বিগ্ৰহৰ মন্দিৰ : আন আন মন্দিৰ আদি
অশ্বক্ৰান্ত পাহাৰত দেৱালয় দুখন। নামনিত কূৰ্ম জনাৰ্দন পীঠ আৰু ওপৰত অনন্ত শয্যাত নাৰায়ণ। সেই হিচাপে ইয়াৰ ঘাই মন্দিৰো দুটা।
এই মন্দিৰ দুটা পোনতে কেনে ধৰণৰ আছিল তাক জনা নাযায়। জনাৰ্দন পীঠৰ ওপৰত দৰঙী ৰজাই সজাই দিয়া বৰ্তমানৰ মণিকূটটো বেছ ডাঙৰ আৰু আহল-বহল। ভিতৰখন দিনতে আন্ধাৰ। ইয়াৰ বেৰত অ'ত ত'ত কিছুমান মূৰ্তি খোদিত কৰা আছে। বাহিৰ ফালটো খাজটা আৰু প্ৰায় ১৫' ফুটমান ওপৰৰপৰা ক্ৰমে জোঙা। ইয়াৰ চাৰিওফালে ওপৰত বাৰটা অংগমঠ আছে। মন্দিৰটোৰ ব্যাস প্ৰায় ১২' ফুট আৰু ওখ প্ৰায় ৩০' ফুট হ’ব। মণিকূটটোৰ উত্তৰে পূজাঘৰ বা নামঘৰ এটা আছে। ইয়াৰ প্ৰৱেশদ্বাৰ উত্তৰফালে।
কূৰ্মৰূপী জনাৰ্দন মন্দিৰ সম্বন্ধে লিখা আছে— “জনাৰ্দনগিৰৌ ৱিষ্ণুঃ স্বয়ং কূৰ্মস্বৰূপধৃক্। শিলং ভিত্ত্বা স্থিতস্তত্ৰ দেৱ-গন্ধৰ্ব- সেৱিতঃ। ”
উপৰ দেৱালয়ত থকা অসমৰ একমাত্ৰ অনন্তশায়ী বিষ্ণু মূৰ্তিটোৰ ওপৰত স্বৰ্গদেউ শিৱসিংহই সজাই দিয়া (পিছত মেৰামতি কৰি পুনৰ নিৰ্মাণ কৰা) মঠটোও বেছ ডাঙৰ আৰু আহল=বহল। মন্দিৰৰ গাত এইজনা স্বৰ্গদেউৰ এখনি শিলালিপিও আছিল।
অশ্বক্ৰান্ত দেৱালয়ৰ শিলৰ ফলি
অদ্ৰেৰস্য জনাৰ্দ্দনস্য নিকটে সিদ্ধোহভিষেকোৎসৱঃ।
শ্ৰীবিষ্ণোঃ কৃপয়া তদীয়-শিখৰে তৎসম-সম্পাদনে।
সানন্দো নৃপ-বৃন্দ-ৱন্দিত-পদাৰবিন্দ-সুধীৰ্দ্দেৱ।
শ্ৰীশিৱসিংহ উৰ্জ্জিতৰাদিত্য-প্ৰতাপো নৃপঃ॥
ভূভৃন্নীতি-লতাতিনৃত্য-ঘন-কোদণ্ড-বিদ্যাৰ্জ্জুনো।
ৱন্দাৰুৰ্ন্নিজ-দেৱ-পাদ-কমলং ভূ-লোক-কল্পদ্ৰুমঃ॥
পাৰাৱাৰ-গভীৰ উজ্জল-যশশ্চন্দ্ৰো মহেন্দ্ৰাশয়ো।
জাতো ভীম-পৰাক্ৰমো ৱিজয়তে ধন্যঃ শৰণ্যো নৃণাম্॥
তস্যাজ্ঞামভিধাৰ্য্য মুদ্ধি, ৱিজিয়ো নামোৰ্থতঃ (?) সাদৰম্।
শ্ৰীমান্ কেশৱ-পাৰ-পদ্ম-মধুপঃ স্বৰ্গাৱতাৰাৱধি॥
শ্ৰীমৎস্বৰ্গ-নৰেন্দ্ৰ-সেৱি-দুৱৰা [ৱংশী] বৃহৎসৈন্যপো।
ৱেশ্মৈতদয়নাব্ধি-তৰ্ক্ক-শশভৃৎ-শাকেহকৰোৎ শ্ৰীপতেঃ॥ ১৬৪২