তিৰুতাৰ আত্মদান কাব্য/দ্বাদশ সৰ্গ
⸻৹৹৹৹৹৹⸻
“⸻No flattery, hate, or envy lodgeth here
'There no suspicion walled in proved steel,
* * * * * *
Pride is not there, no tyrant there we feel.”
⸻⸻⸻⸻Fletcher,
নিৰ্জ্জন শ্মশান-মাজে কিয় বাজ আজি তই
হৃদয়ত নিৰাশাৰ বীণ?
কেনেবা-কেনেবা মন কিয়নো হইছ তই
দেখি এই শ্মশান গহীন?
ভয়-ভয়-ভয় কবি কিয় হুহকিছ পাছ?
আছে কিনো শ্মশানত? কিয় কৰ ভয়?
নোহেতো শ্মশান এই ঠাই অতি ভয়ঙ্কৰ?
নাই একে, কিয় মিছা শঙ্কা কৰ তই?
নাজান নিৰ্ব্বোধ! তই এনুৱা শ্মশান ভূমি
মহাযোগী ত্ৰিশূলীৰ অতি প্ৰিয় থান?
প্ৰকৃতিৰ লীলাভূমি তিয়াগি কৈলাশ গিৰি
এই শ্মশানত আহি কৰেহি বিশ্ৰাম?
নাজান, নিৰ্ব্বোধ! তই এইতে৷ শ্মশান সেই
দুৰ্ভগীয়া থ’লে ঘ’ত চিৰ কাললই,
প্ৰাণাধিকা প্ৰিয় পত্নী (কৰ্ম্ম-ক্ষেত্ৰে অদ্ধাঙ্গিনী)
প্ৰাণৰ প্ৰতিমা খনি ঘৰ সুদা-কই?
পৰাণতো বেচি প্ৰিয় যি আছিলে জীৱনত,
থ’লে আনি সি প্ৰতিমা এই শ্মশানত:—
নিৰানন্দ মনে যেনে বিজয়া দশমী-দিনা
স্বৰ্ণময়ী দেবী-মূত্তি নইৰ গৰ্ভত॥
শ্মশান সোমালে, ৰাজে মানস-পটত
মানৰৰ মৃত্যু-ছবি, সি বুলি কি, মন!
ভয় পাৱ, ভয়াতুৰ? হিতেশে যে আৰু
নকৰে মৃত্যুৰ ভয়! মৃত্যু কি ভীষণ?
মৃতু নেকি ভয়ঙ্কৰ? মৃত্যুৰ কোলাত
নাই কি মধুৰ শান্তি? নোহে কি মৰণ।
অনন্ত শান্তিৰ দ্বাৰ? দ্বাৰ ত্ৰিদিবৰ?
নোহে কি মৰণ, মন! যাৰ কৰুণাত
সংসাৰৰ দুখশোক হয় অৱসান
মানৱৰ! হৃদয়ৰ অশান্তি দাৰুণ
শান্তি ৰূপে পৰিণত হয় অন্তিমত?
অশান্তিৰ সংসাৰত হই জ্বলাকলা
সন্তপ্ত মানৱে মাথোঁ সাবতি মৰণ।
পায় শান্তি স্বৰগৰ, সুধাৰ ঝৰণা
পিয়াহ আকুল মৰে মৰ জগতত॥
মৰণ নহয় মাথোঁ মৃত্যুৰ কাৰণ
মানৱৰ; ই মৰণ শোকতাপহাৰী,
স্বৰগৰ দূত ইটো, তাপিত প্ৰাণক
স্বৰগত কৰে শাঁত অশান্তি নিবাৰি॥
এয়েতো মৰণ যাৰ কোমল কোলাত
কত দুৰ্ভগাৰ কত পুত্ৰ আদৰৰ
কত পত্নী প্ৰিয়তমা প্ৰাণৰ প্ৰিয়সী
হতভাগ্য স্কোৱামীৰ (দুৰ্ভগাৰ দৰে)
কৰিছে শয়ন, মন! চিৰ কাললই
এই সংসাৰত! আহা! ভাগ্যশালী জীৱ!
