সমললৈ যাওক

পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৯ )

 

কোনে নিৰমিলে কোৱাঁ তোমাক জোনাই
কাৰ জেউতিত থাকা আকাশ শুৱাই?
 আহা! সেই খনিকৰ,
 কি যে কেনে মনোহৰ,
 যি গঢ়িলে জোন তৰা,
 সুবিশাল এই ধৰা,
বিনন্দবিলাস যাৰ সৃষ্টি চৰাচৰ।
—সত্য তেওঁ, শিৱ তেওঁ, মহান্ সুন্দৰ
 তেওঁ ৰেহে ফিৰিঙ্গটি,
 যত দেখোঁ সকলোটি,
 পশু, পক্ষী, গছ, বন,
 নৰ নাৰী অগণন,
চামে চামে জীৱ বোৰ আহে আৰু যায়,
উপজি তেওঁতে মাৰ যায় পুনৰায়।
 বৰষাঁ হে সুধাকৰ,
 সুধা ৰাশি স্বৰগৰ,
 হাঁহিৰে হঁহাই তুমি,
 মানৱৰ কৰ্ম্ম-ভূমি,
কৰাঁ এই পৃথিবীক ঠাই আনন্দৰ,
বৰষা কোমল, স্নিগ্ধ, প্ৰেমৰ পোহৰ।