পূজা-পাতল, ভোগ-প্ৰসাদ, চাকি-বন্তি, দেৱালয়ৰ আন আন উৎসৱ-পৰ্ব আৰু উন্নয়নমূলক কামত খৰচ কৰা হৈছিল। সেই কাৰণে এই মাটিক ‘ভোগধনী মাটি’ও বোলে। ভোগধনী মাটি ভোগ কৰি থকাসকলে বছৰি প্ৰতি পুৰা মাটিৰ বাবৰ দেৱালয়ত একোটাকৈ ভোগ দিব লাগিছিল। পূৰ্বতে এই ভোগৰ পৰিমাণ নিৰ্দিষ্ট আছিল। একোটা ভোগৰ পৰিমাণ—
চাউল— এঘাৰ সেৰ,
ঘিউ— আধা পোৱা,
মিঠাতেল— তিনি পোৱা,
তামোল— দুই গণ্ডা,
পাণ— দুই গুচি।
দেৱালয়ৰ ভঁৰালীয়ে এই ভোগৰ সামগ্ৰী সংগ্ৰহ কৰি নিব লাগিছিল।
নিষ্পিখেৰাজ মাটিৰ আধা খাজনাহে দিব লাগে। যিসকলে এই মাটি ভোগ কৰিছিল, তেওঁলোকে দেৱালয়ৰ বিভিন্ন কামত সহায় কৰি দিব লাগিছিল। এই মাটি ভোগকৰা লোকসকল হৈছে— বৰদেউৰী, ভঁৰালী, মালী, আঠপৰীয়া আদি। কামৰ মৰ্যাদা আৰু দায়িত্ব অনুপাতে এওঁলোকৰ মাটিৰ পৰিমাণো কম বেছি আছিল।
তদুপৰি আগতে উল্লেখ কৰা হৈছে এইজনা স্বৰ্গদেউৰ অনুগ্ৰহতেই অশ্বক্ৰান্তৰ ওপৰ দেৱালয়ৰ মঠটো সজা হৈছিল।
ইংৰাজে অসম লোৱাৰ পিছত, প্ৰথম অৱস্থাত অসমৰ দেৱালয়, মঠ-মন্দিৰ, সত্ৰ আদিৰ মাটি-বাৰীবোৰ খাচ কৰিবলৈ চেষ্টা কৰিছিল যদিও, সকলো ধৰ্মীয় অনুষ্ঠানে দান-পত্ৰ আদি দাখিল কৰি আপত্তি কৰাত ইংৰাজ চৰকাৰে এই আপত্তি মানি লৈছিল। বৰং পিছত এওঁলোকে এই ধৰ্মীয় অনুষ্ঠানবোৰৰ পৃষ্টপোষকতাহে কৰিছিল; অশ্বক্ৰান্ত দেৱালয়ৰে পৃষ্টপোষকতা কৰিছিল।
দেৱালয়ৰ পৰিচালনা : বিষয়বাবসমূহ—
দেৱালয় পৰিচালনাৰ বাবে স্বৰ্গদেউ শিৱসিংহৰ দিনৰেপৰা বিভিন্ন কামৰ
বাবে বেলেগ বেলেগ লোক নিয়োগ কৰা হৈছিল। এই লোকসকলক ঘাইকৈ
দুটা শ্ৰেণীত ভগাব পাৰি—
(ক) সেৱাইত বা ব্ৰাহ্মণ
(খ) পাইক