কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/ওপৰঞ্চি
“Forgive my grief for one removed,
Thy creature whom I found so fair,
I trust, he lives in thee, and there
I find him worthier to be loved.
Forgive these wild wondering cries
Confusions of a wasted youth;
Forgive them where they fail in truth.
And in thy wisdom make me wise."
⸻Alfred Lord Tennyson.
“অনন্ত নিৰাশা মাজে
আশাৰ ছবিটা বাজে
নিৰাশৰ ৰূপে পুনু শূন্যত লুকাই যায়।
প্ৰাণৰ লাহৰী বীণা,
নাবাজে যে আজি দিনা,
ঝঙ্কাৰ নীৰৱ, যেন নিদ্ৰাত চেতনা নাই
লাহৰী ছবিটী গ’ল,
মাথোঁ সোঁৱৰণী ৰ’ল,
শিলেৰে ৰন্ধোৱা হিয়া
কান্দে কিয় নিশা দিন?”
⸻“আঁজলী” (অপ্ৰকাশিত)।
যদি
জীৱনৰ নউ দুপৰ হওতে
হেৰুৱাই থাকা ভনিতী প্ৰাণৰ,
অতি মৰমৰ জন্মদাত্ৰী আই
স্নেহৰ নিজৰ অমৰা পুৰৰ॥
যদি
অতি আদৰৰ নুমলীয়া ভাই
জীৱনৰ সঙ্গী সংসাৰ ক্ষেত্ৰত
হেৰাইছে কাৰো দুৰ্ভাগাৰ দৰে
“ওপৰঞ্চি” দিলো তেওঁৰে হাতত॥
(আৰু) যদি
জিতেনৰ দৰে
ভাঙ্গিছে কোনোৱে
কোনো বাপেকৰ হিয়া,
তেওঁৰে হাততে
দিলো “ওপৰঞ্চি”
সাদৰে হাতলৈ নিয়া॥
ইতি।