সমললৈ যাওক

পৃষ্ঠা:সতীৰ তেজ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গদা। —পলাই প্ৰাণ ৰাখিব লাগিব! ন’কবা জয়া, গদাপাণি কাপুৰুষ নহয়। তুমি আজিও মোক নিচিনিলা!
জয়। —আপোনাক চিনো বুলিয়েই মই এই অনুৰোধ কৰিছোঁ, আপুনি প্ৰাণৰ ভয়ত পলালে কাপুৰুষ হ'ব পাৰে, কিন্তু পত্নী-পুত্ৰৰ নিমিত্তে, জ্ঞাতি-বন্ধুৰ নিমিত্তে, স্বদেশ-স্বজাতিৰ নিমিত্তে প্ৰাণৰক্ষা কৰা কেতিয়াও কাপুৰুষত নহয়। সি মহানুভৱতা। আপুনি এতিয়াই ঘৰ এৰিব লাগিব।
গদা। — চিন্তান্বিত হয় )
জয়। —নিজক শত্ৰুৰ বিৰুদ্ধে সজ্জিত কৰিবলৈ সময় আৰু সুযোগ বিচাৰি পিচ হোঁহক যুদ্ধৰ ৰীতি। তাত লজ্জিত হোৱাৰ কাৰণ নাই। অকল সেয়ে নহয়, আপোনাৰ বিপদ ঘটিলে মই এক মুহূৰ্ত্তও জীয়াই নাথাকোঁ, আহোম ৰাজ্য ৰক্ষাৰ উপায় নাথাকে। পোনা দুটিৰ কি হ’ব, তাকেই বা কোনে জানে। ইমানতে আপুনি প্ৰাণ দিব নে? আত্মগৌৰব ৰক্ষাৰ নিমিত্তে ইমানবোৰৰ বধ ল'ব নে? নহয়, আপুনি কেতিয়াও ইমান স্বাৰ্থপৰ হ'ব নোৱাৰে।
গদা। —ব্যাকুলভাবে ) জয়া! জয়া!
জয়। —আপুনি ভাবি চাওক, দুদিন আত্মগোপন কৰি থাকিলেই আপুনি এই সকলোকে ৰক্ষা কৰিব পাৰে। নহলে এয়েই আহোমৰ সমাধি।