কৰে। কুৰি বছৰমান আগেয়ে অশ্বক্ৰান্ত অঞ্চলটো ব্যৱসায়ৰ এটি আৱশ্যকীয় ঘাটি আছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ আগতে অসমৰ উত্তৰপৰীয়া মানুহ, মাল-বস্তু, যান-বাহন আদি সকলো এই অশ্বক্ৰান্তৰ বাটত লগা ফেৰীৰে দক্ষিণ পাৰলৈ যাব লগা হৈছিল। ইয়াত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিভিন্ন ঠাইলৈ— উত্তৰ লক্ষীমপুৰ, তেজপুৰ, মঙ্গলদৈ, বৰপেটা, বঙ্গাইগাওঁ, ধুবুৰী আৰু অসমৰ বাহিৰলৈও মটৰেৰে যাবলৈ মটৰঘাটি আছিল। ইয়াত নিতৌ অসংখ্য লোকৰ সমাবেশ হৈছিল। পিছত ১৯৬০ চনত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ পিছৰেপৰা এই অঞ্চলৰ গুৰুত্ব বহুপৰিমাণে হ্ৰাস পাইছে।
সাংস্কৃতিক দিশত অশ্বক্ৰান্ত দেৱালয়ত এটি পুথিভঁড়াল স্থাপিত হৈছে। ইয়াত বহুতো প্ৰাচীন গ্ৰন্থ আছে। দিহিং সত্ৰত থকা সত্ৰখনো বেচ্ ডাঙৰ। ইয়াত মহাপুৰুষীয়া গুৰুসকলৰ কীৰ্তন আদি উদ্যাপন কৰা হয়।
অশ্বক্ৰান্ত অসম তথা ভাৰতৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান আৰু ঐতিহ্যপূৰ্ণ ঠাই। কিমান দিনৰ যে ইতিহাস ইয়াৰ গৰ্ভত লুকাই আছে, তাক উদ্ধাৰ কৰা টান হ’ব যেন লাগে; কেতিয়াবাকৈ উদ্ধাৰ হ'লে ভালেমান নতুন কথাৰ সম্ভেদ ওলাব, ই ধুৰুপ।
আহোম যুগতে এই দেৱালয়ৰ বিস্তৰ উন্নতি সাধন হয়। উপৰ দেৱালয়ৰ অনন্তশয্যা আৰু নাৰায়ণ মূৰ্তিটো কোনো এক মহাপুৰুষে নেপালৰপৰা আনি উজনিৰ কোনো ঠাইত হেনো প্ৰতিষ্ঠা কৰিব খুজিছিল। কিন্তু অশ্বক্ৰান্তৰ ওচৰত জিৰণি লোৱাত ৰাতি স্বপ্নাদেশত সেই মহাপুৰুষ জনাই, কূৰ্ম জনাৰ্দনৰ ওচৰতে উপৰ দেৱালয়ত সেই মূৰ্তিটো স্থাপন কৰে বুলি জনবিশ্বাস আছে। পিছে এই মহাপুৰুষজন কোন, সেইটো জনা নাযায়। অৱশ্যে মূৰ্তিটোৰ কাৰুকাৰ্য আৰু স্থাপত্য কলালৈ চাই, সপ্তম-অষ্টম শতিকামানৰ বুলি অনুমান কৰিব পৰা যায়। দ্বাদশ শতিকাৰপৰা যদিও অসমৰ লিখিত বুৰঞ্জীৰ সমল পোৱা যায়, তাত অশ্বক্ৰান্তৰ মূৰ্তিস্থাপনৰ কোনো উল্লেখ নথকাত, এই দেৱালয় অতি পুৰণি বুলিয়ে কব পাৰি। অৱশ্যে মন্দিৰৰ নিম্নভাগ শিল আৰু ওপৰভাগ ইটা কাৰণে, মন্দিৰ যে পুনৰ্নিৰ্মাণ হৈছিল, সন্দেহ নাই।
ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহ স্বৰ্গদেৱে অশ্বক্ৰান্ত দেৱালয়ৰ বহুল উন্নতি সাধন কৰে। তেওঁৰ ৰাজত্ব কালতে অশ্বক্ৰান্তৰ উপৰ দেৱালয়ৰ মন্দিৰটো সজা হয়।