পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


“কি কৰিবা? অদৃষ্টত লিখাপ্ৰিয়ে! নাই!!
“উস!⸻⸻⸻
“আদৰ্শ সতীটী তুমি আহোম কুলৰ,
“আহোম বংশৰ তুমি উজ্জ্বল ৰতন!
“দীন দৰিদ্ৰৰ দৰে থাকিবা ইয়াত
“অকলে অকলে, প্ৰিয়ে! হই অচেতন?
“হায়!⸻⸻⸻
“কত বেটী কত বন্দী আহিলে হেঁতেন।
“তোমাৰ দেহাটী লই কেকোৰা দোলাত
“কত সমাৰোহে; কৰি কত আড়ম্বৰ
তোমাক সঁপিলে হয় শ্মশান কোলাত॥
উৰি-আম কাঠেৰে-সজা সুন্দৰ পেৰাটী (১)
কোলাত তোমাক লই পালে হয় শোভা;

(১) আগৰ কালত আহোম সকলে মৰা খৰি নিদি, কাঠৰ দীঘলীয়া পেৰা (Coffin) এটাত সুমাই পুতি থয়, আৰু তাৰ ওপৰত মৈদাম বান্ধে। পেৰাটী উৰি আম কাঠৰ তক্তাৰে সাজে, সেই বুলিহে আজি কালিও আহোম সকলে তেওঁ লোকৰ ঘৰত উৰি আম কাঠৰ খুটা নলগায়।