পৃষ্ঠা:সতীৰ তেজ.pdf/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


                              (গদাপাণি উভতি আহে )
গদা।—নোৱাৰোঁ, ভৰি নচলে। তোমাক এৰি যাব নোৱাৰোঁ।
জয়।—দেৱতা মোৰ, ধৈৰ্য্য নেৰিব, দাসীৰ বধ নল'ব। আৰু এখন্তকো ইয়াত নৰ’ব।
গদা।—মই যে পলাব নাজানো, অভ্যাস নাই।
জয়।—সৌৱা ফৌজ আহিছে, আৰু নৰ’ব, পিচফালে বেগাই ওলাই যাওক।
গদা।—জয়া ! জয়া ! ( আলিঙ্গন। )
জয়া।—কাবৌ কৰিছোঁ, আৰু নৰ'ব। যাওক, যাওক। সৌৱা পালে হি, দাসীৰ মিনতি ৰাখক, ৰক্ষা কৰক।
গদা।—হৃদয় চূড়মাৰ হওক, কণ্ঠৰোধ হওক, তোমাৰ আদেশ পালন কৰিম।
         (চকুৰে দেখালৈকে জয়মতীলৈ চাই চাই ওলাই যায়, জয়মতীয়েও ব্যাকুল ভাবে চাই থাকে )
জয়।—প্ৰিয়তম দেৱতা মোৰ ! ( অলপ পিচত ওপৰলৈ চাই কৰযোৰে) ভগৱান ! এই দুখিনীৰ কাতৰ প্ৰাৰ্থনা যেন বিফল নকৰা। লৈ যোৱাঁ, মোৰ দেৱতাক তোমাৰ মঙ্গলময় হাতেৰে আবৰি লৈ যোৱাঁ। বেগাই লৈ যোৱাঁ, আৰু নুঘূৰাবা।
         (এদল সশস্ত্ৰ চাওদাঙ্গেৰে সৈতে চাওদাং বৰুৱাৰ প্ৰবেশ। )
চা, ব।—(চাওদাংবিলাকক) ঘৰ ভেটা দিয়াঁ। অতি সাৱধানে