পৃষ্ঠা:সতীৰ তেজ.pdf/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ময়েই মাথোন বাকী। এইবাৰ মোৰ পাল, মোৰ পিচত শক্ৰ।
জয়।—আপোনাৰ পিচত শত্ৰু ! আপুনি নো কাৰ কি কৰিছে ?
গদা।—বনত হৰিণ থাকে, সি নো কাৰ কি কৰে ? তথাপি মানুহে তাক খেদি খেদি মাৰে কিয় ?
জয়।—তাত মাৰোঁতাৰ পেট ভৰে।
গদা।—ইয়াতে হত্যাকাৰীৰ স্বাৰ্থসিদ্ধি।
জয়।—হত্যাকাৰী নে কাক বুলিছে ?
গদা।—আৰু কোন হ’ব ? পাষণ্ড চুলিক্‌ফা। যিমান গোপনে কৰক এইবোৰ যে চুলিক্‌ফাৰ কাম, তাক বুজিবলৈ কাৰো বাকী নাই। ৰাজকোঁৱৰসকলৰ মৃত্যুত তাৰ বাহিৰে আনৰ স্বাৰ্থ থাকিব নোৱাৰে। সি ভাবিছে কোঁৱৰসকলক বধি নাইবা ঘুণীয়া কৰি তাৰ একাধিপত্য স্থাপন কৰিব। তোমাক কোৱা নাই এদল গুপ্তচৰ সদায় মোৰ পিচত ঘূৰিব লাগিছে। সিহঁতে ইমান দিন মোৰ গাত হাত দিবলৈ সাহ কৰা নাছিল, ময়ে সিহঁতক অবজ্ঞাৰ চকুৰেই চাইছিলোঁ। আজি সিহঁত মৰণত শৰণ দি লাগিছিল। দিখৌ ঘাটৰ ওচৰতে আজি হঠাৎ পাট কাড় মোৰ কাণৰ কাষে দি ভোঁ-ভোঁৱাই গ’ল। মই উভতি চাওঁতেই ছটা মানুহ লৰ মৰা দেখিলোঁ। সিহঁতৰ কপাল ভাল, মই বিচাৰি