কিন্তু দুয়োখন গ্ৰন্থৰ সমাপ্তি হৈছে বিষ্ণুৰ শ্ৰেষ্ঠত্ব কীৰ্তনত। দুয়ো গ্ৰন্থকাৰ নিজা দৃষ্টিৰ ফালৰপৰা বৈষ্ণৱ মতাৱলম্বী আছিল যেন লাগে যদিও, গ্ৰন্থকাৰ হিচাপে নানান অবৈদিক প্ৰক্ৰিয়াৰ বৰ্ণনা কৰিব লগা হৈছিল।
‘কালিকা পুৰাণ’ ৰচয়িতাই বশিষ্ঠৰ মুখেৰে কোৱাইছে যে কামৰূপত ম্লেচ্ছাচাৰ চলিব আৰু দেৱীও বাম্য পূজাহে ভোগ কৰিব। আৰু স্বয়ং বিষ্ণু এই ঠাইলৈ পুনৰায় নাহে মানে কামৰূপৰ মাহাত্ম্য প্ৰতিপাদক আগম শাস্ত্ৰবোৰ বিৰল হওক।
স্বয়ং বিষ্ণুৰ্ণ চায়াতি যাবৎ স্থানমিদং পুনঃ।
বিৰলাশ্চাগমাঃ সন্ত য এতৎ প্ৰতিপাদকাঃ॥
(৮১/২৩)।
মহাপুৰুষ শঙ্কদেৱৰ মতেও ‘কালিকা পুৰাণ’ বিষ্ণুমাহাত্ম্য প্ৰতিপ্ৰাদক গ্ৰন্থ। ‘গুৰু চৰিত’ত আছে মহাপুৰুষ যেতিয়া দ্বিতীয়বাৰ কোচবিহাৰলৈ যাবলৈ ওলাল, নাৰায়ণ ঠাকুৰৰ তত্ত্বৱধানত তেওঁৰ লাগতিয়াল বস্তুৰে নাও বোজাই কৰা হ'ল।
সকলো বয়-বস্তু নাৱত উঠিছে; কিন্তু পুথি অকণমানি এখনহে নাৱত আছে। ঠাকুৰে মহাপুৰুষক নিবেদন কৰিলে যে নাৱত পুথি দেখোন নাই; বামুণ- সকলে বাদ কৰিলে কি হ’ব? মহাপুৰুষে ক'লে, সেই অকণমানি পুথিখনেই সকলো বাদ খণ্ডন কৰিব পাৰে। তথাপি যদি পুথি লাগে—
সমস্তে পুস্তক আছে ৰজাৰ ঘৰত।
কৃষ্ণদেৱ শ্ৰেষ্ঠ দেখাইবো সমস্তত॥
শুনিয়া ঠাকুৰে বুলিলন্ত শঙ্কৰক।
প্ৰতিপক্ষে যদি সিটো দেখাৱে শাস্ত্ৰক॥
কালিকা পুৰাণ যদি আনি দেখাৱয়।
তেবে বা কি হৈবে বাপ কহিয়ো নিৰ্ণয়।
শঙ্কৰে বোলন্ত শুনা মোৰ অভিপ্ৰায়।
কালিকা পুৰাণে দেখাইবোহো তিনি ঠাই॥
আনো শাস্ত্ৰ সমস্তত হৰিকেসে কয়।
সমস্তে শাস্ত্ৰৰ জানা এহিসে নিৰ্ণয়॥
(দ্বিজ ৰামানন্দৰ গুৰু চৰিত )।
‘কালিকাপুৰাণ’ত বিষ্ণু-মাহাত্ম্যসূচক বহুত বচন আছে। যেনে—