কত পূণ্যবলে জানো পূৰ্ব্ব জনমৰ।
সি সকলে পালে, মন! মৰণৰ কোলা—
সুকোমল শান্তি ভৰা,—নউ হওঁতেই
হাৰাশাস্তি, জ্বলাকলা বহু পৰিমাণে
সংসাৰত, সংসাৰৰ পাই শোক তাপ॥
প্ৰিয়জন, প্ৰিয়পুত্ৰ, প্ৰাণ—প্ৰিয়তমা
ত্যজিলে সংসাৰ, পাছে, সি সবে সইতে
কাৰ কৰুণাত, মন! হয় স্বৰগত
পুনৰ মিলন? কোনে বিৰহ—অগনি
নুমাই, হিয়াৰ ঢালে সুশীতল পানী।
মানৱক অন্তিমত? এয়েতো মৰণ,
শান্তিদাতা, তাপহাৰী, শান্তি-নিকেতন।
মৰণ নহয় মৃত্যু, নহয় শমন,
যমৰ ভীষণ মূৰ্ত্তি নহয় মৰণ;
মৰণ স্বৰ্গৰ দুত, শান্তিৰ আধাৰ,
(সংসাৰৰ সুশীতল শান্তি—পাৰাবাৰ)॥
ত্ৰিদিবতো প্ৰিয় যাৰ জ্বলান্ত নৰক,
মহাপাপে ভৰা যাৰ পপীয়া অন্তৰ:-
পবিত্ৰ শ্মাশন-মাজে, নিৰবোধ মন!
তেনুৱা পাপীয়ে পায় ভয় ভয়ঙ্কৰ॥
কিয়, মন! কৰ ভয়? চঞ্চল হৃদয়!
কিয় তই ঘনে ঘনে কপিছ ভয়ত?
পবিত্ৰ শ্মাশন ভূমি চিৰশান্তি ভৰা,
অনন্ত সুখৰ ঠাই জগত–মাজত॥
শুনিছোঁ হওতে, মন! মেঘৰ সিপাৰে
স্বৰ্গ নামে আছে এক শান্তিময় ঠাই;
আছে সঁচা, কিন্তু, হায়! যদিওবা আছে:-
মানুহে নেদেখে তাক থাকোতে জীয়াই॥
আছেনে নাইনে স্বৰ্গ সিপাৰে মেঘৰ,
এই কথা য’ত ভাবোঁ এনে ভাব হয়:-
আছে সঁচা স্বৰ্গ তাত মেঘৰ সিপাৰে;
মেঘৰ সিপাৰ, হায়! নোহে শূন্য ময়।
আছে সঁচা স্বৰ্গ তাত-স্বৰ্গৰ দুৱাৰ,
মেঘৰ সিপাৰে স্বৰ্গ নহয় কল্পনা;
আছে সঁচা কিন্তুহায়! নেদেখোঁ সিৰূপ
সেই ৰূপ মনোহৰ, আমি দিন কণা!!
এতিয়া নেভাবোঁ, মন! সি স্বৰ্গৰ কথা:-
ভাবিলে সিকথা, হায়! চকুলো সৰিব।
নাইকিয়া একো লাভ সেই কথা ভাবি,
পৰিতাপ কৰি মাথোঁ কান্দিব লাগিব॥
নালাগে নাভাবোঁ আৰু সি স্বৰ্গৰ ,
এতিয়া স্বৰ্গৰ কথা কি হ’ব ভাবিলে?
মেঘৰ সিপাৰে, সঁচা স্বৰ্গ আছে তাত,
নাপায় মানুহে কিন্তু পৰাণ নেৰিলে॥
জানো, মন! শুনো, এই জগতৰ
পুণ্যৱন্ত ধৰ্ম্মী জনে তিয়াগি জীৱন,
গই সেই স্বৰগত থাকে আনন্দত
চিৰশান্তি সম্ভোগত হই নিমগন॥
সেই সুখ সেই কথা যত ভাবি চাওঁ,
অতি সুমধুৰ বুলি তত ভাব হয়;
কৰিব কল্পনা, হায়! নহয় স্বৰগ,
মেঘৰ সিপাৰে স্বৰ্গ অতি সুখময়॥
সি ঠাইত মাত্ৰ সাধু সুখ ভোগ কৰে,
মাথোঁ পুণ্যৱন্তে তাত সুখশান্তি পায়;
পাপী মাত্ৰে সি ঠাইত নোৱাৰে সোমাব,
সেই স্বৰ্গ শান্তি ভৰা সেই সুখৰ ঠাই॥
লাগে তেনেকুৱা স্বৰ্গ লাগে সকলোকে,
চিৰ শান্তি ভৰ স্বৰ্গ লাগে যে আমাক,
কিন্তু কেনেকই পাম সুখৰ স্বৰগ,
যি স্বৰগে কৰে ঘৃণ পাপীৰ আত্মাক?
