পৃষ্ঠা:সতীৰ তেজ.pdf/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


জয়।—কোনে ?
ৰতনী।—স্বৰ্গদেৱে।
জয়।—কিয় ?
ৰতনী।— ক’ব নোৱাৰোঁ।
জয়।—(হাঁহি হাঁহি ) নহয়, তোমাৰ ভুল হৈছে। স্বৰ্গদেৱে ধৰাই নিব কিয় ? তেওঁ তো কোনো অপৰাধ কৰা নাই।
ৰতনী।—মোৰ ভুল হোৱা নাই। অপৰাধ নহলেও ধৰাই নিব— আজি গধূলিতে। আই-দেউতাই কেনেবাকৈ গম পাই মোক পঠিয়াই দিছে। কথা অতি গোপন, ওলাবৰ হ’লে মোৰো মূৰ যাব। তাতে বৰগোহাই ডাঙ্গৰীয়াও এতিয়া নগৰত নাই, ভাটীত আছে। মই যাওঁ। গধূলিৰ আগতে কিবা এটা নকৰিবৰ হলে কোঁৱৰক আৰু নাপায়। আনবোৰ কোঁৱৰৰ অৱস্থা দেখিছেই।
                                                            ( শঙ্কিত ভাবে প্ৰস্থান। )
জয়।—স্বামীৰ বিপদ! মোৰ দেখোন বিশ্বাস কৰিবৰ মন নাযায়। তেওঁক দেখোন সকলোৱে ভাল পায়। হঠাৎ কি ৰজাঘৰীয়া অপৰাধ লগালে ? নহয়, মিছা, মই বিশ্বাস নকৰোঁ।
                       (গদাপাণিৰ প্ৰবেশ। )
গদা।—জয়া ! আহোম বংশৰ সকলো কোৱৰ শেষ হ’ল ;