব পৰা নিয়ম আছে। যাত্ৰীসকলে দিয়া ভোগৰ অৱশ্যে তেনে কোনো ধৰা-বন্ধা পৰিমাণ নাই। অকল চেনি, ছানাৰ মিঠাই বা পৰমান্ন আদি ভোগৰূপে দিয়াৰ ব্যৱস্থাও আছে।

 সন্ধিয়া উভয় দেৱালয়তে চাকি-বন্তি জ্বলোৱা হয় আৰু নামদেৱালয়ত [ ১৪ ] দেউৰী, পূজাৰীয়ে ওচৰ-পাজৰৰ লোকেৰে সৈতে নিতৌ সন্ধিয়া নামপ্ৰসংগ কৰে। সন্ধিয়াও ভোগ দিয়াৰ নিয়ম আছে। সন্ধিয়া দিয়া ভোগ কেচা, আৰু নিৰ্দিষ্ট পৰিমাণৰো নহয়। নামদেৱালয়ৰ জনাৰ্দন প্ৰভু আগতে এই কেচা ভোগ দিয়া হয়। মাহ-প্ৰসাদ আৰু চাউলৰ গুড়ি ঘিউত ভাজি পুৰিৰ ভোগ দিয়া বিশেষ নিয়ম ইয়াত চলি আহিছে।

আন আন পৰ্বঃ উৎসৱ আদি

  অশ্বক্ৰান্ত দেৱালয়ৰ বিগ্ৰহৰ পূজাৰ উপৰিও বছৰত আৰু অনেক পূজা, উৎসৱ, পৰ্ব আদি এই দেৱালয়ত উদ্‌যাপন কৰা হয়।

  বিশেষকৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ফল্গুৎসৱ বা দৌল, অশোকাষ্টমী বিশেষ উলহ- মালহেৰে পালন কৰা হয়। জন্মাষ্টমীৰ দিনা ওৰে নিশাটো উজাগৰে থাকি বিভিন্ন গীত মাতেৰে শ্ৰীকৃষ্ণৰ গুনানুকীৰ্ত্তন কৰা হয়। লগতে ওজাপালি আৰু ঢুলীয়াও থাকে। এই ওজাপালি দেৱালয়ৰ ওজাপাইকসকলে গাব লগা নিয়ম। ঢুলীয়াসকল অৱশ্যে পাইকৰ ভিতৰৰ নহয়।

 দৌল উৎসৱো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এইসময়ত চলন্তাত থকা বংশীধাৰী কৃষ্ণমূৰ্তিটো নি ফল্গুৎসৱৰ মন্দিৰত থাপন কৰা হয়। এই উৎসৱতো ওজাপালি, ঢুলীয়া আদি থাকে। দৌলৰ শেষৰ দিনা এই কৃষ্ণমূৰ্তিটো দোলাত লৈ পূজাৰী, দেউৰীসকলে আড়ম্বৰপূৰ্ণ শোভাযাত্ৰা উলিয়াই নগৰ ফুৰে। পিছত গধুলি দেহ জুৰ পৰিবলৈ আটাইয়ে তেতেলিৰ চৰবত্‌, খোৱাৰ নিয়ম অতীজৰেপৰা চলি আহিছে।

  আশোকাষ্টমী অকল অসমৰে নহয়, গোটেই ভাৰতৰে এটা অতি পৱিত্ৰ দিন বুলি হিন্দুসকলে গণ্য কৰে। সেইদিনা ভাৰতৰ বিভিন্ন নদীত হিন্দুসকলে স্নান কৰে। বিশেষকৈ অসমৰ শাস্ত্ৰকাৰৰ মতে ব্ৰহ্মপুত্ৰত স্নান কৰাটো প্ৰশস্ত। লিঙ্গ পুৰাণৰ মতে অশোকাষ্টমী অৰ্থাৎ চৈত্ৰ পুনৰ্বসু নক্ষত্ৰযুক্ত শুক্লাষ্টমীৰ দিনা আঠোটা আশোক ফুলৰ কলি পানকৰি ব্ৰহ্মপুত্ৰত স্নান কৰিলে সকলো শোক-তাপ গুচে। অশ্বক্ৰান্ত দেৱালয়ৰ ঘাটত ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ সেইদিনা হাজাৰ হাজাৰ যাত্ৰীৰ সমাবেশ হয়। সেই দৃশ্য অতি মনোৰম। যাত্ৰীসকলৰ ভিতৰত মহিলাৰ সংখ্যা পুৰুষতকৈ অধিক দেখা যায়। অশ্বক্ৰান্ত তীৰ্থত যাত্ৰীসকলে অলোক ফুল পানকৰি মানত এই মন্ত্ৰটো পাঠ

কৰে—
[ ১৫ ]

ওঁ ব্ৰহ্মপুত্ৰ মহাভাগ শান্তনোঃ কুলনন্দন।
অমোঘাগৰ্ভসম্ভূত পাপং লৌহিত্য মে হৰ॥

  অশোকাষ্টমীৰ দিনাই বহুলোকে পিতৃ-পুৰুষ, পূৰ্বপুষসকলৰ মুক্তিৰ বাবে বিষ্ণুপদত পিণ্ডদান, তৰ্পণ আদি আৰু লৌহিত্যত অস্থি ক্ষেপণ কৰে। পিণ্ডদান অস্থিক্ষেপণ, শ্ৰদ্ধাদি বছৰৰ বাৰ মাহতে, তিথি মতে ইয়াত কৰিব পাৰি।

 অশোকাষ্টমীৰ দিনা অশ্বক্ৰান্ত দেৱালয়ত দোকান-পোহাৰেৰে সৈতে এখন ডাঙৰ মেলা বহে।

 এইবোৰৰ উপৰিও অশ্বক্ৰান্ত দেৱালয়ত সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, চ’ত মাহৰ কৃষ্ণ- পক্ষৰ শতভিষা নক্ষত্ৰযুক্ত ত্ৰয়োদশী তিথিৰ দিনা বাৰুণীস্নানৰ সময়তো যাত্ৰীৰ সমাবেশ হোৱা দেখা যায়। তদুপৰি আহিন মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদৰপৰা অমাৱস্যালৈ এই পোন্ধৰ দিন প্ৰেতপক্ষ বা অপৰপক্ষৰ ভিতৰত পাৰ্বণ-শ্ৰাদ্ধ, তৰ্পণ, অস্থিক্ষেপণ, স্থান-দানাদি বহুলোকে কৰে। শেষৰ দিনা মহালয়া পাৰ্বণ- শ্ৰাদ্ধ উপলক্ষে ইয়াত বহু তীৰ্থযাত্ৰীৰ সমাগম হয় পিতৃ-পুৰুষৰ শ্ৰাদ্ধাদি এই সময়ত কৰিলে বংশ উদ্ধাৰ আৰু প্ৰেতাত্মাৰ মুক্তি হয়।

অশ্বক্ৰান্তৰ মাহাত্ম্যঃ এটি জনবিশ্বাস

  অশ্বক্ৰান্ত দেৱালয়খন অসম তথা ভাৰতবৰ্ষৰ ভিতৰতে এখন বিখ্যাত তীৰ্থস্থান। অকল অশ্বক্ৰান্তই নহয় অসমৰ কামাখ্যা, বশিষ্ঠাশ্ৰম আদি তীৰ্থস্থানৰ কথাও ভাৰতবৰ্ষত জনাজত। প্ৰতি বছৰে অসংখ্য তীৰ্থযাত্ৰী এই তীৰ্থস্থানবোৰ দৰ্শন কৰিবলৈ আহে। কোনো কোনো তীৰ্থস্থান দৰ্শনত পাপ খণ্ডন হয়, কোনো কোনো তীৰ্থস্থান দৰ্শনত মুক্তি লাভ হয়, পুনৰ্জন্ম নহয় বুলি ধৰ্মাৱলম্বী- লোকে অসমৰ নানান তীৰ্থ দৰ্শন কৰে। এই তীৰ্থবোৰৰ মাহাত্ম্য আমাৰ পুৰণি শাস্ত্ৰবোৰত পোৱা যায়। অশ্বক্ৰান্ত তীৰ্থৰ মাহাত্ম্যও ‘যোগিনী তন্ত্ৰ’ আদিত সুপষ্টকৈ উল্লেখ কৰিছে।

  “অশ্বক্ৰান্তসমং তীৰ্থং নাস্তি ব্ৰহ্মাণ্ড গোচৰে।” সেয়ে অসমৰপৰা ভাৰতবৰ্ষৰ কোনো তীৰ্থস্থান দৰ্শন কৰিবলৈ যোৱাৰ আগতে অশ্বক্ৰান্ত দেৱালয়ৰ বিষ্ণু মন্দিৰত নৈবেদ্য, ভোগ আদি দি যোৱাৰ প্ৰথা পুৰণি কালৰপৰা প্ৰচলিত আছে, আৰু ধৰ্মপ্ৰাণসকল উভতি আহিও পুনৰ অশ্বক্ৰান্ত দেৱালয়তে সেৱা জনায়।

  অশ্বক্ৰান্ত দেৱালয়ৰ শ্ৰীশ্ৰীবিষ্ণু ভগৱানৰ পাদোদক মাংগলিক আৰু শান্তি- জল হিচাপে ল’বলৈ লোকসকলে নি গঙ্গাজলৰদৰে সংৰক্ষণ কৰে।
[ ১৬ ]   এই প্ৰসংগত ডঃ বাণীকান্ত কাকতিদেৱে তেখেতৰ ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ত লিখা ‘তীৰ্থাচাৰ’ আৰু ‘বিষ্ণুমাহাত্ম্য’ৰ কথাখিনি উল্লেখ কৰা হ'ল—

