পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা বৰ ভূঁইকপৰ সময়ত ইয়াৰ কিছু ক্ষতি হয়। পিছত লৰ্ড কাৰ্জনৰ দিনত মেৰামতি কৰি, বৰ্তমানৰ মণিকূটৰ ৰূপত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়।

 আনহাতে অশ্বক্ৰান্তৰ পাদপৰ্বতত ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত জনাৰ্দন মন্দিৰৰ ইতিহাস আৰু অধিক পুৰণি বুলি অনুমান হয়। এই মন্দিৰৰ বিগ্ৰহৰ পূজা- পাতল আহোম ৰাজত্বৰ বহু আগৰেপৰা চলি থকা বুলি জনা যায়। কিন্তু ইয়াৰ ওপৰত সেই সময়ত কিবা মন্দিৰ আছিল নে নাই থিৰাংকৈ কোৱা টান। বৰ্তমানৰ মন্দিৰটো দৰঙী ৰজাই (ৰঘুনন্দন?) সজাই দিয়ে। তেতিয়াৰপৰা আজিলৈ এই মন্দিৰটো তেনেভাৱেই আছে।

 

অশ্বক্ৰান্ত নামৰ তাৎপৰ্যঃ জনশ্ৰুতিৰ পমখেদি

 অশ্বক্ৰান্ত নামটো সম্বন্ধে তিনিটি কাহিনী জনা যায় আৰু শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা জিৰোৱা ঠাই বুলিয়ে তিনিওটা কাহিনীৰে মূল কথা একে হোৱালৈ চাই ঠাইখিনি পুৰাণপ্ৰসিদ্ধ বুলি কব পাৰি।

  নৰকাসুৰৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হোৱা সময়ত শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা (অশ্ব) ক্লান্ত হৈ পৰাত এই ঠাইত জিৰণি লৈছিল। ফলস্বৰূপে অশ্বক্ৰান্ত পাহাৰৰ পূবৰ নামনিত থকা শিলৰ ওপৰত শ্ৰীকৃষ্ণৰ (বিষ্ণুৰ) সোঁপদচিহ্ন আৰু ঘোঁৰাৰ খোজৰ চিন দেখিবলৈ পোৱা যায়। ঘোঁৰা ক্লান্ত হৈ এই ঠাইত জিৰোৱাৰ কাৰণে ইয়াক অশ্বক্লান্ত বা অশ্বক্ৰান্ত বোলে।

 শ্ৰীকৃষ্ণই ৰুক্মিণীক শদিয়াৰ কুণ্ডিল নগৰৰ পৰা (কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰাজধানী) হৰণ কৰি দ্বাৰকালৈ উভত্তি যোৱাৰ পথত, তেওঁৰ ৰথৰ ঘোঁৰা ভাগৰি পৰাত অশ্বক্ৰান্ততে জিৰাইছিল হেনো; আৰু তেতিয়াৰেপৰা এই ঠাইৰ নাম অশ্বক্ৰান্ত হয়।

 কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যু বধৰ সময়ত, পাণ্ডৱ সখা শ্ৰীকৃষ্ণই অৰ্জুনক পুৰণি কামৰূপ ৰাজ্যৰ সপ্তদললৈ লৈ আহিছিল। এটি জনশ্ৰুতি মতে হাজাৰ উত্তৰ পশ্চিমে থকা সাতদলা নামৰ পথাৰখনেই এই সপ্তদল। ভূঁইকপত সি বিলত পৰিণত হৈছে। বহুদূৰ বাট অহাৰ ফলত তেওঁলোকৰ ৰথৰ ঘোঁৰা ক্লান্ত হৈ এই ঠাইতে ব্ৰহ্মপুত্ৰৰ পাৰত জিৰণি লৈছিল। তেতিয়াৰেপৰা শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা জিৰোৱা এই ঠাইৰ নাম অশ্বক্ৰান্ত বা অশ্বক্লান্ত হয়।

 

বিগ্ৰহৰ অৱস্থিতিঃ অশ্বক্ৰান্ত পাহাৰ আৰু তাৰ সতীৰ্থ

  অশ্বক্ৰান্ত দেৱালয়ৰ মূল বিগ্ৰহ কূৰ্ম জনাৰ্দনপীঠ আৰু নাৰায়ণ। এই বিগ্ৰহ