॥ আগকথা ॥
অসমীয়া সংস্কৃতিৰ ঘাই সুঁতিৰ লগত উত্তৰ গুৱাহাটীৰ সম্পৰ্ক অতি প্ৰাচীন আৰু নিবিড়। প্ৰাচীন কালত কিৰাত, অসুৰ আৰু দানৱ ৰজাসকলে এই ঠাইত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসন কৰিছিল। পালবংশী ৰজাসকলৰ দিনত ঠাইখন ‘দুৰ্জয় নগৰ’ নামেৰে জনাজাত হৈছিল। জনশ্ৰুতি আৰু বুৰঞ্জীৰ মতে ইয়াত ধৰ্মপাল আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ্যৰ ৰাজধানী আছিল। কোচৰজা পৰীক্ষিত নাৰায়ণ উত্তৰ গুৱাহাটীত ভালেমান দিন থাকি পৰীক্ষিত পুখুৰী আৰু গড় নিৰ্মাণ কৰিছিল। ইবোৰৰ ভগ্নাৱশেষ এতিয়াও দেখা যায়। আহোম শাসনৰ কালত উত্তৰ গুৱাহাটীত পানী ফুকনৰ বাহৰ আৰু দোপদৰ আছিল। মোমাই কটা গড় আজিও এই নগৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত বৰনদীৰ মুখত হোৱা নৌ যুদ্ধত মোগলসকলে পৰাজয় বৰণ কৰিছিল। ৰংমহলৰ ৰণত মোগল সেনাপতি চৈয়দ চানা আৰু চৈয়দ ফিৰোজক অসমীয়া সৈন্যই বন্দী কৰিছিল। বংগদেশ জয় কৰাৰ কাৰণে মহাৰাজ ৰুদ্ৰসিংহই ষোড়শ শতিকাত উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত বাহৰ কৰিছিল। কানাই বৰশী বোৱা শিলালিপিয়ে বক্তিয়াৰ খিলিজিক বন্দী কৰা কথাৰ উপৰিও আন বহুতো ঐতিহাসিক তথ্যৰ সাক্ষ্য বহন কৰিছে।
পুৰাণত এই স্থানক ‘পূব কাশী ক্ষেত্ৰ’ বোলা, হৈছে। সীতা পৰ্বত নাইবা
দীৰ্ঘেশ্বৰী পাহাৰৰ দাঁতিত মাৰ্কণ্ডেয় মুনিৰ আশ্ৰম আছিল। আশ্ৰমৰ কাষেৰে
পুষ্পভদ্ৰা নৈ বৈ গৈ বৰলুইতৰ বুকুত আশ্ৰয় লৈছে। উত্তৰ গুৱাহাটীৰ উত্তৰ
দিশত অৱস্থিত নটুৱা নচা পৰ্বতত নৃত্য গীতেৰে দেৱতাসকলক সন্তুষ্ট কৰি বেউলাই
মৃত স্বামীৰ জীৱন পুনৰ ফিৰাই পাইছিল বুলি জন প্ৰবাদ আছে। মণিকৰ্ণেশ্বৰত
এতিয়াও বেউলাৰ শিলৰ ভুৰ আছে। বুৰঞ্জীবিদ কনকলাল বৰুৱা আৰু গেইটৰ
মতে নটুৱা নচা পৰ্বত উত্তৰ-পূব ভাৰতৰ নৃত্য-গীতৰ প্ৰধান ক্ষেত্ৰ আছিল।
ভাগৱত পুৰাণ আৰু বৈষ্ণৱ গ্ৰন্থৰ মতে ৰুক্মিণী দেৱীক হৰণ কৰি আনি ভগৱান
শ্ৰীকৃষ্ণই অশ্বক্ৰান্তত জিৰণি লৈছিল।