পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত

পাপৰপৰা মুক্ত হ’ব পাৰি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, আৰু বৈশ্যসকলে ইয়াত ত্ৰিৰাত্ৰ বা একৰাত্ৰ উপবাস কৰি সকলো তীৰ্থৰ সেৱা কৰিব পাৰে। যাৰ প্ৰাণবায়ু বশীভূত আৰু যাৰ হাত-ভৰি সংযত, যিয়ে চন্দনাদি পিন্ধে, আৰু যিসকল ব্ৰহ্মচাৰী, তেনেকুৱা লোকেহে তীৰ্থৰ ফল পায়।”

পশ্চিমে তস্যতীৰ্থস্য কিঞ্চিৎ বায়ব্য গোচৰে।
চতুঃষষ্ঠিধনুশ্বানং তীৰ্থং ব্ৰহ্মসৰঃ স্মৃতম্॥
তত্ৰস্নাত্বা পিতৃন্ ভক্ত্যা তৰ্পয়িত্বা যথাবিধি।
পাপকৰ্তৃনপি পিতৃন্ তাৰয়েন্নাত্ৰ সংশয়ঃ॥

  অৰ্থাৎ— “সেই তীৰ্থৰ কিছু পশ্চিমে বায়ুকোণত ৬৪ ধনুমান ডাঙৰ ব্ৰহ্ম- সৰোবৰ। ইয়াত স্নান কৰিলে আৰু বিধিমতে পিতৃসকলৰ তৰ্পণ কৰিলে যে পাপী পিতৃসকলৰ সদ্গতি হয়, তাত সন্দেহ নাই।”

ইন্দ্ৰকুটস্য কৌৰবেহশীতিধনুপ্ৰমাণতঃ।
ৰামক্ষেত্ৰং বিজানীয়াতস্যকুণ্ডং কুলে প্ৰিয়ে॥
বিল্বকুণ্ড প্ৰমাণন্তু স্নাত্বাভ্যৰ্চ্চ পিতৃণপি।•••••••••
তীৰ্থেভ্যঃ পৰমং তীৰ্থং ৰামতীৰ্থং বৰাণনে।
ব্ৰাহ্মণানৰ্চয়িত্বাতু ব্ৰহ্মলোকে মহীয়তে॥

  অৰ্থাৎ—“ইন্দ্ৰকুট (আৰপৰ্বত) পৰ্বতৰ উত্তৰে ৮০ ধনুমান ডাঙৰ ৰামক্ষেত্ৰ। ইয়াৰ পাৰত (কাষত) বিল্বকুণ্ড। ৰামক্ষেত্ৰ তীৰ্থবোৰৰ ভিতৰত প্ৰধান। ইয়াত ব্ৰাহ্মণক অৰ্চনা কৰা লোকে ব্ৰহ্মলোকত পূজা পায়।”

তস্য পূৰ্ব্বে নবধনুঃ সীতাতীৰ্থৎ বৰাণনে।
তত্ৰ স্নাত্বা দিবং যান্তি সশৰীৰা দ্বিজাতয়ঃ॥•••••••••
মৌনীভুত্বাত্ৰয়োদশ্যাং তত্ৰ স্নাত্বা মহাফলং।
মন্ত্ৰেণানেন স্নাত্বাতু ৰত্নেণাৰ্ঘ্যং প্ৰদাপয়েৎ।
মুচ্যতে সৰ্বপাপেভ্যো ব্ৰহ্মলোকেবসেন্মৃতঃ॥

  অৰ্থাৎ— “এই তীৰ্থৰ পূবে ৯ ধনু ডাঙৰ সীতাতীৰ্থ। ব্ৰাহ্মণসকলে ইয়াত স্নান কৰিলে সশৰীৰে স্বৰ্গলৈ যাব পাৰে। ত্ৰয়োদশী তিথিত মৌন হৈ ইয়াত স্নান কৰিলে মহৎ ফল লাভ হয়। শাস্ত্ৰোক্ত মন্ত্ৰৰদ্বাৰা স্নান কৰি ইয়াত ৰত্নেৰে অৰ্ঘ্য প্ৰদান কৰিলে, সকলো পাপৰপৰা মুক্ত হৈ ব্ৰহ্মলোকত বাস কৰিব পাৰি।”

দক্ষিণে চৈব সীতায়া ধনুৰ্দশ প্ৰমাণতঃ।