  তীৰ্থাচাৰ— ‘যোগিনীতন্ত্ৰ’ৰ প্ৰথম খণ্ডত সাধনাৰ নানা মাৰ্গৰ সন্ধান দি উত্তৰ খণ্ডত কামৰূপ ৰাজ্যৰ প্ৰায় ১৬০টি মুখ্যতীৰ্থৰ উল্লেখ কৰিছে। কোন তীৰ্থত কি ব্ৰত কৰিলে কি ফল লাভ হয় ইত্যাদিৰ সবিশেষ বিৱৰণ আছে। উদাহৰণ স্বৰূপে দুই চাৰিটাৰ প্ৰক্ৰিয়া তলত দিয়া হ'ল।

  অশ্বতীৰ্থত পিতৃ-শ্ৰাদ্ধ প্ৰশস্ত। যিসকলেহে মাছ, মাংস নাখায় সেই সকলে ইয়াত নিৰামিষ শ্ৰাদ্ধ কৰিব পাৰে।

  মুক্তিতীৰ্থ নামে এটি তীৰ্থত স্বামীৰ লগত বামুণীসকলে সহমৰণ কৰিব পাৰে। সেই তীৰ্থত স্বামীৰ লগতে একে চিতাতে উঠি সংস্কাৰ ল'ব পাৰে। মুক্তিতীৰ্থত বাজে আন ঠাইত বামুণীয়ে ফাঁচ লাগি মৰা, পানীত ডুবি মৰা, বাহী হোৱা, ক্ষয় বা কুষ্ঠ ৰোগত মৰা শ’ৰ অনুগমন কৰিব নোৱাৰে।

  বহু পুত্ৰৱতী, ৰজলা, পতিতা, দন্দুৰী আৰু অসতী তিৰোতাৰ পক্ষে সহমৰণ নিষিদ্ধ। কিন্তু শ’ এদিন ৰাখি যদি অনুগমন কৰিব পাৰে, তেনেহ'লে নিষিদ্ধ নহয়। (২।৫।৩০২-৪)।

  স্বামী বিদেশত মৰণ ঘটিলে যি বয়-বস্তু ওচৰত থাকে, সেই বস্তু বুকুত লৈ অনুগমন কৰা ক্ষত্ৰিয় আদি তিনি বৰ্ণৰ পক্ষে আছে। (২।৫।৩০৭)। শূদ্ৰ আৰু বৈশ্যৰ তিৰোতাই অত্যন্ত প্ৰেমৰ দ্বাৰা উত্তেজিত হৈ অনুগমন কৰিব পাৰে।

ভাবানুৰঞ্জিতা বাথ বা সতী শূদ্ৰা ভবেৎ ক্কচিৎ।
তস্যানুমৰণং কুৰ্য্যাৎ বৈশ্যাস্য চ বিধিস্মৃতঃ॥ (২।৫।৩০৮)

  অশ্বক্ৰান্ত তীৰ্থত প্ৰায়োপবেশনত (লঘোণ দি) মৃত্যু ঘটিলে স্বৰ্গপ্ৰাপ্তি হয়। (২।৩।৪৭)।

“কুমাৰীং ভজয়েত্তত্ৰ জাগৰ কাৰয়েন্নিশি।
মাহাত্ম্যঞ্চ মহাদেব্যা গীতিকাম্বাপি কাৰয়েৎ॥
ধ্যায়ং স্তবন্‌ পৰাং দেবীং প্ৰেৰয়েদ্ৰজনীং বুধঃ।
মাসি মাসি তথাষ্টম্যাং চতুৰ্দ্দশ্যাৎ বিশেষতঃ।

 মুক্তি মণ্ডপিক তীৰ্থত (২।৭।২২১) কুমাৰী ভোজন কৰালে মহাপূণ্য হয়।”

  বিষ্ণু মাহাত্ম্য—‘কালিকা পূৰাণ’ আৰু ‘যোগিনীতন্ত্ৰ’ দুয়ো গ্ৰন্থতেই অশেষ দেৱ-দেৱীৰ পূজাৰ ক্ৰম আছে। তাৰে প্ৰধান প্ৰধান প্ৰক্ৰিয়াবোৰৰ চমুকৈ ওপৰত উল্লেখ কৰা হৈছে।
[ ১৭ ]   কিন্তু দুয়োখন গ্ৰন্থৰ সমাপ্তি হৈছে বিষ্ণুৰ শ্ৰেষ্ঠত্ব কীৰ্তনত। দুয়ো গ্ৰন্থকাৰ নিজা দৃষ্টিৰ ফালৰপৰা বৈষ্ণৱ মতাৱলম্বী আছিল যেন লাগে যদিও, গ্ৰন্থকাৰ হিচাপে নানান অবৈদিক প্ৰক্ৰিয়াৰ বৰ্ণনা কৰিব লগা হৈছিল।

  ‘কালিকা পুৰাণ’ ৰচয়িতাই বশিষ্ঠৰ মুখেৰে কোৱাইছে যে কামৰূপত ম্লেচ্ছাচাৰ চলিব আৰু দেৱীও বাম্য পূজাহে ভোগ কৰিব। আৰু স্বয়ং বিষ্ণু এই ঠাইলৈ পুনৰায় নাহে মানে কামৰূপৰ মাহাত্ম্য প্ৰতিপাদক আগম শাস্ত্ৰবোৰ বিৰল হওক।

স্বয়ং বিষ্ণুৰ্ণ চায়াতি যাবৎ স্থানমিদং পুনঃ।
বিৰলাশ্চাগমাঃ সন্ত য এতৎ প্ৰতিপাদকাঃ॥

(৮১/২৩)।

  মহাপুৰুষ শঙ্কদেৱৰ মতেও ‘কালিকা পুৰাণ’ বিষ্ণুমাহাত্ম্য প্ৰতিপ্ৰাদক গ্ৰন্থ। ‘গুৰু চৰিত’ত আছে মহাপুৰুষ যেতিয়া দ্বিতীয়বাৰ কোচবিহাৰলৈ যাবলৈ ওলাল, নাৰায়ণ ঠাকুৰৰ তত্ত্বৱধানত তেওঁৰ লাগতিয়াল বস্তুৰে নাও বোজাই কৰা হ'ল।

  সকলো বয়-বস্তু নাৱত উঠিছে; কিন্তু পুথি অকণমানি এখনহে নাৱত আছে। ঠাকুৰে মহাপুৰুষক নিবেদন কৰিলে যে নাৱত পুথি দেখোন নাই; বামুণ- সকলে বাদ কৰিলে কি হ’ব? মহাপুৰুষে ক'লে, সেই অকণমানি পুথিখনেই সকলো বাদ খণ্ডন কৰিব পাৰে। তথাপি যদি পুথি লাগে—

সমস্তে পুস্তক আছে ৰজাৰ ঘৰত।
কৃষ্ণদেৱ শ্ৰেষ্ঠ দেখাইবো সমস্তত॥
শুনিয়া ঠাকুৰে বুলিলন্ত শঙ্কৰক।
প্ৰতিপক্ষে যদি সিটো দেখাৱে শাস্ত্ৰক॥
কালিকা পুৰাণ যদি আনি দেখাৱয়।
তেবে বা কি হৈবে বাপ কহিয়ো নিৰ্ণয়।
শঙ্কৰে বোলন্ত শুনা মোৰ অভিপ্ৰায়।
কালিকা পুৰাণে দেখাইবোহো তিনি ঠাই॥
আনো শাস্ত্ৰ সমস্তত হৰিকেসে কয়।
সমস্তে শাস্ত্ৰৰ জানা এহিসে নিৰ্ণয়॥

(দ্বিজ ৰামানন্দৰ গুৰু চৰিত )।

  ‘কালিকাপুৰাণ’ত বিষ্ণু-মাহাত্ম্যসূচক বহুত বচন আছে। যেনে— [ ১৮ ] “সৰ্বশ্ৰেষ্ঠো যথা বিষ্ণুৰ্লক্ষ্মী: সৰ্বোত্তমা যথা” (৬০।৪১) ইত্যাদি। কিন্তু মহাপুৰুষে কোন তিনি ঠাইলৈ আঙুলিয়াইছিল সেইটো নিৰ্ণয় কৰিবৰ জ্ঞান আমাৰ নাই।

  মুঠতে কামৰূপী প্ৰজাৰ উদ্ধাৰৰ বাবে বশিষ্ঠই ‘স্বয়ং বিষ্ণু’লৈ বাট চাব দিছে। বিষ্ণু নাহে মানে সকলো পীঠ শাপযুক্ত হৈ থাকিব আৰু বিষ্ণু আহিলতো পীঠবোৰ শাপমুক্ত হৈ যাতে দেৱতা আৰু মানুহৰ আশ্ৰয়-থল হ’ব নোৱাৰে, তাৰ বাবে ব্ৰহ্মাই উপায় উদ্ভাৱন কৰিলে।

আগতে'পি হৰৌ মুক্তে শাপাৎ পীঠে ফলপ্ৰদে।
যথা ন সম্যক্ স্থাস্যন্তি তৎপীঠে দেৱ মানুষাঃ॥
গুপ্তয়ে সৰ্ব্বকুণ্ডানাং ব্ৰহ্মোপায় তথাকৰোৎ।

