পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
ষষ্ঠ সৰ্গ।

কিয়নো পদুম তই
দিছ অভাগীক দুখ?
কিয়নো কৰিছ মোক উপহাস, হায়!
কিয় হাঁহ? থাক তই দুচকু জপাই॥

হায়! বিধতাৰ কিনো

নিষ্ঠুৰ বিধান!
ফুলৰ কোমল হিয়া
কিয়নো নিৰ্দ্দয় বিধি
পৰ্ব্বতৰ শিল আনি কৰিলে নিৰ্মাণ॥
দিলে কিয় তাতে হায়! নিষ্ঠৰ পৰাণ?

সৰলতা ভৰা যেন

দেখি মুখ খানি!
পদুম! কিয়নো তেনে
কি ভাব মনত গুণি
হৃদয় কৰিছ তই এনুৱা কুটিল?
লোকৰ দুখত কিয় হাঁহ খিল্ খিল্?

   হায়।

সুখৰ সপোন যেন
বিজুলীৰ ৰেখা!
সপোন ভাগিণে পাছে