জিলিকনি/প্ৰথম অংশ
হে ঈশ্বৰ, তুমি হোৱাঁ জীৱন-পোহৰ,
দেখোঁ মানে আচৰিত বস্তু জগতৰ;
নিশাৰ জোনাকী হাঁহি, দিনৰ পোহৰ,
তোমাৰ জেউতি মাথোঁ, চিন গৌৰৱৰ।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।
সুৰুঙ্গাৰ মাজে মাজে ৰঙ্গা ডাৱৰৰ,
সন্ধিয়াৰ ৰঙ্গা বেলি বিতৰে পোহৰ;
সোণোৱালি জিলিকনি চাই একে থৰে,
ভাবোঁ আমি সেই পিনে বাট স্বৰগৰে;
ৰঙ্গালি বেলিৰ সেই কোমল কিৰণ,
উজ্জ্বল জেউতি প্ৰভু, তোমাৰ সৃজন।
তৰা-বচা পাখিবোৰে নিশাৰ শুৱনি,
যেতিয়া ধৰেহি ঢাকি আকাশ অৱনী,
পৰে যেন কলা এটি চৰাই ধুনীয়া,
গোটগায়ে গুটি ফুল সোণ-বৰণীয়া।
স্বৰগৰ তৰা আৰু পবিত্ৰ আন্ধাৰ,
অলেখ অসীম মহা মহিমা তোমাৰ।
গাভৰু বসন্ত আহি হলে উপস্থিত,
তোমাৰ সুদৃষ্টি পৰি ফুলে ফুলনিত,
বসন্তৰ যত ফুল ধুনীয়া ধুনীয়া,
গোন্ধতে আমোলমোল নানা বৰণীয়া।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।
টোপনি-জালত মই দেখিলেঁ সপোন,
ভাবিলোঁ মাধুৰীময় মানবী জীৱন।
সাৰ পাই উঠি দেখোঁ সকলোটি ভুল,
কৰ্ত্তব্য-সাধন মাথোঁ জীৱনৰ মূল।
উচৰ্গিব পাৰোঁ যদি ক্ষুদ্ৰ ই জীৱন,
মানুহৰ সেৱা আৰু হিতৰ কাৰণ,
ধৰমত মতি ৰাখি বলত সত্যৰ,
কৰোঁ যদি ৰাজ-সেৱা কল্যাণ দেশৰ,
কৰোঁ যদি প্ৰিয় কাৰ্য্য বিভুৰ সাধন,
বিভুত অচলা ভক্তি, সাৰ্থক জীৱন।
⸺⸺
নৱবৰ্ষ।
১
নৱ বৰষৰ নবীন সঙ্গীত,
উলাহ অথিৰ প্ৰাণ,
ভবিষ্য আশাৰ মোহিনী প্ৰতিমা
শুনায় মধুৰ গান।
অসীম অনন্ত কালৰ সাগৰ,
জনম নজনা ঠাই,
মৰণ ক’ত নো সিও অগোচৰ,
—আগ-গুৰি একো নাই।
অনন্ত সাগৰ গৰজিছে সদা,
ঢউৰ ওপৰে ঢউ,
তাৰে এটি ঢউ মাৰ গল আজি
কামৰ একোকে নউ!
চোৱা চকু মেলি নবীন পুৱাত,
নীলিম আকাশ মাজে,
নবীন বছৰ অনন্ত শয্যাত,
জনমে সোণালী সাজে।
আশাৰ প্ৰতিমা আদৰি-সাদৰি
হিয়াত কৰি থাপন,
নৱ বৰষক নবীন উছাহে
আনোঁ কৰি আবাহন।
পুৱঁতি নিশাৰ কুলিয়ে পুৱাতে
মঙ্গল-উৰুলি গাই
নৱ বৰষৰ দিলেহি জাননী
মলয়াৰ জুৰ বাই।
হেঙ্গুলী বেলিৰ নতুন কিৰণে
গগন উজ্জ্বল কৰে,
বনদেবী সবে ফল-ফুল আনি
তোমাৰ যোগান ধৰে।
ঘৰ-বাৰী মচি গৰু-গা ধুৱাই
নতুন কাপোৰ লই,
নতুন ভোজেৰে ৰঙ্গালী বিহুত
( মানুহে) আদৰি আনিছে গই।
স্বৰগ, মৰত, প্ৰকৃতি, মানুহ,
সকলো আনন্দময়,
মেঘে মেঘে মিলি সাবটা-সাবটি,
জগৎ কবিতাময়।
চাওঁতে চাওঁতে পল পল কৰি
দ্বাদশে* মেলানি ললে,
সৰিৎ, সাগৰ, আকাশ, পৃথিবী,
বিদায়-সঙ্গীত গালে।
চাওঁতে চাওঁতে এখোজ বঢ়ালোঁ
মৰণ-দেশৰ পিনে,
জীৱন-বুৰঞ্জী মেলি এবে চোঁৱা
হাৰিল জিকিল কোনে।
* দ্বাদশে—১৮১২ শকে।
[ ৬ ]ভাবি চোৱা হেৰাঁ দিবা নে যাবলৈ
বিফলে বছৰ হায়।
ধূলি ধেমালিতে থাকিবা নে মজি
মানবী জনম পাই?
