পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত

“সৰ্বশ্ৰেষ্ঠো যথা বিষ্ণুৰ্লক্ষ্মী: সৰ্বোত্তমা যথা” (৬০।৪১) ইত্যাদি। কিন্তু মহাপুৰুষে কোন তিনি ঠাইলৈ আঙুলিয়াইছিল সেইটো নিৰ্ণয় কৰিবৰ জ্ঞান আমাৰ নাই।

  মুঠতে কামৰূপী প্ৰজাৰ উদ্ধাৰৰ বাবে বশিষ্ঠই ‘স্বয়ং বিষ্ণু’লৈ বাট চাব দিছে। বিষ্ণু নাহে মানে সকলো পীঠ শাপযুক্ত হৈ থাকিব আৰু বিষ্ণু আহিলতো পীঠবোৰ শাপমুক্ত হৈ যাতে দেৱতা আৰু মানুহৰ আশ্ৰয়-থল হ’ব নোৱাৰে, তাৰ বাবে ব্ৰহ্মাই উপায় উদ্ভাৱন কৰিলে।

আগতে'পি হৰৌ মুক্তে শাপাৎ পীঠে ফলপ্ৰদে।
যথা ন সম্যক্ স্থাস্যন্তি তৎপীঠে দেৱ মানুষাঃ॥
গুপ্তয়ে সৰ্ব্বকুণ্ডানাং ব্ৰহ্মোপায় তথাকৰোৎ।

(৮৪।২৮-২৯)।

  এই উপায় হৈছে ব্ৰহ্মাৰ পুত্ৰ লোহিত্য নদীৰ অৱতাৰণ।

  শান্তনু নামে মুনিৰ অমোঘা নামৰ ভাৰ্যা আছিল। ব্ৰহ্মাৰ ঔৰসত তেওঁৰ গৰ্ভৰপৰা জলময় সন্তান এটি প্ৰসৱ হ'ল। শান্তনু মুনিয়ে সেই জলময় পিশু পুত্ৰটি চাৰিখন পৰ্বতৰ মাজৰ ঘুলি এটাত থৈ দিলে। এই চাৰিওফালৰ পৰ্বতবোৰ— উত্তৰে কৈলাস, দক্ষিণে গন্ধমাদন, পূবে সমৰ্তকাদি পাহাৰমালা, পশ্চিমে জাৰুধি পৰ্বত। এই চাৰিও পৰ্বতৰ মাজত থৈ দিয়া জলময় ব্ৰহ্মপুত্ৰ দিনে দিনে শুক্লপক্ষৰ জোনৰ দৰে বাঢ়িবলৈ ধৰিলে আৰু শেষত গৈ বিশাল হ্ৰদ এটিত পৰিণত হ'ল।

 এনেতে বিষ্ণুৰ অৱতাৰ পৰশুৰামে মাতৃ-হত্যা পাপৰপৰা নিষ্কৃতিৰ বাবে বাপেকৰ আদেশমতে ব্ৰহ্মকুণ্ডত স্নান কৰিবলৈ আহিল। তেওঁ পাপমুক্ত হ’লত, কুণ্ডৰ মাহাত্ম্যত তেওঁৰ প্ৰত্যয় উপজিল আৰু কুঠাৰেৰে বাট মুকলি কৰি ব্ৰহ্মপুত্ৰক বোৱাই দিলে,— ‘বীথীং পৰশুনা কৃত্বা ব্ৰহ্মপুত্ৰমাবাহয়েৎ’। সেই সোঁত কামৰূপ ৰাজ্যৰ মাজেৰে বৈ আহি সকলো তীৰ্থ গোপন কৰি দক্ষিণ সাগৰত গৈ পৰিল। সেই নৈৰ নাম হ’ল লোহিত গংগা। লোহিত হ্ৰদৰপৰা ওলাইছে বুলি তেতিয়াৰপৰা নামকৰণ হ’ল লোহিত।

কামৰূপান্তৰং পীঠমবায়দমুং হৰিঃ॥
তস্য নাম স্বয়ঞ্চক্ৰে বিধিলোহিতগংগকম।
লোহিতাৎ সৰসো জতো লোহিতাখ্যস্ততোৎভবৎ॥