কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/ষষ্ঠ সৰ্গ
⸺·×·⸺
(স্বপ্ন)
সপোন ঐ!
মিছাতে খন্তেক মাথোঁ
দেখুৱালি সেই মূৰ্ত্তি
অতীত প্ৰাণৰ দুখ কৰিলি দুগুণ!
সপোন! এনুৱা তই কিয় নিদাৰুণ?
বহু দিনাৱধি হায়!
নেদেখি নেদেখি মোৰ
প্ৰায় সহিছিল প্ৰাণে বিৰহ যাতনা
কত ভাবি, কত কান্দি
অনকে বুজাই কত
প্ৰায় শেষ হইছিল প্ৰেমৰ ভাবনা!
সুন্দৰ লাৱণ্য ছবি,
মউ সনা, মৃদু হাঁহি,
মিছাতে খন্তেক মাথোঁ কিয় দেখুৱালি?
অনন্ত চিন্তাত পৰি
প্ৰায় হইছিল শেষ
আভা ফেৰি মাথোঁ হায় আছিল উজ্জ্বলি॥
এখন্তেক দেখুৱাই
এটি দুটি কৰি হায় সকলোটি জগালি।
মিছাতে ছঁয়াৰ দৰে কিয়নো যে দেখালি?
দেখা হ'ল তেঁৱে সতে
দেখা হ’ল, সঁছা,-কিন্তু দেখাও নহ'ল।
অক্ষয় অনন্ত কাল
প্ৰাণে চাব খোজে যাক
খন্তেক দেখিতো হায় হেপাহ নগ’ল?
সাগৰ শুহিব খোজে,
গুছে কি পিয়াহ তাৰ এটোপা পানীত?
পূৰ্ণিমাৰ ৰঙ্গা জোন
চাব খোজ প্ৰাণে যাৰ,
তাৰ কি হয় শাত হয় জোনাকীত?
সপোন ঐ!
দেখা শেষ হই গ’ল
যি হবৰ সেয়ে হ’ল,
আকউ জ্বলিল সেই বিৰহ অগনি
নুপুৰুতে মন আশা,
অনন্ত হেপাহ, হায়!—
সাৰ মাথোঁ হ’ল মোৰ দুচকুৰ পানী!
( স্বামী )
প্ৰাণনাথ! ভাল পোৱা
যেন সপোনৰ খেলা
এয়ে শেষ নেকি, নাথ
হ’লনে কি তাৰ বেলা?
পশ্চিম আকাশে দিনি
হাউলি পৰিছে বেলি
ৰ’দ গ’ল, বেলা গ’ল,
সন্ধীয়া কৰিছে কেলি
প্ৰাণৰ প্ৰেযসী লই
বনৰীয়া পখী যায়,
আপোনাৰ বাহে বাহে
বিচাৰি আপোন ঠাই
আকাশত জোন দেখি
হাঁহিছে কুমুদ ফুল
প্ৰাণনাথ –মাথোঁ মই
অভাগিনী বিয়াকুল॥
এটী দুটী কৰি, হায়
ওলাইছে বহু তৰা
দেখি প্ৰেমিকাৰ মন
পৰাণ উলাহে ভৰা॥
হাঁহে আকাশত তৰা
কান্দিছো মাথোন মই
কোৱা নাথ? ভাল পোৱা
গ’লনে কি অন্ত হই?
হায়!
আজিও হেপাহ মোৰ
নাই নাথ! পূৰ হোৱা
আজিও আশাৰ নই
অছে হৃদই বোৱা
আজিও শুকাল দিঙ্গি
পিয়াহত বিয়াকুল,
মন-ফুলানীত ফুলে
আজিও প্ৰেমৰ ফুল॥
সৰু বয়সৰে পৰা
মই নাথ! তুমি-ময়
শিৰৰ মাজে দি মোৰ
তোমাৰেই তেজ বয়॥
তুমি মই দুয়োটিয়ে
আছিলোতো অচেতন
অকস্মাতে সাৰ পাই
কিয় বিৰহ দহন?
প্ৰাণনাথ! ভাল পোৱা
খেন সপোনৰ খেলা!
এয়ে শেষ নেকি, নাথ?
হল নেকি তাৰ বেলা?
(অকলে-অকলে)
(ক)
অকলে কান্দিছোঁ হায়!
বিচাৰি নাপাওঁ
কি ৰূপেনো জীৱন কটাওঁ?
দেখিলো—পূৱতী গুছি গ’ল?