(৮৪।২৮-২৯)।

  এই উপায় হৈছে ব্ৰহ্মাৰ পুত্ৰ লোহিত্য নদীৰ অৱতাৰণ।

  শান্তনু নামে মুনিৰ অমোঘা নামৰ ভাৰ্যা আছিল। ব্ৰহ্মাৰ ঔৰসত তেওঁৰ গৰ্ভৰপৰা জলময় সন্তান এটি প্ৰসৱ হ'ল। শান্তনু মুনিয়ে সেই জলময় পিশু পুত্ৰটি চাৰিখন পৰ্বতৰ মাজৰ ঘুলি এটাত থৈ দিলে। এই চাৰিওফালৰ পৰ্বতবোৰ— উত্তৰে কৈলাস, দক্ষিণে গন্ধমাদন, পূবে সমৰ্তকাদি পাহাৰমালা, পশ্চিমে জাৰুধি পৰ্বত। এই চাৰিও পৰ্বতৰ মাজত থৈ দিয়া জলময় ব্ৰহ্মপুত্ৰ দিনে দিনে শুক্লপক্ষৰ জোনৰ দৰে বাঢ়িবলৈ ধৰিলে আৰু শেষত গৈ বিশাল হ্ৰদ এটিত পৰিণত হ'ল।

 এনেতে বিষ্ণুৰ অৱতাৰ পৰশুৰামে মাতৃ-হত্যা পাপৰপৰা নিষ্কৃতিৰ বাবে বাপেকৰ আদেশমতে ব্ৰহ্মকুণ্ডত স্নান কৰিবলৈ আহিল। তেওঁ পাপমুক্ত হ’লত, কুণ্ডৰ মাহাত্ম্যত তেওঁৰ প্ৰত্যয় উপজিল আৰু কুঠাৰেৰে বাট মুকলি কৰি ব্ৰহ্মপুত্ৰক বোৱাই দিলে,— ‘বীথীং পৰশুনা কৃত্বা ব্ৰহ্মপুত্ৰমাবাহয়েৎ’। সেই সোঁত কামৰূপ ৰাজ্যৰ মাজেৰে বৈ আহি সকলো তীৰ্থ গোপন কৰি দক্ষিণ সাগৰত গৈ পৰিল। সেই নৈৰ নাম হ’ল লোহিত গংগা। লোহিত হ্ৰদৰপৰা ওলাইছে বুলি তেতিয়াৰপৰা নামকৰণ হ’ল লোহিত।

কামৰূপান্তৰং পীঠমবায়দমুং হৰিঃ॥
তস্য নাম স্বয়ঞ্চক্ৰে বিধিলোহিতগংগকম।
লোহিতাৎ সৰসো জতো লোহিতাখ্যস্ততোৎভবৎ॥

[ ১৯ ]

স কামৰূপমখিলং পীঠমাপ্লাব্য বাৰিণা।
গোপয়ন্ সৰ্ব্বতীৰ্থানি দক্ষিণং যাতি সাগৰম্॥

(৮৫।৩২—৩৪)।

  তীৰ্থবোৰ বেলেগে জানিবৰ উপায় নাই। মানুহে কেৱল লৌহিত্য বুলি জানি স্নান কৰিলেই লৌহিত্য স্নানৰ ফল পায়। আৰু কোনোবাই যদি বেলেগ বেলেগ তীৰ্থৰ বিশেষত্ব জানি ব্ৰহ্মপুত্ৰত স্নান কৰে, তেন্তে তেওঁ সেইবোৰ তীৰ্থস্নানৰ ফল লাভ কৰে।

স তু ব্ৰহ্মসুতো ধীৰঃ প্লাৱয়ন্‌ কুণ্ড সঞ্চয়ান্।
আচ্ছাদ্য সৰ্বতীৰ্থানি ভূবি গুপ্তানি চাকৰোৎ॥
লৌহিত্যমাত্ৰং যে কেচিজ্জানন্তি তত্ৰ বৈ নৰাঃ।
তে লৌহিত্যস্নানফলং প্ৰাপ্নুৱন্তি সুনিশ্চিতম্‌॥
ন জানন্তি চ কুণ্ডানি নাপি তীৰ্থানি চান্যতঃ।
বশিষ্ঠশাপাদেতত্তু, প্ৰবৃত্তং তীৰ্থগোপনম্‌॥
সমবাপ্নোতি তৎস্নানফলং সম্যক্ নৰোত্তম‌॥
সৰ্বা নদী সমাপ্লাব্য সৰ্বতীৰ্থানি সৰ্বতঃ।
লৌহিত্যো ব্ৰহ্মণঃ পুত্ৰো যাতি দক্ষিণ সাগৰম্‌॥

(৮৪।৩৩)।
কামৰূপৰ বুকেৰে লৌহিত্য বৈ যোৱাৰ ছবি উত্তৰ ভাৰতৰ বুকুৰে গংগা বৈ যোৱাৰ অনুৰূপ।

  ‘মহাভাৰত’ত কামৰূপৰ তীৰ্থৰ ভিতৰত লৌহিত্য, কৰতোয়া আৰু উৰ্বশীৰ উল্লেখ আছে। লৌহিত্য তীৰ্থ পৰশুৰামৰ প্ৰভাৱৰপৰা হোৱা বুলি আছে। এই মূলকেই অৱলম্বন কৰি হ’বলা পৰশুৰামৰদ্বাৰা লৌহিত্যৰ অৱতাৰণাৰ উপাখ্যান সৃষ্ট হৈছে।

ৰামস্য চ প্ৰভাবেন তীৰ্থং ৰাজন্ কৃতং পুৰা।
তল্লৌহিতং সামাসাদ্য বিন্দ্যাদ্বহুসুবৰ্ণকম্‌॥
কৰতোয়াং সমাসাদ্য ত্ৰিৰাত্ৰোপষিতো নৰঃ।
অশ্বমেধমবাপ্নোতি প্ৰজাপতি কৃতো বিধিঃ‌॥

(বনপৰ্ব্ব-৮৫।২-৩)।

[ ২০ ]

উৰ্ব্বশীং কৃত্তিকাযোগে গত্বা চৈব সমাহিতঃ।
লৌহিত্যে বিধিবৎ মাত্বা পুণ্ডৰীকফলং লভেৎ॥

(অনুশাসন ২৫।৪৬)।

  এইদৰে স্বয়ং বিষ্ণুৰদ্বাৰা অৱতাৰিত লোহিত্যৰ পুণ্যজলৰ কাহিনীৰে ‘কালিকা পুৰাণ’ৰ সমাপ্তি হৈছে।”

  এতিয়া আমি ইয়াত থানেশ্বৰ শৰ্মা ভিষগ্‌ৰত্নৰ দ্বাৰা ৰচিত ‘অশ্বক্ৰান্ত মাহাত্ম্য’ৰ কিয়দংশ সন্নিবিষ্ট কৰিলোহ’ক।

  দেব্যুবাচ—

জন্মান্তৰ সহস্ৰেষু যৎপাপং পূৰ্ব্ব সঞ্চিতম্‌।
কথন্তং ক্ষয়মাপ্নোতি তন্মামাচক্ষৃ শঙ্কৰ॥

  এদিন মহাদেৱৰ পত্নী দেৱীয়ে তেওঁক সুধিলে— “হে শংকৰ! হাজাৰ হাজাৰ জন্মৰ পূৰ্ব-সঞ্চিত পাপ কেনেকৈ খণ্ডন কৰিব পাৰি কওকচোন!”

  তেতিয়া শংকৰে ক'লে—

শৃনু দেৱি প্ৰৱক্ষ্যামি গুহ্যাদ্‌গুহ্যমনুত্তমম্‌।
সৰ্বতীৰ্থেষু বিখ্যাতমশ্বক্ৰান্তমতঃ পৰম্‌॥
তস্যোত্তৰেতু যৎ ক্ষেত্ৰং ময়া প্ৰোক্তং বিযুক্তকম্।
এতদেৱ পৰং জ্ঞানমেতদেৱ পৰন্তপঃ॥
এতদেৱ পৰংব্ৰহ্ম এতদেৱ পৰং পদম্‌।
যথা নাৰায়ণঃ শ্ৰেষ্ঠো দেৱানাং পুৰুষোত্তমঃ।
তথেশ্বৰাণাং গিৰীশঃ স্থানানামেতদুত্তমম্।
দত্তং জপ্তং হুতং শেষং তপস্তপ্তং কৃতঞ্চযৎ।
ধ্যানমধ্যয়নং জ্ঞানং সৰ্ব্বং ভবতি চাক্ষয়ম্‌॥

  অৰ্থাৎ, শংকৰে ক'লে “হে, দেৱি! গোপনীয়তকৈও গোপনীয় কথা কওঁ শুনা।— সকল তীৰ্থৰ ভিতৰত অশ্বক্ৰান্তই বিখ্যাত। অশ্বক্ৰান্তই পৰম জ্ঞান, ইয়ে পৰম তপ, ইয়ে পৰম ব্ৰহ্ম, আৰু ইয়ে পৰম পদ। যেনেকৈ দেৱতাসকলৰ ভিতৰত পুৰুষোত্তম নাৰায়ণ শ্ৰেষ্ঠ, পৰ্বতবোৰৰ ভিতৰত হিমালয় প্ৰধান, সেই দৰে তীৰ্থবোৰৰ ভিতৰত অশ্বক্ৰান্তই শ্ৰেষ্ঠ। ইয়াত দান, জপ, হোম, তপ, ধ্যান, অধ্যয়ন, জ্ঞান আদি যি কাম কৰা হয়, সেই সকলোবোৰ অক্ষয় হয়।”

