জিলিকনি/দ্বিতীয় অংশ
অতি হৰষিত হই,
সমনীয়া লগ লই,
পথাৰে দলনি-কাণে নাচি-বাগি ফুৰিলোঁ,
একে একে সকলোকে সুঁৱৰিব ধৰিলোঁ।
এই বলমতে হাঁয়!
লগৰীয়া লগ পাই,
নাদুৰি-সাঁতৰি কত শত বুৰ মাৰিলোঁ,
কুলু কুলু কুলু মাত কত বাৰ শুনিলোঁ।
গাত ছকঠীয়া লই,
জাৰ কাতি কৰি থই,
মেজিৰ কাষত আহি কত বাৰ বহিলোঁ,
মাঘৰ বিহুৰ মেজি কত বাৰ দেখিলোঁ।
আৰু কত কি যে কথা,
লাগে যেন সাধু কথা,
পমি যায় হিয়া মোৰ বৰকৈ গুণিলে,
আজিও হৰিষ লাগে সেইবোৰ শুনিলে।
নিজম জোনাক নিশা,
অথবা হেঙ্গুলী উষা,
বাঁহীৰ মধুৰ মাত উজাগৰে শুনিলে,
অথবা বীণাৰ ধ্বনিশ্ৰৱণত পৰিলে,
প্ৰবাসী ঘৰত থাকি,
মানসী পটত আঁকি,
তোমাৰ পাৰৰ ধূলি-ধেমালিক ভাবিলে,
শৈশৱৰ সোৱঁৰণি মনোমাজে জাগিলে,
নাই পোৱা তেনে হৰ্ষ,
যদিও অনেক বৰ্ষ
নিলগে নিলগে আছোঁ আঁতৰত সুখেৰে,
ইচ্ছা হয় পুনৰায় ফুৰোঁগৈ ঠগেৰে।
দৌল সাজি, নদি খানি
লগৰী গোটাই আনি,
বালিমাহী খেদি যেন পুনৰায় লৱৰোঁ,
সাঁতৰি সাঁতৰি যেন পাৰোঁ মানে ভাগৰোঁ।
সোণালী লৰালি কাল,
নাজানিলোঁ বেয়া তাল,
ফুৰিছিলোঁ হাঁহি-মাতি মুকলিয়া মূৰেৰে,
বসন্তৰ পক্ষী যেনে দিন গল সুখেৰে।
তেতিয়াৰ সেই ঘাট,
গছ-লতা, বালি-বাট,
সকলো চিনাকি মোৰ ভাল লাগে দেখিলে,
মোকো যেন ভাল পায় গছ-লতা সকলে।
পুঁৱতি নিশাৰ হায়!
সুখৰ সপোন প্ৰায়,
আকাশৰ ৰঙ্গা মেঘ এচপৰা যেনিবা,
সি সুখৰ দিন মোৰ গুচি গল কেনিবা
তেতিয়াৰে পৰা নই,
তুমি কিন্তু আছাঁ বই,
সাৰুৱা আমাৰ তুমি পথাৰক কৰিছাঁ,
কাষৰ গাৱঁৰ তুমি উপকাৰ সাধিছাঁ
কত মাহ, বৰ্ষ কত,
ক্ৰমে ক্ৰমে হল গত,
তুমি কিন্তু একে দৰে ধীৰে ব’ব লাগিছাঁ,
বতাহৰ লগ পাই ঢউ-খেলা কৰিছাঁ।
পৰ্ব্বত-জীয়াৰী নই,
ভৈয়ামত বই বই,
সজনে-বিজনে কত লীলা-খেলা কৰিছাঁ,
কত পাৰ ভাঙ্গি-পাতি ঘুৰি পকি ফুৰিছাঁ।
গাঁৱৰ ওচৰ পাই,
উলাহত ঠাই নাই,
এতিয়া বাৰিষা নাও কত তুমি বইছাঁ।
বেপাৰীৰ বেপাৰৰ সহায়তা কৰিছাঁ।
সন্ধ্যাৰ সমীৰ আহি,
উৰাই ফুলৰ পাহি,
ভাগৰুৱা পথিকৰ প্ৰাণ জুৰ কৰিছে,
সন্ধ্যাৰ ৰাঙ্গলী ছবি নই-বুকে পৰিছে।
ইমান বছৰ গল,
কত লৰচৰ হল,
তুমি কিন্তু একে ভাবে কুলু কুলু বইছাঁ,
যত পাৰাঁ সৰু মুখে বিভু-গুণ গাইছাঁ।
লুইত নইৰ কাণ,
তোমাৰ লক্ষ্যৰ স্থান,
তালৈকে ধাউতি ৰাখি নিৰন্তৰ বইছাঁ।
বাধা-বিঘ্ন অতিক্ৰমি অবিৰাম চলিছাঁ।
মানৱ-জীৱন হাঁয়!
