দেউৰী, পূজাৰীয়ে ওচৰ-পাজৰৰ লোকেৰে সৈতে নিতৌ সন্ধিয়া নামপ্ৰসংগ কৰে। সন্ধিয়াও ভোগ দিয়াৰ নিয়ম আছে। সন্ধিয়া দিয়া ভোগ কেচা, আৰু নিৰ্দিষ্ট পৰিমাণৰো নহয়। নামদেৱালয়ৰ জনাৰ্দন প্ৰভু আগতে এই কেচা ভোগ দিয়া হয়। মাহ-প্ৰসাদ আৰু চাউলৰ গুড়ি ঘিউত ভাজি পুৰিৰ ভোগ দিয়া বিশেষ নিয়ম ইয়াত চলি আহিছে।
আন আন পৰ্বঃ উৎসৱ আদি
অশ্বক্ৰান্ত দেৱালয়ৰ বিগ্ৰহৰ পূজাৰ উপৰিও বছৰত আৰু অনেক পূজা, উৎসৱ, পৰ্ব আদি এই দেৱালয়ত উদ্যাপন কৰা হয়।
বিশেষকৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ফল্গুৎসৱ বা দৌল, অশোকাষ্টমী বিশেষ উলহ- মালহেৰে পালন কৰা হয়। জন্মাষ্টমীৰ দিনা ওৰে নিশাটো উজাগৰে থাকি বিভিন্ন গীত মাতেৰে শ্ৰীকৃষ্ণৰ গুনানুকীৰ্ত্তন কৰা হয়। লগতে ওজাপালি আৰু ঢুলীয়াও থাকে। এই ওজাপালি দেৱালয়ৰ ওজাপাইকসকলে গাব লগা নিয়ম। ঢুলীয়াসকল অৱশ্যে পাইকৰ ভিতৰৰ নহয়।
দৌল উৎসৱো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এইসময়ত চলন্তাত থকা বংশীধাৰী কৃষ্ণমূৰ্তিটো নি ফল্গুৎসৱৰ মন্দিৰত থাপন কৰা হয়। এই উৎসৱতো ওজাপালি, ঢুলীয়া আদি থাকে। দৌলৰ শেষৰ দিনা এই কৃষ্ণমূৰ্তিটো দোলাত লৈ পূজাৰী, দেউৰীসকলে আড়ম্বৰপূৰ্ণ শোভাযাত্ৰা উলিয়াই নগৰ ফুৰে। পিছত গধুলি দেহ জুৰ পৰিবলৈ আটাইয়ে তেতেলিৰ চৰবত্, খোৱাৰ নিয়ম অতীজৰেপৰা চলি আহিছে।
আশোকাষ্টমী অকল অসমৰে নহয়, গোটেই ভাৰতৰে এটা অতি পৱিত্ৰ
দিন বুলি হিন্দুসকলে গণ্য কৰে। সেইদিনা ভাৰতৰ বিভিন্ন নদীত
হিন্দুসকলে স্নান কৰে। বিশেষকৈ অসমৰ শাস্ত্ৰকাৰৰ মতে ব্ৰহ্মপুত্ৰত স্নান
কৰাটো প্ৰশস্ত। লিঙ্গ পুৰাণৰ মতে অশোকাষ্টমী অৰ্থাৎ চৈত্ৰ পুনৰ্বসু নক্ষত্ৰযুক্ত
শুক্লাষ্টমীৰ দিনা আঠোটা আশোক ফুলৰ কলি পানকৰি ব্ৰহ্মপুত্ৰত স্নান
কৰিলে সকলো শোক-তাপ গুচে। অশ্বক্ৰান্ত দেৱালয়ৰ ঘাটত ব্ৰহ্মপুত্ৰত স্নান
কৰিবলৈ সেইদিনা হাজাৰ হাজাৰ যাত্ৰীৰ সমাবেশ হয়। সেই দৃশ্য অতি
মনোৰম। যাত্ৰীসকলৰ ভিতৰত মহিলাৰ সংখ্যা পুৰুষতকৈ অধিক দেখা যায়।
অশ্বক্ৰান্ত তীৰ্থত যাত্ৰীসকলে অলোক ফুল পানকৰি মানত এই মন্ত্ৰটো পাঠ
কৰে—