অসীম কৰ্ত্তব্য কৰমী জীৱনে
পালিব পবিত্ৰ ব্ৰত,
জগৎ পিতাৰ এনুৱা আদেশ,
সকলো শাস্ত্ৰৰ মত।
নিমিষে নিমিষে যিবোৰ কৰম
কৰিছোঁ ধৰাতে ভাই,
নিমিষৰ বাতৰি নিমিষে পাইছে
জগৎ পিতাৰ ঠাই।
যি কামকে কৰোঁ, যি ভাবকে ভাবোঁ,
যি কথাকে কওঁ ভাই,
তাৰে গুটি পৰি শস্য জগিব,
আনিব লাগিব দাই।
আহাঁ, আহাঁ, ভাই, এষি ধূলি খেলা,
জীৱনৰ ধাৰ শুজাঁ
সময় তাকৰ, বাট ভালেখিনি,
সময়ৰ মোল বুজাঁ
আমাৰ কাৰণে মহাত্মা সকলে
কঠোৰ তপস্যা কৰি,
জ্ঞান-সিন্ধু মথি যিবোৰ অমৃত
ৰাখিছে ভঁৰাল ভৰি
সেই জ্ঞানামৃত লোগ কৰি আহাঁ
কৰ্ম্ম সাধনত লাগোঁ
কৰ্তব্য কৰোঁতে ভকতি ফুলিব
প্ৰভু আশীষ মাগোঁ।
নতুন তেজেৰে, নতুন বলেৰে,
নতুন টাঙ্গালি লই,
প্ৰতি মুহূৰ্ততে আগে বাঢ়োঁ বলাঁ।
অতীত সামৰি থই
অতীতৰ কথা অতীতৰ ব্যথা
ভবাৰ সকাম নাই,
সোণালী সুযোগ জানি বৰ্ত্তমান
কামত ধৰাঁহি ভাই।
ওপৰে ঈশ্বৰ দয়াময় পিতা,
তলত মানুহ ভাই,
বুকে সাহ বান্ধি বলাঁচোঁ সকলো
—সাহ বিনা সিদ্ধি নাই।
কুলু কুলু কুলু সততে তটিনী
সাগৰ উদ্দেশে বয়,
আমি কি থাকিম উদ্দেশ পাহৰি,
মায়াত বিভোল হই।
নীল আকাশত হাতী-পটি মাজে
তৰাবোৰে পাতে থুল,
সেই বুলি দেখোঁ তৰাই নকৰে
আপোন কক্ষৰ ভুল।
নতুন বছৰে দিছে সোৱাঁৰাই
আমাক আপোন কাজে,
নতুন উছাহে হও বলা সবে
বিজয়ী জগৎ মাজে।
সৌভাগ্য-বেলিৰ চোৱাঁ জিলিকনি,
পোহৰে পূবত সৌৱা,
বিজয় পতাকা উৰুৱাই বলাঁ,
উলাহ-সঙ্গীত গোৱা।
সৌভাগ্যই লাগ দিলে, যদি কেতিয়াবা,
ফুল ফুল আমাৰ বাটত, •
কেতিয়া চাপৰি তুমি সিফুল গোটাবা?
—আজি, হেৰাঁ আজিৰ দিনত।
যদি দেখা ভবিষ্যৎ দুখৰ সপোন
সৌভাগ্যই এৰা দিব বুলি,
কাহানি বেজাৰ কৰি থাকিবা বিমন?
—কালিলৈ, হেৰাঁ অহা কালি।
যিজনে কৰিলে হেৰা আমাৰ অন্যায়,
তেওঁ যদি দোষ গাত লই
ক্ষমা মাগে, কেতিয়া নো মৰষিবা দায়?
—আজি, হেৰাঁ খেমা আজিয়েই।
কঠোৰ কৰ্ত্তব্য যদি কৰোঁতে পালন,
আলচিছা গালি দিবলৈ,
কেতিয়া নো গঞ্জনাৰ বুলিব বচন?
—কালি, হেৰা অহা কালিলৈ।
আমি যদি ধাৰে আনি নুশুজাত ধাৰ,
ধাৰে দিয়া পৰে অভাৱত,
কেতিয়া কৰিবা সাধ্যমতে প্ৰতিকাৰ,
-আজি, হেৰা আজিৰ দিনত।
আমাৰ ধৰুৱা যদি শুজিবলৈ ধাৰ
* অপাৰগ সৰ্বস্বান্ত হই,
কাহানি সাধিবা ধাৰ, লগাবা বিচাৰ?
