পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩৭ )

 

মোৰ ওপৰত উঠি মিচিকাই হাঁহি,
ভোটা তৰটিলৈ চাই যাই ধীৰে ভাহি।
বাট-দেখুৱাঁতী মোৰ প্ৰিয় সহচৰী,
চিকমিক্‌ জিকমিক বিজুলী সুন্দৰী॥
বান্ধোঁ মই সূৰ্য্যাসন লোৰ শিকলিৰে;
ৰূপহী জোনক বান্ধোঁ মুকুতা-মালাৰে।
মুকুট স্বৰূপে শোভোঁ পৰ্ব্বত-শিৰত,
নবীন যুজাৰু হই ফুৰোঁ আকাশত।
বিস্তাৰিছোঁ ৰাজ্য মোৰ দেশ দেশান্তত,
পৰ্ব্বত ভৈয়াম আৰু নীল সাগৰত।
শতেক যোজন যুৰি কত অন্তৰীপ,
সেতু বান্ধি এক কৰোঁ দ্বীপ উপদ্বীপ।
পৃথিবীৰ পৰা জন্মি পৃথিবীতে পৰোঁ
নতুম জনম লই আকাশত ফুৰোঁ।

————

অসম।

হে আই অসম, কোৱাঁচোন মোক,
কিয় নো সদাই দেখোঁ তযু শোক?
কি কথা বেজাৰ মনেৰে ভাবিছা,
কিয় নো সদাই চকু লো টুকিছাঁ?