পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাই কি মধুৰ শান্তি? নোহে কি মৰণ।
অনন্ত শান্তিৰ দ্বাৰ? দ্বাৰ ত্ৰিদিবৰ?
নোহে কি মৰণ, মন! যাৰ কৰুণাত
সংসাৰৰ দুখশোক হয় অৱসান
মানৱৰ! হৃদয়ৰ অশান্তি দাৰুণ
শান্তি ৰূপে পৰিণত হয় অন্তিমত?
অশান্তিৰ সংসাৰত হই জ্বলাকলা
সন্তপ্ত মানৱে মাথোঁ সাবতি মৰণ।
পায় শান্তি স্বৰগৰ, সুধাৰ ঝৰণা
পিয়াহ আকুল মৰে মৰ জগতত॥
মৰণ নহয় মাথোঁ মৃত্যুৰ কাৰণ
মানৱৰ; ই মৰণ শোকতাপহাৰী,
স্বৰগৰ দূত ইটো, তাপিত প্ৰাণক
স্বৰগত কৰে শাঁত অশান্তি নিবাৰি॥
এয়েতো মৰণ যাৰ কোমল কোলাত
কত দুৰ্ভগাৰ কত পুত্ৰ আদৰৰ
কত পত্নী প্ৰিয়তমা প্ৰাণৰ প্ৰিয়সী

( ১৪১ )