দেখিলো—সন্ধীয়া আহি হ’ল,
দেখিলো-ওলাল বহু তৰা
এটী দুটী কই, হৰ্ষ-ভৰা
দেখিলো—সকলো মাৰ গ'ল
দেখিলো—পূঁৱতী পুনু হল,
বিচাৰিলো মনৰ কামনা,
টুকিলো চকুৰ চকুপানী,
চিঙ্গিলো আশাৰ পুনু জৰি
নিৰাশৰ শোকে কান্দি কান্দি
অকলে কান্দিছোঁ, হায়
বিচাৰি নাপাওঁ
কি ৰূপেনো জীৱন কটাওঁ!
দেখিলো-বহুত ফুল
ফুলিছিল ফুলনীত,
শুনিলো, বহুত পখী
জুৰিছিল নানা গীত
দেখিলে, মলয়া বায়ু
ৰিব ৰিব বলিছিলে
পাতে পাতে ফুলে ফুলে
বহু নচুৱাইছিল।
অকলে অকলে বহি
দেখিলো আগত,
সকলোটী পুনু, হায়!
লুকাল আঁৰত॥
অকলে যে
নোৱাৰো থাকিব আৰু মই
দাৰুণ বিষাদ! তই আহ!
হৃদয়ৰ ঘা মই
নোৱাৰো ঢাকিব
আঁউশী এন্ধাৰ! তই আহ
অকলে অকলে আছো
বিচাৰি নাপাওঁ!
কি ৰূপেনো
জীৱন কটাওঁ।
(অকলে-অকলে)
(খ)
টুকিলো বহুত দিন
চকুলো হধাৰ।
কিয় আৰু মিছা মায়া
মোহৰ মোহিনী ছঁয়া
ক’লা দাৰৰ গাত বিজুলীৰ হাৰ?
কিয় মধুময় সুৰে
মাতে পুনু জুৰে জুৰে?—
“আঁহা আঁহা” বাজে কিয় আশাৰ ঝঙ্কাৰ?
হিয়! মাথোঁ ভাগি গ’ল!
নীৰৱে চিগিল মাথোঁ তাঁৰ হৃদয়ৰ।
শূন্য মৰুভূমি, হায়!
মৰিচিকা দেখা পাই
সহিলে পিয়াহে মাথোঁ মানস অন্তৰ!
“বেদি” তুলি মানসত,
এক ধ্যানে থাপিছিলো “দেৱ” হেপাহত!
ই মোৰ পৰাণ লই
চকুপানী মিহলাই,
উছৰগ কৰিছিলো সেই চৰণত॥
অশেষ কামনা কৰি,
এক মনে সাধিছিলো “দেব” তুল্য ভাবি!
কায়মনে,⸺এক প্ৰাণে
এক ধ্যানে, এক জানে,
পূজিলো যতনে সেই প্ৰেমময় ছবি।
নাইকিয়া ছঁয়া তাৰো,
আঁতৰিল মূৰ্ত্তি সেই হিয়া শূন্য কৰি!
কি যে এটা কথা কই
এটা হুমুনীয়া থই
সেই মূৰ্ত্তি বিসৰ্জন! হৰি! হৰি! হৰি!
আশাৰ মোহিনী ছঁয়া?
ক’লা দাৱৰৰ গাত বিজুলীৰ হাৰ!
কন্দা মাথোঁ সাৰ হ’ল,
হিয়া মাথোঁ ভাগি গ’ল!
নীৰৱে চিগিল মাথোঁ হৃদয়ৰ তাঁৰ!
কান্দিলো অনেক দিন,—কান্দোছোঁ এবাৰ!
(সুখ)
মুখ ঐ!—
সকলোৱে কয় মোক
আছ পৃথিবীতে তই,
বহুত বিচাৰি চালো
নেদেখিলো তোৰ মুখ।
বিৰহৰ তিক্ষ্ণ বাণ
নিতউ বিন্ধিছে প্ৰাণ,-
নিতে নিতে অপমান
পাইছোঁ কতনো মই!
সহিছোঁ কতনো দুখ!
ভুগিছোঁ, আৰু ভুগিম,
মৰিলেও নমৰিম,-
জগত ভ্ৰমিম মই
বিচাৰি বিচাৰি তোক।
মনৰ হেপাহ, হায়!
