সমললৈ যাওক

তিৰুতাৰ আত্মদান কাব্য/উপসংহাৰ

ৱিকিউৎসৰ পৰা

উপসংহাৰ।
⸻⸻

   কুঁৱৰী মৰাৰ পাছে ভ্ৰমি বহু গদাপাণি,
শেহত পলাই থাকে গাৰোনী (১) ঘৰত,
ডেৰ বছৰৰ প্ৰায় পাছত আকউ এক
হ’ল মহা হুলস্থূল আহোম ৰাজ্যত॥
এইটি সুযোগ পাই বন্দৰ ফুকনে (২) চাই
গদাক বিচাৰি আনি দিলে ৰাজ-পাট।
ভাগ্যলক্ষী সুপ্ৰসন্না আকউ গদাৰ হ’ল,
ৰাজলক্ষী বিৰাজিত আকউ গদাত॥
পঞ্চদশ বৰ্ষ পুনু ৰাজ্য-সুখ কৰি ভোগ।
সমৰ্পি আহোম-ৰাজ্য লাইৰ হাতত,
স্বৰ্গীহ’ল গদাপাণি (গদাধৰ সিংহ ৰজা )
ইংৰাজী ষোলশ ছয়ান্নবই সনত (৩)।

(১) গাৰোৱনী তিৰুতাৰ ঘৰত।
(২) বন্দৰ বৰ ফুকনে।

(৩) ইংৰাজী ১৬৯৬ সনত।

ৰূদ্ৰসিংহ নামলই পাটত উঠিলে লাই,
সতী আইতাৰ স্মৃতি যুগমীয়া কৰি
থনালে পুখুৰি এটি যি ঠাইতে মৰে সতী।
নাম দিলে তাৰ মাতৃ-নাম অনুসৰি॥
আজিও “জয়সাগৰে” ঘোষে কীৰ্ত্তি সতীত্বৰ
“তিৰুতাৰ আত্মদান” আজিও যে কয়;
কিবা দেশী কি বিদেশী সকলোকে “জয়দ’লে”
ৰাণীৰ কীৰ্ত্তৰ আজি দিয়ে পৰিচয়॥


কোনে কয়, কৰি তপ তাহানি কালত,
(সত্য ত্ৰেতা দ্বাপৰত) তুষি দেৱতাক,
বৰ লই হইছিলে মানৱ অমৰ
ই মৰ্ত্ত্যত? যদিওবা সছা, হে পাঠক!
কলিযুগ নাই বৰ—দেৱ আশীৰ্ব্বাদ
“কীৰ্ত্তি যস্য স জীবতি” মাথোঁ জগতত॥
বহুকাল হ’ল আজি, এৰিছে কুঁৱৰী

জয়মতী (কুললক্ষী আহোম কুলৰ)
ই মৰত ভূমি, তুমি যোৱা দেখা গই
মূৰ্ত্তিমতী জয়মতী জয়সাগৰত”॥

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)
কমতাপুৰ ধ্বংস কাব্য (page 3 crop)
(কাব্য সমাপ্ত)।


তিৰুতাৰ আত্মদান কাব্য (page 199 crop)
তিৰুতাৰ আত্মদান কাব্য (page 199 crop)