পৃষ্ঠা:সতীৰ তেজ.pdf/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এতিয়াই কামৰ পৰা আজৰি হৈ তাতত বহিছে গৈ। আহাঁ, বহাঁহি ।
ৰতনী।—মই নবহোঁ, সময় নাই। থিয়ৈ থিয়ৈ কথা একেষাৰ কৈ যাবলৈ হে আহিছোঁ।
কেতেকী।—উ আই ! ইমান নো তত নোহোৱা হ’ল নে ?
ৰতনী।—তত থাকিলে নে লৰালৰি কৰিছোঁ নে ? বেগাই কুঁৱৰীক মাতি দিয়াঁ।
কেতেকী।—বাৰু নবহা যদি ৰ’বা, আইদেউক কওঁ।
                                                              (প্ৰস্থান)
ৰতন।—দিন কালৰ যেনেহে গতি হৈছে, ওলাব সোমাবলৈকে এৰিব লগা হ’ল। মোৰ ওপৰত বা কাৰ চকু পৰিছে, কোনে জানে। তেহেলৈ মোৰ যি হয় হওক, কুঁৱৰীক কথাটো জনাবই লাগিব।
                                  (জয়মতীৰ প্ৰবেশ। )
জয়।—অ’ ৰতনী, ইয়াতে ৰ’লা কিয় ? ভিতৰলৈ আহাঁ।
ৰতনী।—মই যাওঁৱেই। আঁচলত জীৱ বান্ধি হে আহিছোঁ। এটা গুপুত কথা আছে। কোঁৱৰ কলৈ গ’ল। জয়।—দুপৰতে ওলাই গৈছে, এতিয়াও ঘূৰা নাই। সুধিলা কিয় ?
ৰজনী।— আইদেউ! মই আপোনাক এটা ভয়ানক বাতৰি দিবলৈ আহিছোঁ। ( চাৰিওফাললৈ চাই ) আজি কোঁৱৰক ধৰাই নিব।