  তেওঁ আকৌ ক'লে—

  “অশ্বক্ৰান্তত পৰমযোগ, পৰমগতি, আৰু পৰমমোক্ষ লাভ হয়। এনেকুৱা [ ২১ ] তীৰ্থ আৰু কতো নাই। অশ্বক্ৰান্তলৈ গ'লে মেৰুমন্দৰ সমান পাপো ক্ষয় হয়। যদি দুষ্ট কৰ্ম কৰা পাপীও হয়, তথাপি অশ্বক্ৰান্তৰপৰা বোৱা বতাহ গাত লাগিলে, সি পৰম গতি লাভ কৰে।”

  মহাদেৱে পুনৰ পাৰ্বতীক ক'লে—

কৃতে যুগে পুষ্কৰাণি ত্ৰেতায়াৎ নৈমিষং মতম্।
দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে॥

  অৰ্থাৎ—“সত্যযুগত পুষ্কৰ, ত্ৰেতাযুগত নৈমিষাৰণ্য, দ্বাপৰযুগত কুৰুক্ষেত্ৰ আৰু কলিকালত অশ্বতীৰ্থই সৰ্বশ্ৰেষ্ঠ তীৰ্থ।”

  তদুপৰি—

  “চন্দ্ৰকূট পৰ্বতৰ অধীশ্বৰ দেৱতা মাধৱ, গোদন্ত পৰ্বতৰ জটাধৰ, গোদন্তৰ সম্মুখৰ পৰ্বতৰ জয়ন্ত আৰু অশ্বক্ৰান্তৰ ( অশ্বকূট) অধীশ্বৰ দেৱতা জনাৰ্দন।

  ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ তিনিও অশ্বতীৰ্থত থাকে। অশ্বতীৰ্থতকৈ পুণ্যতৰ তীৰ্থ পৃথিৱীত আৰু নাই।

  যিসকল লোকে উপবাসে থাকি অশ্বক্ৰান্তত বিধিমতে স্নানাদি কৰে আৰু পঞ্চগব্য১ পান কৰে তেওঁলোকৰ মৃত্যুৰ পাছত স্বৰ্গপ্ৰাপ্তি হয়। তাৰ ওচৰত থকা লোকসকলেও তীৰ্থৰ প্ৰভাৱত স্বৰ্গ লৈ যায়। তাৰ উপৰিও অশ্বক্ৰান্তত স্নান কৰা লোকসকলে পুত্ৰ-কন্যা আৰু ধন-সম্পদাদিৰে বধিত হৈ স্বকুলত বাস কৰে। তেওঁলোক মহাদানী হয় আৰু সপৰিয়ালে সুখেৰে বাস কৰি থাকিব পাৰে।”

  অশ্বক্ৰান্ত তীৰ্থৰ লগতে ব্ৰহ্মপুত্ৰত থকা কুণ্ডবোৰৰ আৰু তীৰ্থবোৰৰ মাহাত্ম্যও কম নহয়—

অশ্বতীৰ্থস্থসন্নিধৌ কিঞ্চিৎ পশ্চিম গোচৰে।
ধনুৰষ্ট প্ৰমাণেন সিদ্ধকুণ্ডমিহোচ্যতে॥
অত্ৰ স্নাত্বোদকং পীত্বা মুচ্যতে সৰ্বপাতকৈঃ।
ত্ৰিৰাত্ৰোপাষিতে নাত্ৰ এক ৰাত্ৰোষিতেনবা।
দ্বিজাতিনান্তু কথিতং তীৰ্থানামিহ সেৱনম্।
যস্য বায়ু বশী ভদ্ৰে হস্ত পাদো চ সংযতৌ।
অনুলেপ্য ব্ৰহ্মচাৰী তীৰ্থানাং ফলমাপ্নুয়াৎ॥

  অৰ্থাৎ— “অশ্বতীৰ্থৰ অলপ পশ্চিমফালে ৮ ধনুমান (১ ধনু = ৪ হাত) ডাঙৰ সিদ্ধকুণ্ড আছে। ইয়াত ইয়াত স্নান আৰু ইয়াৰ জল পান কৰিলে সকলো [ ২২ ] পাপৰপৰা মুক্ত হ’ব পাৰি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, আৰু বৈশ্যসকলে ইয়াত ত্ৰিৰাত্ৰ বা একৰাত্ৰ উপবাস কৰি সকলো তীৰ্থৰ সেৱা কৰিব পাৰে। যাৰ প্ৰাণবায়ু বশীভূত আৰু যাৰ হাত-ভৰি সংযত, যিয়ে চন্দনাদি পিন্ধে, আৰু যিসকল ব্ৰহ্মচাৰী, তেনেকুৱা লোকেহে তীৰ্থৰ ফল পায়।”

পশ্চিমে তস্যতীৰ্থস্য কিঞ্চিৎ বায়ব্য গোচৰে।
চতুঃষষ্ঠিধনুশ্বানং তীৰ্থং ব্ৰহ্মসৰঃ স্মৃতম্॥
তত্ৰস্নাত্বা পিতৃন্ ভক্ত্যা তৰ্পয়িত্বা যথাবিধি।
পাপকৰ্তৃনপি পিতৃন্ তাৰয়েন্নাত্ৰ সংশয়ঃ॥

  অৰ্থাৎ— “সেই তীৰ্থৰ কিছু পশ্চিমে বায়ুকোণত ৬৪ ধনুমান ডাঙৰ ব্ৰহ্ম- সৰোবৰ। ইয়াত স্নান কৰিলে আৰু বিধিমতে পিতৃসকলৰ তৰ্পণ কৰিলে যে পাপী পিতৃসকলৰ সদ্গতি হয়, তাত সন্দেহ নাই।”

ইন্দ্ৰকুটস্য কৌৰবেহশীতিধনুপ্ৰমাণতঃ।
ৰামক্ষেত্ৰং বিজানীয়াতস্যকুণ্ডং কুলে প্ৰিয়ে॥
বিল্বকুণ্ড প্ৰমাণন্তু স্নাত্বাভ্যৰ্চ্চ পিতৃণপি।•••••••••
তীৰ্থেভ্যঃ পৰমং তীৰ্থং ৰামতীৰ্থং বৰাণনে।
ব্ৰাহ্মণানৰ্চয়িত্বাতু ব্ৰহ্মলোকে মহীয়তে॥

  অৰ্থাৎ—“ইন্দ্ৰকুট (আৰপৰ্বত) পৰ্বতৰ উত্তৰে ৮০ ধনুমান ডাঙৰ ৰামক্ষেত্ৰ। ইয়াৰ পাৰত (কাষত) বিল্বকুণ্ড। ৰামক্ষেত্ৰ তীৰ্থবোৰৰ ভিতৰত প্ৰধান। ইয়াত ব্ৰাহ্মণক অৰ্চনা কৰা লোকে ব্ৰহ্মলোকত পূজা পায়।”

তস্য পূৰ্ব্বে নবধনুঃ সীতাতীৰ্থৎ বৰাণনে।
তত্ৰ স্নাত্বা দিবং যান্তি সশৰীৰা দ্বিজাতয়ঃ॥•••••••••
মৌনীভুত্বাত্ৰয়োদশ্যাং তত্ৰ স্নাত্বা মহাফলং।
মন্ত্ৰেণানেন স্নাত্বাতু ৰত্নেণাৰ্ঘ্যং প্ৰদাপয়েৎ।
মুচ্যতে সৰ্বপাপেভ্যো ব্ৰহ্মলোকেবসেন্মৃতঃ॥

  অৰ্থাৎ— “এই তীৰ্থৰ পূবে ৯ ধনু ডাঙৰ সীতাতীৰ্থ। ব্ৰাহ্মণসকলে ইয়াত স্নান কৰিলে সশৰীৰে স্বৰ্গলৈ যাব পাৰে। ত্ৰয়োদশী তিথিত মৌন হৈ ইয়াত স্নান কৰিলে মহৎ ফল লাভ হয়। শাস্ত্ৰোক্ত মন্ত্ৰৰদ্বাৰা স্নান কৰি ইয়াত ৰত্নেৰে অৰ্ঘ্য প্ৰদান কৰিলে, সকলো পাপৰপৰা মুক্ত হৈ ব্ৰহ্মলোকত বাস কৰিব পাৰি।”

দক্ষিণে চৈব সীতায়া ধনুৰ্দশ প্ৰমাণতঃ।

[ ২৩ ]

তত্ৰাভিষেকমাত্ৰঞ্চ বিজয়ী সৰ্বদা ভবেৎ।
তীৰ্থানাৎ পৰমং তীৰ্থ বিজয়ো নাম শোভিতং॥

  অৰ্থাৎ— “সীতাতীৰ্থৰ দক্ষিণে ১০ ধনুমান ডাঙৰ বিজয়তীৰ্থ। ইয়াত বাস কৰিলে মানুহ জয়যুক্ত হ'ব পাৰে। ই সকলো তীৰ্থৰ ভিতৰতে প্ৰধান তীৰ্থ।”

তীৰ্থানাং পৰমং তীৰ্থৎ যোগতীৰ্থেতিবিশ্ৰুতং।
সৰ্ব পাপ হৰং শন্তো নিবাসঃ পৰমেষ্ঠিনঃ॥

  অৰ্থাৎ—“তাৰ পাছত যোগতীৰ্থ নামে উত্তম তীৰ্থ আছে। মহাদেৱ আৰু বিষ্ণু বাস কৰা এই তীৰ্থই সকলো পাপ নাশ কৰে।”