মায়া-ভোলে বান্ধ্ খাই,
থাকিব কিমান দিন লক্ষ্য-স্থান পাহৰি,
দুদিনীয়া ছায়াবাজী ধেমালিত বাগৰি।
তোমাৰ নিচিনা নই,
আমাৰো জীৱন-নই,
জগতৰ হিত সাধি পাৰিব নে চলিব,
বিভু-গুণ গাই শেষে অনন্তত মিলিব?
জোন।
নিশাৰ আন্ধাৰ ঠেলি জিলিকি জগত্,
কোন তুমি শোভিছাহাঁ আকাশী লোকত্?
কোন তুমি কাৰ দূত,
হোৱাঁ ৰাতি আবিৰ্ভূত,
ৰূপৰ পোহাৰ মেলা,
আকাশত কৰা খেলা,
কোন তুমি কোৱাঁ হেৰাঁ স্বৰগবাসিনী,
কাৰ প্ৰভাৱত কৰা জোনাক যামিনী?
মণিত মাদলি যেন,
সভাত কুঁৱৰী হেন,
তৰাৰ মাজত বহি,
মিচিকি মিচিকি হাঁহি,
ৰূপালী পোহৰ বাকি দিছা জগতত,
অশেষ তৰাৰ বাণী তুমি আকাশত।
দেখি তযু মধু-হাঁহি
পুখুৰীত ভেঁট-পাহি,
সাজি-পাৰি উলাহত,
তোমাৰেহে মৰমত,
একেৰাহে চাই থাকে তোমাকে ধিয়াই,
তুমি দিয়া প্ৰতিবিম্ব পানীত পেলাই।
অকণি জোনাক লই,
জোনাকী বিতৎ হই,
নিজক কুৰূপ ভাবি,
উৰি উৰি আহি নামি,
গছৰ ছায়াত গই জাকেৰে সোমাই,
আন্ধাৰত ৰিণি ৰিণি পোহৰ বিলায়
জিঁ-জিঁ-জিঁ আৰাও কৰি,
কিবা এক সুৰ ধৰি,
জোনাই, তোমাক দেখি,
জিলিবোৰ মহা সুখী,
মন খুলি গায় সৱে উলাহৰ গীত,
জোনাকত জীৱ জন্তু হয় পুলকিত।
ফুলনিত নানা ফুল,
গোন্ধতে আমোলমোল,
নিয়ৰে ধুৱায় পাহি,
জোনায়ে বিলায় হাঁহি,
ওলমে মুকুতমালা আগত পাতৰ,
ফুল-কুঁৱৰীৰ নাই পাৰ আনন্দৰ।
তিৰোতাই লৰা লই,
তোমাৰ মুখলৈ চাই,
তধা লাগি ৰই ৰই,
কত সাধু কথা কই,
ওমোলায় প্ৰাণপুত্ৰ হৃদয়-ৰতনে,
মিঠৈ এটি দিয়াঁ বুলি হৰষিত মনে
কিনো বিতোপন মুখ,
দেখি পাওঁ মহা সুখ,
আমনি নালাগে মনে,
ঘূৰি চাওঁ ঘনে ঘনে,
কোনে নিৰমিলে কোৱাঁ তোমাক জোনাই
কাৰ জেউতিত থাকা আকাশ শুৱাই?
