জিলিকনি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জিলিকনি
লেখক আনন্দ চন্দ্ৰ আগৰৱালা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[  ]

JILIKANI.
A Poetical Reader
IN
ASSAMESE
BY
RAI SAHIB

ANANDA CHANDRA AGARWALA, I.P.
 DIBRUGARH, ASSAM,

⸺o::o⸺
জিলিকনি।

ৰায় চাহাব
শ্রীআনন্দচন্দ্ৰ আগৰৱালা
ৰচিত।

ডিব্ৰুগড়, আসাম
চতুর্থ তাঙ্গৰণ।
*জিলিকনি এটি আহি পদুম-বনত
স্বৰগৰ ৰহণ ঢালিছে ।”—হেম ।
⸺⸺
১৮৪২ শক।
বেচ পাঁচ আনা মাথোন।

[  ]
Published by

NILMANI PHUKAN B. A.

Headmaster George Institution.

Dibrugarh.

⸻⸻



প্ৰথম তাঙ্গৰণ
দ্বিতীয় ”
তৃতীয় ”
চতুৰ্থ ”
...  ...  ...
...  ...  ...
...  ...  ...
...  ...  ...
৫০০
৫০০
১০০০
২০০০



কলিকাতা।

৬১ নং বহুবাজাৰ “কুন্তলীন” প্ৰেছ

শ্ৰীপূৰ্ণচন্দ্ৰ দাসৰ দ্বাৰা ছপা হল

⸺⸺⸺

[  ]
 
জাননী।

 এই “জিলিকনি” পুথিখন কেৱল আমাৰ ওচৰত কিনিবলৈ পােৱা যায়। যাক লাগে আমলৈ লিখিব। বেচ খনে চাৰি অনা মাথােন। ডাক মাচুল সুকীয়া। আসামৰ শিক্ষা-বিভাগৰ ডিৰেক্টৰ মহােদয়ে এইখন পুথি সকলাে হাইস্কুল আৰু মজলীয়া ইংৰাজী স্কুলৰ যষ্ঠশ্রেণীৰ পাঠ্যৰূপে নির্দিষ্ট কৰিছে।

জর্জ ইনষ্টিটিউচন কো অপৰেটিভ ষ্টোৰ
লিমিটেড।
ডিব্ৰুগড়।

[  ]
 
প্ৰকাশকৰ নিবেদন

অসমীয়া সাহিত্য থাকে মানে “জিলিকনি” লেখকৰ পৰিচয় নিদেলেও হব। আজি তেওঁৰ উদাৰ হৃদয়ৰ আভাস দিবলৈহে প্ৰকাশকৰ এই যৎকিঞ্চিৎ নিবেদন।
 সদৌ অসমীয়া ৰাইজৰ আদৰৰ জৰ্জ্জ ইনষ্টিটিউচনৰ সহায়ৰ কাৰণে স্বত্ব আৰু উপস্বত্ব দানকৰা বাৰে সুকবি ৰায়সাহাব' শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱলা ডাঙৰীয়ালৈ স্কুলৰ হৈ এই শলাগৰ শৰাই আগবঢ়াই কৃতজ্ঞতা প্ৰকাশ সুযোগ পাই মনত আনন্দ লভিলোঁ।
 আজি কেবা বছৰৰ পৰা টেষ্ট্‌টবুক্‌ কমিটিয়ে পুথিখনি অসমৰ স্কুলবিলাকত পাঠ্যস্বৰূপে চলিবলৈ মঞ্জুৰ কৰি আহিছে। আশা কৰোঁ স্কুল-কৰ্তৃপক্ষ্য সকলেও এই পুথি খনি নিজ নিজ স্কুলত চলাই জৰ্জ-ইন্‌ষ্টিটিউচনৰ যৎকিঞ্চিৎ উপকাৰ কৰে। এয়ে তেখেতসকলৰ ওচৰত আমাৰ বিনীত প্ৰাৰ্থনা।
 এইবাৰ পুথিখনিৰ কলেবৰ বঢ়াত আৰু দুৰ্ম্মূল্যতাৰ দিনত ছপাওঁতে আগতকৈ বেছি খৰছ পৰাত আমিও [  ]

৷৶৹


ইয়াৰ দাম যৎসামান্য বঢ়াবলৈ বাধ্য হলোঁ। তাক যেন অতিৰিক্ত বুলি ধৰা নহয় এই কথাও খাটিলোঁ।

 পুথিখনি এইবাৰ সৰ্ব্বাঙ্গ সুন্দৰকৈ ছপোৱা হৈছে।

 নিবেদক—

 শ্ৰীনিলমণি ফুকন,


জৰ্জ্জ ইনষ্টিটিউচন।
ডিব্ৰুগড়—১৯২২ চন৷
হেডমাষ্টাৰ
জৰ্জ্জ-ইনষ্টিটিউচন ৷
 

[  ]
 
 
সূচি৷

————:————

বিষয় ৷ পিঠি ৷
১৷ ঈশ্বৰ  •••  •••  
২৷ কৰ্ত্তব্য  •••  •••  
৩৷ নৱবৰ্ষ  •••  •••  
৪৷ আজি আৰু কালি  •••  •••  
৫৷ মৰমৰ আই  •••  •••  ১১
৬৷ শোক-সঙ্গীত  •••  •••  ১২
৭৷ সুখৰ ঠাই  •••  •••  ২০
৮৷ বলম  •••  •••  ২২
৯৷ জোন  •••  •••  ২৬
১০৷ জীৱন-সঙ্গীত  •••  •••  ৩০
১১৷ সুখ  •••  •••  ৩৪
১২৷ মেঘ  •••  •••  ৩৬
১৩৷ অসম  •••  •••  ৩৭
১৪৷ ঈশ্বৰে ৰজাক কুশলে ৰাখক    •••  ৪১
১৫৷ উপদেশ  •••  •••  ৪৩
১৬৷ আমাৰ গাওঁ  •••  •••  ৪৪
১৭৷ চহা আৰু পণ্ডিত  •••  •••  ৪৫
১৮৷ নীতি-ৰত্নমালা  •••  •••  ৫০
১৯৷ উন্নতি  •••  •••  ৫৯
২০৷ ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়    •••  ৬০

[  ]
 

 Approved as a text book by the Director of Public Instruction, Assam, for class VI of all Anglo-Assamese High and Middle schools. for boys, vide, Education Dept Notification No. 62 G, dated the 19th Nov. 1920, published in the
 Assam Gazette of the 24th Nov. I920.

 

[  ]
জিলিকনি।
⸺:০:⸺
ঈশ্বৰ।
(‘Thou Ard God,’ নামে ইংৰাজী কবিতাৰ ভাঙ্গনী।)
|

হে ঈশ্বৰ, তুমি হোৱাঁ জীৱন-পোহৰ,
দেখোঁ মানে আচৰিত বস্তু জগতৰ;
নিশাৰ জোনাকী হাঁহি, দিনৰ পোহৰ,
তোমাৰ জেউতি মাথোঁ, চিন গৌৰৱৰ।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।

সুৰুঙ্গাৰ মাজে মাজে ৰঙ্গা ডাৱৰৰ,
সন্ধিয়াৰ ৰঙ্গা বেলি বিতৰে পোহৰ;
সোণোৱালি জিলিকনি চাই একে থৰে,
ভাবোঁ আমি সেই পিনে বাট স্বৰগৰে;
ৰঙ্গালি বেলিৰ সেই কোমল কিৰণ,
উজ্জ্বল জেউতি প্ৰভু, তোমাৰ সৃজন।

[ ১০ ]

তৰা-বচা পাখিবােৰে নিশাৰ শুৱনি,
যেতিয়া ধৰেহি ঢাকি আকাশ অৱনী,
পৰে যেন কলা এটি চৰাই ধুনীয়া,
গােটগায়ে গুটি ফুল সােণ-বৰণীয়া।
স্বৰগৰ তৰা আৰু পবিত্র আন্ধাৰ,
অলেখ অসীম মহা মহিমা তােমাৰ ।

গাভৰু বসন্ত আহি হলে উপস্থিত,
তােমাৰ সুদৃষ্টি পৰি ফুলে ফুলনিত,
বসন্তৰ যত ফুল ধুনীয়া ধুনীয়া,
গােন্ধতে আমােলমােল নানা বৰণীয়া।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তােমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।

⸺⸺
কর্তব্য।

টোপনি-জালত মই দেখিলেঁ সপােন,
ভাবিলোঁ মাধুৰীময় মানবী জীৱন।
সাৰ পাই উঠি দেখোঁ সকলােটি ভুল,
কৰ্ত্তব্য-সাধন মাথোঁ জীৱনৰ মূল।
উচর্গিব পাৰোঁ যদি ক্ষুদ্র ই জীৱন,
মানুহৰ সেৱা আৰু হিতৰ কাৰণ,

[ ১১ ]

ধৰমত মতি ৰাখি বলত সত্যৰ,
কৰোঁ যদি ৰাজ-সেৱা কল্যাণ দেশৰ,
কৰোঁ যদি প্ৰিয় কাৰ্য্য বিভুৰ সাধন,
বিভুত অচলা ভক্তি, সাৰ্থক জীৱন।

⸺⸺
নৱবৰ্ষ।

নৱ বৰষৰ নবীন সঙ্গীত,
 উলাহ অথিৰ প্ৰাণ,
ভবিষ্য আশাৰ মোহিনী প্ৰতিমা
 শুনায় মধুৰ গান।

অসীম অনন্ত কালৰ সাগৰ,
 জনম নজনা ঠাই,
মৰণ ক’ত নো সিও অগোচৰ,
 —আগ-গুৰি একো নাই।

অনন্ত সাগৰ গৰজিছে সদা,
ঢউৰ ওপৰে ঢউ,
তাৰে এটি ঢউ মাৰ গল আজি
কামৰ একোকে নউ!