দ্বাবিংশত্তু, ধনুৰ্মানং মুক্তি তীৰ্থং বিজানীহি।•••••••••
তন্নাতিদূৰে লোকস্য বৃত্তং কুণ্ডমনুত্তমং॥
তত্ৰাপি স্নাত্বা বিধিবৎ সন্তৰ্পে পিতৃদেৱতাঃ॥
ব্ৰাহ্মণেভ্যঃ প্ৰদায়াত্ম দানানি বিবিধানিচ।•••••••••
পশ্চাৎ কোলেশ্বৰং দৃষ্টা মুচ্যতে ভববন্ধনাৎ॥

  অৰ্থাৎ— “তাৰ পাছত ২২ ধনু পৰিমিত মুক্তিতীৰ্থ আছে। ইয়াৰ ওচৰতে লোক বৃত্ত নামে সুন্দৰ কুণ্ড এটিও আছে। ইয়াত দান, পিতৃতৰ্পণ আৰু ব্ৰাহ্মণক বিবিধ দান কৰি কোলেশ্বৰক দৰ্শন কৰিলে ভববন্ধনৰপৰা মুক্ত হ’ব পৰা যায়।”

ইন্দ্ৰশৈলস্যষাম্যেতু ধনুৰ্দ্বাদশমানতঃ।
সূৰ্য্যতীৰ্থমিতিখ্যাতং তীৰ্থানাং তীৰ্থমুত্তমম্॥•••••••••
ৰামক্ষেত্ৰং ততোগচ্ছেৎ সাধকঃ সিদ্ধিমানসঃ॥

  অৰ্থাৎ— “ইন্দ্ৰশৈলৰ দক্ষিণে ১২ ধনুমান ডাঙৰ সূৰ্য্যতীৰ্থ। ই সকলো তীৰ্থৰ ভিতৰত উত্তম তীৰ্থ। সূৰ্য্যতীৰ্থত মানস সিদ্ধি হলে, সাধকসকল ৰামক্ষেত্ৰলৈ যাব পাৰে।”

নাগতীৰ্থং ততো জাতং পৃথিব্যাং যাতি শ্ৰেষ্ঠতা।.
নাগকুণ্ডেতি বৈকুণ্ঠঃ স্নাত্বা নাগান্‌ সমাহ্বয়েৎ।
পূণ্যন্তং সৰ্বতীৰ্থেষু সৰ্পানাং বিষনাশনম্॥
স্নানং কুৰ্বন্তি যে ভক্ত্যা মৰ্ত্যা শ্ৰাবন পঞ্চমীং।
ন তেষাং তৎকালে পীড়া কুৰ্বন্তি কৰ্হিচিৎনচ॥

  অৰ্থাৎ— “ইয়াৰ পাছত জগত বিখ্যাত নাগতীৰ্থ। ইয়াত ‘নাগকুণ্ডেতি বৈকুণ্ঠঃ’ মন্ত্ৰেৰে স্নান কৰি নাগবোৰক অৰ্চনা কৰিব লাগে। এই প্ৰধান তীৰ্থ [ ২৪ ] সৰ্পবিষ নাশক। শাওণ মাহৰ পঞ্চমীৰ দিনা যেয়ে ইয়াত স্নান কৰে, তেওঁৰ সাপৰ ভয় নাথাকে। যি মৰ্ত্যবাসী লোকে ভক্তিপূৰ্বক শাওণ মাহৰ নাগ পঞ্চমী তিথিত এই তীৰ্থত স্নান কৰে, তেওঁৰ বংশত কোনো লোকৰে কোনো সময়তে সৰ্প দংশনলৈ ভয় নাথাকে।”

চন্দ্ৰাদুত্তৰতঃ শৈলশ্চতুঃষষ্টি প্ৰমাণতঃ।
তত্ৰজলে গয়াকুণ্ডং ক্ষেত্ৰং তীৰে তদুচ্যতে॥
গয়াতীৰ্থং পূৰ্বভাগে ধনুদ্বাবিংশ মানতঃ।
যাবল্লোহিত পৰ্যন্তমুত্তৰে ব্ৰহ্ম যোনিকং॥
গয়াতীৰ্থং পৰংতীৰ্থং পিতৃনাঞ্চাবিল্লভং।
কৃত্বা পিণ্ডপ্ৰদানন্তু নভূয়ো জায়তে নৰঃ॥


  অৰ্থাৎ— “চন্দ্ৰশৈলৰ উত্তৰে ৬৪ ধনুমান ডাঙৰ গয়াক্ষেত্ৰ। ইয়াৰ পাৰৰ ঠাইখিনিক গয়াক্ষেত্ৰ আৰু জলভাগক গয়াকুণ্ড বোলে। ইয়াৰ পূবে ২২ ধনুমান ডাঙৰ গয়াতীৰ্থ। পূবে লোহিত (ব্ৰহ্মপুত্ৰ) আৰু ব্ৰহ্মযোনি পৰ্যন্ত গয়াতীৰ্থ। এই তীৰ্থ পিতৃসকলৰ পৰম প্ৰিয়। ইয়াত পিণ্ডদান কৰিলে মানুহৰ পুনৰ্জন্ম নহয়।”

অশ্বক্ৰান্তুস্যোত্তৰতঃ ঋণ মোচন পশ্চিমে।
দ্বাবিংশতি ধনুৰ্মাণং ক্ষেত্ৰং পৰম দুৰ্ল্লভং॥
ক্ষেত্ৰং দ্বিপঞ্চকং নাম সৰ্বদেৱ নমস্কৃতং।
পূজয়িত্বা অত্ৰ ৰুদ্ৰং জ্যোতিষ্টোম ফলংলভেৎ॥
ষন্মাসান্‌ নিয়তা হাৰো ব্ৰহ্মচৰ্যঃ সমাহিতঃ।
উষিত্বা তত্ৰ দেৱেশি প্ৰাপ্স্যতি পৰমং পদম্॥

  অৰ্থাৎ— “অশ্বক্ৰান্তৰ উত্তৰে আৰু ঋণমোচনৰ পশ্চিমে ২২ ধনুমান ডাঙৰ, সকলো দেৱতাৰে প্ৰণম্য দ্বিপঞ্চক ক্ষেত্ৰ। ইয়াত ৰুদ্ৰৰ পূজা কৰিলে ‘জ্যোতি- ষ্টোম যজ্ঞ’ৰ ফল পোৱা যায়। ইয়াত ৬ মাহ নিয়াতাহাৰকৈ বাস কৰিলে পৰম পদ লাভ হয়।”

ইন্দ্ৰশৈলস্য মধ্যেতু কিঞ্চিদ্দক্ষিণ গোচৰে।
উত্তৰে চন্দ্ৰশৈলস্য ত্যজেৎ ষোঢ় ধনুৰ্বুধঃ॥
ধনুত্ৰয়ঞ্চ প্ৰস্তাৰে ধনুষঃ শকতং মতম্‌।
পঞ্চবিংশতি দৈৰ্ঘ্যেণ চন্দ্ৰকুণ্ডহ্বয়ং সৰঃ॥
তত্ৰ পীত্বা চ স্নাদ্বা চ নৰঃ কৈবল্যমশ্নুতে।

[ ২৫ ]

চন্দ্ৰতীৰ্থং মহাতীৰ্থং তীথং পিণ্ডাৰকং সমম্।
স্নাত্বা চানেন মন্ত্ৰেন ব্ৰহ্মহত্যাং ব্যাপোহতি॥

  অৰ্থাৎ— “ইন্দ্ৰশৈলৰ মাজত অলপমান দক্ষিণফালে, চন্দ্ৰশৈলৰ উত্তৰে ৬ ধনু বাদ দি ৩ ধনু বহল আৰু ১২৫ ধনু দীঘল চন্দ্ৰকুণ্ড নামে এটি সৰোবৰ আছে। ইয়াত স্নান, পান কৰিলে কৈবল্য লাভ হয়। চন্দ্ৰতীৰ্থমিত্যাদি মন্ত্ৰেৰে স্নান কৰিলে ব্ৰহ্মহত্যা পাপ নাশ হয়।”

তস্য দক্ষিণ দিভাগে চতুৰ্ধনু প্ৰমাণতঃ।
মানসং নাম তত্তীৰ্থং সৰ্ব্বপাপ প্ৰনাশনং॥
কাৰ্ত্তিকে শুক্লপক্ষেতু স্নানং তত্ৰ সমাচৰেৎ।
বিষ্ণু লোকমবাপ্নুতি মন্ত্ৰেণ পৰমেশ্বৰি॥
তস্মন্ন সংশয়ন্তীৰ্থঃ বিষ্ণুতুষ্টিপ্ৰদায়কঃ।
তস্য দক্ষিণ দিগ্‌ভাগে অষ্টাবিংশ ধনুৰ্মিতং॥
অমৃতাখ্যং সৰস্তত্ৰ স্নাত্বাচ্যুত পসং লভেৎ।
তদ্দক্ষিণে দশধনুঃ ঋণ মোচনকঃ সৰঃ।
গত্বা ঋণত্ৰয়ান্মুক্তো ভৱবন্ধং ন জায়তে।
দক্ষিণে অশ্বক্ৰাস্তস্য কিঞ্চিদাপ্নেয় গোচৰে।
ধনুৰৰ্ক প্ৰমাণেন অশ্বক্ৰান্তাহ্বয়ং সৰঃ॥
নাগ লোকদুখিতশ্চ কল্কিৰূপী জনাৰ্দনং।
স্নাত্বা তত্ৰৈব বিৰজে অশ্বতীৰ্থং চকাৰহ॥