আহা! সেই খনিকৰ,
কি যে কেনে মনোহৰ,
যি গঢ়িলে জোন তৰা,
সুবিশাল এই ধৰা,
বিনন্দবিলাস যাৰ সৃষ্টি চৰাচৰ।
—সত্য তেওঁ, শিৱ তেওঁ, মহান্ সুন্দৰ
তেওঁ ৰেহে ফিৰিঙ্গটি,
যত দেখোঁ সকলোটি,
পশু, পক্ষী, গছ, বন,
নৰ নাৰী অগণন,
চামে চামে জীৱ বোৰ আহে আৰু যায়,
উপজি তেওঁতে মাৰ যায় পুনৰায়।
বৰষাঁ হে সুধাকৰ,
সুধা ৰাশি স্বৰগৰ,
হাঁহিৰে হঁহাই তুমি,
মানৱৰ কৰ্ম্ম-ভূমি,
কৰাঁ এই পৃথিবীক ঠাই আনন্দৰ,
বৰষা কোমল, স্নিগ্ধ, প্ৰেমৰ পোহৰ।
জীবন সঙ্গীত।
(কবি Longfellow-ৰ ‘A Psalm of Life’ নামে ইংৰাজী কবিতাৰ ভাঙ্গনী)
১
শোকৰ কবিতা ৰচি, দুধাৰি চকু-লো মচি,
নকবা জীৱন মিছা নিশাৰ সপোন;
অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই,
মোহময় মায়াময় সকলো মাথোন।
২
পুত্ৰ কন্যা পৰিবাৰ কোন তযু তুমি কাৰ
বুলি হেৰা অবাবত নকৰাঁ বেজাৰ;
কলা-ঘুমটিয়া হই, আতমা যে আছে বই,
জানিবা মৰণ নাই এই আতমাৰ।
৩
অস্থায়ী মানৱ দেহা, কৰিম দুদিন বেহা,
ফুৰিম দুদিন মাথোঁ সংসাৰ-হাটত;
দুদিনৰ অন্ত হলে, আয়ুষ ঢুকাই গলে,
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত।
৪
চকু কাণ নাক যাব, হাড় ছাল নাশ পাব,
মাটিৰ মানুহ তুমি মাটিত মিলিবা;
অবিনাশী নিত্য ধন, অমৰণ অভগন,
অনন্ত উন্নতিশীল আতমা জানিবা!
৫
সদাই চকু-লো টোকা, দুখত মগন-থকা,
ভোগ-সুখ জীৱনৰ উদ্দেশ্য নহয়;
এনে ভাৱে কাম কৰাঁ, দিনে যেন আগ বাঢ়াঁ
প্ৰতি দিনে খোজ যেন আগলৈহে যায়।
৬
পল পল দণ্ড কৰি, সময় গইছে উৰি,
পাখি-লগা কাঁড়ৰ নিচিনা অবিৰাম;
বহু দূৰ আছে গতি, সময় তাকৰ অতি,
কৰিব লগীয়া আমি আছে বহু কাম।
৭
দিন যায়, আহে ৰাতি, আয়ুষ গইছে টুটি
লাহে লাহে চমু চাপি আহিছে মৰণ;
সংসাৰ যুজৰ ঠাই, শুবৰ সকাম নাই,
কাচি-পাৰি যুজাঁ সবে কৰি প্ৰাণপণ।
৮
এলাহ-নিহালি থোৱা, বীৰ-বেশ গাত লোৱাঁ
নহবা মৰাৰ প্ৰায় জ্ঞানৰ সন্তান;
নহবা গৰুৰ দৰে, খুঁচিলেহে খোজ ধৰে,
ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান।
৯
কল্পনা-চকুৰে চাই, যেনেকি সুন্দৰ পাই
নকৰিবা দূৰ ভবিষ্যক পতিয়ন;
অতীত মৰিল গল, তাৰ কথা অন্ত হল,
মনৰ পৰাই তাক কৰাঁ বিসৰ্জ্জন।
৯
যিহকে আগত পোৱা, ততালিকে কৰি যোৱাঁ
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত;
সাহক সাৰথি কৰাঁ, কৰ্ত্তব্যৰ পাছে লৰা,
ঈশ্বৰ কৰুণাময় আছে ওপৰত।
১০
মহা মহা পুৰুষৰ, চানেকিৰে জীৱনৰ,
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত;
অভিনয় শেষ হলে আয়ু-বেলি মাৰ গলে,
থই যাব পাৰোঁ খোজ সময়-বালিত।
কেতিয়াবা হব পাৰে, কোনো দুৰ্ভগীয়া নৰে
জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই
অঠাই পানীত পৰি, কক্ বক্ কৰি কৰি,
ঢউৰ কোবত যদি আহি পাৰ পাই,
দেখি সেই খোজবোৰ, হব তাৰ আশা ঘোৰ,
সাহ কৰি খোজে খোজে খোজ লব পাৰে।
তেনেহলে বলা ভাই, শুবৰ সকাম নাই,
অপূৰ্ব্ব জেউতি চোৱা উন্নতিৰ শিৰে।
শিকাঁ সবে পৰিশ্ৰম, শিকাঁ হে নীতি-ধৰম,
নাভাবিবা সুখ-দুখ কিনো কপালত;
কৰ্ত্তব্যৰ পাছে লৰা, ক্ৰমাগত কাম কৰাঁ,
ফলাফল ফলদাতা বিভুৰ হাতত।
—————
সুখ।
সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।
দেখিও নেদেখা কিয় দিন-কণা,
সুখ যে হাততে আছে;
যিটে দিব পাৰে স্বাৰ্থ বলিদান,
সুখ ফুৰে পাছে পাছে।
অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই।
পৰৰ অভাৱ, পৰৰ দুখত,
হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে,
সংসাৰত দুখ নাই।
শক্তি-সামৰথ পৰৰ সুখত
বিলাব পাৰিলে ভাই
পৰৰ কাৰণে কান্দিব জানিলে
কান্দনতো সুখ পায়।
সকলো আপোন যত নৰ-নাৰী,
কাক নো বুলিম পৰ?