কৰিছ বা কত মন, জনম অৱধি
কুকৰ্ম্ম জানোবা, হায়! তোৰ জীৱনত,
দয়াময় ঈশ্বৰৰ নুশুনি বচন?
জানোবা নোৱাৰ পাছে যাব স্বৰগত?
সঁচাকৈয়ে বাৰু, মন! কছোঁ তই মোক,
পাৰিবিনে যাব তই মৰাৰ পাছত
(পঞ্চভূতে পঞ্চভূত ঘৱে পাব লয়)
পিন্ধি দেৱ সাজ পাৰ সেই স্বৰগত?
পাৰিবিনে লীন হ’ব প্ৰভুৰ পাৱত
তিয়াগি নশ্বৰ দেহা? পাবিনে তেতিয়া
সি স্বৰগ? কৰি ত্যাগ অনিত্য সংসাৰ
প্ৰাণবায়ু উৰি তোৰ যাবগৈ যেতিয়া?
নিৰবোধ মন? যদি তোৰ হৃদয়ত
আছেহে এনুৱা ভাব, এৰিদে এতিয়া,
নহ’লে, লাগিব তোক লাঞ্ছনা ভুগিব
সি কালত, যমদূতে ধৰিব যেতিয়া॥
কিন্তু, মন!
দীন দুখী মহাপাপী সবৰে দেহাক
যি সাদৰে লয় তুলি আপোন কোলাত:—
পাপীৰে ক্লেশত যাৰ কান্দে প্ৰাণ মন:—
সেয়েকি নহয় স্বৰ্গ?—নাই শাত্তি তাত?
আৰু⸻⸻⸻
পুণ্যবন মহাপাপী দুয়োৰে দেহাক
সমভাব কৰে যেয়ে, সেয়ে পুজনীয়
নোহে কি? নবয় তাত চেনেহৰ নই?
মৰ্ত্ত্যত নোহেকি সেয়ে ক্ষেত্ৰ স্বৰগীয়?
যদি হয়⸻⸻
নকৰিবি ভয়; মন! পবিত্ৰ শ্মশান
অনন্ত শান্তিৰ ঠাই, স্বৰ্গ পৃথিবীৰ,
কি পাপী কি পুণ্যবান সবে ভাগ পায়।
অন্তিমত ই ঠাইত অমিয়া শান্তিৰ॥
কি ৰজা কি প্ৰজা, কিম্বা ধনী বা দুখীয়া
মহাপাপী পুণ্যবান আহি শ্মশানত
নাইকিয়া একো ভিন, সবে সমভাবে
পায় শান্তি অন্তিমত অন্তিম কালত॥
এয়েতো শ্মশান সেই, দুৰ্ভগী হিতেশ!
জন্মদাতা পিতৃ তোৰ, জননী স্নেহৰ
চিৰ কাললই য’ত কৰিছে শয়ন,
অন্তিমত লভি শস্তি নৰ জীৱনৰ॥
এয়েতো শ্মণান ভূমি, কোমল কোলাত
যাৰ, মহাসুখে আজি লভিছে বিৰাম।
প্ৰাণৰ ভনিটী তোৰ, নুমলীয়া ভাই
ত্যজি অশাশ্বত দেহা, অনিত্য পৰাণ॥
আাদৰৰ ধন তোৰ স্নেহৰ জিতেন,
প্ৰাণাধিকা প্ৰিয় পত্নী জীৱন সঙ্গিনী
এই শানতে দুয়ো, অন্তিমত তোৰো
তয়ো আহি পাবি আতে (১) শাস্তিৰ জিৰণি॥
কিয় কৰ ভয় তেনে, অভাগা হিতেশ?
দীন দুখী বুলিতোক অনন্ত ঘৃণাত
আতে=ইয়াতে।
নিদিয়েতো ঠেলি এই পবিত্ৰ শ্মশানে?
অন্তিম কালত ল’ব তোকোতে৷ কোলাত?
দৰিদ্ৰ হিতেশ! হায়! তোৰোতো এদিন
প্ৰাণ-পখী যাব উৰি দেহা এৰি থই?
