পৃষ্ঠা:সতীৰ তেজ.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গদা।—তুমি মোক উন্মাদ কৰিছা। মোৰ অন্তৰৰ হাহাকাৰৰ লগত ভবিষ্যৎ কৰ্ত্তব্য-চিন্তাৰ তুমুল তৰঙ্গ তুলিছা। মই কেনি যাম ? কোনটো প্ৰকৃত পথ ?
জয়।—সম্প্ৰতি আত্মগোপনেই একমাত্ৰ পথ। আপুনি ছদ্মবেশেৰে নগৰৰ ৰাহিৰ হওক, নিৰাপদ ঠাইৰ পৰা ৰাজ্যৰ গতি-বিধি লক্ষ্য কৰক। এদিন নিশ্চয় সুযোগ মিলিব, গোটেই ৰাজ্য আপোনাক বিচাৰি ব্যাকুল হ'ব। সেইদিন নাহে মানে গোপনে থাকক। তাকে কৰিলেই দুয়োকুল ৰক্ষা পৰিব।
গদা।—( আপোনা-আপুনি ) বৰ্ত্তমান আৰু ভবিষ্যৎ ! আত্মসমৰ্পণ আৰু আত্মৰক্ষা ! কোনটো মোৰ কৰ্ত্তব্য ! ধৰ দিলে গৌৰব ৰক্ষা, প্ৰাণৰ সঙ্কট ; পলালে আত্মৰক্ষা, দুৰ্ঘোৰ কলঙ্ক। মোৰ অন্তৰাত্মাই কৈছে আত্মসম্মান ৰক্ষা কৰি বিপদৰ সম্মুখীন হবলৈ, প্ৰাণ আহুতি দিবলৈ। কিন্তু জয়াৰ অনুৰোধ–সি যে স্নেহৰ দাবী, সি যে জয়াৰ অস্তিত্বৰ লগত জড়িত! তাকেই বা অৱহেলা কৰে। কেনেকৈ ! ( অলপ পৰ নীৰবে ভাবি ) নহয়, জয়াক অৱহেলা কৰিব নোৱাৰোঁ। জয়াৰ ৰক্ষাৰ নিমিত্তে মোৰ সকলে এৰিম, মনুষ্যত্ব বিসৰ্জন দিম, পলৰীয়া হৈ প্ৰাণৰক্ষা কৰিম। ( ফুটাই ) তোমাৰ আদেশ পালম কৰিম, তুমি মোক বাট দেখুৱাই দিয়াঁ।