পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নেদেখিলো তোৰ মুখ।
বিৰহৰ তিক্ষ্ণ বাণ
নিতউ বিন্ধিছে প্ৰাণ,-
নিতে নিতে অপমান
পাইছোঁ কতনো মই!
সহিছোঁ কতনো দুখ!

সহিছোঁ,— আৰু সহিম,—

ভুগিছোঁ, আৰু ভুগিম,
মৰিলেও নমৰিম,-
জগত ভ্ৰমিম মই
বিচাৰি বিচাৰি তোক।
মনৰ হেপাহ, হায়!
এতিয়াও পূৰা নাই,
প্ৰাণে কৰে ৰাঁই-জাঁই।
সকলো দুৰাশা মিলি
কৰিলে উতলা মোক।

   সুখ ঐ -

সকলো ঠাইতে মই
তোতে বিয়াকুল হই,
ধীৰে ধীৰে গই গই,
হলনা কৰিলো কত
ক’তো যে নাপালো তোক!