সেই সময়ত তোকে৷ এনে শ্মশানত
আহিবতো লাগিবই? কিয় কৰ ভয়?
তেনুৱা কালত তোক বন্ধুয়ে এৰিব,
এৰি যাব বাই-ভায়ে বিষম ঘিণত,
তেনুৱা কালত তোক কোনে ল’ব কোলা?
কোনেনো কৰিব স্নেহ সেই সময়ত?
এয়ে সেই, হে হিতেশ! পবিত্ৰ শ্মশান,
যি ল'ব চপাই তোক অন্তিম কালত,
এয়ে সেই ভূমি, হায়! অনন্ত শান্তিৰ
যি ল'ব কোলাত তোক অতি সাদৰত॥
এইতো শ্মশান, হায়। অন্তিমৰ তোৰ,
যি ঠাইত সাহি তই পাবিহি আশ্ৰয়;
এইতো শ্মশান তোৰ পঞ্চভূতী দেহা
পঞ্চভূতে, যি ঠাইত আহি পাব লয়॥
“অন্তিম কালৰ ঘৰ’’ তোৰ ই শ্মশান;
এনুৱা শ্মশান দেখি কিয় কৰ ভয়?
নাইতো শ্মশান মাজে ভয়ৰ কাৰণ?
ভয়ঙ্কৰ ঠাই ইটো নোহেতো নহয়?
নকবিবি ভয়, মন! ৰবিছোঁ থিৰেৰে
ৰবিছোঁ অলপ, চাওঁ কোন সেই জন
মৰাশ কানত লই, এই মহা নিশা
আহে শ্মশানৰ ফালে, বিয়াকুল মন?
স্বোৱামীৰ নিন্দা বোলে সহিব নোৱাৰি
সত্য যুগে প্ৰাণত্যাগ কৰিছিলে সতী;
সতী-দেহা তুলি লই আপোন কানত
ভ্ৰমি ফুৰিছিলে বোলে শিৱ সতী-পতি?
এয়েকি ত্ৰিশূলী সেই? এয়েনেকি শিৱ?
এয়েকি সতীৰ পতি? সতী-দেহা লই
আপোন কানত তুলি ভ্ৰমিছে শ্মশান
বিষাদ মনত, হায়! বিয়াকুল হই?
নহয়, নহয়, এঁও নহয় ত্ৰিশূলী;
এওঁ লাঙ্গি গদাপাণি, দুখ বেজাৰত,
প্ৰিয়সীৰ মৃতদেহা আকোৱালি লই
বিয়াকুল প্ৰাণে সে’য়া আহে শ্মশানত॥
লাহে লাহে আহি গদা পালেহি শ্মশান,
শ্মশান মাজত থ’লে দেহ প্ৰিয়সীৰ,
প্ৰিয়া মুখলই চাই, বিষাদ মনত,
কান্দিব' ধৰিলে গদা শোকত অধিৰ॥
প্ৰিয়তমা! লিখা আছে ভাগ্যত তোমাৰ,
‘থাকাঁ কঙ্গালিনী-দৰে শ্মশান মাজত
“আহোমৰ ৰাজ লক্ষী, নাই আড়ম্বৰ
“তোমাৰ লগত আজি এই শ্মশানত॥
“ঢুলীয়া গায়ন নাই তোমাৰ লগত,
“নাই দবাকালি, পেঁপা, নাই কাঁহ, হায়!
“নাই আজি সিংহাসন, নাই তুলীপাটী!
“কি কৰিবা? অদৃষ্টত লিখাপ্ৰিয়ে! নাই!!
“উস!⸻⸻⸻
“আদৰ্শ সতীটী তুমি আহোম কুলৰ,
“আহোম বংশৰ তুমি উজ্জ্বল ৰতন!
“দীন দৰিদ্ৰৰ দৰে থাকিবা ইয়াত
“অকলে অকলে, প্ৰিয়ে! হই অচেতন?