  অৰ্থাৎ— “চন্দ্ৰকুণ্ডৰ দক্ষিণে ৪ ধনুমান ডাঙৰ মানসতীৰ্থ। ই সৰ্বপাপ নাশক। কাতি মাহৰ শুক্লপক্ষত ইয়াত সমন্ত্ৰ স্নান কৰিলে বিষ্ণুলোক প্ৰাপ্ত হয়। ইয়াতকৈ বিষ্ণুৰ প্ৰীতিকাৰক তীৰ্থ আৰু নাই। মানসতীৰ্থৰ দক্ষিণে ২৮ ধনুমানৰ ডাঙৰ অমৃত সৰোবৰ। ইয়াত স্নান কৰিলে বিষ্ণুপদ লাভ হয়। অমৃত সৰোবৰৰ দক্ষিণে ১০ ধনুমান ডাঙৰ ঋণমোচন সৰোবৰ। ইয়াত স্নান কৰিলে দেৱতা, পিতৃ আৰু ঋষিসকলৰ ঋণৰপৰা মুক্ত হৈ পুনৰ্জন্মৰ দুখৰ- পৰা নিষ্কৃতি পায়।

  অশ্বক্ৰান্ত পৰ্বতৰ অগ্নিকোণত অলপমান আঁতৰত অশ্বক্ৰান্ত সৰোবৰ। কল্কিৰূপী জনাৰ্দনে নাগলোকৰপৰা উঠি ইয়াত বিৰাজ কৰি অশ্বতীৰ্থ

কৰিছিল।” [ ২৬ ]
এতেকে হে দেৱি—

কৃতেযুগে পুষ্কৰাণি তেত্ৰায়াং নৈমিষং মতম্‌।
দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে॥

ৰজাঘৰৰ পৃষ্টপোষকতা— স্বৰ্গদেউসকল :

  অশ্বক্ৰান্ত দেৱালয়ৰ কূৰ্ম জনাৰ্দন, অনন্তশায়ী নাৰায়ণতকৈ বহু আগৰ হ'লেও, নাৰায়ণমূৰ্তি স্থাপন হোৱাৰ পিছতহে এই দেৱালয়ৰ প্ৰতি আহোম স্বৰ্গদেউসকলৰ দৃষ্টি আকৰ্ষিত হৈছিল; আৰু ইয়াৰ উন্নতিৰ কাৰণে স্বৰ্গদেউসকলে বিশেষকৈ ৰজা শিৱসিংহ মহাৰাজে বিশেষ চেষ্টা কৰিছিল। এইজনা স্বৰ্গ- দেৱে অসমৰ প্ৰায়বোৰ তীৰ্থৰে উন্নতিৰ কাৰণে মাটি-বাৰী দান কৰিছিল, আৰু মন্দিৰ নথকা তীৰ্থবোৰৰ মন্দিৰো সজাই দিছিল।

  স্বৰ্গদেউ শিৱসিংহই এই অশ্বক্ৰান্ত দেৱালয় সুচাৰুৰূপে পৰিচালনাৰ অৰ্থে ৫৪২৪ বিঘা মাটি আৰু ৭ (?) গোট পাইক দান কৰিছিল। ৰজাই দান কৰা সা-সম্পত্তিৰ চিনাক্তকৰণৰ বাবে এখন ফলিও দিছিল।

অশ্বক্ৰান্ত দেৱালয়ৰ ভূমিদানৰ তামৰ ফলি
শ্ৰীশ্ৰীঅশ্বক্ৰান্ত

  স্বস্তি সকল-ভূ-মণ্ডল-ভূপ-মৌলি-মালালোলিত-পদাব্দ শ্ৰীশ্ৰীশিৱসিংহ ভূপাল-মন্ত্ৰিৱৰ-সেনানী-ৱৰ-শ্ৰীমত্তৰণ-দুৱৰা-বৃহৎফুক্কনেন দত্ত-ব্ৰহ্মোত্তৰ-প্ৰমাণ-পট্টিকেয়ং ৱিতীৰ্ণ্ণা।

  “কামৰূপ দেশৰ বড়ুৱা বড়কায়স্থ ও চৌধাৰী পটোৱাৰি ও তালুকদাৰ ঠাকুৰিয়া আনোসকলে সাবধানে জানিব বঙ্গেশ্বৰ পৰগণাৰ জয়পুৰ গ্ৰামৰ ফৰিঙ্গতি হাবি মাট্টি ধাকা ১২ পুৰা মিন্নিক (?) জমি ১২ পুৰা মুঠত ২৪ পুৰা বাড়ি মাটি ৭ পুৰা ৺৺পুণ্যে শিৱ দেউৰি বলোদেব ব্ৰাহ্মণক ব্ৰহ্মোত্তৰ কৰি দিয়া গেল ইহাৰ কৰ কাটল পদ পঞ্চক বেঠ বেগাৰ চোৰ চিনালা ধুমসি মাৰেসা জলকৰ জবাক্ষৰ দান খুত চকি হাট ঘাট ৰাজইণ্ডাৰ্হ ব্যতিৰেক সৰ্ব বাব পৰিত্যাগ হৈল।

ইতি শক ১৬৬১ তাং ১০ পোষ।”

  স্বৰ্গদেউ শিৱসিংহই এই দেৱালয়ত দান কৰা মুঠ ৫৪২৪ বিঘা মাটিৰ ভিতৰত, ১১৪১ বিঘা লাখেৰাজ আৰু ৪২৮৩ বিঘা নিষ্পিখেৰাজ। লাখেৰাজ মাটিৰ কোনো খাজনা নাই। এই মাটিৰপৰা হোৱা আয় সম্পূৰ্ণৰূপে বিগ্ৰহৰ [ ২৭ ] পূজা-পাতল, ভোগ-প্ৰসাদ, চাকি-বন্তি, দেৱালয়ৰ আন আন উৎসৱ-পৰ্ব আৰু উন্নয়নমূলক কামত খৰচ কৰা হৈছিল। সেই কাৰণে এই মাটিক ‘ভোগধনী মাটি’ও বোলে। ভোগধনী মাটি ভোগ কৰি থকাসকলে বছৰি প্ৰতি পুৰা মাটিৰ বাবৰ দেৱালয়ত একোটাকৈ ভোগ দিব লাগিছিল। পূৰ্বতে এই ভোগৰ পৰিমাণ নিৰ্দিষ্ট আছিল। একোটা ভোগৰ পৰিমাণ—

চাউল— এঘাৰ সেৰ,
ঘিউ— আধা পোৱা,
মিঠাতেল— তিনি পোৱা,
তামোল— দুই গণ্ডা,
পাণ— দুই গুচি।

দেৱালয়ৰ ভঁৰালীয়ে এই ভোগৰ সামগ্ৰী সংগ্ৰহ কৰি নিব লাগিছিল।

  নিষ্পিখেৰাজ মাটিৰ আধা খাজনাহে দিব লাগে। যিসকলে এই মাটি ভোগ কৰিছিল, তেওঁলোকে দেৱালয়ৰ বিভিন্ন কামত সহায় কৰি দিব লাগিছিল। এই মাটি ভোগকৰা লোকসকল হৈছে— বৰদেউৰী, ভঁৰালী, মালী, আঠপৰীয়া আদি। কামৰ মৰ্যাদা আৰু দায়িত্ব অনুপাতে এওঁলোকৰ মাটিৰ পৰিমাণো কম বেছি আছিল।

  তদুপৰি আগতে উল্লেখ কৰা হৈছে এইজনা স্বৰ্গদেউৰ অনুগ্ৰহতেই অশ্বক্ৰান্তৰ ওপৰ দেৱালয়ৰ মঠটো সজা হৈছিল।

  ইংৰাজে অসম লোৱাৰ পিছত, প্ৰথম অৱস্থাত অসমৰ দেৱালয়, মঠ-মন্দিৰ, সত্ৰ আদিৰ মাটি-বাৰীবোৰ খাচ কৰিবলৈ চেষ্টা কৰিছিল যদিও, সকলো ধৰ্মীয় অনুষ্ঠানে দান-পত্ৰ আদি দাখিল কৰি আপত্তি কৰাত ইংৰাজ চৰকাৰে এই আপত্তি মানি লৈছিল। বৰং পিছত এওঁলোকে এই ধৰ্মীয় অনুষ্ঠানবোৰৰ পৃষ্টপোষকতাহে কৰিছিল; অশ্বক্ৰান্ত দেৱালয়ৰে পৃষ্টপোষকতা কৰিছিল।

দেৱালয়ৰ পৰিচালনা : বিষয়বাবসমূহ—

  দেৱালয় পৰিচালনাৰ বাবে স্বৰ্গদেউ শিৱসিংহৰ দিনৰেপৰা বিভিন্ন কামৰ বাবে বেলেগ বেলেগ লোক নিয়োগ কৰা হৈছিল। এই লোকসকলক ঘাইকৈ দুটা শ্ৰেণীত ভগাব পাৰি—
  (ক) সেৱাইত বা ব্ৰাহ্মণ
  (খ) পাইক [ ২৮ ]   (ক) সেৱাইত— এওঁলোকৰ কেবাটাও ফৈদ— (১) পূজাৰী, (২) গীতা- পাঠক, (৩) ভাগৱত পাঠক, (৪) সুপকাৰ আদি। এওঁলোক আটাইকে একেলগে বৰদেউৰী বোলা হয়। পূজাৰীয়ে দেৱালয়ৰ বিগ্ৰহৰ পূজা আদি কৰিব আৰু সুপকাৰে বিগ্ৰহলৈ দিয়া ভোগ ৰন্ধা কাম কৰিব লাগে। গীতাপাঠক আৰু ভাগৱত-পাঠকে যথাক্ৰমে গীতা-ভাগৱত পাঠ কৰিব লাগে। তাৰ উপৰি দেৱালয়ৰ মুখ্য পৰিচালক দলৈগৰাকী বৰদেউৰী সকলৰপৰাই নিৰ্বাচন কৰা হয়। মুখ্য পৰিচালক হিচাপে এওঁৰ দায়িত্ব অধিক। বিভিন্ন কাম-কাজবোৰ বেলেগ বেলেগ লোকৰ দ্বাৰা কৰোৱা হয় যদিও, সকলো কামৰ বাবে দলৈ- গৰাকীহে দায়ী হ’ব লাগে।