[ ১২ ]

চোৱা চকু মেলি নবীন পুৱাত,
 নীলিম আকাশ মাজে,
নবীন বছৰ অনন্ত শয্যাত,
 জনমে সোণালী সাজে।

আশাৰ প্ৰতিমা আদৰি-সাদৰি
 হিয়াত কৰি থাপন,
নৱ বৰষক নবীন উছাহে
 আনোঁ কৰি আবাহন।

 

পুৱঁতি নিশাৰ কুলিয়ে পুৱাতে
 মঙ্গল-উৰুলি গাই
নৱ বৰষৰ দিলেহি জাননী
 মলয়াৰ জুৰ বাই।

 

হেঙ্গুলী বেলিৰ নতুন কিৰণে
 গগন উজ্জ্বল কৰে,
বনদেবী সবে ফল-ফুল আনি
 তোমাৰ যোগান ধৰে।

[ ১৩ ]

ঘৰ-বাৰী মচি গৰু-গা ধুৱাই
 নতুন কাপোৰ লই,
নতুন ভোজেৰে ৰঙ্গালী বিহুত
( মানুহে) আদৰি আনিছে গই।

স্বৰগ, মৰত, প্ৰকৃতি, মানুহ,
 সকলো আনন্দময়,
মেঘে মেঘে মিলি সাবটা-সাবটি,
 জগৎ কবিতাময়।

১০

চাওঁতে চাওঁতে পল পল কৰি
 দ্বাদশে* মেলানি ললে,
সৰিৎ, সাগৰ, আকাশ, পৃথিবী,
 বিদায়-সঙ্গীত গালে।

১১

চাওঁতে চাওঁতে এখোজ বঢ়ালোঁ
 মৰণ-দেশৰ পিনে,
জীৱন-বুৰঞ্জী মেলি এবে চোঁৱা
 হাৰিল জিকিল কোনে।


* দ্বাদশে—১৮১২ শকে।

[ ১৪ ]
১২

ভাবি চোৱা হেৰাঁ দিবা নে যাবলৈ
 বিফলে বছৰ হায়।
ধূলি ধেমালিতে থাকিবা নে মজি
 মানবী জনম পাই?

১৩

অসীম কৰ্ত্তব্য কৰমী জীৱনে
 পালিব পবিত্ৰ ব্ৰত,
জগৎ পিতাৰ এনুৱা আদেশ,
 সকলো শাস্ত্ৰৰ মত।

১৪

নিমিষে নিমিষে যিবোৰ কৰম
 কৰিছোঁ ধৰাতে ভাই,
নিমিষৰ বাতৰি নিমিষে পাইছে
 জগৎ পিতাৰ ঠাই।

১৫

যি কামকে কৰোঁ, যি ভাবকে ভাবোঁ,
 যি কথাকে কওঁ ভাই,
তাৰে গুটি পৰি শস্য জগিব,
 আনিব লাগিব দাই।

[ ১৫ ]
১৬

আহাঁ, আহাঁ, ভাই, এষি ধূলি খেলা,
 জীৱনৰ ধাৰ শুজাঁ
সময় তাকৰ, বাট ভালেখিনি,
 সময়ৰ মোল বুজাঁ

১৭

আমাৰ কাৰণে মহাত্মা সকলে
 কঠোৰ তপস্যা কৰি,
জ্ঞান-সিন্ধু মথি যিবোৰ অমৃত
 ৰাখিছে ভঁৰাল ভৰি

১৮

সেই জ্ঞানামৃত লোগ কৰি আহাঁ
 কৰ্ম্ম সাধনত লাগোঁ
কৰ্তব্য কৰোঁতে ভকতি ফুলিব
প্ৰভু আশীষ মাগোঁ।

১৯

নতুন তেজেৰে, নতুন বলেৰে,
 নতুন টাঙ্গালি লই,
প্ৰতি মুহূৰ্ততে আগে বাঢ়োঁ বলাঁ।
 অতীত সামৰি থই

[ ১৬ ]
২০

অতীতৰ কথা অতীতৰ ব্যথা
 ভবাৰ সকাম নাই,
সোণালী সুযোগ জানি বৰ্ত্তমান
 কামত ধৰাঁহি ভাই।

২১

ওপৰে ঈশ্বৰ দয়াময় পিতা,
 তলত মানুহ ভাই,
বুকে সাহ বান্ধি বলাঁচোঁ সকলো
 —সাহ বিনা সিদ্ধি নাই।

২২

কুলু কুলু কুলু সততে তটিনী
 সাগৰ উদ্দেশে বয়,
আমি কি থাকিম উদ্দেশ পাহৰি,
 মায়াত বিভোল হই।

২৩

নীল আকাশত হাতী-পটি মাজে
 তৰাবোৰে পাতে থুল,
সেই বুলি দেখোঁ তৰাই নকৰে
 আপোন কক্ষৰ ভুল।

[ ১৭ ]
২৪

নতুন বছৰে দিছে সোৱাঁৰাই
 আমাক আপোন কাজে,
নতুন উছাহে হও বলা সবে
 বিজয়ী জগৎ মাজে।

২৪

সৌভাগ্য-বেলিৰ চোৱাঁ জিলিকনি,
 পোহৰে পূবত সৌৱা,
বিজয় পতাকা উৰুৱাই বলাঁ,
 উলাহ-সঙ্গীত গোৱা।

⸺ঃ⸺
আজি আৰু কালি।
(কবি Charles Mackay-ৰ “Today and Tomorrow” নামে ইংৰাজী কবিতাৰ ভাঙ্গনী।)

সৌভাগ্যই লাগ দিলে, যদি কেতিয়াবা,
 ফুল ফুল আমাৰ বাটত, •
কেতিয়া চাপৰি তুমি সিফুল গোটাবা?
—আজি, হেৰাঁ আজিৰ দিনত।

[ ১৮ ]

যদি দেখা ভবিষ্যৎ দুখৰ সপোন
 সৌভাগ্যই এৰা দিব বুলি,
কাহানি বেজাৰ কৰি থাকিবা বিমন?
 —কালিলৈ, হেৰাঁ অহা কালি।

যিজনে কৰিলে হেৰা আমাৰ অন্যায়,
 তেওঁ যদি দোষ গাত লই
ক্ষমা মাগে, কেতিয়া নো মৰষিবা দায়?
 —আজি, হেৰাঁ খেমা আজিয়েই।
কঠোৰ কৰ্ত্তব্য যদি কৰোঁতে পালন,
 আলচিছা গালি দিবলৈ,
কেতিয়া নো গঞ্জনাৰ বুলিব বচন?
 —কালি, হেৰা অহা কালিলৈ।

আমি যদি ধাৰে আনি নুশুজাত ধাৰ,
 ধাৰে দিয়া পৰে অভাৱত,
কেতিয়া কৰিবা সাধ্যমতে প্ৰতিকাৰ,
 -আজি, হেৰা আজিৰ দিনত।
আমাৰ ধৰুৱা যদি শুজিবলৈ ধাৰ
 * অপাৰগ সৰ্বস্বান্ত হই,
কাহানি সাধিবা ধাৰ, লগাবা বিচাৰ?
 কালি, হেৰাঁ অহা কালিলৈ।

[ ১৯ ]

বিমল আনন্দ আৰু সুকৰ্ম্মৰ হেতু
 নাথাকে মুহূৰ্ত্তবোৰ ৰই,
ছেগ বুজি কাম কৰা সৌভাগ্যৰ সেতু,
 আজি হেৰাঁ কৰা আজিয়েই।
ছেগ গলে ছেগ আৰু নাহে সতৰাই
 শোক, দুখ, খং আৰু গালি
সঘনে আহিব পাৰে, থবা আঁতৰাই,
 কালিলৈ, হেৰাঁ অহা কালি।

⸺⸺
মৰমৰ আই।

কোনে মোক তুলিতালি কৰিলে ডাঙ্গৰ,
মৌ-সনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ দুগালত চুমাখাই?
—তেওঁ মোৰ পূজনীয়া মৰমৰ আই।

চেনেহৰ চকুপানী ধাৰেদি বোৱাই,
কোনে মোক ৰাখিছিল বুকুত শুৱাই,
টোপনিত লালকাল মুখখনি চাই,
—তেওঁ মোৰ পূজনীয়া মৰমৰ আই।

[ ২০ ]

কান্দিছিলোঁ যেবে নৰিয়াত দুখপাই,
একে থিৰে কোনে মোৰ চকুলৈ চাই,
মৰে বুলি কান্দিছিল কাঢ়ি হুমুনীয়া?
—তেওঁ মোৰ মৰমৰ আই পূজনীয়া।

হইছিলোঁ থিয় যেবে অ'ত ত’ত ধৰি,
পৰিলে কোনে নো গই ততালিকে লৰি,
নিচুকাইছিল মোক নাম-গুণ গাই?
—তেওঁ মোৰ পূজনীয়া মৰমৰ আই।

মোৰ প্ৰতি এনে যাৰ মৰম অসীম,
কেনেকৈ সিজনক মই পাহৰিম?
চেনেহ-ভকতি মোৰ বাঢ়োক সদাই
তযু চৰণত হেৰাঁ মৰমৰ আই।

⸺⸺
শোক-সঙ্গীত।

প্ৰাণৰ ভনীটি তই
 কলৈ নো গলি,
সাগৰৰ ঢউ যেন।
 কত লীন হলি?

[ ২১ ]

দুদিন দুসাঁজ আহি
 সংসাৰত খালি,
দুদিনলৈ বাপেকীৰ
 ঘৰ পোহৰালি।

আজলী বিজুলী তই
 মেঘৰ মাজত,
দুদণ্ডলৈ পোহৰাই
 লুকালি আঁৰত।

8

কলৈ গলি কোন দেশে
ক’ত্‌ ঠাই ললি,
নুফুলে নে আৰু বাৰু
সৰা ফুল-কলি;

সি ঠাই কিমান দূৰ,
ক’ৰ নিজানত,
দুনাই কি দেখাদেখি
নহব লগত?

