পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত

সৰ্পবিষ নাশক। শাওণ মাহৰ পঞ্চমীৰ দিনা যেয়ে ইয়াত স্নান কৰে, তেওঁৰ সাপৰ ভয় নাথাকে। যি মৰ্ত্যবাসী লোকে ভক্তিপূৰ্বক শাওণ মাহৰ নাগ পঞ্চমী তিথিত এই তীৰ্থত স্নান কৰে, তেওঁৰ বংশত কোনো লোকৰে কোনো সময়তে সৰ্প দংশনলৈ ভয় নাথাকে।”

চন্দ্ৰাদুত্তৰতঃ শৈলশ্চতুঃষষ্টি প্ৰমাণতঃ।
তত্ৰজলে গয়াকুণ্ডং ক্ষেত্ৰং তীৰে তদুচ্যতে॥
গয়াতীৰ্থং পূৰ্বভাগে ধনুদ্বাবিংশ মানতঃ।
যাবল্লোহিত পৰ্যন্তমুত্তৰে ব্ৰহ্ম যোনিকং॥
গয়াতীৰ্থং পৰংতীৰ্থং পিতৃনাঞ্চাবিল্লভং।
কৃত্বা পিণ্ডপ্ৰদানন্তু নভূয়ো জায়তে নৰঃ॥


  অৰ্থাৎ— “চন্দ্ৰশৈলৰ উত্তৰে ৬৪ ধনুমান ডাঙৰ গয়াক্ষেত্ৰ। ইয়াৰ পাৰৰ ঠাইখিনিক গয়াক্ষেত্ৰ আৰু জলভাগক গয়াকুণ্ড বোলে। ইয়াৰ পূবে ২২ ধনুমান ডাঙৰ গয়াতীৰ্থ। পূবে লোহিত (ব্ৰহ্মপুত্ৰ) আৰু ব্ৰহ্মযোনি পৰ্যন্ত গয়াতীৰ্থ। এই তীৰ্থ পিতৃসকলৰ পৰম প্ৰিয়। ইয়াত পিণ্ডদান কৰিলে মানুহৰ পুনৰ্জন্ম নহয়।”

অশ্বক্ৰান্তুস্যোত্তৰতঃ ঋণ মোচন পশ্চিমে।
দ্বাবিংশতি ধনুৰ্মাণং ক্ষেত্ৰং পৰম দুৰ্ল্লভং॥
ক্ষেত্ৰং দ্বিপঞ্চকং নাম সৰ্বদেৱ নমস্কৃতং।
পূজয়িত্বা অত্ৰ ৰুদ্ৰং জ্যোতিষ্টোম ফলংলভেৎ॥
ষন্মাসান্‌ নিয়তা হাৰো ব্ৰহ্মচৰ্যঃ সমাহিতঃ।
উষিত্বা তত্ৰ দেৱেশি প্ৰাপ্স্যতি পৰমং পদম্॥

  অৰ্থাৎ— “অশ্বক্ৰান্তৰ উত্তৰে আৰু ঋণমোচনৰ পশ্চিমে ২২ ধনুমান ডাঙৰ, সকলো দেৱতাৰে প্ৰণম্য দ্বিপঞ্চক ক্ষেত্ৰ। ইয়াত ৰুদ্ৰৰ পূজা কৰিলে ‘জ্যোতি- ষ্টোম যজ্ঞ’ৰ ফল পোৱা যায়। ইয়াত ৬ মাহ নিয়াতাহাৰকৈ বাস কৰিলে পৰম পদ লাভ হয়।”

ইন্দ্ৰশৈলস্য মধ্যেতু কিঞ্চিদ্দক্ষিণ গোচৰে।
উত্তৰে চন্দ্ৰশৈলস্য ত্যজেৎ ষোঢ় ধনুৰ্বুধঃ॥
ধনুত্ৰয়ঞ্চ প্ৰস্তাৰে ধনুষঃ শকতং মতম্‌।
পঞ্চবিংশতি দৈৰ্ঘ্যেণ চন্দ্ৰকুণ্ডহ্বয়ং সৰঃ॥
তত্ৰ পীত্বা চ স্নাদ্বা চ নৰঃ কৈবল্যমশ্নুতে।