  (খ) পাইক— এওঁলোকে ওপৰত উল্লেখ কৰা কামৰ বাহিৰে দেৱালয়ৰ আন সকলো কাম-কাজ কৰিব লাগে। শিৱসিংহ স্বৰ্গদেৱে এই দেৱালয়লৈ ৭ (?) গোট পাইক দিছিল (চাৰিটাই এক গোট)। চাৰিজন মুনিহ ৰজাঘৰীয়া কামৰ নিমিত্তে একগোট হৈছিল; তেওঁলোকৰ প্ৰতিজনৰে কৰ্তব্য একে, গাত লগা বিষয়ও একে আৰু সেই গোটৰ এজনে ৰজাঘৰীয়া কামত লাগিলে বাকীকিজনে তেওঁৰ খেতি-পথাৰ, বন-বাৰী কৰি দিব লগাত পৰিছিল.•••••••।” (বুৰঞ্জীৰ বাণী’— শ্ৰীসূৰ্য্যকুমাৰ ভূঞা)। সেয়ে দেৱালয়ৰ পাইকসকলৰ ভিতৰতো কামৰ ভাগ-বতৰা আছিল। এওঁলোকৰ ভিতৰত—

  (১) মালী বা মালাকাৰ— বিগ্ৰহৰ দৈনন্দিন পূজা আৰু উৎসৱ-পৰ্ব আদিত লগা মালা, ফুল আদি এওঁলোকে যোগান ধৰিব লাগিছিল।

  (২) তেলী— এওঁলোকে বিগ্ৰহৰ আগত চাকি-বন্তি আদি জ্বলাবলৈ সৰিয়হৰ খাঁটি তেলৰ যোগান ধৰিব লাগিছিল।

  (৩) ভঁৰালী— দেৱালয়ৰ ভঁৰাল ৰক্ষা কৰা ভঁৰালীৰ কৰ্তব্য। আগৰ কালত মুদ্ৰাৰ প্ৰচলন পৰ্যাপ্ত পৰিমাণে নথকা হেতুকে মানুহে টকা-পইচাৰ সলনি বস্তু-বাহানিহে বেছিকৈ আগ বঢ়াইছিল। গতিকে সেইবোৰ থবলৈ সুকীয়া ভঁৰাল আৰু ভঁৰালীৰ ব্যৱস্থা আছিল। ভঁৰালীয়ে নিজে মানুহৰ ঘৰে ঘৰে গৈ বস্তুবোৰ সংগ্ৰহ কৰি ভঁৰালত জমা ৰাখিছিল।

  (৪) ওজাপালি— দেৱালয়ত হোৱা উৎসৱ-পৰ্ব আদিত এওঁলোকে ওজাপালি গাব লাগিছিল।

  (৫) কুমাৰ-হীৰা— দেৱালয়ত লগা চাকি, ধুনাৰ মলা, ভোগ ৰন্ধা সাজ- বাচন আৰু অন্যান্য মাটিৰ পাত্ৰ আদি কুমাৰ-হীৰ পাইকসকলে যোগান [ ২৯ ] ধৰিছিল। প্ৰথমতে কঁহৰা গাঁওতে এওঁলোক বাস কৰি দেৱালয়ৰ মাটি ভোগ কৰিছিল।

  (৬) সোণাৰী— এওঁলোকে দেৱালৰত বিগ্ৰহৰ কাৰণে আৱশ্যক হোৱা অলংকাৰ পাতি গঢ়ি দিব লাগিছিল।

  (৭) আঠপৰীয়া— দেৱালয়ৰ ঘৰ-দুৱাৰ সাৰা-মচা, চৌহদ পৰিষ্কাৰে ৰখা, পূজাৰ যা-যোগাৰ কৰা, এওঁলোকৰ কাম। তদুপৰি দিন-ৰাতি আঠোপৰে দেৱালয়ত পহৰা দিব লাগিছিল। কেতিয়া কিবা আশংকা বা বিপদ দেখিলে ওচৰ- চুবুৰীয়াক জান দিয়াৰ বাবে আঠপৰীয়াই জয়ঢাক বজাই দিব লাগিছিল।

  ইয়াৰ উপৰি দলৈগৰাকী কৰবালৈ যাব লগা হ'লে লগত নিয়াৰ আৰু পাইক চলোৱাৰ কাৰণে আৰু দলৈৰ কিছুমান কাম-কাজ কৰাৰ কাৰণে ক্ৰমে চিকদাৰ আৰু ঠাকুৰীয়া, দলৈগৰাকীয়ে নিজাকৈ নিয়োগ কৰিব পাৰিছিল। চিকদাৰ আৰু ঠাকুৰীয়া ভঁৰালী ফৈদৰপৰা লোৱা হৈছিল।

  উল্লেখিত সকলো ফৈদকে দেৱলায়ৰ কামত সহায় কৰি দিয়া বাবদ আধা খাজনাতে দেৱালয়ৰ মাটি (নিষ্পিখেৰাজ) ভোগ কৰিবলৈ দিয়া হৈছিল। অৱশ্যে কামৰ মৰ্যাদা আৰু দায়িত্ব অনুপাতে মাটিৰ পৰিমাণে কম-বেছি আছিল। নগদ টকাৰে দৰমহা বা বাট্টা দিয়াৰ ব্যৱস্থা সেই সময়ত নাছিল।

  অশ্বক্ৰান্ত দেৱালয়ৰ সোণাৰীক দিয়া তামৰ ফলি এখনো পোৱা হৈছে। ফলিখনৰ কথাবোৰ এনেধৰণৰ—

  অশ্বক্ৰান্তৰ সোণাৰীক দিয়া তামৰ ফলি—

শ্ৰীৰাম
শ্ৰীশ্ৰীঅশ্বক্ৰান্ত

৭ স্বস্তি নিজ ভুজ মন্দৰাদ্ৰি মথিতাৰাতি
ৰত্ন ৰত্নাকৰ কাম সৌমাৰেশ্বৰ স্বৰ্গ
নাৰায়ণদেৱ শ্ৰীশ্ৰী প্ৰমত্ত সিংহ নিৰ্দে
সত গুণিগণ গণনাগ্ৰ গণ্য মন্ত্ৰি
প্ৰবৰ শ্ৰীযুত্তৰুণ দুৱৰাবৃঁহৎফুক্‌কনে
ন প্ৰাগদত্ত চকি হট্টাদিদান ত্যাগ প্ৰ
মান তাম্ৰ পত্ৰিকেয়ং—
কামৰূপদেসৰ বড়ুৱা বড কায়স্থ ও চৌধাৰি

[ ৩০ ]

ও পাটোৱাৰি ও তালুকদাৰ ঠাকু—
ৰিয়া আনো সকলে সাবধানে জা—
নিবেক সৰু বঙ্গেসৰ পৰ গণাৰ মাটি
পৰ্ব্বত গাঞঁৰ কৈল্যান ও ৰামভদ্ৰ
এহি দুই সোনাৰিক ভাই ভাগি সহি
ত ৺৺ ৰ পূন্যে চকি হাট ফাট দা
ন খুত আদানি কৰি ৺ ৰ দেৱাল
য়ত পত্ৰ মোহৰ কৰি আগে দিচিল সেই
প্ৰত্ৰ জিন্ন হৈল কাৰণ সম্প্ৰতি তাম্ৰপট্টক
পত্ৰ কৰি দিয়া গঁল ইহাৰ কৰকাটল
পদ পঞ্চক বেঠ বেগাৰ চোৰ চিলনা ধু
মূসি মাড়েসা জলকৰ জবক্ষাৰ চকি হাট
ঘাট ফাট দান খুত দণ্ড বন্ধ সৰ্ব্ব বাব পৰিত্যাগ
গ হৈল ইতি শক ১৬৭১ তাৰি ৮ মাঘ।


বৰ্তমানৰ দেৱালয় : চৰকাৰৰ নতুন পদ্ধতিত—

  দেৱালয় সম্পৰ্কে স্বৰ্গদেউসকলৰ ৰীতি-নীতি ইংৰাজসকলেও মানি লৈছিল। বিশেষকৈ ব্ৰহ্মোত্তৰ, দেৱোত্তৰ সা-সম্পতিবোৰৰ দানপত্ৰ যথাযথ- ভাৱে স্বীকাৰ কৰিছিল। শিৱসিংহই অশ্বক্ৰান্ত দেৱালয়লৈ দিয়া মাটি-বাৰীৰ দান সম্পূৰ্ণৰূপে বাহাল ৰখা হৈছিল আৰু দানপত্ৰও মানি লৈছিল। কিন্তু বৃটিছ বোৱাৰ সময়লৈকে দেৱালয়ৰ আটাইখিনি সা-সম্পত্তি নাছিল; তাৰে কিছু অংশ হ্ৰাস পাইছিল। ৰাজ সিংহাসনৰদৰে, দলৈ পদটোলৈও মাজে সময়ে হেতা-ওপৰা লগাৰ ফলত, কেতিয়াবা আন লোৰ সৈতে দেৱালয়ৰ লগা মেল-মোকৰ্দমাৰ ব্যয় পূৰণাৰ্থে, কেতিয়াবা আকৌ মন্দিৰ-গৃহ নিৰ্মাণ বা মেৰামতিৰ খৰছ উলিয়াবলৈ যাওঁতে, দেৱালয়ৰ সা-সম্পত্তিৰ অনেকখিনি হ্ৰাস পাইছিল।


