দুটা পাহাৰখনৰ দুই ঠাইত অৱস্থিত— জনাৰ্দন পীঠটো পাহাৰখনৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰতে দক্ষিণ-পশ্চিম ফালে আৰু নাৰায়ণৰ অনন্ত শয্যা পাহাৰৰ টিঙৰ সোঁমাজতে অৱস্থিত।
জনাৰ্দন পীঠটো এটি গহ্বৰত অৱস্থিত। গহ্বৰটো চাৰিচুকীয়া আৰু প্ৰায় ৪' x ২' বৰ্গফুট কালিৰ। ইয়াৰ গভীৰতাও প্ৰায় ২১/২' ফুট। তাত কূৰ্মৰূপী জনাৰ্দন ভগৱানৰ দ্বিতীয় অৱতাৰ দৃশ্য হৈ আছে।
এইখিনিতে এটা বিষয় মন কৰিবলগীয়া এই যে— জনাৰ্দন পীঠৰ দৰে অসমৰ আন আন বহুতো প্ৰাচীন মন্দিৰৰ বিগ্ৰহৰ অৱস্থিতি একোটা গহ্বৰৰ ভিতৰত থকা পৰিলক্ষিত হৈছে। গহ্বৰৰ ভিতৰত বিগ্ৰহৰ অৱস্থানৰ কিবা আধ্যাত্মিক কাৰণ আছেনে নাই, সেইটো জনা নাযায়। হয়তো উপযুক্ত পৰিবেশ আৰু উপাসনাৰ গভীৰতা সৃষ্টি কৰাৰ বাবেই বাহিৰৰ জন-কোলাহল, আৰু ৰ’দ, বতাহ, বৰষুণ 'আদিয়ে ঢুকি নোপোৱাকৈ গহ্বৰৰ ভিতৰত বিগ্ৰহ নিৰ্মিত হৈছিল, যাতে উপাসক জনে একাগ্ৰচিত্তে উপাসনা কৰিবলৈ সমৰ্থ হয়।
এই প্ৰসংগতে বুৰঞ্জীবিদ শ্ৰীপ্ৰেমধৰ চৌধুৰীদেৱে “অসমৰ অতীত ঐশ্বৰ্য”ত কোৱা কথাখিনি উল্লেখ কৰিব পাৰি—
“অতীজতে প্ৰকৃতি দেৱীৰ বিভিন্ন ৰৌদ্ৰ, সাম্য ইত্যাদি ভাব-ভংগিমাই আছিল উপাসনাৰ হেতু। লাহে লাহে পূজাৰ পদ বা পাত্ৰ কেৱল কল্পনাৰে বিষয়- বস্তু নহৈ বাস্তৱ মূৰ্তিৰ আকাৰ লবলৈ আৰম্ভ কৰে। খৃষ্ট্ৰীয় শতাব্দীবোৰৰ আৰম্ভৰ লগে লগে বাস্তুৰ মূৰ্তিৰ বাসস্থানৰো লগতে আৱশ্যক হৈ পৰিল। প্ৰথমতে গছ-পাতৰ মণ্ডপ বা লতা-কুঞ্জ, তাৰ পিছত নল-খাগৰিৰ পঁজা, লাহে লাহে হ’ল কাঠ-ইটাৰ কুটিৰ— এইদৰে গৈ গৈ গুপ্ত ৰজাসকলৰ দিনত পূজাৰ বিষয়বস্তু মূৰ্তি-বিগ্ৰহ স্থাপনৰ অৰ্থে তৈয়াৰ হৈ উঠিল শিলৰ আবাস। ইয়াৰ নাম হ’ল গৰ্ভগৃহ; সি আকাৰত চাৰিচুকীয়া; এখন মাথোন দুৱাৰমুখ; তাত পোহৰৰ জিলিঙনি সোমাব নোৱাৰে; গতিকে সি ঘনীভূত অন্ধকাৰৰ দ্বাৰা সমাচ্ছন্ন আৰু এই ধৰ্মভাবাপন্ন স্থানতেই উদ্ভৱ হ’ল সাধু-সন্ন্যাসীৰ ধ্যানমগ্ন হোৱাৰ উত্তম পৰিবেশ। ”
অশ্বক্ৰান্তৰ জনাৰ্দনপীঠৰ গহ্বৰত অৱস্থিতি বা স্থাপনো একে সূত্ৰৰে বিচাৰ্য বিষয় বুলিব পাৰি।
নাৰায়ণ মূৰ্তিটো তিনি ফুটমান ওখ শিলৰ। বেদীত ই মূল বিগ্ৰহ ভগৱান নাৰায়ণৰ পূৰ্ণ ৰূপ প্ৰকাশ কৰিছে। অতি ধুনীয়াকৈ শিলচটাত খোদিত