বা একেশ্বৰবাদ; কিন্তু পঞ্চৰাত্ৰ পদ্ধতিত যদিও বাসুদেৱৰ পূজা বিহিত আছে, আৰু যদিওবা ভক্তি উভয়তে বৰ্তমান, তথাপি পঞ্চৰাত্ৰ পদ্ধতি আৰু ভগৱদ্গীতাৰ মাজত কোনো মৌলিক সম্বন্ধ দেখা নাযায়”। (R. G. Bhandarkar: Vaisnavism, Saivism, and Minor Religious Systems: 1913, P 39).
‘কালিকা পুৰাণ’ত ব্যাখ্যা কৰা বিষ্ণুপূজাৰ পদ্ধতি ওপৰৰ বিশ্লেষণটোৰ লগত মিলে।’ ‘ওঁ নমো ভগৱতে বাসুদেৱায়— বাসুদেৱৰ এই মন্ত্ৰটো দ্বাদশাক্ষৰী। তেওঁৰ লগত আৰু পাঁচজন সম্পূৰক দেৱতা পূজা কৰিব লাগে— ৰাম, কৃষ্ণ, ব্ৰহ্মা, সম্ভু আৰু গৌৰী। পূজাত শেষৰ দুজনক কেতিয়াও পৃথক কৰিব নালাগে। বাসুদেৱৰ আঠজন সহচৰ (যোগী) আছে— বলভদ্ৰ, কাম, অনিৰুদ্ধ, নাৰায়ণ, ব্ৰহ্মা, বিষ্ণু, নৰসিংহ আৰু বৰাহ। নায়ক বাসুদেৱ আৰু নায়িকা বিমলা। বলভদ্ৰ প্ৰভৃতিৰ সচৰী (যোগিনী) সকলঃ উৎকৰ্ষিণী, জ্ঞেয়া, জ্ঞানা, ক্ৰিয়া, যোগা, প্ৰহ্বী, ঐশানী আৰু অনুগ্ৰাহী। ফুল আৰু নিৰামিষ নৈবেদ্যৰদ্বাৰা পূজা কৰিব লাগে। দণ্ড, পদ্ম আদি অস্ত্ৰ আৰু অলংকাৰবোৰৰ পূজাৰ বাবেও বিভিন্ন অক্ষৰী মন্ত্ৰ আছে (কালিকা পুৰাণ, ৮৩। ৯০ )। ............”।
অশ্বক্ৰান্ত দেৱলয়ৰ বিষ্ণুবিগ্ৰহৰ (কূৰ্ম-জনাৰ্দন আৰু অনন্তশায়ী নাৰায়ণ) পূজাও উক্ত পদ্ধতিৰে কৰা হয়। দুপৰীয়া নিতৌ তলৰ দেৱালয়ৰ কূৰ্ম জনাৰ্দন আৰু আৰু উপৰ দেৱালৰ নাৰায়ণ আৰু তাত থকা আন আন গোসাঁই- বোৰো ধুৱাই পূজা-পাতল কৰা হয়। পূজাত উপৰ দেৱালয়ত ঘিউৰে ৰন্ধা পকা ভোগ দিয়াৰ নিয়ম। এই দেৱালয়ত বিষ্ণু আৰু শিৱ উভয়কে পূজা কৰা হয়। ইয়াত শক্তি পূজা নহয়। ওপৰত উল্লেখ কৰা ‘পূজাত শেষৰ দুজনক কেতিয়াও পৃথক কৰিব নালাগে।’ এই নিয়মৰ এই দেৱালয়ত প্ৰচলিত পূজাত বিশেষত্ব থকা যেন লাগে। ৰজাৰ আমোলত উপৰ দেৱালয়ত দিয়া ভোগৰ পৰিমাণ নিৰ্দিষ্ট আছিল— এঘাৰ সেৰকৈ নিতৌ ভোগ দিব লাগিছিল। এই নিৰ্দিষ্ট পৰিমাণৰ ভোগৰ লগতে যাত্ৰীসকলেও ভোগ দিব পৰা নিয়ম আছে। যাত্ৰীসকলে দিয়া ভোগৰ অৱশ্যে তেনে কোনো ধৰা-বন্ধা পৰিমাণ নাই। অকল চেনি, ছানাৰ মিঠাই বা পৰমান্ন আদি ভোগৰূপে দিয়াৰ ব্যৱস্থাও আছে।
সন্ধিয়া উভয় দেৱালয়তে চাকি-বন্তি জ্বলোৱা হয় আৰু নামদেৱালয়ত