[ ২২ ]

বাপেকীৰ সংসাৰত
 ফুলিলোঁ হালেই,
বাঢ়িলোঁ আনন্দ মনে
 আলৌলোৱা হই।

একেলগে পুথি লই
 পঢ়িবলৈ যাওঁ,
একেলগে আকাশলৈ
 চিলা উৰা চাওঁ।

একেলগে আমনিৰ
 কুলিক সিঞাৰোঁ,
বালি-ধূলি লই হাঁয়!
 কত ৰং কৰোঁ।

য়ো বহি চোতালত
 কত নাম গাওঁ,
ঘেত বিজুলী দেখি
 তধা লাগি চাওঁ।

[ ২৩ ]
১০

জহকালি জুৰ লওঁ
 শীতল পাটীত,
জাৰকালি বহোঁ দুয়ো
 ৰদ-কাঁচলিত।

১১

একে লগে বলমত *
 নাদুৰি সাঁতৰি
উঠি আহোঁ বুৰ মাৰি
 শেহত ভাগৰি।

১২

ভাবিছিলোঁ এই দৰে
 সুখে দিন যাব,
কদাপিতো ভাই-ভনী
 বিচ্ছেদ নহব।

১৩

কিন্তু হাঁয়! কালক নো
 কোনে পতিয়ায়,
আজি যাক দেখোঁ সুখী
 কালি কন্দুৱায়।


* বলম-এখন সৰু নৈৰ নাম। [ ২৪ ]
১৪

পল পল দণ্ড কৰি
 কাল বই যায়,
নিৰদয় কালে কাৰো
 মুখলৈ নাচায়।

১৫

অমৰণ অভগন
 আদি-অন্ত হীন,
কালৰ গৰ্ভত জীৱ
 হই যায় লীন।

১৬

কদম, কেতেকী, জাঁই,
 গোলাপ, বকুল,
নিশা নিয়ৰত ফুলে
 আৰু যত ফুল,

১৭

কালৰ সঙ্কেতে ধ্বনি
 শুনি চমকিত,
উটি যায় মৰণৰ
 ঢউ-ধেমালিত।

[ ২৫ ]
১৮

ঘুৰিছে সদাই হাঁয়!
 কালৰ চকৰি,
লোৰ শিকলিৰে মুখ
 বান্ধিব নোৱাৰি।

১৯

কালি ৰাম ৰজা হব
 কত মনে আশ,
কিন্তু কোনে জানিছিল
 হব বনবাস?

২০

দুৰন্ত শমনে আহি
 হৰিলে এটিক,
হৰিলে প্ৰাণৰ মোৰ,
 সাদৰী ভনীক।

২১

ভনীটিৰ পুষ্প-প্ৰাণ
 নিলে উৰুৱাই;
‘যাওঁ’ বুলি গলি তই
 ঘৰ উৰুঙ্গাই!

[ ২৬ ]
২২

ঢাকিলে বিষাদ-মেঘে
 সুখৰ সংসাৰ,
বায়ু-সাগৰক ভেদি
 উঠে হাহাকাৰ।

২৩

অনন্তৰ এটি জীৱ
 দুদিনলৈ আহি,
লুকাল অনন্ত গৰ্ভে
 দুদিনলৈ হাঁহি।

২৪

ৰল দুদিনীয়া স্মৃতি
 বলম-কাষৰ,
দুহাত কাপোৰ বগা
 মৰিশালি-ঘৰ।

২৫

ওঁ’ বুলি গলি তই
 প্ৰাণৰ ভনীটি,
ন্দি মৰে পৰিয়ালে
 নেচালি উলটি।

[ ২৭ ]
২৬

সঁচাকৈয়ে গলি তই
 মুদিলি নয়ন,
সঁচাকৈয়ে ললি তই
 অনন্ত শয়ন।

২৭

খন্তেকীয়া ছায়াবাজী
 ধূলি-ধেমালিৰ,
অন্ত হল খন্তেকীয়া
 হাঁহি মানবীৰ।

২৮

হেৰাঁ দীননাথ তুমি
 দয়াৰ আধাৰ,
পূৰোৱাঁ প্ৰাৰ্থনা এই
 দীন অভাগাৰ।

২৯

সংসাৰ ফুলনি-বাৰী
 তোমাৰ বিহাৰ-থল,
অকালে সৰিল এটি
 তোমাৰ পবিত্ৰ ফুল।

[ ২৮ ]
৩০

তোমাৰ সন্তান প্ৰভু,
 তুমি নিছাঁ কাঢ়ি,
সুখৰ ঠাইত ৰাখি
 দিবা শান্তি-বাৰি।

⸺⸺
 
সুখৰ ঠাই।
(“The Better Land” নামে ইংৰাজী কবিতাৰ ভাঙ্গনী।)

শুনিছোঁ সুখৰ ঠাই তোমাৰ মুখত,
কোৱাঁ আই, কোৱাঁ সেই ঠাই আছে কত্‌?
কোৱাঁ সি জিউতি-ভৰা দেশ কত বাৰু,
আমি নো বিচাৰি তাক নাপাম নে আৰু?
কমলাৰ ফুল যত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।

[ ২৯ ]

দীঘল পাতেৰে যত আছে বহু তাল,
ৰদৰ তাপত পকে খাজুৰ ৰসাল;
নীল সাগৰত থকা মাজুলী বোৰত,
সুন্দৰ সুগন্ধি নানা ফুল ফুলে যত;
ফুলাম পাখিৰে যত পক্ষীবোৰ উৰে,
শুৱলা মাতেৰে গীত গাই গাই ফুৰে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়,-নহয় তাত সাদৰী সোণাই।

তেন্তে কি সি ঠাই, আই, দূৰ অতিশয়,
সোণালী বালিৰ মাজে নৈ যত বয়;
চৰিছে জেউতি যত পদ্মৰাগ মণি,
পোহৰে হীৰাই যত নিৰজন খনি;
পোৱাল-বন্ধোৱা পাৰ নীল সাগৰৰ,
আছে যত শোভা কৰি মুকুতা-আকৰ;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।

চকুৰে নেদেখি সোণ, সি সুখৰ স্থান,
কাণেৰে নুশুনি তাৰ আনন্দৰ গান;

[ ৩০ ]

সপোনৰো অগোচৰ সি সুখৰ ঠাই,
ৰোগ, শোক, জৰা, মৃত্যু, সি দেশত নাই;-
বিনাশী কালৰ তাত অধিকাৰ নাই,
আকাশৰ ওপৰত সি সুখৰ ঠাই;
অমৰ সৌন্দৰ্য তাত বিৰাজে সদাই,
চিৰ সুখ, চিৰ শান্তি, সাদৰী সোণাই।

⸺⸺
 
বলম।
(এখন সৰু নৈৰ নাম।)

লাহে লাহে কত কথা মনোমাজে উদিছে,
অতীতৰ কত স্মৃতি অহা-যোৱা কৰিছে।
  বলমৰ দলঙ্গত,
  বহি মই হৰিষত,
এদিন সন্ধিয়া বেলা নিজঞ্জাল মনেৰে,
প্ৰকৃতিৰ শোভা চালোঁ অতি হাবিয়াহেৰে।
  কত লৰালিৰ কথা,
  অভিমান, মনোব্যথা,
সমনীয়া বন্ধুলেগে ৰং মনে ফুৰিলোঁ,
কত খেলা খেলি দিন আনন্দত যাপিলোঁ।

[ ৩১ ]

  অতি হৰষিত হই,
  সমনীয়া লগ লই,
পথাৰে দলনি-কাণে নাচি-বাগি ফুৰিলোঁ,
একে একে সকলোকে সুঁৱৰিব ধৰিলোঁ।
  এই বলমতে হাঁয়!
  লগৰীয়া লগ পাই,
নাদুৰি-সাঁতৰি কত শত বুৰ মাৰিলোঁ,
কুলু কুলু কুলু মাত কত বাৰ শুনিলোঁ।
  গাত ছকঠীয়া লই,
  জাৰ কাতি কৰি থই,
মেজিৰ কাষত আহি কত বাৰ বহিলোঁ,
মাঘৰ বিহুৰ মেজি কত বাৰ দেখিলোঁ।
  আৰু কত কি যে কথা,
  লাগে যেন সাধু কথা,
পমি যায় হিয়া মোৰ বৰকৈ গুণিলে,
আজিও হৰিষ লাগে সেইবোৰ শুনিলে।
  নিজম জোনাক নিশা,
  অথবা হেঙ্গুলী উষা,
বাঁহীৰ মধুৰ মাত উজাগৰে শুনিলে,
অথবা বীণাৰ ধ্বনিশ্ৰৱণত পৰিলে,
  প্ৰবাসী ঘৰত থাকি,
  মানসী পটত আঁকি,

[ ৩২ ]

তোমাৰ পাৰৰ ধূলি-ধেমালিক ভাবিলে,
শৈশৱৰ সোৱঁৰণি মনোমাজে জাগিলে,
  নাই পোৱা তেনে হৰ্ষ,
  যদিও অনেক বৰ্ষ
নিলগে নিলগে আছোঁ আঁতৰত সুখেৰে,
ইচ্ছা হয় পুনৰায় ফুৰোঁগৈ ঠগেৰে ।
  দৌল সাজি, নদি খানি
  লগৰী গোটাই আনি,
বালিমাহী খেদি যেন পুনৰায় লৱৰোঁ,
সাঁতৰি সাঁতৰি যেন পাৰোঁ মানে ভাগৰোঁ ।
  সোণালী লৰালি কাল,
  নাজানিলোঁ বেয়া তাল,
ফুৰিছিলোঁ হাঁহি-মাতি মুকলিয়া মূৰেৰে,
বসন্তৰ পক্ষী যেনে দিন গল সুখেৰে ।
  তেতিয়াৰ সেই ঘাট,
  গছ-লতা, বালি-বাট,
সকলো চিনাকি মোৰ ভাল লাগে দেখিলে,
মোকো যেন ভাল পায় গছ-লতা সকলে ।
  পুঁৱতি নিশাৰ হায় !
  সুখৰ সপোন প্ৰায়,
আকাশৰ ৰঙ্গা মেঘ এচপৰা যেনিবা,
সি সুখৰ দিন মোৰ গুচি গল কেনিবা

[ ৩৩ ]
 

