পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৩
ষষ্ঠ সৰ্গ

এক ধ্যানে, এক জানে,
পূজিলো যতনে সেই প্ৰেমময় ছবি।

নাই সেই ছবি আৰু,—

নাইকিয়া ছঁয়া তাৰো,
আঁতৰিল মূৰ্ত্তি সেই হিয়া শূন্য কৰি!
কি যে এটা কথা কই
এটা হুমুনীয়া থই
সেই মূৰ্ত্তি বিসৰ্জন! হৰি! হৰি! হৰি!

তেনে, আৰু কিয় মায়া?

আশাৰ মোহিনী ছঁয়া?
ক’লা দাৱৰৰ গাত বিজুলীৰ হাৰ!
কন্দা মাথোঁ সাৰ হ’ল,
হিয়া মাথোঁ ভাগি গ’ল!
নীৰৱে চিগিল মাথোঁ হৃদয়ৰ তাঁৰ!
কান্দিলো অনেক দিন,—কান্দোছোঁ এবাৰ!

⸺·×·⸺
(সুখ)

   মুখ ঐ!—

সকলোৱে কয় মোক
আছ পৃথিবীতে তই,
বহুত বিচাৰি চালো