পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আন কেইবাটিও কলা-কৃষ্টিৰ অনুষ্ঠানে নগৰখনিত সাংস্কৃতিক পৰিৱেশ অব্যাহত ৰাখিছে। নগৰৰ জনসংখ্যা প্ৰায় বাৰ হেজাৰ আৰু ইয়াৰে শতকৰা আশী জনেই শিক্ষিত।

  উত্তৰ গুৱাহাটী অঞ্চলত অৱস্থিত কেউটি পৌৰাণিক, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ ইতিবৃত্ত ৰচনা কৰিব পাৰিলে ইবোৰ অসমৰ পূৰ্ণাংগ জাতীয় ইতিহাস ৰচনাত সহায় হ'ব বুলি বিন্দুমাত্ৰ সন্দেহ আৰু শংকা নকৰাকৈ বিশ্বাস কৰিব পাৰি। অশ্বক্ৰান্ত মন্দিৰৰ ইতিবৃত্ত সম্পাদনা কৰি উদ্যোক্তাসকলে বিশেষকৈ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মা আৰু শ্ৰীশশীমোহন ভট্টাচাৰ্য্যদেৱে এটি মহৎ কামৰ আদৰ্শ দাঙি ধৰিছে। এই কাৰ্যৰ দ্বাৰা ধৰ্মপ্ৰাণ ব্যক্তিসকল অনুপ্ৰাণিত হোৱাৰ উপৰিও গৱেষক আৰু বুৰঞ্জীবিদসকলে নিশ্চয় উপকৃত হব। উদ্যোক্তাসকল এনে কঠিন-কঠোৰ শ্ৰমৰ কাৰ্যটি কৰাৰ বাবে সদৌটি অসমীয়ালোকৰ ধন্যবাদৰ পাত্ৰ।

 সৰ্বে ভদ্ৰানি পশ্যন্তু। ইতি—

অসম সাহিত্য সভা
ভাগৱতী প্ৰসাদ বৰুৱা ভৱন,
গুৱাহাটী-১
১০ নৱেম্বৰ ১৯৮১ চন।

দুৰ্গেশ্বৰ শৰ্মা
প্ৰধান সম্পাদক,
অসম সাহিত্য সভা