 তেতিয়াৰে পৰা নই,
 তুমি কিন্তু আছাঁ বই,
সাৰুৱা আমাৰ তুমি পথাৰক কৰিছাঁ,
কাষৰ গাৱঁৰ তুমি উপকাৰ সাধিছাঁ
 কত মাহ, বৰ্ষ কত,
 ক্ৰমে ক্ৰমে হল গত,
তুমি কিন্তু একে দৰে ধীৰে ব’ব লাগিছাঁ,
বতাহৰ লগ পাই ঢউ-খেলা কৰিছাঁ৷
 পৰ্ব্বত-জীয়াৰী নই,
 ভৈয়ামত বই বই,
সজনে-বিজনে কত লীলা-খেলা কৰিছাঁ,
কত পাৰ ভাঙ্গি-পাতি ঘুৰি পকি ফুৰিছাঁ৷
 গাঁৱৰ ওচৰ পাই,
 উলাহত ঠাই নাই,
এতিয়া বাৰিষা নাও কত তুমি বইছাঁ।
বেপাৰীৰ বেপাৰৰ সহায়তা কৰিছাঁ।
 সন্ধ্যাৰ সমীৰ আহি,
 উৰাই ফুলৰ পাহি,
ভাগৰুৱা পথিকৰ প্ৰাণ জুৰ কৰিছে,
সন্ধ্যাৰ ৰাঙ্গলী ছবি নই-বুকে পৰিছে।
 ইমান বছৰ গল,
 কত লৰচৰ হল,

[ ৩৪ ]
 

তুমি কিন্তু একে ভাবে কুলু কুলু বইছাঁ,
যত পাৰাঁ সৰু মুখে বিভু-গুণ গাইছাঁ।
 লুইত নইৰ কাণ,
 তোমাৰ লক্ষ্যৰ স্থান,
তালৈকে ধাউতি ৰাখি নিৰন্তৰ বইছাঁ।
বাধা-বিঘ্ন অতিক্ৰমি অবিৰাম চলিছাঁ।
 মানৱ-জীৱন হাঁয়!
 মায়া-ভোলে বান্ধ্ খাই,
থাকিব কিমান দিন লক্ষ্য-স্থান পাহৰি,
দুদিনীয়া ছায়াবাজী ধেমালিত বাগৰি।
 তোমাৰ নিচিনা নই,
 আমাৰো জীৱন-নই,
জগতৰ হিত সাধি পাৰিব নে চলিব,
বিভু-গুণ গাই শেষে অনন্তত মিলিব?

—————

জোন ৷

নিশাৰ আন্ধাৰ ঠেলি জিলিকি জগত্,
কোন তুমি শোভিছাহাঁ আকাশী লোকত্?
 কোন তুমি কাৰ দূত,
 হোৱাঁ ৰাতি আবিৰ্ভূত,

[ ৩৫ ]
 

 ৰূপৰ পোহাৰ মেলা,
 আকাশত কৰা খেলা,
কোন তুমি কোৱাঁ হেৰাঁ স্বৰগবাসিনী,
কাৰ প্ৰভাৱত কৰা জোনাক যামিনী?
 মণিত মাদলি যেন,
 সভাত কুঁৱৰী হেন,
 তৰাৰ মাজত বহি,
 মিচিকি মিচিকি হাঁহি,
ৰূপালী পোহৰ বাকি দিছা জগতত,
অশেষ তৰাৰ বাণী তুমি আকাশত।
 দেখি তযু মধু-হাঁহি
 পুখুৰীত ভেঁট-পাহি,
 সাজি-পাৰি উলাহত,
 তোমাৰেহে মৰমত,
একেৰাহে চাই থাকে তোমাকে ধিয়াই,
তুমি দিয়া প্ৰতিবিম্ব পানীত পেলাই।
 অকণি জোনাক লই,
 জোনাকী বিতৎ হই,
 নিজক কুৰূপ ভাবি,
 উৰি উৰি আহি নামি,
গছৰ ছায়াত গই জাকেৰে সোমাই,
আন্ধাৰত ৰিণি ৰিণি পোহৰ বিলায়

[ ৩৬ ]
 

 জিঁ-জিঁ-জিঁ আৰাও কৰি,
 কিবা এক সুৰ ধৰি,
 জোনাই, তোমাক দেখি,
 জিলিবোৰ মহা সুখী,
মন খুলি গায় সৱে উলাহৰ গীত,
জোনাকত জীৱ জন্তু হয় পুলকিত।
 ফুলনিত নানা ফুল,
 গোন্ধতে আমোলমোল,
 নিয়ৰে ধুৱায় পাহি,
 জোনায়ে বিলায় হাঁহি,
ওলমে মুকুতমালা আগত পাতৰ,
ফুল-কুঁৱৰীৰ নাই পাৰ আনন্দৰ।
 তিৰোতাই লৰা লই,
 তোমাৰ মুখলৈ চাই,
 তধা লাগি ৰই ৰই,
 কত সাধু কথা কই,
ওমোলায় প্ৰাণপুত্ৰ হৃদয়-ৰতনে,
মিঠৈ এটি দিয়াঁ বুলি হৰষিত মনে
 কিনো বিতোপন মুখ,
 দেখি পাওঁ মহা সুখ,
 আমনি নালাগে মনে,
 ঘূৰি চাওঁ ঘনে ঘনে,

[ ৩৭ ]
 

কোনে নিৰমিলে কোৱাঁ তোমাক জোনাই
কাৰ জেউতিত থাকা আকাশ শুৱাই?
 আহা! সেই খনিকৰ,
 কি যে কেনে মনোহৰ,
 যি গঢ়িলে জোন তৰা,
 সুবিশাল এই ধৰা,
বিনন্দবিলাস যাৰ সৃষ্টি চৰাচৰ।
—সত্য তেওঁ, শিৱ তেওঁ, মহান্ সুন্দৰ
 তেওঁ ৰেহে ফিৰিঙ্গটি,
 যত দেখোঁ সকলোটি,
 পশু, পক্ষী, গছ, বন,
 নৰ নাৰী অগণন,
চামে চামে জীৱ বোৰ আহে আৰু যায়,
উপজি তেওঁতে মাৰ যায় পুনৰায়।
 বৰষাঁ হে সুধাকৰ,
 সুধা ৰাশি স্বৰগৰ,
 হাঁহিৰে হঁহাই তুমি,
 মানৱৰ কৰ্ম্ম-ভূমি,
কৰাঁ এই পৃথিবীক ঠাই আনন্দৰ,
বৰষা কোমল, স্নিগ্ধ, প্ৰেমৰ পোহৰ ৷

[ ৩৮ ]


জীবন সঙ্গীত।

(কবি Longfellow-ৰ ‘A Psalm of Life’ নামে ইংৰাজী কবিতাৰ ভাঙ্গনী)

শোকৰ কবিতা ৰচি, দুধাৰি চকু-লো মচি,
 নকবা জীৱন মিছা নিশাৰ সপোন;
অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই,
 মোহময় মায়াময় সকলো মাথোন।

পুত্ৰ কন্যা পৰিবাৰ  কোন তযু তুমি কাৰ
 বুলি হেৰা অবাবত নকৰাঁ বেজাৰ;
কলা-ঘুমটিয়া হই,  আতমা যে আছে বই,
 জানিবা মৰণ নাই এই আতমাৰ।

অস্থায়ী মানৱ দেহা,  কৰিম দুদিন বেহা,
 ফুৰিম দুদিন মাথোঁ সংসাৰ-হাটত;
দুদিনৰ অন্ত হলে,  আয়ুষ ঢুকাই গলে,
 সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত।

[ ৩৯ ]
 

চকু কাণ নাক যাব,  হাড় ছাল নাশ পাব,
 মাটিৰ মানুহ তুমি মাটিত মিলিবা;
অবিনাশী নিত্য ধন, অমৰণ অভগন,
 অনন্ত উন্নতিশীল আতমা জানিবা!

সদাই চকু-লো টোকা,  দুখত মগন-থকা,
 ভোগ-সুখ জীৱনৰ উদ্দেশ্য নহয়;
এনে ভাৱে কাম কৰাঁ,  দিনে যেন আগ বাঢ়াঁ
 প্ৰতি দিনে খোজ যেন আগলৈহে যায়।

পল পল দণ্ড কৰি, সময় গইছে উৰি,
 পাখি-লগা কাঁড়ৰ নিচিনা অবিৰাম;
বহু দূৰ আছে গতি,  সময় তাকৰ অতি,
 কৰিব লগীয়া আমি আছে বহু কাম।

দিন যায়, আহে ৰাতি,  আয়ুষ গইছে টুটি
 লাহে লাহে চমু চাপি আহিছে মৰণ;
সংসাৰ যুজৰ ঠাই, শুবৰ সকাম নাই,
 কাচি-পাৰি যুজাঁ সবে কৰি প্ৰাণপণ।

[ ৪০ ]
 

এলাহ-নিহালি থোৱা,  বীৰ-বেশ গাত লোৱাঁ
 নহবা মৰাৰ প্ৰায় জ্ঞানৰ সন্তান;
নহবা গৰুৰ দৰে,  খুঁচিলেহে খোজ ধৰে,
 ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান।

কল্পনা-চকুৰে চাই,  যেনেকি সুন্দৰ পাই
 নকৰিবা দূৰ ভবিষ্যক পতিয়ন;
অতীত মৰিল গল, তাৰ কথা অন্ত হল,
 মনৰ পৰাই তাক কৰাঁ বিসৰ্জ্জন ।

যিহকে আগত পোৱা,  ততালিকে কৰি যোৱাঁ
 জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত;
সাহক সাৰথি কৰাঁ,  কৰ্ত্তব্যৰ পাছে লৰা,
 ঈশ্বৰ কৰুণাময় আছে ওপৰত।

১০

মহা মহা পুৰুষৰ, চানেকিৰে জীৱনৰ,
 আমিও কৰিব পাৰোঁ জীৱন গঢ়িত;
অভিনয় শেষ হলে  আয়ু-বেলি মাৰ গলে,
 থই যাব পাৰোঁ খোজ সময়-বালিত।