পৰমপিতাৰ সকলো সন্তান।
পৃথিবী আমাৰ ঘৰ।
গাই-গোটা পেটে ভঁৰাল নহবা
লোকৰ দুখলৈ চোৱা;
মানুহৰ সেৱা, মাণুহৰ পূজা,
পৱিত্ৰ বৰত লোঁৱা।
‘মই’ ‘মোৰ' বুলি নাথাকিবা মজি
মোহৰ জালত পৰি,
‘মই ‘মোৰ' ভাৱে তললৈ বুৰাব
নাপাবা ৰক্ষাৰ তৰী।
সুখৰ দুখৰ মনেই কাৰণ
মনক কৰিবা থিত;
ত্যাগত লভিবা পৰম সন্তোষ,
সাধিবা লোকৰ হিত।
স্বাৰ্থৰ বাটত দুখৰ কাঁইট,
খোজেপতি বিন্ধে হুলে,
নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
সুগন্ধি কুসুম ফুলে।
যথাৰ্থ নিস্বাৰ্থ ধৰমী জীৱন,
বিশ্ব-প্ৰেমে ভৰপূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ।
———
মেঘ।
(কবি Shelley-ৰ “The Cloud” নামে ইংৰাজী কবিতাৰ ছা লৈ লিখা হৈছে। )
পৃথিবী জনমভূমি পানীৰ তনয়,
পাখি নাই উৰি ফুৰোঁ আকাশত মই।
জীৱন-উপায় কৃষি হয় মোৰ পৰা,
সুজলা সুফলা মই কৰোঁ এই ধৰা।
পিয়াহত ফুল যায় ক্ষীণাই শুকাই,
নতুন জীৱন দিওঁ পানী কঢ়িয়াই।
ৰদৰ তাপত যত কুঁহি ফুল পাত,
কলা ঘুমটিৰে শোৱে জাপি ধৰোঁ গাত।
ফুল-কলি হালিজুলি নাচে বতাহত,
ময়ে তাক হঁহুৱাও মাকৰ বুকত।
ৰঙ্গা মুখে উষা দেবী পূব আকাশত,
দিনৰ উদয়-বাৰ্ত্তা জনায় লোকত;
মোৰ ওপৰত উঠি মিচিকাই হাঁহি,
ভোটা তৰটিলৈ চাই যাই ধীৰে ভাহি।
বাট-দেখুৱাঁতী মোৰ প্ৰিয় সহচৰী,
চিকমিক্ জিকমিক বিজুলী সুন্দৰী॥
বান্ধোঁ মই সূৰ্য্যাসন লোৰ শিকলিৰে;
ৰূপহী জোনক বান্ধোঁ মুকুতা-মালাৰে।
মুকুট স্বৰূপে শোভোঁ পৰ্ব্বত-শিৰত,
নবীন যুজাৰু হই ফুৰোঁ আকাশত।
বিস্তাৰিছোঁ ৰাজ্য মোৰ দেশ দেশান্তত,
পৰ্ব্বত ভৈয়াম আৰু নীল সাগৰত।
শতেক যোজন যুৰি কত অন্তৰীপ,
সেতু বান্ধি এক কৰোঁ দ্বীপ উপদ্বীপ।
পৃথিবীৰ পৰা জন্মি পৃথিবীতে পৰোঁ
নতুম জনম লই আকাশত ফুৰোঁ।
————
অসম।
হে আই অসম, কোৱাঁচোন মোক,
কিয় নো সদাই দেখোঁ তযু শোক?