“হায়!⸻⸻⸻
“কত বেটী কত বন্দী আহিলে হেঁতেন।
“তোমাৰ দেহাটী লই কেকোৰা দোলাত
“কত সমাৰোহে; কৰি কত আড়ম্বৰ
তোমাক সঁপিলে হয় শ্মশান কোলাত॥
উৰি-আম কাঠেৰে-সজা সুন্দৰ পেৰাটী (১)
কোলাত তোমাক লই পালে হয় শোভা;
ধাৰে ধাৰে কত ফুল দিলে হয় তাত
জুতি মালাতীৰ চাকি এৱাঁ-সুতা গঁথা॥
“বন্ধালো হেঁতেন মই ওখ মইদাম’
জিলিকি থাকিলে হয় অসম-ভূমিত
দিলে হয় পৰিচয় দিগ দিগন্তত
“তোমাৰ কীৰ্ত্তিৰ, প্ৰিয়ে! হই গৌৰবিত॥
“উস।⸻⸻⸻
“নাই, প্ৰিয়ে! তেনে কাল, নাই সিসময়।
“তেনুৱা৷ ক্ষমতা মোৰ নাইকিয়া আজি!
“তোমাৰ কীৰ্ত্তিৰ চিন কি কৰি ৰাখিম?
“কি কৰি তোমাক থ’ম “মইদাম” সাজি?
“আছিলে ভাগ্যত লিখা এনুৱা তোমাৰ!
“থাকা দুখুনীৰ দৰে অকলে ইয়াত!!”
এই বুলি গদাপাণি শোকে কান্দি কান্দি
গাঁত এটী খানি, থ’লে প্ৰিয়সীক তাত॥
প্ৰিয়সীক থই, হায়! শ্মশান মাজত,
দুখে শোকে কান্দি তেওঁ এৰিলে শ্মশান
পৰ্ব্বতৰ ফালে পুনু গ’ল কান্দি কান্দি
ইনাই বিনাই গদা বিয়াকুল প্ৰাণ!!
* * * *
* * * *
যোৱা, গদা! যোৱাঁ, ৰজা! যোৱাঁ, সৰ্গদেও
নোহোবা কেৱল তুমি এই শ্মশানত আনি
থইছ প্ৰাণ-প্ৰতিমা, দেখিছা এন্ধাৰ!
তোমাৰ নিচিনা, ৰজা! আছে আৰু দুৰ্ভগীয়া,
প্ৰেমময়ী প্ৰিয়তমা শ্মশাণত তাৰ!!
আমিও তোমাৰ দৰে জীৱনৰ প্ৰাৰম্ভতে
পৰাণৰ প্ৰিয়সখী থ’লো শ্মশানত!
হেৰুৱাই অৰ্দ্ধাঙ্গিনী— (প্ৰাণাধিকা প্ৰিয়, পত্নী)
দেখিছোঁ এন্ধাৰ আজি সংসাৰ-মাজত!!
আমাৰো তোমাৰ দৰে আজি, ৰজা! শূণ্যঘৰ,
শান্তিময়ী প্ৰিয়া বিনে শান্তি নাইকিয়া!
ভাই বন্ধু পুত্ৰ কন্যা যদিও সকলো আছে।
সংসাৰত আাজি যেন অকলসৰীয়া!!
মহাৰাজ! সৰ্গদেও!
মাউৰা দুটী কোঁবৰ সাবতি বুকুত
তুমি সাজি যেনেকই ব্যাকুল শোকত
নলিন বিপিন আৰু হিৰণ কিৰণ
চাৰিটীক লই আমি তেনে সংসাৰত!!
ৰাণীৰ শোকত তুমি কান্দিছা বিনাই,
বিকল হিতেশ আজি পত্নী হেৰুৱাই!!
আক, প্ৰিয়ে! প্ৰাণাধিকা!⸻⸻
হিতেশৰ জীৱণ সঙ্গিনি!⸻⸻
“ধৃতি যস্ত মিতা ৰতিশ্চুত্যা বিৰতং গেয়মৃৰ্ত্যুনিৰুৎসবঃ।
"গতমাভৰণ প্ৰয়োজনং পৰিশূন্যং শয়নীয় মধ্য মে॥
"গৃহিনী সচিবঃ সধীমিথঃ প্ৰিয় শিষ্যা ললিতে কলা বিধৌ।
কৰুণা বিমুখেন মৃত্যুনা হৰতা ত্বাং যদ কিং ন মে হৃতম॥
"বিভবেপি সতি ত্বয়া বিনা সখমেতাষদজস গন্যতাম।
অহৃতথ্য বিলোভনান্তৰৈমম সৰ্ব্বে বিষয়াস্তদা শ্ৰয়াঃ॥
* * * *
* * * *
⸻আছিলে মনত আশা, অন্তিমত, প্ৰাণাধিকা
দুচকু মুদিম বুলি তোমাৰ হাতত।
কিন্তু বিধতাৰ বিধি কি কৰি বুজিম আজি?