[ ৪১ ]
 
১২

কেতিয়াবা হব পাৰে, কোনো দুৰ্ভগীয়া নৰে
 জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই
অঠাই পানীত পৰি, কক্ বক্ কৰি কৰি,
 ঢউৰ কোবত যদি আহি পাৰ পাই,

১৩

দেখি সেই খোজবোৰ,  হব তাৰ আশা ঘোৰ,
 সাহ কৰি খোজে খোজে খোজ লব পাৰে।
তেনেহলে বলা ভাই, শুবৰ সকাম নাই,
 অপূৰ্ব্ব জেউতি চোৱা উন্নতিৰ শিৰে।

১৪

শিকাঁ সবে পৰিশ্ৰম,  শিকাঁ হে নীতি-ধৰম,
 নাভাবিবা সুখ-দুখ কিনো কপালত;
কৰ্ত্তব্যৰ পাছে লৰা, ক্ৰমাগত কাম কৰাঁ,
 ফলাফল ফলদাতা বিভুৰ হাতত।

—————

[ ৪২ ]
 

সুখ।

সুখ সুখ বুলি মানুহ বলিয়া
 নেদেখে সুখৰ মুখ;
সুখ বিচাৰোঁতে পায় সংসাৰত
 দুখৰ উপৰি দুখ।
দেখিও নেদেখা কিয় দিন-কণা,
 সুখ যে হাততে আছে;
যিটে দিব পাৰে স্বাৰ্থ বলিদান,
 সুখ ফুৰে পাছে পাছে।
অকল নিজৰ নিমিত্তে নহয়
 আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
 সংসাৰ সুখৰ ঠাই।
পৰৰ অভাৱ, পৰৰ দুখত,
 হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে,
 সংসাৰত দুখ নাই।
শক্তি-সামৰথ পৰৰ সুখত
 বিলাব পাৰিলে ভাই
পৰৰ কাৰণে কান্দিব জানিলে
 কান্দনতো সুখ পায়।

[ ৪৩ ]

সকলো আপোন যত নৰ-নাৰী,
 কাক নো বুলিম পৰ?
পৰমপিতাৰ সকলো সন্তান।
 পৃথিবী আমাৰ ঘৰ।
গাই-গোটা পেটে ভঁৰাল নহবা
 লোকৰ দুখলৈ চোৱা;
মানুহৰ সেৱা, মাণুহৰ পূজা,
 পৱিত্ৰ বৰত লোঁৱা।
‘মই’ ‘মোৰ' বুলি নাথাকিবা মজি
 মোহৰ জালত পৰি,
‘মই ‘মোৰ' ভাৱে তললৈ বুৰাব
 নাপাবা ৰক্ষাৰ তৰী।
সুখৰ দুখৰ মনেই কাৰণ
 মনক কৰিবা থিত;
ত্যাগত লভিবা পৰম সন্তোষ,
 সাধিবা লোকৰ হিত।
স্বাৰ্থৰ বাটত দুখৰ কাঁইট,
 খোজেপতি বিন্ধে হুলে,
নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
 সুগন্ধি কুসুম ফুলে।
যথাৰ্থ নিস্বাৰ্থ ধৰমী জীৱন,
 বিশ্ব-প্ৰেমে ভৰপূৰ,

[ ৪৪ ]

বিশ্বৰ সকলো ভাই-ভনী তাৰ,
 সুখৰ নপৰে ওৰ।

———

 


মেঘ।

(কবি Shelley-ৰ “The Cloud” নামে ইংৰাজী কবিতাৰ ছা লৈ লিখা হৈছে।)

পৃথিবী জনমভূমি পানীৰ তনয়,
পাখি নাই উৰি ফুৰোঁ আকাশত মই।
জীৱন-উপায় কৃষি হয় মোৰ পৰা,
সুজলা সুফলা মই কৰোঁ এই ধৰা।
পিয়াহত ফুল যায় ক্ষীণাই শুকাই,
নতুন জীৱন দিওঁ পানী কঢ়িয়াই।
ৰদৰ তাপত যত কুঁহি ফুল পাত,
কলা ঘুমটিৰে শোৱে জাপি ধৰোঁ গাত।
ফুল-কলি হালিজুলি নাচে বতাহত,
ময়ে তাক হঁহুৱাও মাকৰ বুকত।
ৰঙ্গা মুখে উষা দেবী পূব আকাশত,
দিনৰ উদয়-বাৰ্ত্তা জনায় লোকত;

[ ৪৫ ]
 

মোৰ ওপৰত উঠি মিচিকাই হাঁহি,
ভোটা তৰটিলৈ চাই যাই ধীৰে ভাহি।
বাট-দেখুৱাঁতী মোৰ প্ৰিয় সহচৰী,
চিকমিক্‌ জিকমিক বিজুলী সুন্দৰী।।
বান্ধোঁ মই সূৰ্য্যাসন লোৰ শিকলিৰে;
ৰূপহী জোনক বান্ধোঁ মুকুতা-মালাৰে।
মুকুট স্বৰূপে শোভোঁ পৰ্ব্বত-শিৰত,
নবীন যুজাৰু হই ফুৰোঁ আকাশত।
বিস্তাৰিছোঁ ৰাজ্য মোৰ দেশ দেশান্তত,
পৰ্ব্বত ভৈয়াম আৰু নীল সাগৰত।
শতেক যোজন যুৰি কত অন্তৰীপ,
সেতু বান্ধি এক কৰোঁ দ্বীপ উপদ্বীপ।
পৃথিবীৰ পৰা জন্মি পৃথিবীতে পৰোঁ
নতুম জনম লই আকাশত ফুৰোঁ।

————

অসম ।

হে আই অসম, কোৱাঁচোন মোক,
কিয় নো সদাই দেখোঁ তযু শোক?
কি কথা বেজাৰ মনেৰে ভাবিছা,
কিয় নো সদাই চকু লো টুকিছাঁ?

[ ৪৬ ]
 

ওলমি পৰিছে মনোহৰ কেশ,
কিয় আই তোমাৰ মলিন বেশ?
কিহৰ দুখত আমনজিমন,
কিয় নো জননি, বিৰস বদন?
মেঘালি মুখত হাঁহিৰ বিজুলী,
হল বহু দিন নুফুলে উজলি।
ভুবনমোহিনী সৌন্দৰ্য্যক হায়।
ঢাকি যে পেলালে বিষাদৰ ছাঁই।
মোহিনী বীণত নপৰে ঝঙ্কাৰ,
কোৱাঁ হেৰাঁ আই ছিগিল কি তাঁৰ?
লক্ষ কুৰি আছে তোমাৰ সন্তান,
লক্ষ কুৰি কণ্ঠে গাব তযু গান,
লক্ষ কুৰি জনে আই বুলি আহি
পূজিব ৰাতুল চৰণৰ পাহি।
ভাই অসমীয়া আইৰ দুখত,
এতিয়াও কিয় টোপনি জালত?
এতিয়াও কিয় এলাহ পাটীত,
জ্ঞান-সভ্যতাৰ বহু দূৰণিত?
সত্য সনাতন ধৰ্ম্মক পাহৰি,
অন্ধ-বিশ্বাসক আঁকোৱালি ধৰি,
কৰিছাঁ খিয়াল বান্ধৱ বুকৰ,
পাহৰি আপোন ভাইক লগৰ;

[ ৪৭ ]
 

ইজনে সিজনে মিলা-প্ৰীতি নাই,
পাৰিলে আজিয়ে খুঁচি-মাৰি খায়।
চুকৰ ভেকুলি কানি-পাণ-খোলা,
ওফোন্দা ভেমত ডাঙ্গৰীয়া বোলা,
ৰাতি জুহালত সাত হাল বোৱা,
দিনত সোৰোপা দুপৰলৈ শোৱা,
মিছাৰ ভঁৰালী সন্তানক চাই,
দুৰদশা দেখি কান্দিছাঁ কি আই,
তাতে কি হে বীণা নীৰৱ তোমাৰ,
হল বহু দিন নহয় ঝঙ্কাৰ?
বজোৱাঁ জননী, তোমাৰ ই বীণ,
জাগোক ই জাতি সকলোতে হীন।
লগে লগে গোৱাঁ উদগনি গীত,
নৈ গাওঁ কৰি পৰ্ব্বত ধ্বনিত।
দিগ দিগন্তলৈ শবদ উঠক,
নিৰ্জ্জীৱ অসাৰ ই জাতি জাগক।
উন্নতিৰ হেতু সকলো লৰিছে,
হাতত বিজয় পতাকা শোভিছে।
নিৰ্জ্জীৱ ই জাতি ঘোৰ টোপনিত,
নাই কি এটোপা আৰ্য্যৰ শোণিত?
আন ভাৰতীয়ে মাতিছে চিয়ঁৰি,
‘উঠাঁ অসমীয়া, নিদ্ৰা পৰিহৰি';

[ ৪৮ ]
 

উঠা অসমীয়া, চোৱাঁ চকু মেলি,
পোহৰে পূবত, ভাগ্যৰ বেলি;
অতীত গৌৰৱ সুঁৱৰি ভাই,
উধাৰা অসম দুখুনী আই।
সাহিত্য, সঙ্গীত, জ্ঞান, বিজ্ঞানত,
কৃষি, শিল্প আৰু বেহা-বেপাৰত,
জনমভূমিৰ মুখ উজলাম,
ৰাখিম ধৰাত অসমীয়া নাম।
শুলাঁ বহু দিন উঠাঁ অসমীয়া,
জগৎ জাগিছে উঠাঁচোঁ এতিয়া।
আহ সকলোৱে কৰোঁ এই পণ,
দেশৰ কল্যাণ কৰিম সাধন;
দেশৰ কাৰণে চকুৰে কান্দিম,
দেশৰ কাৰণে মুখেৰে মাতিম;
দেশৰ কাৰণে লিখনী লিখিম,
দেশৰ কাৰণে স্বাৰ্থ তিয়াগিম;
জাতীয় প্ৰেমত সকলো মজিম,
জাতিৰ উন্নতি অৱশ্যে সাধিম;
আই অসমৰ গৌৰৱ বঢ়াম,
‘জয় জন্মভূমি' সকলোৱে গাম;
প্ৰেম-ভকতিক হিয়াত থাপিম,
সত্য সনাতন ধৰ্ম্ম আচৰিম।

[ ৪৯ ]
 

নাকান্দিবা আই বীণা তুলি লোৱাঁ,
জাতীয় সঙ্গীত ঝঙ্কাৰত গোৱাঁ।
দুখৰ দীঘল ৰাতিটি পুৱাব,
পুৱাৰ সোণালী কিৰণ ওলাব।
নতুন তেজেৰে গাত বল পাই,
উঠিব তোমাৰ সন্তান দুনাই।
জাগিব বীণৰ শুনি এই তান,
নতুন উছাহে তোমাৰ সন্তান।

———

 

ঈশ্বৰে ৰজাক কুশলে ৰাখক।

(GOD SAVE THE KING.)