কালি, হেৰাঁ অহা কালিলৈ।
বিমল আনন্দ আৰু সুকৰ্ম্মৰ হেতু
নাথাকে মুহূৰ্ত্তবোৰ ৰই,
ছেগ বুজি কাম কৰা সৌভাগ্যৰ সেতু,
আজি হেৰাঁ কৰা আজিয়েই।
ছেগ গলে ছেগ আৰু নাহে সতৰাই
শোক, দুখ, খং আৰু গালি
সঘনে আহিব পাৰে, থবা আঁতৰাই,
কালিলৈ, হেৰাঁ অহা কালি।
কোনে মোক তুলিতালি কৰিলে ডাঙ্গৰ,
মৌ-সনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ দুগালত চুমাখাই?
—তেওঁ মোৰ পূজনীয়া মৰমৰ আই।
চেনেহৰ চকুপানী ধাৰেদি বোৱাই,
কোনে মোক ৰাখিছিল বুকুত শুৱাই,
টোপনিত লালকাল মুখখনি চাই,
—তেওঁ মোৰ পূজনীয়া মৰমৰ আই।
কান্দিছিলোঁ যেবে নৰিয়াত দুখপাই,
একে থিৰে কোনে মোৰ চকুলৈ চাই,
মৰে বুলি কান্দিছিল কাঢ়ি হুমুনীয়া?
—তেওঁ মোৰ মৰমৰ আই পূজনীয়া।
হইছিলোঁ থিয় যেবে অ'ত ত’ত ধৰি,
পৰিলে কোনে নো গই ততালিকে লৰি,
নিচুকাইছিল মোক নাম-গুণ গাই?
—তেওঁ মোৰ পূজনীয়া মৰমৰ আই।
মোৰ প্ৰতি এনে যাৰ মৰম অসীম,
কেনেকৈ সিজনক মই পাহৰিম?
চেনেহ-ভকতি মোৰ বাঢ়োক সদাই
তযু চৰণত হেৰাঁ মৰমৰ আই।
প্ৰাণৰ ভনীটি তই
কলৈ নো গলি,
সাগৰৰ ঢউ যেন।
কত লীন হলি?
দুদিন দুসাঁজ আহি
সংসাৰত খালি,
দুদিনলৈ বাপেকীৰ
ঘৰ পোহৰালি।
আজলী বিজুলী তই
মেঘৰ মাজত,
দুদণ্ডলৈ পোহৰাই
লুকালি আঁৰত।
কলৈ গলি কোন দেশে
ক’ত্ ঠাই ললি,
নুফুলে নে আৰু বাৰু
সৰা ফুল-কলি;
সি ঠাই কিমান দূৰ,
ক’ৰ নিজানত,
দুনাই কি দেখাদেখি
নহব লগত?
বাপেকীৰ সংসাৰত
ফুলিলোঁ হালেই,
বাঢ়িলোঁ আনন্দ মনে
আলৌলোৱা হই।
একেলগে পুথি লই
পঢ়িবলৈ যাওঁ,
একেলগে আকাশলৈ
চিলা উৰা চাওঁ।
একেলগে আমনিৰ
কুলিক সিঞাৰোঁ,
বালি-ধূলি লই হাঁয়!
কত ৰং কৰোঁ।
য়ো বহি চোতালত
কত নাম গাওঁ,
ঘেত বিজুলী দেখি
তধা লাগি চাওঁ।
জহকালি জুৰ লওঁ
শীতল পাটীত,
জাৰকালি বহোঁ দুয়ো
ৰদ-কাঁচলিত।
একে লগে বলমত *
নাদুৰি সাঁতৰি
উঠি আহোঁ বুৰ মাৰি
শেহত ভাগৰি।
ভাবিছিলোঁ এই দৰে
সুখে দিন যাব,
কদাপিতো ভাই-ভনী
বিচ্ছেদ নহব।
কিন্তু হাঁয়! কালক নো
কোনে পতিয়ায়,
আজি যাক দেখোঁ সুখী
কালি কন্দুৱায়।
* বলম-এখন সৰু নৈৰ নাম। [ ১৬ ]
পল পল দণ্ড কৰি
কাল বই যায়,
নিৰদয় কালে কাৰো
মুখলৈ নাচায়।
অমৰণ অভগন
আদি-অন্ত হীন,
কালৰ গৰ্ভত জীৱ
হই যায় লীন।
কদম, কেতেকী, জাঁই,
গোলাপ, বকুল,
নিশা নিয়ৰত ফুলে
আৰু যত ফুল,
কালৰ সঙ্কেতে ধ্বনি
শুনি চমকিত,
উটি যায় মৰণৰ
ঢউ-ধেমালিত।
ঘুৰিছে সদাই হাঁয়!
