পৃষ্ঠা:সতীৰ তেজ.pdf/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


লেচাই।—চাওঁচোন বাৰু পাৰোঁ নে নোৱাৰোঁ।
                                     ( কাড় মাৰে, কাড় লাগোঁ লাগোঁ হৈ যায়। )
প্ৰ, লৰা।—লাগিল ! লাগিল ! এঃ অলপতে হে সাৰিল।
লাই।—এইবাৰ ময়ো চাওঁচোন।
                                     (কাড় মাৰে, আৰু অামটো সৰি পৰে। )
সকলোৱে।—ঠিক লাগিল ! সৰিল ! সৰিল।
                                     (আনন্দত চাপৰি বজায়। )
কেতেকী।— (লাইক সাবটি ধৰি ) ডাঙ্গৰ হ'লে নিশ্চয় তুমি অৰ্জ্জুনৰ সমান বীৰ হ’বা। এতিয়া যোৱাঁ, আইদেৱে জলপান খাবলৈ মাতিছে।
                                     (আটাই কেইজন ভিতৰলৈ সোমায়।)
কেতেকী।— ভাগ্যৰ বলত হে আইদেউক পাইছোঁ। লোকে লিগিৰীৰ হতুৱাই সকলো কাম কৰাই নিজে ঠেঙৰ ওপৰত ঠেং তুলি ঘৰ চলায়। আমাৰ আইদেৱে সকলো কাম নিজেই কৰে। টান কামটো মোক অকলৈ কৰিবলৈ কেতিয়াও নিদিয়ে। বাহিৰৰ কাম থাকিলে হে মোৰ বিচাৰ লয়। জন্মে জন্মে যেন আইদেউৰ বেটী হবলৈ পাওঁ।
                                   (চুচুক-চামাককৈ চাৰিওফালে চাই ৰতনী সোমায়।)
ৰতনী।—বাই, কুঁৱৰী ঘৰত আছে নে ?
কেতেকী।—নাথাকি নো কলৈ যাব ? আমাৰ কুঁৱৰীয়ে কিবা লোকৰ দৰে ঘৰে ঘৰে মেল মাৰি ফুৰে নে ?