ঈশ্বৰে ৰজাক কুশলে ৰাখক,
আমাৰ সম্ৰাট ভাৰতেশ্বৰক,
দিয়ক দীৰ্ঘায়ু ৰাজাধিৰাজক,
প্ৰজাৰ কল্যাণ সততে সাধক,
বহু দিন ৰাজ্য সুখেৰে কৰক,
ঈশ্বৰে ৰজাক কুশলে ৰাখক ৷

[ ৫০ ]

দশোদিশ যুৰি জয় জয় হক,
ৰজাৰ গৌৰৱ মহিমা বাঢ়ক,
সুজ্ঞান সুবুদ্ধি মনত দিয়ক,
বিপদ-বিঘিনি উৰাই নিয়ক,
ৰাজ্য সুশাসন শান্তিৰে কৰক,
ঈশ্বৰে ৰজাক কুশলে ৰাখক ।

ৰজাৰো যে ৰজা সৰ্ব্বশক্তিমন্ত,
অব্যক্ত ঈশ্বৰ প্ৰভু ভগৱন্ত,
আবৰি সাৱৰি ডৌকাৰ আঁৰত,
ৰাখক তেৱেঁই ৰজাক সুখত ;
ন্যায়, ধৰ্ম্ম, নীতি, ৰাজ্যত বাঢ়ক
ঈশ্বৰে ৰজাক কুশলে ৰাখক ।

সুপ্ৰসন্ন হই ৰজাৰ ওপৰ,
দিয়ক ঈশ্বৰে এই শুভ বৰ,
সসাগৰা ৰাজ্য শান্তিময় হক,
জ্ঞানৰ পোহৰ ৰাজ্যত পৰক
পূৰুবে পচিমে সকলো প্ৰজাৰ,
ৰাজ-ভক্তি ভৰা প্ৰাৰ্থনা হিয়াৰ,

[ ৫১ ]
 

একেৰাহে সদা স্বৰ্গলৈ উঠক,
ঈশ্বৰে ৰজাক কুশলে ৰাখক।

—————


উপদেশ।

হব খোজা জ্ঞানী যদি লোক-সমীজত,
লোৱাঁ মোৰ উপদেশ গাঁথি হৃদয়ত;—
সাৱধান, কথা কব লাগিব যেতিয়া,
কাৰ কথা কাক কৰা কিৰূপে কেতিয়া,
গমি চাবা, কিনো কথা কবা কেনেকই,
কবা সত্য প্ৰিয় কথা বুজি-বাজি নই।
ভৰিৰে পিছল খালে নিজে দুখ পায়,
জিভাৰ পিছলে দুখ আনৰ বঢ়ায়।
কথাৰ মুৰত বঁটা, কথাতেই লেঠা,
তিতা কথা কই কাকো নিদিবাহে ব্যথা।
নিজৰ শলাগ, পৰনিন্দা, তিৰস্কাৰ,
আলাপত মিছাকথা কৰা পৰিহাৰ।
বাক্যৰ দুখীয়া কোনো নাই জগতত,
নহয় খৰচ একো সাদৰী মাতত।

—————

[ ৫২ ]

আমাৰ গাওঁ।

শুৱনি আমাৰ গাওঁখন অতি,
  শুৱনি গছেৰে ভৰা ;
ডাল ভৰি ভৰি ফলফুল লাগে,
  কত পাওঁ তল-সৰা ।
শুৱনি আমাৰ ধাননি পথাৰ,
  ধানেৰে উপচি পৰে ;
শুৱনি নদীৰ পানী-ভৰা ঘাট,
  মুদৈয়ে বেপাৰ কৰে ।
চালত কোমোৰা, লাও, জিকা, ভোল,
  ভঁৰালত জহা ধান,
গোহালিত গৰু, পুখুৰীত মাছ,
  বাৰীত তামোলপান ।
গছৰ ডালত শুৱনি চৰায়ে,
  শুৱলা সঙ্গীত গায় ;
শাকনিত শাক, ফুলনিত ফুল,
  দেখিলে হিয়া জুৰায় ।
ঘৰে ঘৰে ৰং ধেমালিৰ হাট,
  ঘৰে ঘৰে হাঁহি-মুখ,
ঘৰে ঘৰে ভাল চেনেহা-চেনেহী,
  ঘৰে ঘৰে দেখোঁ সুখ ।

[ ৫৩ ]

ভাৱনা-সবাহ, গীত ভালপোৱা,
  মধুৰ মুৰুলী তান,
দহোটাৰ কাম একো জনে কৰা,
  চহাৰ সৰল প্ৰাণ ।

চহা আৰু পণ্ডিত ।

(ইংৰাজ কবি Gray-ৰ The Shepherd and the Phi-
losopher নামে ইংৰাজী কবিতাৰ ছাঁ লৈ লিখা হৈছে ।)

ভালেখিনি নিলগত নগৰৰ পৰা,
আছিল এজন চহা জুৰমন বৰা;
ৰূপ যেন চুলি তাৰ বুঢ়া বয়সত,
জানিছিল বহু জ্ঞান সংসাৰ—ঠেকত;
বাৰিষাৰ বৰষুণ কাতি কৰি থই,
পুৱাতে ওলাই যায় হাল-কোৰ লই;
বোকা-পানী, জাৰ-জহ, মেঘৰ গাজনি,
হৰষিত কৰে খেতি একোকে নামানি;
মনত সন্তোষ সদা, নাজানে খিয়াল,
নাজানিলে দুৰাকাঙ্ক্ষা সকলোৰে ভাল;
সকলোৰে উপকাৰী গাৱঁৰ মাজত,
সজ নাম চুবুৰীয়া লোকৰ মুখত।

[ ৫৪ ]

এজন পণ্ডিত বৰ শাস্ত্ৰত নিপুণ,
বহুকাল পঢ়ি পঢ়ি লভি বহু গুণ,
ভৰি দি এদিনাখন চহাৰ পঁজাত,
সুধিলে কি জ্ঞান তুমি লভিলাঁ ইয়াত ?
ধৰ্ম্মশাস্ত্ৰ, ইতিহাস, ওঠৰ পুৰাণ,
দৰ্শন, জ্যোতিষ, অঙ্ক, ভূগোল, বিজ্ঞান,
চকুৰ টোপনি খতি আদ্খিনি ৰাতি,
চাকি চাকি তেল পুৰি পঢ়ি পুথি-পাঁজি,
আৰ্জ্জিলাঁ নে বিদ্যা-বুদ্ধি জ্ঞান-ধৰ্ম্ম আৰু,
ভৱভূতি, কালিদাস, বুজিলাঁ নে বাৰু ?
দেখিলাঁনে নানা তীৰ্থ, বিচিত্ৰ নগৰ,
গিৰি, নদী, সৰোবৰ, সুনীল সাগৰ ?
মানুহৰ ৰীতি-নীতি আৰু দেশাচাৰ,
দেখিলানেঁ কোৱাঁ বাৰু শুনোঁ একাষাৰ ?
চহাই উত্তৰ দিলে মূৰটি দোৱাঁই,
পুথি-পাঁজি পঢ়াশালি মই দেখা নাই ।
কোনো দিন ফুৰা নাই দেশ-বিদেশত,
বিদেশীৰ ৰীতি-নীতি মোৰ অবিদিত ।
সভ্যতাৰ মুখা পিন্ধি মানুহে সঁচাই,
মানুহকে ছল কৰে দেখিছোঁ সদাই ;
আমি যদি আমাকেই নোৱাৰোঁ জানিব,
নানা শাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব ?

[ ৫৫ ]

যি দৰে আৰ্জ্জিলোঁ মোৰ অতি ক্ষুদ্ৰ জ্ঞান,
কওঁ বাৰু কথালৈ দিবা মোৰ কাণ ;—
মৌমাখি বন কৰি উৰি উৰি যায়,
পৰিশ্ৰমী হবলৈ আমাক শিকায় ;
জাৰকালি খাবলৈ সাঁচে পৰুৱাই,
ধন-ধান সাঁচিবলৈ আমাক শিকায় ;
এই যে কুকুৰ মোৰ দুৱাৰ-দলিত,
তাৰ প্ৰভু-ভক্তি দেখি হওঁ আচৰিত ;
চোতাল-আগৰ সৌ কঠালজুপিত,
কপৌ-কপৌৱনী জুৰি মাতে হৰষিত ;
আহা ! কেনে ভাল-পোৱা আজান দুটাৰ,
শিক্ষা দিয়ে প্ৰেম কিনো মটা-তিৰোতাৰ ;
দেখিছাঁ নে সৌজনী কুকুৰা চৰাই,
ডৌকাৰ আঁৰত কেনে পোৱালী শুৱায় ;
লাগিব নিদিয়ে জাৰ গাত পোৱালীৰ,
আহা ! কেনে মাতৃ-স্নেহ সামান্য পক্ষীৰ ;
যতেক চৰাই উৰি ফুৰে আকাশত,
চোৱাঁচোন সকলোৱে নিজৰ বাঁহত,
উমাই উমাই কেনে পোৱালী জগায়,
কত যত্নে টোপ আনি মুখত খুৱায় ;
দলনিত চৰি ফুৰা শৰালি পক্ষীৰ,
পিতৃ-মাতৃ প্ৰতি ভক্তি কিমান গভীৰ !

