পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভাস্কৰ্য আৰু স্থাপত্য শিল্পৰো এসময়ত এই ঠাইত বিপুলভাৱে চৰ্চা হৈছিল। পালবংশীয় ৰজা, কোচ ৰজা আৰু আহোম ৰজাসকলৰ দিনত শিলালিপি লিখা, শিলত মূৰ্ত্তি অঁকা, শিলৰ খুটা তৈয়াৰ কৰা, শিলৰ তোৰণ সজা, শিল আৰু ইটাৰ মন্দিৰ আৰু গৃহ নিৰ্মাণ কৰা সুদক্ষ ভাস্কৰ আৰু স্থাপত্য শিল্পীৰ উত্তৰ গুৱাহাটীত অভাৱ নাছিল। উত্তৰ গুৱাহাটী অঞ্চলত এতিয়াও দুয়োবিধ শিল্পৰ ভগ্নাৱশেষ পোৱা যায়।

  ৰত্নকান্ত তহচিলদাৰে চিত্ৰশিল্পৰ সাৰ্থক চৰ্চা কৰাৰ উপৰিও চিৰিয়াখানা প্ৰতিষ্ঠাপনৰ আদৰ্শ অসমবাসীৰ আগত দাঙি ধৰিছিল। প্ৰকৃত অৰ্থত তেওঁ অসমৰ প্ৰথম চিৰিয়াখানা প্ৰতিষ্ঠাপক। তেওঁ নিজৰ হাউলিতে এটি ক্ষুদ্ৰ যাদুঘৰো নিৰ্মাণ কৰিছিল। দুৰ্গেশ্বৰ গোস্বামীয়ে হিন্দু সংস্কৃতি আৰু জন কল্যাণৰ বাবে বেপ্তিষ্ট মিচনৰ অনুকৰণত ‘হিন্দু মিচন’ পোন প্ৰথমে সংগঠন কৰিছিল। এই শতিকাৰ প্ৰথম ভাগত এই মিচন বৰ জনপ্ৰিয় অনুষ্ঠান আ ছল আৰু চিলঙত তাৰ ঘাই কাৰ্যালয় প্ৰতিষ্ঠিত হৈছিল। বাঁহ, বেত আৰু কাঠৰ শিল্পৰ নিৰ্মাণ কাৰ্যত এইখন নগৰে মধ্যধুগৰেপৰাই প্ৰসিদ্ধি লাভ কৰিছিল। এই কাৰ্যত মণিকৰ্ণেশ্বৰৰ বৰঙণি অসম বিখ্যাত। মণিকৰ্ণেশ্বৰৰ কাঠ শিল্পীয়ে কোচবিহাৰ আৰু ৰংপুৰত গৃহ নিৰ্মাণ কৰি সুখ্যাতি অৰ্জন কৰিছিল।

  ভাৰতৰ স্বাধীনতা সংগ্ৰামতো সমগ্ৰ অসমবাসীৰ লগতে উত্তৰ গুৱাহাটীৰ ৰাইজেও অংশ গ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ আগৰণুৱা অসমৰ মুকুটবিহীন সমাট কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ উত্তৰ গুৱাহাটীৰ লোক আছিল। বিয়াল্লিছৰ গণবিপ্লৱত অংশগ্ৰহণ কৰাৰ কাৰণে উত্তৰ গুৱাহাটীৰ কেইবাজনো ছাত্ৰ আৰু যুৱকে কাৰাবৰণ কৰিব লগাত পৰিছিল।

  শিক্ষা-দীক্ষাতো উত্তৰ গুৱাহাটী যথেষ্ট আগবঢ়া। কেইবাখনিও উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপৰিও উত্তৰ গুৱাহাটী কলেজ আৰু হিন্দী শিক্ষক প্ৰশিক্ষণ কলেজ নামেৰে দুখন কলেজ ইয়াত প্ৰতিষ্ঠিত হৈছে। আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ্থে কেইবা লাখো টকাৰ এটি আনন্দৰাম বৰুৱা ভৱন নিৰ্মাণৰ কাম চলি আছে আৰু এই ভৱনৰ যোগেদি বিবিধ সাংস্কৃতিমুলক আৰু সমাজ কল্যাণমূলক কাৰ্য্যসূচীৰ ৰূপায়ণৰ ব্যৱস্থা কৰা হ'ব। নিঃসহায় আৰু দৰিদ্ৰ শিশুৰ আশ্ৰয় আৰু প্ৰতিপালনৰ অৰ্থে অভয়পুৰৰ ইন্দ্ৰাচল পাহাৰত শিশুগ্ৰাম প্ৰতিষ্ঠা হৈছে। এই শিশুগ্ৰাম বিশ্বৰ অষ্টম শিশুগ্ৰাম। উত্তৰ গুৱাহাটী সাহিত্য সভাৰ উপৰিও