পৃষ্ঠা:সতীৰ তেজ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গদা। —ৰজাৰ চাঙ্গলৈ, —নৰাধম চুলিক্‌ফাক তাৰ পাপৰ যোগ প্ৰতিফল দিবলৈ। এটা এটা কৈ অঙ্গ ছেদ কৰি তাক বধ কৰিম, ইমানবোৰ কোৱৰৰ অঙ্গক্ষত কৰা প্ৰতিশোধ ল’ম।
জয়। —তাৰ পৰিণাম যে ভয়ানক হ'ব।
গদা। —ভয়ানক আৰু কি হ’ব – মৃত্যু। ঘৰত বহি মৰণক বৰণ কৰাতকৈ পাপীক শাস্তি দি মৰিম।
জয়। —আপুনি ৰজাৰ চাঙ্গলৈ যাব কেনেকৈ? বাটতে ফৌজৰ হাতত পৰিব।
গদ। —তাতেই বা হানি কি? যেনেকৈয়ে হওক, মৃত্যুৰ বাহিৰে মোৰ আন পথ নাই। নিৰ্জ্জীৱৰ দৰে মৰাতকৈ এবাৰ চেষ্টা কৰি মৰিম।
জয়। —আপোনাৰ অবিহনে এই অত্যাচাৰৰ প্ৰতীকাৰ কৰিব কোনে? নহয় প্ৰিয়তম, আপুনি মৰিব নোৱাৰে, জীয়াই থাকিবই লাগিব। অকল মোৰ নিমিত্তে নহয়, পোন দুটিৰ নিমিত্তে নহয়, আন কি, আপোনাৰ নিজৰ নিমিত্তেও নহয়। অৰাজক আহোম ৰাজ্যত শৃঙ্খলা লগাবলৈ, আহোমৰ নুমাব খোজা বন্তিগছ জুলাই তুলিবলৈ আপোনাৰ বাহিৰে কোনো নাই! আপুনি ধৰা দিব নোৱাৰে। গধূলিৰ আগতে ৰজাঘৰীয়া ফৌজ আহিব, তাৰ পূৰ্ব্বেই আপুনি এই ঠাই এৰিব লাগিব।