সমললৈ যাওক

পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩৯ )

 

ইজনে সিজনে মিলা-প্ৰীতি নাই,
পাৰিলে আজিয়ে খুঁচি-মাৰি খায়।
চুকৰ ভেকুলি কানি-পাণ-খোলা,
ওফোন্দা ভেমত ডাঙ্গৰীয়া বোলা,
ৰাতি জুহালত সাত হাল বোৱা,
দিনত সোৰোপা দুপৰলৈ শোৱা,
মিছাৰ ভঁৰালী সন্তানক চাই,
দুৰদশা দেখি কান্দিছাঁ কি আই,
তাতে কি হে বীণা নীৰৱ তোমাৰ,
হল বহু দিন নহয় ঝঙ্কাৰ?
বজোৱাঁ জননী, তোমাৰ ই বীণ,
জাগোক ই জাতি সকলোতে হীন।
লগে লগে গোৱাঁ উদগনি গীত,
নৈ গাওঁ কৰি পৰ্ব্বত ধ্বনিত।
দিগ দিগন্তলৈ শবদ উঠক,
নিৰ্জ্জীৱ অসাৰ ই জাতি জাগক।
উন্নতিৰ হেতু সকলো লৰিছে,
হাতত বিজয় পতাকা শোভিছে।
নিৰ্জ্জীৱ ই জাতি ঘোৰ টোপনিত,
নাই কি এটোপা আৰ্য্যৰ শোণিত?
আন ভাৰতীয়ে মাতিছে চিয়ঁৰি,
‘উঠাঁ অসমীয়া, নিদ্ৰা পৰিহৰি';