কালৰ চকৰি,
লোৰ শিকলিৰে মুখ
বান্ধিব নোৱাৰি।
কালি ৰাম ৰজা হব
কত মনে আশ,
কিন্তু কোনে জানিছিল
হব বনবাস?
দুৰন্ত শমনে আহি
হৰিলে এটিক,
হৰিলে প্ৰাণৰ মোৰ,
সাদৰী ভনীক।
ভনীটিৰ পুষ্প-প্ৰাণ
নিলে উৰুৱাই;
‘যাওঁ’ বুলি গলি তই
ঘৰ উৰুঙ্গাই!
ঢাকিলে বিষাদ-মেঘে
সুখৰ সংসাৰ,
বায়ু-সাগৰক ভেদি
উঠে হাহাকাৰ।
অনন্তৰ এটি জীৱ
দুদিনলৈ আহি,
লুকাল অনন্ত গৰ্ভে
দুদিনলৈ হাঁহি।
ৰল দুদিনীয়া স্মৃতি
বলম-কাষৰ,
দুহাত কাপোৰ বগা
মৰিশালি-ঘৰ।
ওঁ’ বুলি গলি তই
প্ৰাণৰ ভনীটি,
ন্দি মৰে পৰিয়ালে
নেচালি উলটি।
সঁচাকৈয়ে গলি তই
মুদিলি নয়ন,
সঁচাকৈয়ে ললি তই
অনন্ত শয়ন।
খন্তেকীয়া ছায়াবাজী
ধূলি-ধেমালিৰ,
অন্ত হল খন্তেকীয়া
হাঁহি মানবীৰ।
হেৰাঁ দীননাথ তুমি
দয়াৰ আধাৰ,
পূৰোৱাঁ প্ৰাৰ্থনা এই
দীন অভাগাৰ।
সংসাৰ ফুলনি-বাৰী
তোমাৰ বিহাৰ-থল,
অকালে সৰিল এটি
তোমাৰ পবিত্ৰ ফুল।
তোমাৰ সন্তান প্ৰভু,
তুমি নিছাঁ কাঢ়ি,
সুখৰ ঠাইত ৰাখি
দিবা শান্তি-বাৰি।
শুনিছোঁ সুখৰ ঠাই তোমাৰ মুখত,
কোৱাঁ আই, কোৱাঁ সেই ঠাই আছে কত্?
কোৱাঁ সি জিউতি-ভৰা দেশ কত বাৰু,
আমি নো বিচাৰি তাক নাপাম নে আৰু?
কমলাৰ ফুল যত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।
দীঘল পাতেৰে যত আছে বহু তাল,
ৰদৰ তাপত পকে খাজুৰ ৰসাল;
নীল সাগৰত থকা মাজুলী বোৰত,
সুন্দৰ সুগন্ধি নানা ফুল ফুলে যত;
ফুলাম পাখিৰে যত পক্ষীবোৰ উৰে,
শুৱলা মাতেৰে গীত গাই গাই ফুৰে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়,-নহয় তাত সাদৰী সোণাই।
তেন্তে কি সি ঠাই, আই, দূৰ অতিশয়,
সোণালী বালিৰ মাজে নৈ যত বয়;
চৰিছে জেউতি যত পদ্মৰাগ মণি,
পোহৰে হীৰাই যত নিৰজন খনি;
পোৱাল-বন্ধোৱা পাৰ নীল সাগৰৰ,
আছে যত শোভা কৰি মুকুতা-আকৰ;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।
চকুৰে নেদেখি সোণ, সি সুখৰ স্থান,
কাণেৰে নুশুনি তাৰ আনন্দৰ গান;
সপোনৰো অগোচৰ সি সুখৰ ঠাই,
ৰোগ, শোক, জৰা, মৃত্যু, সি দেশত নাই;-
বিনাশী কালৰ তাত অধিকাৰ নাই,
আকাশৰ ওপৰত সি সুখৰ ঠাই;
অমৰ সৌন্দৰ্য তাত বিৰাজে সদাই,
চিৰ সুখ, চিৰ শান্তি, সাদৰী সোণাই।
লাহে লাহে কত কথা মনোমাজে উদিছে,
অতীতৰ কত স্মৃতি অহা-যোৱা কৰিছে।
বলমৰ দলঙ্গত,
বহি মই হৰিষত,
এদিন সন্ধিয়া বেলা নিজঞ্জাল মনেৰে,
প্ৰকৃতিৰ শোভা চালোঁ অতি হাবিয়াহেৰে।
কত লৰালিৰ কথা,
অভিমান, মনোব্যথা,
সমনীয়া বন্ধুলেগে ৰং মনে ফুৰিলোঁ,
কত খেলা খেলি দিন আনন্দত যাপিলোঁ।