পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আাসামত অকালত লাগিল সন্ধীয়া
আহোমৰ জীৱনৰ; স্বাধীনতা বেলি
মাৰ গ’ল দুপৰতে চিৰকাললই,
দেখুৱাবা যেন, নাথ! হে কৰুণাময়!
সি সবকো। গাব কবি, ভগ্নপ্ৰাণে যদি,
যদিওবা ভগ্নোৎসাহ, যদিওবা তাৰ
নাই আৰু সেই সুখ শান্তি হদয়ত
অন্তৰ্হিত যদিওবা সুখ জীৱনৰ
তাৰ, নাথ। কৰা কৃপা, বাগ্দেবী-পাৱত,
পুজি ভাৰতীৰ পদ, যেন শান্তি পায়
জীৱনত একণিকা; দুৰাকাঙক্ষ তাৰ
“আহোম-জীৱন সন্ধ্যা” গাব এই সুৰে
গাঁথি নানা ছন্দে কাব্য, হে মঙ্গল ময়!
কৰাঁ যেন পূৰ্ণ আশা। ক্ষুদ্ৰ জীৱনত
পূৰাইছা বহু আশা (নোহে অকৃতজ্ঞ
হে প্ৰভু! ই দীন কবি তযূ চৰণত)
আছে আৰু বাকী বহু; পূৰাবাকি, নাথ!