এতিয়াও পূৰা নাই,
প্ৰাণে কৰে ৰাঁই-জাঁই।
সকলো দুৰাশা মিলি
কৰিলে উতলা মোক।
সুখ ঐ -
সকলো ঠাইতে মই
তোতে বিয়াকুল হই,
ধীৰে ধীৰে গই গই,
হলনা কৰিলো কত
ক’তো যে নাপালো তোক!
ভাবোঁ কেতিয়াবা, হায়!
‘সুখ’ বুলি একো নাই
কিন্তু পুনু দেখো চাই,
হাঁহিছে জগতে কৰি
আনন্দত তোক ভোগ॥
হাঁহিছে জগতে যদি
মই কিয় নিৰৱধি
কান্দিম চকুলো টুকি?
আহ, সুখ! কৰো ভোগ
হাঁহিৰ জগত, কান্দি
কিয় কন্দুৱাওঁ?
আহছো অলপ, সুখ
ভোগ কৰি চাওঁ॥
(চাৰিও ফালে চাই)
সেই দৰে আকাশত
হাঁহি আছে সেই জোন,
সেই দৰে মউ-মাখী
আছে কৰি গুণ-গুণ॥
সেই দৰে এতিয়াও
ওলাইছে দিবাকৰ
সেই দৰে আছে কৰি
ফুলে ফুলনী পোহৰ।
সি দৰে আজিও ৰাতি
হয় দিনৰ পাছত,
এতিয়াও সেই দৰে
সেই মেঘৰ মাজত
চমকি-চমকি নাচে,
সেই বিজুলী ৰঙ্গিণী,
ক’তো নাই জগতত
একো সলনা-সলনি।
এতিয়াও,দেহি ঐ -
আজি সেই একেদৰে
প্ৰকৃতি আইৰ ৰূপে
মন আৰু প্ৰাণ হৰে।
সেই দৰে এতিয়াও
সেই শীতৰ পাছত
বসন্ত উদয় হয়;
সেই গছৰ দালত
‘কুউ-কুউ-কুউ’ কৰি
সেই একে গান গায়;
এতিয়াও দিয়ে শান্তি
সেই গছৰ ছঁয়াই।
এতিয়াও আছে নই
‘কুল্-কুল্-কুল্’ কৰি
সেই ধীৰে ধীৰে বই।
আছে সেয়ে এতিয়াও;
সলনা-সলনি ক’তো
একো হোৱা নাই!
কিম্তু মাথোঁ অভাগিনী,—
মই চিৰ দুৰ্ভাগিণী
আপোন অৱস্থা, হায়!—
আনিলো সলাই!
কান্দিছোঁ নিতউ মই।
দুয়োটি চকুৰে পানী
ধৰি কত বিধ ভাও
সাদৰে হাতত ধৰি
কইছিল “ভাল পাও”!
হাঁহিছিল কত হাঁহি,
হহুৱাই পৰাণৰ
সেই ভেট ফুল পাহি।
চাইছিল জুঁপি জুঁপি
নতুন জোনক বেৰি
জ্বলিছিল থুপি থুপি।
আজিওতো সেয়ে আছে
বিৰহত পুৰি মোক
তেওঁ কিয় গ’ল, পাছে?
চাইছিলো জোন বাই।
আজি দেখি সেই জোন
কিয় প্ৰাণ জ্বলে, হায়।
কিয় ভাল পাইছিলে!
বিৰহৰ জ্বলা জুই
কিয়নো জ্বলাই দিলে?
ক’ব যে নোৱাৰোঁ মই,
তেঁওৰ কাৰণে প্ৰাণ
সদাই ব্যাকুল হয়॥
তেঁওৰ লাহৰী কথা
তপত হিয়াত মোৰ
নিতে ঢালিছিল সূধা॥
তেওঁকেই পালো ভাল!
ই ভাল পোৱাত কই
নোপোৱা আছিল ভাল
দেখিছিলো, জানো, হায়?
অতৃপ্ত প্ৰণয় তাপে
পুৰি-দেই হ’লো ছাই!!
তেওঁ মোৰ গুছি গ’ল?
মধুময়ী স্মৃতি মাথোঁ
হৃদয়ত অঁকা ৰ’ল!!
পৰাণ ৰাখিম মই!
তেওঁ কি আহিব ঘুৰি!
পুখুৰি! ক’ছোন তই?
সকলোটি শেষ হ’ল!
চকু দুটি মাথোঁ মোৰ
(নিজ মনতে)
দিন ৰাতি দহে হিয়া,
হদয়ৰ ভিতৰত সেয়ে মাথোঁ যাতনা!
