পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩১ )
 

চকু কাণ নাক যাব,  হাড় ছাল নাশ পাব,
 মাটিৰ মানুহ তুমি মাটিত মিলিবা;
অবিনাশী নিত্য ধন, অমৰণ অভগন,
 অনন্ত উন্নতিশীল আতমা জানিবা!

সদাই চকু-লো টোকা,  দুখত মগন-থকা,
 ভোগ-সুখ জীৱনৰ উদ্দেশ্য নহয়;
এনে ভাৱে কাম কৰাঁ,  দিনে যেন আগ বাঢ়াঁ
 প্ৰতি দিনে খোজ যেন আগলৈহে যায়।

পল পল দণ্ড কৰি, সময় গইছে উৰি,
 পাখি-লগা কাঁড়ৰ নিচিনা অবিৰাম;
বহু দূৰ আছে গতি,  সময় তাকৰ অতি,
 কৰিব লগীয়া আমি আছে বহু কাম।

দিন যায়, আহে ৰাতি,  আয়ুষ গইছে টুটি
 লাহে লাহে চমু চাপি আহিছে মৰণ;
সংসাৰ যুজৰ ঠাই, শুবৰ সকাম নাই,
 কাচি-পাৰি যুজাঁ সবে কৰি প্ৰাণপণ।