[ ৩১ ]   পূৰ্বতে সা-সম্পত্তি দেৱালয়ৰ নামতে আছিল; দানপত্ৰও দেৱালয়ৰ

নামতেই। দলৈয়ে তাক পৰিচালনাহে কৰিছিল। দেৱালয়ৰ মাটিৰ খাজনাও দলৈয়ে সংগ্ৰহ কৰিছিল, আৰু সেই সমুদায় সংগৃহীত ধন দেৱালয়ৰ পুঁজিত জমা হৈছিল। দেৱালয়ৰ যাৱতীয় খৰচ এই পুঁজিৰপৰাই কৰা হৈছিল।

 পৰ্যায়ক্ৰমে অসম চৰকাৰে লোৱা ব্যৱস্থাৰ ভিতৰত, অসমৰ আটাইবোৰ দেৱালয়, মন্দিৰ, সত্ৰ আদিৰ মাটি-বাৰী জৰীপ কৰিবলৈ এটি বিশেষ পিয়লো চলায়। ইয়াক Temple Census' বুলি কোৱা হৈছিল। উক্ত পিয়লৰ মৰ্মে অশ্বক্ৰান্ত দেৱালয়ৰো নিষ্পিখেৰাজ মাটিবোৰৰ ইমান দিনে ভোগ-দখল কৰি অহা সকলৰ নামত ৰায়তী পট্টা কৰি দিয়া হয়। অৱশ্যে মাটিৰ খাজনা কিছুদিনলৈ পূৰ্বৰদৰে দলৈয়েই আদায় কৰি থাকিল; কিন্তু এতিয়া সেই খাজনা দেৱালয়ৰ পুঁজিৰ পৰিবৰ্তে চৰকাৰী পুঁজিতহে জমা হ'লগৈ। ইয়াৰপৰা দেৱালয়ৰ কাম-কাজত কিছু ব্যাঘাত জন্মিল। তথাপি বিগ্ৰহৰ পূজা-পাতাল আদি আগৰদৰেই চলি থাকিল।

স্বাধীনতাৰ পিছত : ভূমি-নীতিৰ সংস্কাৰ

  দেশ স্বাধীন হোৱাৰ পিছত স্বাধীন শাসন ব্যৱস্থাৰৰ অনেকঘিনি পৰিবৰ্তন ঘটিল। ভূমি-নীতিৰ সংস্কাৰ হ’ল। দেৱোত্তৰ, ব্ৰহ্মোত্তৰ মাটিৰ পাৰ্থক্য নোহোৱা হৈ আহিল। ‘আধিয়াৰ আইন’, ‘চিলিং আইন’ আদি প্ৰবৰ্তন কৰা হ'ল। দেৱালয়ৰ নামত থকা মাটিৰ পৰিমাণে অনেকখিনি কমাই দিয়া হ’ল। অশ্বক্ৰান্ত দেৱালয়ৰ নামত সম্প্ৰতি ৪৩৶৴১৭ লেচা নিষ্কৰ মাটিহে আছে। অৰ্থাৎ নিষ্পিখেৰাজৰ লগতে লা-খেৰাজ মাটিৰবোৰৰ খাচ কৰি দিয়া হল।

  ফলস্বৰূপে দেৱালয়ৰ কাম-কাজবোৰ আগৰদৰে সুচাৰূপে চলোৱা টান হৈ পৰিল। দলৈগৰাকীয়ে আগৰ পুঁজিৰ ধনেৰে দেৱালয়ৰ নিত্য-নৈমিত্তিক কৰ্মবোৰ চলাই থাকিব লগা হ'ল। দেৱালয়ৰ বিগ্ৰহৰ পূজা-পাতল, ঠগি ঠুগা, চাকি-বন্তি, ভোগ আদিৰ নামতেই এটি টনকিয়াল পুঁজিৰ আৱশ্যক। তদুপৰি উৎসৱ-পৰ্ব আদি আছেই। এতেকে দলৈগৰাকীয়ে বাধ্য হৈ খৰচৰ মাত্ৰা বহুখিনি হ্ৰাস কৰিব লগা হৈছে। আগতে বিগ্ৰহক দিয়া ভোগৰ পৰিমাণ নিৰ্দিষ্ট আছিল; চাকি-বন্তিও দিনে-ৰাতিয়ে জ্বলিছিল। কিন্তু স্বাধীনতাৰ পিছত, ভূমি-নীতিৰ সংস্কাৰৰ ফলত দেৱালয়ৰ মাটি-বাৰীবোৰ খাচ হোৱা বাবে, দেৱালয়বোৰৰ আয় বহুখিনি কমি গ'ল; কিছুমান দেৱালয়ৰ যে আয় একে[ ৩২ ] বাৰে নাইকিয়া হ'ল। গতিকে বিগ্ৰহক দিয়া ভোগৰ পৰিমাণ আৰু দেৱালয়ৰ জাকজমকতা কমি আহিল। ফলত দেৱালয়ত কৰ্মীৰো অভাৱ ঘটিল।

  এটি কথা উল্লেখ কৰিব পাৰি যে, সমাজ আৰু সংস্কৃতিৰ মাজত ঘনিষ্ঠ সম্পৰ্ক। সমাজ নাথাকিলে সংস্কৃতি থাকিব নোৱাৰে; আকৌ সংস্কৃতি নোহোৱা সমাজৰো কোনো পৰিচয় নাই। মঠ-মন্দিৰ, দেৱালয় সত্ৰ আদি অসমীয়া সমাজৰ পৰম্পৰা চলি অহা এটি লোক সংস্কৃতি। এই সংস্কৃতি জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। ভাৰতৰ অন্যান্য ঠাইৰদৰে অসমৰ মঠ-মন্দিৰ দেৱালয়, সত্ৰ, তীৰ্থস্থানবোৰ যাতে বৰ্তি থাকে, তাৰ বাবে আমি সকলোৱে যত্নবান হোৱা উচিত। আমাৰ চৰকাৰেও এই পবিত্ৰ অনুষ্ঠানবোৰ সংৰক্ষণ কৰাত মনোযোগ দিয়াটো ৰাইজে বিচাৰে।


দেৱালয়ৰ বৰ্তমান পৰিচালনা

  শ্ৰীশ্ৰীঅশ্বক্ৰান্ত দেৱালয়ৰ এখন সংবিধান আছে। এই সংবিধান অনুসৰি কামৰূপ জিলাৰ চেছন ন্যায়াধীশৰ আদালতৰ দ্বাৰা দেৱালয় পৰিচালনা কৰা হয়। পৰিচালনা সমিতিখন ৭জন সদস্যৰে গঠিত। ভোটৰ দ্বাৰা নিৰ্বাচিত দলৈগৰাকীৰ বাহিৰেও বৰদেউৰীসকলৰ পাঁচগোত্ৰৰ (ফৈদৰ) পৰা পাঁচজন সদস্য নিৰ্বাচন কৰা হয়। ৭ম সদস্যজন আদালতেই মনোনীত কৰি দিয়ে।

  বৰ্তমান কালত চৰকাৰে অশ্বক্লান্ত দেৱালয়ৰ নামত’দেৱালয়ৰ পূজা সেৱা, তিথি পৰ্ব চলাবলৈ মাত্ৰ ৩,৪৯৪.৩৮ টকা বাৰ্ষিক অনুদান হিচাপে দি আছে। কিন্তু এই দেৱালয়ৰ পূৰ্বৰ খাজনা বাকী থকা হেতুকে ২৫% শতাংশ কৰ্তন কৰি ৰাখি মাত্ৰ ২,৬২০.৭৭ টকা দেৱালয়ে পাই আছে। এই টকাৰে বৰ্তমানৰ বস্তুৰ মূল্যসূচীমতে দেৱালয়ৰ পূজা-সেৱা, তিথি-পৰ্ব, মন্দিৰ মেৰামতি আৰু উন্নয়নমূলক কাম আদি কৰাটো টান হৈ পৰিছে। চৰকাৰ আৰু ধৰ্মপ্ৰাণ ৰাইজে সাহায্য, দান-বৰঙণি আগবঢ়াব বুলি আমি এইখিনিতে

আশা ৰাখিছোঁ। [ ৩৩ ]

বৰ্তমানৰ সমিতিৰ সদস্যসকল :—

শ্ৰীশশীমোহন ভট্টাচাৰ্য, দলৈ (ননৰা)
শ্ৰীমোহিনীমোহন শৰ্মা (টঙাৰকুৰ)
শ্ৰীকুমুদচন্দ্ৰ দেৱ শৰ্মা (কৈঠালকুছি)
শ্ৰীযোগেন্দ্ৰনাথ শৰ্মা (পানাৰা)
শ্ৰীলঙ্কেশ্বৰ শৰ্মা, (ননৰা)
শ্ৰীগোপীকান্ত শৰ্মা, (জুনৰু)
শ্ৰীদুৰ্গেশ্বৰ শৰ্মা,

  প্ৰধান সম্পাদক “অসম সাহিত্য সভা ১৯৮১-৮২ (মনোনীত সদস্য )

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।