বাৰে নাইকিয়া হ'ল। গতিকে বিগ্ৰহক দিয়া ভোগৰ পৰিমাণ আৰু দেৱালয়ৰ জাকজমকতা কমি আহিল। ফলত দেৱালয়ত কৰ্মীৰো অভাৱ ঘটিল।
এটি কথা উল্লেখ কৰিব পাৰি যে, সমাজ আৰু সংস্কৃতিৰ মাজত ঘনিষ্ঠ সম্পৰ্ক। সমাজ নাথাকিলে সংস্কৃতি থাকিব নোৱাৰে; আকৌ সংস্কৃতি নোহোৱা সমাজৰো কোনো পৰিচয় নাই। মঠ-মন্দিৰ, দেৱালয় সত্ৰ আদি অসমীয়া সমাজৰ পৰম্পৰা চলি অহা এটি লোক সংস্কৃতি। এই সংস্কৃতি জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। ভাৰতৰ অন্যান্য ঠাইৰদৰে অসমৰ মঠ-মন্দিৰ দেৱালয়, সত্ৰ, তীৰ্থস্থানবোৰ যাতে বৰ্তি থাকে, তাৰ বাবে আমি সকলোৱে যত্নবান হোৱা উচিত। আমাৰ চৰকাৰেও এই পবিত্ৰ অনুষ্ঠানবোৰ সংৰক্ষণ কৰাত মনোযোগ দিয়াটো ৰাইজে বিচাৰে।
শ্ৰীশ্ৰীঅশ্বক্ৰান্ত দেৱালয়ৰ এখন সংবিধান আছে। এই সংবিধান অনুসৰি কামৰূপ জিলাৰ চেছন ন্যায়াধীশৰ আদালতৰ দ্বাৰা দেৱালয় পৰিচালনা কৰা হয়। পৰিচালনা সমিতিখন ৭জন সদস্যৰে গঠিত। ভোটৰ দ্বাৰা নিৰ্বাচিত দলৈগৰাকীৰ বাহিৰেও বৰদেউৰীসকলৰ পাঁচগোত্ৰৰ (ফৈদৰ) পৰা পাঁচজন সদস্য নিৰ্বাচন কৰা হয়। ৭ম সদস্যজন আদালতেই মনোনীত কৰি দিয়ে।
বৰ্তমান কালত চৰকাৰে অশ্বক্লান্ত দেৱালয়ৰ নামত’দেৱালয়ৰ পূজা সেৱা, তিথি পৰ্ব চলাবলৈ মাত্ৰ ৩,৪৯৪.৩৮ টকা বাৰ্ষিক অনুদান হিচাপে দি আছে। কিন্তু এই দেৱালয়ৰ পূৰ্বৰ খাজনা বাকী থকা হেতুকে ২৫% শতাংশ কৰ্তন কৰি ৰাখি মাত্ৰ ২,৬২০.৭৭ টকা দেৱালয়ে পাই আছে। এই টকাৰে বৰ্তমানৰ বস্তুৰ মূল্যসূচীমতে দেৱালয়ৰ পূজা-সেৱা, তিথি-পৰ্ব, মন্দিৰ মেৰামতি আৰু উন্নয়নমূলক কাম আদি কৰাটো টান হৈ পৰিছে। চৰকাৰ আৰু ধৰ্মপ্ৰাণ ৰাইজে সাহায্য, দান-বৰঙণি আগবঢ়াব বুলি আমি এইখিনিতে আশা ৰাখিছোঁ।