পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কৃপাময়! দেখুৱাবা, দেখালা যি ৰূপে
সাদৰীকে গোলাপীকে কমতাপুৰত,
বিৰহিনী বিৰহৰ জ্বলা অগনিত
পুৰি-দেই-ছাই-হোৱা, অৰণ্য-মাজত
জয়মতী মহাসতী, পতি-গত-প্ৰানা
পাতব্ৰতা স্বামী স’তে; দুৰ্ভাগী মালিতা
কোচানত, ভেনিচৰ ডেচ্‌দিমোনা সতী
আাক মূৰ ওথেলোক, যেন জীৱনত
পিয়ালীকে নুমলীকে পিজউ জম্মীকে
অভয়ক আৰু সেই বৰফুকনক (১)
ৰাজকন্যা তুলশীকো * যাৰ কুচক্ৰত


   (১) বদনচন্দ্ৰ বৰফুকন, এওঁক মান আনা বৰফুকনো বোলে। এওঁৰ ৪টি পুতেক, জন্মী, পিয়লী, নুমণী আৰু অভয়; পিজৌ গাভৰু জীয়েক, এওঁক পূৰ্ণানন্দ বুঢ়াগোহাঞীৰ পুতেক ঢেকিয়াল ফুকনলৈ বিয়া কৰাইছিল।

   * তুলসী আইদেও, এওঁ গৌৰীনাথ সিংহ সৰ্গদেৱৰ জীয়েক। এওঁ তলে ২ চিঠি চপাই বৰফুকনলৈ আহিব খুজিছিল, কিন্তু কোনো কাৰণ বশত বৰফুকন আনিবলৈ সন্মত নহ'ল।

( ১৫৯ )