[ ৫৬ ]

স্বভাৱৰ লীলা-খেলা চাই চাই চাই,
পকালোঁ মূৰৰ চুলি নানা শিক্ষা পাই ;
উৰণ, বুৰণ, আৰু গজন, ভ্ৰমণ,
যত দেখোঁ সকলোটি হিতৰ কাৰণ ।
যদি চাব জানা এই সুন্দৰ জগৎ,
শিক্ষাৰ বিষয় পাবা অনেক মহৎ ।
অক্ষয় অমুল্য জ্ঞান-ৰতনেৰেৰে ভৰা
বিশ্ব-পুথি পঢ়াঁ বিশ্ব-খনিকৰে কৰা ।
একেটা ঘৰৰ ছাল আকাশমণ্ডল,
একেটা ঘৰৰ ভেঁটি এই ধৰা তল ;
একেটা বেলিয়ে দিয়ে পোহৰ দিনত,
এক জোনে জিলিকায় নিশাৰ ভাগত ;
একে বায়ু, একে পানী, আমাৰ আহাৰ,
একে তেজ, একে মাংস দেহত আমাৰ ;
কৰিছে সবাকে এক বিশ্ব-খনিকৰ,
নৰ-নাৰী পুত্ৰ কন্যা এক ঈশ্বৰৰ ;
সবাকে পালিছে তেওঁ সমান স্নেহেৰে,
জোনৰ জোনাক তেওঁ দিয়ে ঘৰে ঘৰে ।
সবাকে বিলায় বায়ু ভেদাভেদ নাই,
সকলোৱে সম ভাগে জুই-পানী পায়
পৃথিবীয়ে দিয়ে শস্য বেলিয়ে পোহৰ,
কেনে সম-দৰশন, দয়া ঈশ্বৰৰ ।

[ ৫৭ ]

কিয় তেন্তে দ্বন্দ-হাই ঈৰ্ষা পৰস্পৰ,
খোচাখুচি হিংসা বৈৰী দেখোঁ মানুহৰ ?
মানুহে ঘিণায় হায় ! ভাই মানুহক,
কপট ছলনা কৰি হয় প্ৰতাৰক !
ইতৰ প্ৰাণীৰ মাজে আছে অনেকৰ,
আছে হিংসা বৈৰী-ভাব ক্ৰোধ সিহঁতৰ ;
ভালুক কেশৰী বাঘ ঘোং জাৰণিত,
মহা ক্ৰুৰ সৰ্প জাতি আছে অগণিত,
আছে ডকা দিয়া চিলা, শেন হিংসুকীয়া,
মানুহৰ সেইবোৰ কিন্তু তলতীয়া ।
সকলো প্ৰাণীৰ মাজে নৰ শ্ৰেষ্ঠ কয়,
হাঁয় ! হাঁয় ! নৰ কিয় পশুতুল্য হয় ?
এটুপি চকুৰ পানী, এষাৰি সাদৰী মাত,
এখনি চেনেহী-হিয়া, এখনি সহায়-হাত,
পিছ-পৰা দুখীয়াই যায় আশা কৰি,
আগ-বঢ়া সুখীয়াই চায় জানো ঘূৰি ?
এজন ঈশ্বৰ পিতা আমি সকলোৰ,
ভাই-ভনী নৰ-নাৰী আছোঁ যতবোৰ ।
নানা ৰূপে নানা নামে লোকে জগতৰ,
দেশে দেশে পূজা কৰে পৰম ঈশ্বৰ ;
সকলো নদীৰ গতি যিৰূপে সাগৰ,
সকলোৰে পূজা পায় বিশ্ব-খনিকৰ ।

[ ৫৮ ]

বিশ্ব জুৰি স্নেহ-প্ৰীতি বাঢ়োক আমাৰ,
স্বভাৱৰ পৰা পালোঁ এই শিক্ষাসাৰ ।
পণ্ডিতে তবধ মানি চহৰ কথাত,
হৰিষত কলে তাৰ ধৰি দুই হাত,—
ধন্য তুমি খেতিয়ক চহা গাৱঁলীয়া,
ধন্য তুমি শিক্ষা দিলা কি মহামূলীয়া ।
নেদেখিলা পঢ়াশালি, একো নপঢ়িলা,
স্বভাৱৰ পৰা অতি সজ শিক্ষা দিলা ।
যিবা বিদ্যা আৰ্জ্জে লোকে পঢ়াশালি পাই,
যিবা শিক্ষা পায় লোকে শাস্ত্ৰ পঢ়ি চাই,
জানিব লগীয়া বহু বাহিৰেও তাৰ,
জ্ঞান-ৰত্ন পাব পাৰে যত্ন থাকে যাৰ ।

নীতি-ৰত্নমালা

(সংস্কৃতৰ ভঙ্গিনী)

(১)

অজৰ অমৰ ভাবি নিজৰ জীৱন,
জ্ঞানীয়ে কৰিব বিদ্যা ধন উপাৰ্জ্জন,
চুলিত ধৰিছে যমে এতিয়াই নিব,
হেন মনে ভাবি তেওঁ ধৰ্ম্ম আচৰিব ।

[ ৫৯ ]

জ্ঞাতি বন্ধু ভাগ কৰি যিধন নলয়,
যি ধনত চোৰ-ডকাইতৰ নাই ভয়,
দানত নহয় ক্ষয়, বৰঞ্চ বৰ্দ্ধন,
হেন মহাধন বিদ্যা অমূল্য ৰতন ।

শৈশৱত বিদ্যা নিশিকিলে যিটো জন,
যৌৱনত নকৰিলে ধন উপাৰ্জ্জন,
বুঢ়া হই ধৰ্ম্ম-কৰ্ম্ম নকৰিলে আৰু,
অন্তিমত কি কৰিব সিজনে নো বাৰু ?

পণ্ডিত সুজন সৰ্ব্ব গুণৰ আধাৰ,
দোষৰ আধাৰ তেওঁ বিদ্যা নাই যাৰ ;
সি কাৰণে সহস্ৰ সহস্ৰ মূৰ্খ হন্তে,
একে জন জ্ঞানী শ্ৰেষ্ঠ জানিবা জগতে ।

বিদ্যা যাৰ আছে মাথোঁ পুথিৰ পাতত,
ধন যাৰ আছে মাথোঁ পৰৰ হাতত,
কাৰ্য্যকালে পোৱা টান হলে প্ৰয়োজন,
মিছা তাৰ সেই বিদ্যা, মিছা তাৰ ধন ।

[ ৬০ ]

গুণ নহলে নো ৰূপে কি কাম সাধিব,
স্বভাৱ নহলে ভাল কুলে কি কৰিব ?
কাৰ্য্যসিদ্ধি নহলে নো বিদ্যা কি কাৰণ
ভোগ নকৰিলে ধন মিছা উপাৰ্জ্জন ।

ফুলিলে এজোপা মাথোঁ সুফুল হাবিত,
সুগন্ধে গোটেই হাবি কৰে আমোদিত ;
সিৰূপে সুপুত্ৰ যদি এটি জন্ম ধৰে,
গোটেই বংশটো তাৰ গুণতে পোহৰে ।

এটি মাত্ৰ গুণৱন্ত পুত্ৰ যদি ৰয়,
সিও ভাল শত মূৰ্খ একোৱে নহয় ;
এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে,
অসংখ্যাত তৰাবোৰে কিবা গুণ ধৰে ?

হলেও ৰূপহ ডেকা উত্তম কুলৰ,
কদাপি নাপায় শোভা বিদ্যাহীন নৰ ;
যেনুৱা পলাশ ফুল দেখোঁতে সুন্দৰ,
গন্ধহীন বুলি কেৱেঁ নকৰে আদৰ ।

[ ৬১ ]

১০

পিতা মাতা দুয়ো শত্ৰু বুলি নিন্দা পায়,
নিজৰ লৰাক বিদ্যা যদি নিশিকায়;
নোশোভে নিৰ্গুণী পুত্ৰ গুণী-সমাজত,
যেনুৱা অশোভা বক হাঁহৰ মাজত ।

১১

প্ৰিয়তম বস্তু যেনে জীৱন নিজৰ,
জানিবা জীৱন তেনে সকলো জীৱৰ;
সকলো জীৱক ভাবি নিজৰ নিচিনা,
সকলোৰে প্ৰতি সদা কৰিবা কৰুণা ।

১২

এলাহ পৰম শত্ৰু জানিবা দেহৰ,
যাৰ পৰা সৰ্ব্বনাশ হয় মানুহৰ;
উদ্যমৰ দৰে বন্ধু নাই জগতত,
কেওঁ কতো অৱসন্ন নহয় যিহত ।

১৩

 ঋণশেষ, অগ্নিশেষ আৰু ব্যাধিশেষ,
 কৰিৱা ইতিনি শেষ নাৰাখিবা লেশ;
 ৰাখা যদি লেশমাত্ৰ বাকী ইসৱৰ,
 ক্ৰমে ক্ৰমে বাঢ়ি যাব জানিবা ঠাৱৰ।

[ ৬২ ]

১৪

ধন প্ৰাণ উছৰ্গিও কৰে জ্ঞানী জন,
সংসাৰত বিপন্নৰ উদ্ধাৰ সাধন ;
সময়ত সবলোৰে ঘটিব মৰণ,
সুকাৰ্য্যত হানি হলে সাৰ্থক জীৱন ।

১৫

দুদিনীয়া মলবাহী দেহা কৰি ক্ষয়,
যদি নিত্য নিৰমল যশোলাভ হয় ;
তেনেহলে ভাবি চোৱাঁ কি লাভ নহয় ?
মৰিলেও সুকাৰ্য্যৰ কীৰ্ত্তি সদা ৰয় ।

