পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

 মন্দিৰৰ গাত বিষ্ণুৰ দশৱতাৰৰ মূৰ্তি খোদিত কৰা আছে। বাহিৰফালে খাজকটা আৰু ১৫' ফুটমান ওপৰৰপৰা ক্ৰমে জোঙা। ভিতৰখন মিহি আৰু দিনতে আন্ধাৰ হৈ থাকে। বৰ্তমানে অৱশ্যে ইয়াত বিজুলী বাতিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ চাৰিওফালে ওপৰত বাৰটা অংগমঠ আছে। মন্দিৰটোৰ ব্যাস ১২' ফুটমান আৰু ওখ ৩০' ফুটমান হ’ব।

নাম দেৱালয় অশ্বক্ৰান্ত।

  উত্তৰফালে ঘাই মন্দিৰৰ গাতে লাগি আছে ভোগধনী ঘৰ। ইয়াতে গোসাঁইৰ কাৰণে ভোগ বন্ধ ভোগধনী ঘৰৰ লগতে বিলনী ঘৰ। ভোগধনী ঘৰৰ এটি বিশেষত্ব এই যে, ইয়াত স্ত্ৰীসকলৰ প্ৰৱেশ নিষেধ। তিৰোতাসকলক আন এটি কেঠালিতহে ভোগ খাবলৈ দিয়া হয়। মন্দিৰৰ প্ৰৱেশদ্বাৰ দক্ষিণফালে এটি বাটচ'ৰাৰ মাজেৰে। মন্দিৰৰ চাৰিওফালে কিছু আঁতৰেৰে প্ৰাচীন ইটাৰ এখন ডাঠ প্ৰায় ১ ১/২ মিটাৰ ওখ বেৰ আছে। কিন্তু বৰ্তমানে এই বেৰখন মাজে মাজে ভাঙি ছিঙি গৈছে। বেৰখনৰ দক্ষিণফালে মন্দিৰৰ চৌহদৰ বাহিৰলৈ অহা-যোৱা কৰিবলৈ এখন খট্‌খটি আছে। এই খট্‌খটিৰ ২৮ টা খোপ আছে। ওপৰ দেৱালয়ৰ পাহাৰখনৰপৰা নামনিলৈ উঠা-নমা কৰিবলৈও এখন খট্‌খটি আছে। এই খট্‌খটিখনৰ ৯৮ টা খোপ আছে। এই খট্‌খটিখন পিছত বন্ধা। আগতে হেনো এটি শিলাময় বাটহে আছিল। এই খট্‌খটিৰ তলমূৰত দুইকাষে দুটা অংগমঠ আছে। অংগমঠ দুটাৰ গাত গণেশৰ মূৰ্তি খোদিত কৰা আছে। খট্‌খটিখনৰ ওপৰত এটি শিৱলিংগও আছিল। স্বৰ্গদেউ শিৱসিংহই প্ৰথমে এই দুজনা গোসাঁইক প্ৰণাম জনাইহে, বিষ্ণুক সেৱা জনাইছিল।