ভাঙ্গিলে সি সুখময় স্বল্প অকালত!!
যি ভাবিলে আগহ’ম সি থাকিল পৰি পাছ,
ভবা কথা সকলোটি গ’ল দূৰলই!
স্বপ্নৰো অগম্য যিটো ফলিলে ভাগ্যত আজি!
আঁতৰিলা, প্ৰাণ, প্ৰিয়া! হিয়া শূন্য কই!!
দি গইছা সঁচা, প্ৰিয়ে! দুটি পুত্ৰ দুটি কন্যা,
তুমি কিন্তু নাই বুলি হিতেশ শ্ৰীহীন!
অসাৰ সংসাৰ যেন ঘোৰ অন্ধকাৰে ভৰা,
বালুময় মৰুভূমি জন প্ৰাণী হীন!
ইচ্ছাময় জগদীশ!!
অসাৰ ই সংসাৰত এই ঘোৰ এন্ধাৰত
কান্দি যে উঠিছে মোৰ দুৰ্ব্বল পৰাণ।
বিবেকৰ ৰূপ ধৰি শাস্তি দিয়া হৃদয়ত,
অন্তৰত দিয়াঁ, বোধ মানৱ অজ্ঞান!!
“কা তব কান্তা কন্তে পূত্ৰঃ।
“সংসাৰোহয় মতীব বিচিত্ৰঃ॥
“কন্য ত্বং বা কুতঃ আয়াতঃ।
“তত্ত্বং চিন্তয় তদিদং ভ্ৰাতঃ”॥
দিয়াঁ তত্ত-জ্ঞান-বল, নতু, আজি যাওঁ তল!
এই শোক-সাগৰত কৰাঁ-প্ৰভু ত্ৰাণ!—
দয়াময়! —পূৰ্ণ হ’ক তযু মনস্কাম॥
“হৰিণাপি হৰেণাপি ব্ৰহ্মনাপি সুৰেৰপি।
“ললাটে লিখিতা ৰেখা ন শক্যাঃ পৰিমাৰ্জ্জিতুম”॥
এয়েই গোহাৰি মাথোঁ তযু চৰণত
হে প্ৰভু কৰুণাময়! দিয়া আশীৰ্ব্বাদ,
নলিন বিপিন মোৰ হোক বিদ্যাবান,
কীৰ্ত্তিমান; পতিব্ৰতা হিৰণ কিৰণ
(দুগ্ধপোষ্যা কন্যা দুটী) কীৰ্ত্তিমান পতি
হোক লাভ জীৱনত, দীৰ্ঘায়ু জীৱন,
শত বৰ্ষ পৰমায়ু। এই দগ্ধ হিয়া
দেখি তাক হোক শাঁত জীৱনৰ বাকী
ই দাসৰ, দয়াময়। হোক আসামৰ
ঘৰে ঘৰে শত জন্ম শত জয়মতী।
নিস্বাৰ্থ প্ৰেমথ চিত্ৰ হোক বিৰাজিত
পতিব্ৰতা সতী স্ত্ৰীৰ আসাম ভূমিত॥
আৰু
জীৱনৰ বাকী যেন যাৰ ইদাসৰ
বীণাপাণি ভাৰতীৰ শ্ৰী—পদ—তলত,
দয়াময়! দয়া কৰি দিবা যেন ঠাই
চৰণৰ এদাতিত; দীনদুখী বুলি
নেথেলিবা যেন, নাথ! অগতিৰ গতি।
ই দাসক। যদিওবা নাজানে ভজনা,
পুজিব’ চৰণ তযু, কৰিবা কৰুণা,
কৃপাময়! দেখুৱাবা, দেখালা যি ৰূপে
সাদৰীকে গোলাপীকে কমতাপুৰত,
বিৰহিনী বিৰহৰ জ্বলা অগনিত
পুৰি-দেই-ছাই-হোৱা, অৰণ্য-মাজত
জয়মতী মহাসতী, পতি-গত-প্ৰানা
পাতব্ৰতা স্বামী স’তে; দুৰ্ভাগী মালিতা
কোচানত, ভেনিচৰ ডেচ্দিমোনা সতী
আাক মূৰ ওথেলোক, যেন জীৱনত
পিয়ালীকে নুমলীকে পিজউ জম্মীকে
অভয়ক আৰু সেই বৰফুকনক (১)
ৰাজকন্যা তুলশীকো * যাৰ কুচক্ৰত
(১) বদনচন্দ্ৰ বৰফুকন, এওঁক মান আনা বৰফুকনো বোলে। এওঁৰ ৪টি পুতেক, জন্মী, পিয়লী, নুমণী আৰু অভয়; পিজৌ গাভৰু জীয়েক, এওঁক পূৰ্ণানন্দ বুঢ়াগোহাঞীৰ পুতেক ঢেকিয়াল ফুকনলৈ বিয়া কৰাইছিল।
* তুলসী আইদেও, এওঁ গৌৰীনাথ সিংহ সৰ্গদেৱৰ জীয়েক। এওঁ তলে ২ চিঠি চপাই বৰফুকনলৈ আহিব খুজিছিল, কিন্তু কোনো কাৰণ বশত বৰফুকন আনিবলৈ সন্মত নহ'ল। [ ১৬০ ]আাসামত অকালত লাগিল সন্ধীয়া
আহোমৰ জীৱনৰ; স্বাধীনতা বেলি
মাৰ গ’ল দুপৰতে চিৰকাললই,
দেখুৱাবা যেন, নাথ! হে কৰুণাময়!