১৬

গুণ আৰু শৰীৰৰ অনেক অন্তৰ,
তুলনাত উভয়ৰ প্ৰভেদ বিস্তৰ ;
ক্ষন্তেকীয়া ভাবি চোৱাঁ দেহা মানুহৰ,
গুণবোৰ থাকে কিন্তু যুগ যুগান্তৰ ।

১৭

কোকিল সুন্দৰ হয় শুৱলা মাতত,
তিৰোতা সুন্দৰী হয় সতীত্ব গুণত ;
বিদ্যাৱন্ত হলে হয় কুৰূপো সুন্দৰ,
ক্ষমা গুণে তপস্বীক কৰে মনোহৰ ।

[ ৬৩ ] [ ৬৪ ]
 

১৮

নাথাকে মাণিক সকলোটি পৰ্ব্বতত,
নিমিলে মুকুতা-গজ সকলো গজত;
সকলো স্থানতে নাই সাধু মহাজন,
সকলো হাবিতে নাই সুগন্ধি চন্দন।

১৯

শান্তি তুল্য নাই কোনো তপস্যা সাধন,
কি আছে সন্তোষ তুল্য সুখৰ কাৰণ?
তৃষ্ণাৰ * সমান ব্যাধি নাই যে শকত,
দয়াৰ সমান ধৰ্ম্ম নাই জগতত।

২০

অস্থায়ী মানব-দেহা, অনিত্য বিভৱ,
চিৰকাল কেতিয়াও নাথাকে ইসৱ;
নিতৌ ওচৰ চাপি আহিছে মৰণ,
হেন জানি কৰাঁ ধৰ্ম্ম-কৰ্ম্মৰ সাধন।

২১

পৰ-উপকাৰ ব্ৰত যাৰ হৃদয়ত,
পৰ-হিত-চিন্তা হেৰাঁ জাগিছে সতত;
তেনে সাধু পুৰুষৰ নহয় বিপদ,
খোজে প্ৰতি পায় তেওঁ সন্তোষ সস্পদ।


  * তৃষ্ণা—বিষয়-বাসনা । [ ৬৫ ]
 

২২

গুণৱন্ত যিটোজন ধৰ্ম্মপৰায়ণ,
তেওঁৰে জানিবা হেৰাঁ সাৰ্থক জীৱন।
কোনো গুণ নাই যাৰ অধৰমী জন,
নিষ্ফল জনম তাৰ নিস্ফল জীৱন।

২৩

ক্ষমা, দয়া, প্ৰেম, আৰু সৰলতা গুণে,
সেৱা, নম্ৰতাৰে, সত্য সাদৰী বচনে,
স্বাৰ্থ পৰিহৰি কৰা পৰ উপকাৰ,
তাতে বশ হব হেৰাঁ জগৎ সংসাৰ।

২৪

সুন্দৰ স্বভাৱে কৰে জানিবা নিশ্চয়,
স্বৰ্গ, মৰ্ত্ত্য, পাতালৰ সকলোকে জয়;
সজ আচৰণ যাৰ, চৰিত্ৰ সুন্দৰ,
অসাধ্য সাধন হয় সেই পুৰুষৰ।

২৫

হেলাতে জানিবা সৰ্ব্ব কাৰ্য্য নষ্ট পায়,
দৰিদ্ৰ দশাত লোকে বুদ্ধি হেৰুৱায়;
নাথাকে নিজৰ মান পৰত মাগিলে,
কুল-কীৰ্ত্তি নাশ পায় কুকৰ্ম্ম কৰিলে।

[ ৬৬ ] [ ৬৭ ]
 

২৬

হাতৰ ভূষণ দান জানিবা ঠাৱৰ,
কণ্ঠৰ ভূষণ বাক্য সত্য মনোহৰ;
কাণৰ ভূষন ধৰ্ম্ম-শাস্ত্ৰৰ শ্ৰৱণ,
অন্য গহনাত কোৱাঁ, কিবা প্ৰয়োজন?

২৭

নদমালে ইন্দ্ৰিয়ক নিশ্চয় বিপদ,
ইন্দ্ৰিয়ৰ সংযমত মিলিব সম্পদ;
অন্তৰাত্মা বিবেকৰ মুখেদি ঈশ্বৰে,
যি আদেশ দিয়ে তাক পালিব সত্বৰে।

২৮

ফলৱন্ত গাছ নমে ফলৰ ভৰত,
গুণবন্ত নম্ৰ হয় নিজৰ গুণত;
শুকান কাঠৰ দৰে নিগুৰ্ণী যে হয়,
ভাঙ্গিলেও সতৰাই ভিৰকে নলয়।

২৯

 সকলো ধৰ্ম্মৰ সাৰ আৱশ্যে শুনিব,
 শুনি তাক হৃদয়ত ধাৰণ কৰিবা;
 নকৰা আনৰ প্ৰতি এনে ব্যবহাৰ,
 অন্যে যি কৰিলে তুমি পাবাহে বেজাৰ।

[ ৬৮ ]
 

৩০

সবাকে সমান দেখে সাধু মহাজনে,
নিগুৰ্ণীকো কৰে সুখী দয়া বিতৰণে;
তাৰ সাক্ষী চোৱাঁ হেৰাঁ, জোনৰ পোহৰ
পোহৰাই সৰু-বৰ সকলোৰে ঘৰ।

৩১

ই মোৰ আপোন আৰু ই যে মোৰ পৰ,
এনে ভেদ-ভাব ক্ষুদ্ৰমতি মানুহৰ;
উদাৰ চৰিত্ৰ যাৰ, ধৰমী যিজন,
পৃথিবীৰ সকলোটি তেওঁৰ আপোন।

৩২

সকলো কামতে যাৰ অদম্য উদ্যম,
সাহ, বল, বুদ্ধি আৰু ধৈৰ্য্য, পৰাক্ৰম,
উছাহ-শকতি যাৰ আছে এই ছয়,
কামত কৃতীত্ব তেওঁ লভিব নিশ্চয়।

———

[ ৬৯ ]

উন্নতি।

শৰীৰৰ উন্নতিলৈ লাগে পবিত্ৰতা
মানসিক উন্নতিৰ উপায় সততা।
স্বাৰ্থত্যাগ সামাজিক উন্নতিৰ মূল,
কি আছে মহৎ সেৱা-ধৰমৰ তূল?
সমাজৰ উন্নতিত স্বাৰ্থ পৰিহৰাঁ,
আধ্যাত্মিক উন্নতিত সেৱা-ধৰ্ম্ম ধৰাঁ।
সকলোকে নাভাবিলে নিজৰ আপোন,
জগতত সেৱা-ধৰ্ম্ম নহয় সাধন।
তুমি আমি সকলোটি অংশ ঈশ্বৰৰ,
সাধ্যমতে কৰাঁ হিত সকলো লোকৰ।
আনন্দৰ জিলিকনি পৰিব হিয়াত,
স্বৰগৰ পাৰিজাত ফুলিব ধৰাত।

————

[ ৭০ ]


 
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময় ।
(কবি Charlotte Elliott-তাৰ 'Thy will be done নামে ইংৰাজী কবিতাৰ ভঙ্গিনী।)

জীৱনৰ খলা-বমা গন্তব্য বাটৰ,
ভালেখিনি নিলগত এৰি নিজ ঘৰ,
থাকোঁতে ফুৰোঁতে পিতা পৰম ঈশ্বৰ,
এনে মতি বুদ্ধি দিয়া হিয়াত দাসৰ,
অধমৰ ক্ষুদ্ৰ কণ্ঠে যেনে সদা কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

যদিও বা বাট মোৰ নিজম আন্ধাৰ,
যদিও বা ভাগ্যহীন কৰোঁ হাহাকাৰ,
বিপদ-বিঘিনি আৰু নানা আহুকালে,
আগচিলে মন যেন থাকে নিজঞ্জালে,
অমিয়া বৰষা কথা কণ্ঠে যেন কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

দুখৰ গধুৰ বোজা কান্ধে ভাৰ বই,
হুমুনীয়া কাঢ়োঁ যেৰে নিজানত গই,

[ ৭১ ]
 


মৰমৰ বন্ধুবোৰ কাকো ওচৰত,
নেদেখি সহায়-হাত কান্দোঁ বেজাৰত,
তেতিয়াও ক্ষুদ্ৰ কণ্ঠে যেন মোৰ কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময় ।

ভাল পাওঁ যাক যিবা হৃদয় জুৰায়,
এক দেহ, এক প্ৰাণ, ভিন্ন-পৰ নাই,
অকস্মাতে তাকে নিয়া ঘৰ উৰুঙ্গাই—
ধন, জন, প্ৰিয় বস্তু, ছায়াবাজী প্ৰায়,—
সকলো তোমাৰ প্ৰভু, লীলা ৰসময়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

বেজাৰ বা নৰিয়াত যদিস্যাৎ হাঁয়!
অকালতে ইটো প্ৰাণ-পক্ষী উৰি যায়,
দুদিনীয়া সংসাৰৰ শোক-তাপ ভুলি,
তথাপিও অধমৰ ক্ষুদ্ৰ কণ্ঠ তুলি,
কৰোঁ যেন গুণ-গাণ বিশ্বপতি জয়,
ইচ্ছ৷ তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

যিবা দিয়া, যিবা নিয়া, সকলো তোমাৰ,
বুজিনু নাজানি কওঁ ‘আমাৰ’, ‘আমাৰ’,

[ ৭২ ]

আমাৰ অমিত্ব তোমাতেহে পায় লয়,
নদ নদী সাগৰলৈ যেনে ৰূপে বয়,
নিষ্কাম কৰম-ব্ৰত যেন সিদ্ধি হয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰা দয়াময় ।

হিয়া-ভেদী মোৰ ইচ্ছা নিজৰিণী বয়,
অতি সৰু, ক্ষীণ গতি, বাটতেই ৰয়,
দিয়াঁ শক্তি দিনে দিনে যেন বই গই,
তযু ইচ্ছা মহা সিন্ধু তাতে পায় লয়,
কুলু কুলু মাতে যেন ওৰে বাটে কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময় ।


অন্ত ।