অন্তৰত (হাৰে হাৰে)
তেওঁৰেই ছবি অঁকা
হিয়া মন্দিৰত মোৰ তেওঁৰেই অৰ্চনা॥
গ’ল এটি ছুটি কই
আছে মৰু-সমনীয়া পৰাণৰ বেদনা!
নিৰাশা বলুকা তাত
চাৰু ফালে দেখা যায়!
তথাপিও কিয় মোৰি ই দাৰুণ কামনা!
মই কীট নৰকৰ,
বুজিও নুবুজোঁ হায়! নিজে মাথোঁ দুৰাশা!
প্ৰণয়ৰ ফাঁহ পাটি
বান্ধিব তেওঁক খোজোঁ
চকুৰ আগত মোৰ, এয়ে মাথোঁ আকাঙ্খা॥
* * *
* * *
তেওঁৰ পাৱতে মই
ই জীবন দিম ঢালি,
কৰিম অকলে বহি সেই মূৰ্ত্তি সাধনা।
মধুময় সেই নাম
হিয়াত জপিম নিতে,
পূৰ্ণ হ’ব আশা মোৰ পূৰ হ'ব কামনা॥
তেওঁৰ পাৱৰ ধূলা
আপোন শিৰত তুলি কৰি ল’ম থাপনা।
দেখোঁতে দেখোঁতে যেন
প্ৰাণ পখী উৰি যায়,
আৰু যে নালাগে একো, এয়ে মাথোঁ কামনা।
সংসাৰ পুখুৰি তই
শোভাৰে ভৰাই লই
ফুলিছ পদুম ফুল! অনন্ত শোভাত!
কিন্তু কিয় দিছ দুখ অভাগীৰ গাত!
ৰঙ্গচুৱা বেলিটিয়ে
(পৰাণৰ স্বামী তোৰ);—তই দেখা পাই
বিদ্ৰুপি হাঁহিছ মোক? দয়া মায়া নাই?
কিয়নো পদুম তই
দিছ অভাগীক দুখ?
কিয়নো কৰিছ মোক উপহাস, হায়!
কিয় হাঁহ? থাক তই দুচকু জপাই॥
নিষ্ঠুৰ বিধান!
ফুলৰ কোমল হিয়া
কিয়নো নিৰ্দ্দয় বিধি
পৰ্ব্বতৰ শিল আনি কৰিলে নিৰ্মাণ॥
দিলে কিয় তাতে হায়! নিষ্ঠৰ পৰাণ?
দেখি মুখ খানি!
পদুম! কিয়নো তেনে
কি ভাব মনত গুণি
হৃদয় কৰিছ তই এনুৱা কুটিল?
লোকৰ দুখত কিয় হাঁহ খিল্ খিল্?
হায়।
সুখৰ সপোন যেন
বিজুলীৰ ৰেখা!
সপোন ভাগিণে পাছে
নিৰাশাৰ বজ্ৰপৰে
যি দৰে শিৰত,—মোৰো তেনেকুৱা হ’ল!
খতে কীয়া স্বপ্ন,—আহা! ভাগি চিগি গ’ল!
সুখৰ সপোন?
যি স্বপ্নত তেঁৱে স’তে
অতি হৰষিত মনে
খন্তেক সাতৰিছিলো প্ৰেম সাগৰত,
ক’ত গ’ল সেই স্বপ্ন এনুৱা কালত?
* * *
* * *
কিয়নো সপোন সেই
উলটি নাহিল পুনু?
পদুম! সি কথা মই
নিতে দিনে ৰাতি গুণো।
কিয়নো, পদুম!
মোৰ কান্দোনত তই
মিচিকি মিচিকি হাঁহ?
নালাগেনে বেয়া তোৰ? তোৰ হিয়া খনি
শিলেৰে বন্ধোৱা? নাই চেনেহ একনি!
ফুলৰ কোমল হিয়া,
মিছা কথা তেনে।
মিছা সৰলতা ছবি,
মিছা মিচিকীয়া হাঁহি
সকলােটি হ’ল বেয়া আজি দুৰ্দ্দিনত!
ভাল মাথোঁ থাকে ভাল সম্পদ কালত॥
* * *
* * *
থাক বাৰু, সন্ধ্যা হ’ক
বেলিটিও মাৰ য’ক
কান্দিব লাগিব তয়ো
পৰি বিৰহত!
এতিয়া হাঁহিছ মােক,
জানিবি পাছত॥