পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৮
অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত

  (ক) সেৱাইত— এওঁলোকৰ কেবাটাও ফৈদ— (১) পূজাৰী, (২) গীতা- পাঠক, (৩) ভাগৱত পাঠক, (৪) সুপকাৰ আদি। এওঁলোক আটাইকে একেলগে বৰদেউৰী বোলা হয়। পূজাৰীয়ে দেৱালয়ৰ বিগ্ৰহৰ পূজা আদি কৰিব আৰু সুপকাৰে বিগ্ৰহলৈ দিয়া ভোগ ৰন্ধা কাম কৰিব লাগে। গীতাপাঠক আৰু ভাগৱত-পাঠকে যথাক্ৰমে গীতা-ভাগৱত পাঠ কৰিব লাগে। তাৰ উপৰি দেৱালয়ৰ মুখ্য পৰিচালক দলৈগৰাকী বৰদেউৰী সকলৰপৰাই নিৰ্বাচন কৰা হয়। মুখ্য পৰিচালক হিচাপে এওঁৰ দায়িত্ব অধিক। বিভিন্ন কাম-কাজবোৰ বেলেগ বেলেগ লোকৰ দ্বাৰা কৰোৱা হয় যদিও, সকলো কামৰ বাবে দলৈ- গৰাকীহে দায়ী হ’ব লাগে।

  (খ) পাইক— এওঁলোকে ওপৰত উল্লেখ কৰা কামৰ বাহিৰে দেৱালয়ৰ আন সকলো কাম-কাজ কৰিব লাগে। শিৱসিংহ স্বৰ্গদেৱে এই দেৱালয়লৈ ৭ (?) গোট পাইক দিছিল (চাৰিটাই এক গোট)। চাৰিজন মুনিহ ৰজাঘৰীয়া কামৰ নিমিত্তে একগোট হৈছিল; তেওঁলোকৰ প্ৰতিজনৰে কৰ্তব্য একে, গাত লগা বিষয়ও একে আৰু সেই গোটৰ এজনে ৰজাঘৰীয়া কামত লাগিলে বাকীকিজনে তেওঁৰ খেতি-পথাৰ, বন-বাৰী কৰি দিব লগাত পৰিছিল.•••••••।” (বুৰঞ্জীৰ বাণী’— শ্ৰীসূৰ্য্যকুমাৰ ভূঞা)। সেয়ে দেৱালয়ৰ পাইকসকলৰ ভিতৰতো কামৰ ভাগ-বতৰা আছিল। এওঁলোকৰ ভিতৰত—

  (১) মালী বা মালাকাৰ— বিগ্ৰহৰ দৈনন্দিন পূজা আৰু উৎসৱ-পৰ্ব আদিত লগা মালা, ফুল আদি এওঁলোকে যোগান ধৰিব লাগিছিল।

  (২) তেলী— এওঁলোকে বিগ্ৰহৰ আগত চাকি-বন্তি আদি জ্বলাবলৈ সৰিয়হৰ খাঁটি তেলৰ যোগান ধৰিব লাগিছিল।

  (৩) ভঁৰালী— দেৱালয়ৰ ভঁৰাল ৰক্ষা কৰা ভঁৰালীৰ কৰ্তব্য। আগৰ কালত মুদ্ৰাৰ প্ৰচলন পৰ্যাপ্ত পৰিমাণে নথকা হেতুকে মানুহে টকা-পইচাৰ সলনি বস্তু-বাহানিহে বেছিকৈ আগ বঢ়াইছিল। গতিকে সেইবোৰ থবলৈ সুকীয়া ভঁৰাল আৰু ভঁৰালীৰ ব্যৱস্থা আছিল। ভঁৰালীয়ে নিজে মানুহৰ ঘৰে ঘৰে গৈ বস্তুবোৰ সংগ্ৰহ কৰি ভঁৰালত জমা ৰাখিছিল।

  (৪) ওজাপালি— দেৱালয়ত হোৱা উৎসৱ-পৰ্ব আদিত এওঁলোকে ওজাপালি গাব লাগিছিল।

  (৫) কুমাৰ-হীৰা— দেৱালয়ত লগা চাকি, ধুনাৰ মলা, ভোগ ৰন্ধা সাজ- বাচন আৰু অন্যান্য মাটিৰ পাত্ৰ আদি কুমাৰ-হীৰ পাইকসকলে যোগান