(গ) পাণ্ডুনাথ নামে ভৈৰৱ এজনৰ আকৃতিত ৰক্ষকূটত মাধৱৰ পূজা কৰা হৈছিল। (কালিকা পুৰাণ, ৮২/৬৫)।
(ঘ) পাণ্ডুৰ পূবে চিত্ৰবহ পৰ্বতত বৰাহৰূপী বিষ্ণুৰ পূজা হৈছিল। (কালিকা পুৰাণ, ৮২/৭৪)।
(ঙ) দিক্কৰবাসিনী অঞ্চলত বাসুদেৱ বিষ্ণুৰ পূজা চলিছিল।
এইবোৰৰ ভিতৰত হয়গ্ৰীৱ আৰু বাসুদেৱৰ পীঠেই প্ৰধান। হয়গ্ৰীৱৰ মন্দিৰ আজিও সজীৱ—শ শই যাত্ৰী এতিয়াও ইয়ালৈ আহে। কিন্তু ‘কালিকা পুৰাণ’ত ইয়াৰ সামান্য উল্লেখহে আছে। বাসুদেৱৰ পূজা-পদ্ধতিৰ বিশদ্ বৰ্ণনা আছে যদিও, ইয়াৰ পূৰ্বপ্ৰাধান্য খৰ্ব হৈছে। ••••••
বাসুদেৱ পীঠ আন এটা ভিত্তিত প্ৰতিষ্ঠিত। ইয়াত কেৱল নিৰামিষ দ্ৰব্যেৰেহে পূজা কৰা হয়, আৰু ই মধ্যযুগৰ নৱ-বিষ্ণুবাদতকৈ পুৰণি বিষ্ণুবাদৰ সাক্ষ্য দিয়ে। এইদৰে ই ‘পঞ্চৰাত্ৰ সংহিতা’ৰ সময়লৈ যায়। আখ্যানত প্ৰমাণ স্বৰূপে ‘নাৰদ পঞ্চৰাত্ৰ’ৰপৰা বচন উদ্ধৃত কৰা হৈছে (কালিকা পুৰাণ, ৮৩/১৪১)।
সংহিতাই আদি বৈষ্ণৱমতৰ যি ৰূপ দিছে, সেই বিষয়ে কিছু আলোচনাৰ দৰকাৰ।
“সংহিতাবোৰ বুৰঞ্জীৰ ফালৰপৰা কাৰণে লক্ষ্য কৰিবলগীয়া। বৈষ্ণৱ সম্প্ৰদায়ৰ ভিতৰত শাক্তনীতিৰ বিকাশৰ সূচনা ইয়াত পোৱা যায়। কিন্তু বৈষ্ণৱসকলৰ বিশ্বাস আৰু কাৰ্য্যাৱলী প্ৰকাশ কৰিবলৈ ৰচনা কৰা প্ৰথম গ্ৰন্থাৱলী হিচাপেও এই সংহিতাবোৰ প্ৰসিদ্ধ। বাস্তৱ কাৰ্য্যাৱলীৰ বিষয়ত, কবলৈ গলে, এইবোৰ বৈষ্ণৱসকলৰ কল্পসূত্ৰ। ••••• মূল সংহিতাবোৰৰ ধৰ্মমত প্ৰধানতঃ মহাকাব্যৰ নাৰায়ণী কাহিনীৰপৰা পোৱা শিক্ষাৰে বিকাশ; তাতে কিছুপৰিমাণে শক্তিভাৱ যোগ দিয়া হৈছে। •••••• সংহিতাৰ মন্ত্ৰ আৰু যন্ত্ৰৰ ধৰ্ম- নীতিবোৰ শাক্ত নীতিৰপৰা পৃথককৈ চিনিব নোৱাৰি। সকলো প্ৰকাৰৰ ইন্দ্ৰজাল বিদ্যা, আৰু তাৰ লগত অসংখ্য মোহিনী, ক্ৰিয়া আৰু কবচ সযত্নে বৰ্ণিত আৰু আগ্ৰহেৰে প্ৰশংসিত হৈছে। ‘ওঁ নমো ভগৱতে বাসুদেৱায়’, আৰু ‘ওঁ নমো নাৰায়ণায়’— এই প্ৰসিদ্ধ মন্ত্ৰদুটা ব্যাখ্যা কৰি তাৰ তত্ত্ব লবলৈ যত্ন কৰা হৈছে”। (J. N. Farquhar: Outlines of the Religious Literature of India: 1920, PP. 183–186). তাৰ উপৰি “যিবোৰ মত পুৰণি পঞ্চৰাত্ৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত, গোপাল-কৃষ্ণ ৰূপটো তাৰ অঙ্গীভূত নহয়। যি ধৰ্মক ভগৱদ্গীতাই ব্যাখ্যা কৰিছে, সেয়ে ঐকান্তিক ধৰ্ম