সি সবকো। গাব কবি, ভগ্নপ্ৰাণে যদি,
যদিওবা ভগ্নোৎসাহ, যদিওবা তাৰ
নাই আৰু সেই সুখ শান্তি হদয়ত
অন্তৰ্হিত যদিওবা সুখ জীৱনৰ
তাৰ, নাথ। কৰা কৃপা, বাগ্দেবী-পাৱত,
পুজি ভাৰতীৰ পদ, যেন শান্তি পায়
জীৱনত একণিকা; দুৰাকাঙক্ষ তাৰ
“আহোম-জীৱন সন্ধ্যা” গাব এই সুৰে
গাঁথি নানা ছন্দে কাব্য, হে মঙ্গল ময়!
কৰাঁ যেন পূৰ্ণ আশা। ক্ষুদ্ৰ জীৱনত
পূৰাইছা বহু আশা (নোহে অকৃতজ্ঞ
হে প্ৰভু! ই দীন কবি তযূ চৰণত)
আছে আৰু বাকী বহু; পূৰাবাকি, নাথ!
সেই সবো জীৱনত? দক্ষ-প্ৰাণ কবি,
নিত্য দগ্ধ হিয়া তাৰ! নিতে সৰে পানী
দুচকুৰ পৰা, নাথ! কি দিব তোমাক
“কৃতজ্ঞতা ছিহ্ণ” বুলি? হিয়া—থাপনাত,
অন্তৰত থাপি মূৰ্ত্তি তযু, প্ৰেমময়!
ভক্তিৰে অঞ্জলি দিব চকুলো দুধাৰি
তযু চৰণত, মাথোঁ, দুৰ্ভগা কবিৰ।
সম্বল চকুলো মাথোঁ, চকুলো বিভূতি
হতভাগ্য জীৱনত। তোমাৰে সৃজিত
এটিপ্ৰাণী, যাৰে স’তে কি-এক মায়াৰে
(মায়াৰ দোলেৰে স’তে) বান্ধিছিলা প্ৰভু!
একেলগে জীৱনত অচ্ছেদ্য বান্ধেৰে;
চিঙ্গিলা সিবান্ধ, প্ৰভু! (নোহে, দয়াময়!—
অচ্ছেদ্য বন্ধন সিটো জীৱনে মৰণে!
কি সাধ্যে চিঙ্গিব৷ তুমি?) আপোনাৰ ভাৰি
নিলা, নাথ! দিলা ঠাই চৰণ দাতিত
স্নেহ কৰি, দিবা যেন মোকো অন্তিমত
সেই শ্ৰীপদতে ঠাই নিজ দাস ভাবি॥
“ময়া মন জায়তে নাথ মাহাত্ম্যং পৰমং তব।
“নজানাতি পৰো ব্ৰহ্মা হৰিং বাচামগোচৰম্॥
ত্বমেব মাতা পিতা ত্বমেব ত্বমেব বন্ধুশ্চ সখা ত্বমেব।
ত্বমেব বিদ্যা দ্ৰবিনং ত্বমেব, ত্বমেব সৰ্ব্বং মম দেব দেব॥