কি কথা বেজাৰ মনেৰে ভাবিছা,
কিয় নো সদাই চকু লো টুকিছাঁ?
ওলমি পৰিছে মনোহৰ কেশ,
কিয় আই তোমাৰ মলিন বেশ?
কিহৰ দুখত আমনজিমন,
কিয় নো জননি, বিৰস বদন?
মেঘালি মুখত হাঁহিৰ বিজুলী,
হল বহু দিন নুফুলে উজলি।
ভুবনমোহিনী সৌন্দৰ্য্যক হায়।
ঢাকি যে পেলালে বিষাদৰ ছাঁই।
মোহিনী বীণত নপৰে ঝঙ্কাৰ,
কোৱাঁ হেৰাঁ আই ছিগিল কি তাঁৰ?
লক্ষ কুৰি আছে তোমাৰ সন্তান,
লক্ষ কুৰি কণ্ঠে গাব তযু গান,
লক্ষ কুৰি জনে আই বুলি আহি
পূজিব ৰাতুল চৰণৰ পাহি।
ভাই অসমীয়া আইৰ দুখত,
এতিয়াও কিয় টোপনি জালত?
এতিয়াও কিয় এলাহ পাটীত,
জ্ঞান-সভ্যতাৰ বহু দূৰণিত?
সত্য সনাতন ধৰ্ম্মক পাহৰি,
অন্ধ-বিশ্বাসক আঁকোৱালি ধৰি,
কৰিছাঁ খিয়াল বান্ধৱ বুকৰ,
পাহৰি আপোন ভাইক লগৰ;
ইজনে সিজনে মিলা-প্ৰীতি নাই,
পাৰিলে আজিয়ে খুঁচি-মাৰি খায়।
চুকৰ ভেকুলি কানি-পাণ-খোলা,
ওফোন্দা ভেমত ডাঙ্গৰীয়া বোলা,
ৰাতি জুহালত সাত হাল বোৱা,
দিনত সোৰোপা দুপৰলৈ শোৱা,
মিছাৰ ভঁৰালী সন্তানক চাই,
দুৰদশা দেখি কান্দিছাঁ কি আই,
তাতে কি হে বীণা নীৰৱ তোমাৰ,
হল বহু দিন নহয় ঝঙ্কাৰ?
বজোৱাঁ জননী, তোমাৰ ই বীণ,
জাগোক ই জাতি সকলোতে হীন।
লগে লগে গোৱাঁ উদগনি গীত,
নৈ গাওঁ কৰি পৰ্ব্বত ধ্বনিত।
দিগ দিগন্তলৈ শবদ উঠক,
নিৰ্জ্জীৱ অসাৰ ই জাতি জাগক।
উন্নতিৰ হেতু সকলো লৰিছে,
হাতত বিজয় পতাকা শোভিছে।
নিৰ্জ্জীৱ ই জাতি ঘোৰ টোপনিত,
নাই কি এটোপা আৰ্য্যৰ শোণিত?
