পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

  উমানন্দৰ দক্ষিণে এটি শিলাময় দ্বীপত উবশী কুণ্ড অৱস্থিত। কামৰূপৰ বুৰঞ্জীয়ে তাত জল্পেশ্বৰ শিৱ, বিষ্ণুপদ আৰু গয়া তীৰ্থ আছে বুলি কৈছে। কনকলাল বৰুৱাৰ মতে তাত এটি বৌদ্ধ মূৰ্তি আছে। ইয়াত থকা ব্ৰাহ্মী লিপিত খোদিত শিলালিপি ইতিহাসৰ অমূল্য সম্পদ। ইয়াৰ বাহিৰেও ৰজাদুৱাৰৰ প্ৰসিদ্ধ দৌল গোবিন্দ মন্দিৰৰ উপৰিও নগৰৰ ঠায়ে ঠায়ে অৱস্থিত মন্দিৰ, দৌলদেৱালয়, থান আৰু পবিত্ৰ পীঠে নগৰখনিত এটি ধৰ্মীয় আৰু পৌৰাণিক বাতাবৰণ অব্যাহত ৰাখিছে।

 মধ্যযুগীয় বৈষ্ণৱ আন্দোলনৰ লগতো এইখন ঠাইৰ বিশেষ সম্পৰ্ক আছিল। দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাতা বনমালীদেৱে অশ্বক্ৰান্তৰ অনন্তশায়ী বিষ্ণুৰ মন্দিৰত ভালেমান দিন ধৰি ভাগৱত পাঠ আৰু চৰ্চা কৰিছিল। বৰ্তমান সময়তো এই নগৰত আউনীআটী, গড়মূৰ আৰু দিহিং সত্ৰৰ শাখা সত্ৰ আছে।

  অসমীয়া ভাষা সাহিত্যৰ বেদীলৈ উত্তৰ গুৱাহাটীৰ লেখত ল'বলগীয়া বৰঙণি আছে। ষোড়শ শতিকাৰ কবি অনন্ত কন্দলিয়ে মণিকৰ্ণেশ্বৰৰ ওপৰত থকা তেওঁৰ মণ্ডপত বহি কুমাৰহৰণ কাব্য ৰচনা কৰিছিল। সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী অসমীয়া বুৰঞ্জী সাহিত্যৰ এটি অমুল্য বস্তু। বিশ্ববিশ্ৰুত পণ্ডিত আনন্দৰাম বৰুৱাই ইংৰাজী আৰু সংস্কৃত মাধ্যমত পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ ৰচনা কৰি বিশ্বৰ দৰবাৰত অসম তথা ভাৰতবৰ্ষৰ মৰ্যাদা আৰু গৌৰৱ বৃদ্ধি কৰিছিল। আনহাতে হৰকান্ত সদৰামিনৰ আত্মজীৱনীখনিক উল্লেখযোগ্য তথ্য সম্বলিত জাতীয় দলিল ৰূপে চিহ্নিত কৰিব পাৰি। প্ৰত্নতাত্বিক সোণাৰাম চৌধুৰীৰ বাক্যৰণ আৰু পুৰাবৃত্ত সম্পৰ্কীয় আলোচনা আৰু শিক্ষাবিদ উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ গবেষণামূলক প্ৰবন্ধ অসমীয়া সাহিত্য ভঁৰালৰ বহুমূলীয়া সম্পদ।

  সংগীত জগতৰ প্ৰতিও উত্তৰ গুৱাহাটীৰ বৰঙণিৰ অভিলেখ আছে। মণিকৰ্ণেশ্বৰ, দিহিংসত্ৰ আৰু মাজগাঁৱৰ অংকীয়া ভাওনাই এসময়ত অসমৰ কলা-কৃষ্টিপ্ৰেমীসকলৰ মাজত আলোড়ন সৃষ্টি কৰিছিল। মধ্যমখণ্ডৰ বোকা ভাওনা, ভাওনাৰ ইতিহাসত এটি নতুন সম্পদ। সংগীতজ্ঞ লক্ষ্মীৰাম বৰুৱাই শাস্ত্ৰীয় আৰু আধুনিক গীতেৰে অসমবাসীক উদ্বুদ্ধ কৰিছিল। কুৰি শতিকাৰ আৰম্ভণিতে ৰংমহলে অসমীয়া চখীন যাত্ৰাৰ আদৰ্শ অসমবাসীৰ আগত দাঙি ধৰিছিল। ৰুদ্ৰেশ্বৰ-বিহলঙণিৰ নাম প্ৰসংগ আজিও গৌৰৱৰ উচ্চ শিখৰত অধ্যুষিত।