আন ভাৰতীয়ে মাতিছে চিয়ঁৰি,
‘উঠাঁ অসমীয়া, নিদ্ৰা পৰিহৰি';
উঠা অসমীয়া, চোৱাঁ চকু মেলি,
পোহৰে পূবত, ভাগ্যৰ বেলি;
অতীত গৌৰৱ সুঁৱৰি ভাই,
উধাৰা অসম দুখুনী আই।
সাহিত্য, সঙ্গীত, জ্ঞান, বিজ্ঞানত,
কৃষি, শিল্প আৰু বেহা-বেপাৰত,
জনমভূমিৰ মুখ উজলাম,
ৰাখিম ধৰাত অসমীয়া নাম।
শুলাঁ বহু দিন উঠাঁ অসমীয়া,
জগৎ জাগিছে উঠাঁচোঁ এতিয়া।
আহ সকলোৱে কৰোঁ এই পণ,
দেশৰ কল্যাণ কৰিম সাধন;
দেশৰ কাৰণে চকুৰে কান্দিম,
দেশৰ কাৰণে মুখেৰে মাতিম;
দেশৰ কাৰণে লিখনী লিখিম,
দেশৰ কাৰণে স্বাৰ্থ তিয়াগিম;
জাতীয় প্ৰেমত সকলো মজিম,
জাতিৰ উন্নতি অৱশ্যে সাধিম;
আই অসমৰ গৌৰৱ বঢ়াম,
‘জয় জন্মভূমি' সকলোৱে গাম;
প্ৰেম-ভকতিক হিয়াত থাপিম,
সত্য সনাতন ধৰ্ম্ম আচৰিম।
নাকান্দিবা আই বীণা তুলি লোৱাঁ,
জাতীয় সঙ্গীত ঝঙ্কাৰত গোৱাঁ।
দুখৰ দীঘল ৰাতিটি পুৱাব,
পুৱাৰ সোণালী কিৰণ ওলাব।
নতুন তেজেৰে গাত বল পাই,
উঠিব তোমাৰ সন্তান দুনাই।
জাগিব বীণৰ শুনি এই তান,
নতুন উছাহে তোমাৰ সন্তান।
———
ঈশ্বৰে ৰজাক কুশলে ৰাখক।
(GOD SAVE THE KING.)
১
ঈশ্বৰে ৰজাক কুশলে ৰাখক,
আমাৰ সম্ৰাট ভাৰতেশ্বৰক,
দিয়ক দীৰ্ঘায়ু ৰাজাধিৰাজক,
প্ৰজাৰ কল্যাণ সততে সাধক,
বহু দিন ৰাজ্য সুখেৰে কৰক,
ঈশ্বৰে ৰজাক কুশলে ৰাখক।
২
দশোদিশ যুৰি জয় জয় হক,
ৰজাৰ গৌৰৱ মহিমা বাঢ়ক,
সুজ্ঞান সুবুদ্ধি মনত দিয়ক,
বিপদ-বিঘিনি উৰাই নিয়ক,
ৰাজ্য সুশাসন শান্তিৰে কৰক,
ঈশ্বৰে ৰজাক কুশলে ৰাখক।
৩
ৰজাৰো যে ৰজা সৰ্ব্বশক্তিমন্ত,
অব্যক্ত ঈশ্বৰ প্ৰভু ভগৱন্ত,
আবৰি সাৱৰি ডৌকাৰ আঁৰত,
ৰাখক তেৱেঁই ৰজাক সুখত;
ন্যায়, ধৰ্ম্ম, নীতি, ৰাজ্যত বাঢ়ক
ঈশ্বৰে ৰজাক কুশলে ৰাখক।
৪
সুপ্ৰসন্ন হই ৰজাৰ ওপৰ,
দিয়ক ঈশ্বৰে এই শুভ বৰ,
সসাগৰা ৰাজ্য শান্তিময় হক,
জ্ঞানৰ পোহৰ ৰাজ্যত পৰক
পূৰুবে পচিমে সকলো প্ৰজাৰ,
ৰাজ-ভক্তি ভৰা প্ৰাৰ্থনা হিয়াৰ,
একেৰাহে সদা স্বৰ্গলৈ উঠক,
ঈশ্বৰে ৰজাক কুশলে ৰাখক।
—————
উপদেশ।
হব খোজা জ্ঞানী যদি লোক-সমীজত,
লোৱাঁ মোৰ উপদেশ গাঁথি হৃদয়ত;—
সাৱধান, কথা কব লাগিব যেতিয়া,
কাৰ কথা কাক কৰা কিৰূপে কেতিয়া,
গমি চাবা, কিনো কথা কবা কেনেকই,
কবা সত্য প্ৰিয় কথা বুজি-বাজি নই।
ভৰিৰে পিছল খালে নিজে দুখ পায়,
জিভাৰ পিছলে দুখ আনৰ বঢ়ায়।
কথাৰ মুৰত বঁটা, কথাতেই লেঠা,
তিতা কথা কই কাকো নিদিবাহে ব্যথা।
নিজৰ শলাগ, পৰনিন্দা, তিৰস্কাৰ,
আলাপত মিছাকথা কৰা পৰিহাৰ।
বাক্যৰ দুখীয়া কোনো নাই জগতত,
নহয় খৰচ একো সাদৰী মাতত।
—————